অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আহমদ ফৰাজ

চৈয়দ আহমদ শ্বাহ (উৰ্দু: سید احمد شاہ; ১২ জানুৱাৰী ১৯৩১-২৫ আগষ্ট ২০০৮) তেওঁৰ পেন নেম অৰ্থাৎ কলম নাম আহমদ ফৰাজ ৰূপে জনপ্ৰিয়। তেওঁ এগৰাকী পাকিস্তানী উৰ্দু কবি, চিত্ৰনাট্যকাৰ আৰু পাকিস্তান একাডেমী অৱ লেটাৰচ্‌ৰ প্ৰতিষ্ঠাপক মহানিৰ্দেশক (পিছত অধ্যক্ষ)। তেওঁ ফৰাজ ছদ্মনামেৰে কবিতা লিখিছিল।

হালনাগাদ: ১৬ নৱেম্বৰ ২০২৩ ২০৯ শব্দ · ১ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

চৈয়দ আহমদ শ্বাহ (উৰ্দু: سید احمد شاہ; ১২ জানুৱাৰী ১৯৩১-২৫ আগষ্ট ২০০৮) তেওঁৰ পেন নেম অৰ্থাৎ কলম নাম আহমদ ফৰাজ ৰূপে জনপ্ৰিয়।১২৩ তেওঁ এগৰাকী পাকিস্তানী উৰ্দু কবি, চিত্ৰনাট্যকাৰ আৰু পাকিস্তান একাডেমী অৱ লেটাৰচ্‌ৰ প্ৰতিষ্ঠাপক মহানিৰ্দেশক (পিছত অধ্যক্ষ)।৪ তেওঁ ফৰাজ ছদ্মনামেৰে কবিতা লিখিছিল। তেওঁ দেশত চলা সামৰিক শাসন আৰু অভ্যুত্থানৰ সমালোচনা কৰিছিল আৰু সামৰিক স্বৈৰশাসকৰ দ্বাৰা স্থানচ্যুত হৈছিল।৫

প্ৰাৰম্ভিক জীৱন

১৯৩১ চনৰ ১২ জানুৱাৰী তাৰিখে ক’হাতত চৈয়দ মুহম্মদ শ্বাহ বাৰ্কৰ ঘৰত আহমদ ফৰাজৰ জন্ম হৈছিল।৪২৬ তেওঁৰ জন্ম নাম আছিল চৈয়দ আহমদ শ্বাহ আলি। পাকিস্তানৰ খাইবাৰ পাখতুনখৱাৰ প্ৰাক্তন ৰাজ্যপাল মাচুদ কোচাৰ ফৰাজৰ ভাতৃ। ফৰাজে আগতে তেওঁৰ পৰিয়ালৰ সৈতে ক’হাত জিলাত বাস কৰিছিল। পিছত তেওঁলোক পেশৱাৰলৈ উঠি গৈছিল। তেওঁ পেশৱাৰৰ এডৱাৰ্ডচ্‌ কলেজত অধ্যয়ন কৰিছিল আৰু পেশৱাৰ বিশ্ববিদ্যালয়ৰ পৰা উৰ্দু আৰু পাৰ্চী ভাষাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।১৪৬ কলেজীয়া জীৱনকালত ফৈজ আহমদ ফৈজ আৰু আলি চৰ্দাৰ জাফৰি নামৰ দুজন কবিয়ে তেওঁক প্ৰভাৱিত কৰিছিল আৰু এক আদৰ্শ ৰূপে পৰিগণিত হোৱাত সহায় কৰিছিল।৪

সাহিত্য কৰ্ম

ফৰাজক তেওঁৰ পাচ অন্দাজ, সৱ আৱাজে মেৰী, খুৱাব গুল, গজল বাহানা কৰু আদি সাহিত্য কৰ্মৰ বাবে জনা যায়।

কৰ্মজীৱন

মেহদি হাছান, নুৰ জাহান, গোলাম আলি, পংকজ উধাচ, জগজিৎ সিং আৰু ৰুণা লেইলাৰ দৰে গায়কসকলে চলচ্চিত্ৰ আৰু লাইভ কনচাৰ্টত ফৰাজৰ গজল গাই তেওঁৰ কবিতাক অধিক জনপ্ৰিয় কৰি তুলিছিল।১৪৫

আহমদ ফৰাজে পাকিস্তানৰ ইছলামাবাদত নেচনেল বুক ফাউণ্ডেচনৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।৭৪

