পাকিস্তানৰ ব্যক্তি
১১৪ প্ৰবন্ধ
-
উজৰা বাট
উজৰা বাট (Tripti Mitra; জন্ম: মুমতাজ; ২২ মে’ ১৯১৭- ৩১ মে’ ২০১০) ভাৰতীয় উপমহাদেশৰ এগৰাকী নাট্য ব্যক্তিত্ব। ১৯৬৪ চনত তেওঁ পাকিস্তানলৈ গুছি যায়। ভাৰততে বাস কৰা তেওঁৰ ভনীয়েক জোহৰা ছেহগলে উজৰা পাকিস্তানলৈ গুছি যোৱা কথাটো অলপো ভাল পোৱা নাছিল।
-
এইচ এম নাকভি
এইচ এম নাকভি (H.M. Naqvi; জন্ম:১৯৭৩)হৈছে বৰ্তমান কৰাচী নিবাসী এগৰাকী পাকিস্তানী ঔপন্যাসিক। তেওঁ হ’ম বয় উপন্যাসখনৰ ৰচক আৰু এই উপন্যাসখনৰ বাবে ২০১১ চনত তেওঁ দক্ষিণ এছীয় সাহিত্যৰ বাবে প্ৰদান কৰা ডি এছ চি পুৰস্কাৰ লাভ কৰিছিল।
-
ওমৰ কুৰেছি
ওমৰ কুৰেছি (Omar Kureishi; জন্ম:১৯২৮ – ১৪ মাৰ্চ ২০০৫) এগৰাকী পাকিস্তানী সাহিত্যিক। তেওঁ বিমান পৰিবহণ আৰু সাংবাদিকতাৰ উপৰি বিজ্ঞাপন উদ্যোগতো কাম কৰিছিল। তেওঁ ডউন, দ্য পাকিস্তান টাইমছ, মৰ্নিং নিউজ আৰু লণ্ডনৰ দ্য গাৰ্ডিয়ানৰ বাবে নিয়মীয়াকৈ লিখিছিল।
-
ছাবা আজিজ
ছাবা আজিজ ( ইংৰাজী: Saba Aziz)ৰ জন্ম ১৯৮৮ চনৰ ২৬ নৱেম্বৰত। তেওঁ পাকিস্তানৰ এগৰাকী প্ৰাক্তন এক নম্বৰ মহিলা টেনিছ খেলুৱৈ। ছাবা আজিজে ২০১১-২০১৩ চনত ফেড কাপত পাকিস্তানক প্ৰতিনিধিত্ব কৰিছিল।
-
জামিল জান ক'চাই
জামিল জান কচাই (Jamil Jan Kochai; জন্ম: ১৯৯২) এগৰাকী আফগানী লেখক, যি পাকিস্তানৰ পেছৱাৰত জন্ম হৈছিল। তেওঁ বৰ্তমান কেলিফৰ্ণিয়াৰ চেক্ৰেমেণ্ট’ত থাকে। বৰ্তমানলৈ তেওঁৰ দুখন কল্পকাহিনীৰ কিতাপ প্ৰকাশ হৈছে আৰু ইতিমধ্যে তেওঁ অ’ হেনৰী বঁটা লাভ কৰিছে।
-
জুবেইদা আঘা
জুবেইদা আঘা (Zubeida Agha; উৰ্দু: زبیدہ آغا; ১৯২২–১৯৯৭) প্ৰথম পাকিস্তানী আধুনিক শিল্পীসকলৰ ভিতৰত অন্যতম আছিল। ১৯৪৭ চনত পাকিস্তান সৃষ্টিৰ পিছত তেওঁৰ ছবিৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰা প্ৰথমগৰাকী শিল্পী আছিল। তেওঁ আধুনিক প্ৰবচনটো পাকিস্তানলৈ অনাত সহায় কৰিছিল।
-
নাজিয়া হাচান
