অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আহমদ নাদিম কাচ্‌মি

আহমদ নাদিম কাচ্মি (Ahmad Nadeem Qasmi; ২০ নৱেম্বৰ ১৯১৬ - ১০ জুলাই ২০০৬; জন্ম নাম:আহমদ শ্বাহ আৱান) এগৰাকী উৰ্দু ভাষাৰ পাকিস্তানী কবি, সাংবাদিক, সাহিত্য সমালোচক, নাট্যকাৰ আৰু চুটি গল্প ৰচয়িতা আছিল। তেওঁ কবিতা, কল্প-কাহিনী, সমালোচনা, সাংবাদিকতা আৰু কলাৰ ওপৰত প্ৰায় ৫০ খন কিতাপ লিখিছিল।

হালনাগাদ: ১৬ নৱেম্বৰ ২০২৩ ১৯৫ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

আহমদ নাদিম কাচ্মি (Ahmad Nadeem Qasmi; ২০ নৱেম্বৰ ১৯১৬ - ১০ জুলাই ২০০৬; জন্ম নাম:আহমদ শ্বাহ আৱান) এগৰাকী উৰ্দু ভাষাৰ পাকিস্তানী কবি, সাংবাদিক, সাহিত্য সমালোচক, নাট্যকাৰ আৰু চুটি গল্প ৰচয়িতা আছিল। তেওঁ কবিতা, কল্প-কাহিনী, সমালোচনা, সাংবাদিকতা আৰু কলাৰ ওপৰত প্ৰায় ৫০ খন কিতাপ লিখিছিল। তেওঁ সমসাময়িক উৰ্দু সাহিত্যৰ এগৰাকী উল্লেখযোগ্য ব্যক্তি।১ তেওঁৰ কবিতাসমূহ মানৱতাবাদৰ ওপৰত প্ৰতিষ্ঠিত আছিল১ আৰু তেওঁৰ অফছানা অৰ্থাৎ উৰ্দু চুটি গল্পসমূহত গ্ৰাম্য সংস্কৃতিৰ বৰ্ণিত হৈছে। তেওঁ প্ৰায় অৰ্ধ শতিকা ধৰি সাহিত্য আলোচনী ফানুনৰ সম্পাদক আৰু প্ৰকাশক আছিল। তেওঁ তেওঁৰ সাহিত্যকৰ্মৰ বাবে ১৯৬৮ চনত প্ৰাইড অফ পাৰ্ফমেঞ্চ আৰু ১৯৮০ চনত চিতাৰা-এ-ইমতিয়াজ বঁটা লাভ কৰিছিল।২

আধুনিক ভাৰতৰ অন্যতম প্ৰভাৱশালী লেখক গুলজাৰে তেওঁক তেওঁৰ পৰামৰ্শদাতা আৰু গুৰু বুলি অভিহিত কৰিছিল।৩

ব্যক্তিগত জীৱন

১৯১৬ চনৰ ২০ নৱেম্বৰত ব্ৰিটিছ ভাৰতৰ খুশাব জিলাৰ অংগা গাঁৱৰ এটি আৱান পৰিয়ালত কাচ্‌মিৰ জন্ম হৈছিল।৪ ১৯৩১ চনত তেওঁ কেম্পবেলপুৰৰ এখন উচ্চ বিদ্যালয়ৰ পৰা উৰ্ত্তীণ হৈছিল। তেওঁৰ প্ৰথম কবিতাটো লিখাৰ সময়ত তেওঁ এটকৰ এখন চৰকাৰী মহাবিদ্যালয়ত অধ্যয়ন কৰি আছিল। পিছত তেওঁ বাহাৱলপুৰৰ চাদিক এগাৰ্টন মহাবিদ্যালয়ত অধ্যয়ন কৰিছিল। ১৯৩৫ চনত তেওঁ লাহোৰৰ পাঞ্জাৱ বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। পীৰজাদা মহম্মদ বখ্‌চ নামেৰে তেওঁৰ এজন ভাতৃ আৰু এগৰাকী ভগ্নী আছিল। তেওঁ প্ৰগতিশীল লেখক আন্দোলনৰ সম্পাদক আছিল আৰু এগৰাকী সক্ৰিয় সদস্য ৰূপে কাম কৰি ১৯৫০ আৰু ১৯৭০ৰ দশকত বহুবাৰ গ্ৰেপ্তাৰ হৈছিল। ২০০৬ চনৰ ১০ জুলাইত লাহোৰৰ পাঞ্জাৱ ইনষ্টিটিউট অৱ কাৰ্ডিঅ’লজিত হাপানী অসুখত ভুগি তেওঁৰ মৃত্যু হয়।২৫

সাহ্যিতিক জীৱন

কাচ্‌মিয়ে ফুল, তেহজিব-এ-নিচৱান, আদাব-এ-লতিফ, চৱেৰা, নাকুশ আৰু তেওঁৰ নিজা আলোচনী ফানুনকে ধৰি কেইবাখনো বিশিষ্ট সাহিত্য আলোচনী সম্পাদনা কৰিছিল।২ তেওঁ উৰ্দু দৈনিক কাকত ইমৰ’জৰ সম্পাদক হিচাপেও কাম কৰিছিল। কাচ্‌মিয়ে কেইবা দশক ধৰি ৰাৱান দাৱান আৰু ডেইলী জংৰ দৰে ৰাষ্ট্ৰীয় বাতৰি কাকতত সাপ্তাহিক স্তম্ভ লিখিছিল। তেওঁৰ কবিতাত পৰম্পৰাগত গজল আৰু আধুনিক নাজম দুয়োটা অন্তৰ্ভুক্ত হৈছে। ইচ্ছুকজনক পৰামৰ্শ দিয়া আৰু আগবঢ়াই লৈ যাবলৈ আহমদ নাদিম সদায় প্ৰতিশ্ৰুতিবদ্ধ আছিল।৫