ৰাজনৈতিক কাৰ্যকলাপ

জেনেৰেল জিয়া-উল-হকৰ শাসনকালত পাকিস্তানৰ সামৰিক শাসকসকলক লৈ সমালোচনাত্মক কবিতা লিখাৰ বাবে ফৰাজক গ্ৰেপ্তাৰ কৰা হৈছিল। এইদৰে গ্ৰেপ্তাৰ হোৱাৰ পিছত তেওঁ স্ব-নিৰ্বাসন গ্ৰহণ কৰে।৫ পাকিস্তানলৈ উভতি অহাৰ আগতে তেওঁ ব্ৰিটেইন, কানাডা আৰু ইউৰোপত তিনি বছৰ থাকিছিল,৭ য’ত তেওঁ প্ৰথমে পাকিস্তান একাডেমী অফ লেটাৰচ্‌ৰ অধ্যক্ষ আৰু পিছলৈ কেইবা বছৰ ধৰি ইছলামাবাদস্থিত নেচনেল বুক ফাউণ্ডেচনৰ অধ্যক্ষ হিচাপে নিযুক্ত হৈছিল।৭১৪

মৃত্যু

আহমদ ফৰাজৰ সমাধিস্তম্ভ
আহমদ ফৰাজৰ সমাধিস্তম্ভছবি: Drkausar · CC BY-SA 4.0

২০০৮ চনত মেৰিলেণ্ডৰ বাল্টিমোৰত পৰি যোৱাৰ পিছত চিকাগোৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাত তেওঁৰ মৃত্যু হোৱা বুলি মিছা উৰাবাতৰি ওলাইছিল। কিন্তু তেওঁ নিজৰ জন্মভূমি পাকিস্তানলৈ উভতি আহিবলৈ সক্ষম হৈছিল। তাৰ পিছত, ২০০৮ চনৰ ২৫ আগষ্টত ইছলামাবাদৰ এখন ব্যক্তিগত চিকিৎসালয়ত বৃক্ক ৰোগত আহমদ ফৰাজৰ মৃত্যু হয় বুলি তেওঁৰ পুত্ৰ শিবলি ফৰাজে নিশ্চিত কৰে। পাকিস্তানৰ ইছলামাবাদৰ এইচ-এইট কবৰস্থানত বহুতো গুণমুগ্ধ আৰু চৰকাৰী বিষয়াৰ উপস্থিতিত ২৬ আগষ্টৰ সন্ধিয়া ফৰাজৰ অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠিত হৈছিল।৬১৮

আহমদ ফৰাজক উৰ্দু ভাষাৰ বিপ্লৱী কবিসকলৰ দীঘলীয়া তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। তেওঁ যোৱা শতিকাৰ আটাইতকৈ প্ৰভাৱশালী আধুনিক উৰ্দু কবি হিচাপে প্ৰশংসিত।২৭৫

ফৰাজে পাকিস্তানৰ ইছলামাবাদত নেচনেল বুক ফাউণ্ডেচনৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

স্বীকৃতি

তেওঁক প্ৰথমে পাকিস্তান চৰকাৰে চিতাৰা-এ-ইমতিয়াজ আৰু তাৰ পিছত ২০০৪ চনত পাকিস্তানৰ ৰাষ্ট্ৰপতি পাৰভেজ মুছাৰফে হিলাল-এ-ইমতিয়াজ বঁটা প্ৰদান কৰিছিল। দুবছৰ পিছত ২০০৬ চনত মুছাৰফ শাসনৰ কাৰ্যকলাপৰ বিৰুদ্ধে প্ৰতিবাদৰ মাধ্যম হিচাপে তেওঁ এই বঁটা ঘূৰাই দিছিল।২৪৬

২০০৮ চনৰ ২৫ আগষ্ট তাৰিখে ইছলামাবাদত তেওঁৰ মৃত্যুবৰণৰ পিছত পাকিস্তান চৰকাৰে কবিতা আৰু উৰ্দু সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে ফৰাজক মৰণোত্তৰভাৱে হিলাল-এ-পাকিস্তান প্ৰদান কৰে।২৪

তথ্যসূত্ৰ

  1. ↑ Haresh Pandya. (1 September 2008). Ahmed Faraz, Outspoken Urdu Poet, Dies at 77. The New York Times
  2. ↑ (12 January 2015). Tribute to a legend: Remembering Ahmed Faraz. The Express Tribune (newspaper)
  3. ↑ Profile of Ahmad Faraz. Ahmad Faraz Trust
  4. ↑ (26 August 2008). Faraz dies: Poetry loses a voice, people a friend. Dawn (newspaper)
  5. ↑ (26 August 2008). Interview in Urdu language سلسلے توڑ گیا وہ سبھی جاتے جاتے. BBC News website
  6. ↑ Profile of Ahmad Faraz. Urduwire.com website
  7. ↑ (11 September 2008). Remembering Ahmad Faraz. Outlook (India magazine)
  8. ↑ (26 August 2008). Ahmad Faraz laid to rest. Gulf News

সম্পৰ্কিত শ্ৰেণী

কবিপাকিস্তানৰ ব্যক্তিসাহিত্যিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আহমদ ফৰাজ” প্ৰবন্ধৰ সংশোধন ৩৯১৯৩২ (১৬ নৱেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।