নাজিয়া হাচান (; ৩ এপ্ৰিল ১৯৬৫- ১৩ আগষ্ট ২০০০) বিশ্বব্যাপি ৬৫ মিলিয়ন ভায়েক জোহেব হাচানৰ সৈতে গোৱা তেওঁৰ গীতৰ ৰেকৰ্ড বিক্ৰী হৈছিল। ইংৰাজী ভাষাৰ একক এলবাম ড্ৰীমাৰ দিৱানেৰ যোগে ব্ৰিটিছ তালিকাত স্থান লাভ কৰা তেওঁ প্ৰথম পাকিস্তানী আছিল।
-
নাদিম আচলম
নাদিম আচলম (Nadeem Aslam; জন্ম: ১১ জুলাই ১৯৬৬) এগৰাকী ব্ৰিটিছ পাকিস্তানী ঔপন্যাসিক। তেওঁৰ প্ৰথম উপন্যাস চিজন অৱ দ্য ৰেইন বাৰ্ডচে বেটি ট্ৰাস্ক এৱাৰ্ড আৰু অথ’ৰ্চ ক্লাব ফাৰ্ষ্ট ন’ভেল বঁটা লাভ কৰিছিল।
-
নিগাৰ আহমেদ
নিগাৰ আহমেদ (Nigar Ahmed(১৬ ফেব্ৰুৱাৰী ১৯৪৫ – ২৪ ফেব্ৰুৱাৰী ২০১৭) আছিল এগৰাকী পাকিস্তানী মহিলা অধিকাৰ কৰ্মী যি ৱমেনছ একচন ফ'ৰাম আৰু ঔৰত ফাউণ্ডেশ্যন প্ৰতিষ্ঠা কৰিছিল। ৭২ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।
-
ফৰিদা খানম
ফৰিদা খানম (Farida Khanum) এগৰাকী পাকিস্তানৰ পঞ্জাব প্ৰদেশৰ শাস্ত্ৰীয় সঙ্গীতৰ কণ্ঠশিল্পী। পাকিস্তান চৰকাৰে সঙ্গীতৰ জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক 'হিলাল-ই-ইমতিয়াজ' আৰু 'প্ৰাইড অফ পাৰ্ফৰমেঞ্চ' বঁটাৰে সন্মানিত কৰিছে।
-
বিব্বো (অভিনেত্ৰী)
বিব্বো (Bibbo; জন্ম: ইছৰত চুলতানা; ১৯০৬-১৯৭২) ভাৰত আৰু পাকিস্তান উভয় দেশত কাম কৰা এগৰাকী সংগীত পৰিচালক, কণ্ঠশিল্পী আৰু অভিনেত্ৰী আছিল। দেশ বিভাজনৰ সময়ত পাকিস্তানলৈ গুছি যোৱাৰ পূৰ্বে তেওঁ ১৯৩৩-ৰ পৰা ১৯৪৭-লৈ ভাৰতীয় চলচ্চিত্ৰত কাম কৰিছিল।
-
বিলকিছ এধি
বিলকিছ বানু এধি (Bilquis Edhi; জন্ম: ১৪ আগষ্ট ১৯৪৭) এগৰাকী পাকিস্তানী পেছাদাৰী নাৰ্ছ আৰু এধি ফাউণ্ডেচনৰ সহ-মুৰব্বী। তেওঁক পাকিস্তানৰ আটাইতকৈ সক্ৰিয় সমাজসেৱকসকলৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়। তেওঁক 'পাকিস্তানৰ মাতৃ' বুলিও কোৱা হয়।
-
মদীহা গৌহৰ
মদীহা গৌহৰ (Madeha Gauhar; ২১ ছেপ্টেম্বৰ ১৯৫৬ – ২৫ এপ্ৰিল ২০১৮) এগৰাকী পাকিস্তানী টিভি আৰু মঞ্চ অভিনেত্ৰী, নাট্যকাৰ আৰু সামাজিক থিয়েটাৰৰ পৰিচালক, আৰু নাৰী অধিকাৰ কৰ্মী। ১৯৮৪ চনত তেওঁ আজোকা থিয়েটাৰ প্ৰতিষ্ঠা কৰে য’ত ভ্ৰাম্যমাণ থিয়েটাৰ, ৰাজপথ আৰু ৰাজহুৱা স্থানত সামাজিক বিষয়বস্তু মঞ্চস্থ কৰা হয়।