১৯৪৯ চনৰ মে’ মাহত কাচ্‌মি
১৯৪৯ চনৰ মে’ মাহত কাচ্‌মিছবি: Noman-A-Burney · CC BY-SA 4.0

১৯৪৮ চনত তেওঁ পঞ্জাৱৰ প্ৰগতিশীল লেখক আন্দোলনৰ মহাসচিব নিযুক্ত হয়। ১৯৪৯ চনত তেওঁ সমগ্ৰ পাকিস্তানৰ হৈ সংগঠনটোৰ মহাসচিব নিৰ্বাচিত হয়। ১৯৬২ চনত কাচ্‌মিয়ে খাদিজা মাস্তুৰ, হাজৰা মাছৰুৰ, আহমদ ফৰাজ, আমজাদ ইছলাম আমজাদ, আতা উল হক কাচ্‌মি আৰু মুন্নু ভাইকে ধৰি লেখক আৰু কবিসকলৰ সমৰ্থনত নিজৰ সাহিত্য আলোচনী ফানুন প্ৰকাশ কৰে। কাচ্‌মি কবি পাৰবীন শাকিৰৰ পৰামৰ্শদাতা আছিল। ১৯৭৪ চনত তেওঁ পশ্চিম পাকিস্তান চৰকাৰৰ দ্বাৰা স্থাপিত সাহিত্য সংস্থা মজলিস-তাৰাকী-আদাবৰ মহাসচিব নিযুক্ত হৈছিল।৫

গ্ৰন্থপঞ্জী

কবিতা

  • জালাল-অ’-জামাল২
  • চলা-এ-গুল
  • কিস্ত-এ-ৱফা
  • দস্ত-এ-ৱফা
  • দাৱম
  • মুহিত
  • লৌহ-এ-খাক
  • বচিত
  • জামাল
  • আৰ্জ-অ’-চমা'চুটি গল্প'
  • অফছানে (আহমদ নাদিম কাচ্‌মিয়ে নিজে নিৰ্বাচন ৪০টা শ্ৰেষ্ঠ গল্প)৬
  • চৌপাল (1939)২
  • গন্ডাচা
  • সন্নাতা২
  • কপসস কা ফুল২
  • আব্লেয়
  • টুলু-অ’-ঘৰোব
  • চৈলাব-অ’-গৰদব
  • আঁচল
  • ঘৰ চে ঘৰ টক
  • নীলা-পাথৰ
  • দাৱাম-দৰ-ও-দীৱাৰ
  • বাজাৰ-এ-হায়াত
  • আশ-পাশ
  • জুথা
  • ভূত
  • জলেবিজ

স্বীকৃতি

  • ১৯৬৮ চনত পাকিস্তান চৰকাৰৰ দ্বাৰা প্ৰাইড অৱ পাৰ্ফমেঞ্চ সন্মানেৰে সন্মানিত।৬
  • ১৯৮০ চনত পাকিস্তানৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা চিতাৰা-এ-ইমতিয়াজ বঁটা প্ৰদান।৬
  • পাকিস্তান অকাডেমী অৱ লেটাৰছৰ জীৱনজোৰা সাধনা বঁটা।২৬
  • ইছলামাবাদ চেভেনথ্‌ এভিনিউৰ নাম আহমদ নাদিম কাচ্‌মিৰ নামেৰে ৰখা হৈছিল।৭৬

তথ্যসূত্ৰ

  1. ↑ (16 December 2011). Ahmad Nadeem Qasmi remembered. Pakistan Today
  2. ↑ Ahmed Nadeem Qasmi's obituary and profile Dawn (Pakistan), Published 11 July 2006. Retrieved 26 June 2019
  3. ↑ Iqbal, Abdullah. (11 November 2004). Gulzar in Lahore to visit his ailing mentor. Gulf News
  4. ↑ Kamal, Daud. (2008). Flower on a Grave: Poems from Ahmad Nadeem Qasimi. Oxford University Press. ISBN 9780195474978
  5. ↑ A Tribute: Ahmed Nadeem Qasmi (1916–2006) All Things Pakistan, Published 16 August 2006. Retrieved 26 June 2019
  6. ↑ Profile and Afsanay by Ahmad Nadeem Qasmi on goodreads.com website Retrieved 26 June 2019
  7. ↑ CDA approves renaming of 7th Avenue Dawn (Pakistan), Published 25 February 2017. Retrieved 24 December 2019

সম্পৰ্কিত শ্ৰেণী

কবিসাহিত্যিকপাকিস্তানৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আহমদ নাদিম কাচ্‌মি” প্ৰবন্ধৰ সংশোধন ৩৯২০৬৪ (১৬ নৱেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।