-
মহম্মদ হানিফ
মহম্মদ হানিফ (Mohammed Hanif; জন্ম: নৱেম্বৰ ১৯৬৪) এগৰাকী ব্ৰিটিছ পাকিস্তানী লেখক আৰু সাংবাদিক। তেওঁ দ্য নিউয়ৰ্ক টাইমছৰ মাহেকীয়া স্তম্ভলেখক। হানিফৰ ‘আ কেচ অৱ এক্সপ্লডিং মেংগ’জ’ কিতাপখনে সমালোচকৰ প্ৰশংসা লাভ কৰিছিল আৰু কিতাপখন ‘মেন বুকাৰ প্ৰাইজ’ তথা ‘গাৰ্ডিয়ান ফাৰ্ষ্ট বুক প্ৰাইজ’ৰ বাবে মনোনয়নৰ…
-
মুনিবা মাজাৰি
মুনিবা মাজাৰি (منیبہ مزاری; জন্ম ৩ মাৰ্চ ১৯৮৭) এজনী পাকিস্তানী মানৱাধিকাৰ কৰ্মী, চিত্ৰশিল্পী, টেলিভিচন উপস্থাপক, প্ৰেৰণাদায়ী বক্তা আৰু গায়িকা। ২০০৫ চনত মুনিবা মাজাৰি এজন পাকিস্তানী বিমান বাহিনীৰ কৰ্মকৰ্তাৰ লগত বিবাহ বন্ধনত আবদ্ধ হয়। বিয়াৰ দুইবছৰৰ ভিতৰতে মুনিবা এটা পথ দুৰ্ঘটনাৰগ্ৰস্ত হয়।
-
শ্বাহনাজ বুখাৰী
শ্বাহনাজ বুখাৰী (Shahnaz Bukhari) এগৰাকী পাকিস্তানী মনোবিজ্ঞানী আৰু মহিলা অধিকাৰ কৰ্মী। তেওঁ বেচৰকাৰী সংগঠন প্ৰগতিশীল মহিলা সন্থা চমুকৈ পিডব্লিউএৰ প্ৰতিষ্ঠাপক আৰু সঞ্চালক। এই সংগঠনে মহিলাৰ বিৰুদ্ধে হিংসাক নথিভুক্ত আৰু বিৰোধিতা কৰে।
-
হিনা শ্বাহীন
হিনা শ্বাহীন (জন্ম ১৩ ফেব্ৰুৱাৰী ১৯৭১) হৈছে এক পাকিস্তানি টেলিভিছন, চলচ্চিত্ৰ অভিনেত্ৰী আৰু মঞ্চ অভিনেত্ৰী।
-
ৰুনা লাইলা
ৰুনা লাইলা (Runa Laila;; ১৭ নৱেম্বৰ ১৯৫২) এগৰাকী বাংলাদেশী নেপথ্য কণ্ঠশিল্পী আৰু মিউজিক কম্পোজাৰ। ১৯৬০ চনৰ শেষৰ ফালে পাকিস্তান চলচ্চিত্ৰ জগতত নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছিল।
-
আছফাক আহমেদ
আছফাক আহমেদ (উৰ্দুঃ اشفاق احمد خان; ২২ আগষ্ট ১৯২৫ – ৭ ছেপ্টেম্বৰ ২০০৪) এগৰাকী পাকিস্তানী লেখক, নাট্যকাৰ আৰু সম্প্ৰচাৰক আছিল। উৰ্দু ভাষাত তেওঁ পাকিস্তান দূৰদৰ্শন আৰু ৰেডিঅ’ৰ বাবে উপন্যাস, চুটি গল্প আৰু নাটক লিখিছিল।
-
আজৰা কুৰেশ্বী
আজৰা কুৰেশ্বী (২২ ছেপ্টেম্বৰ ১৯৪৫ – ২২ নৱেম্বৰ ২০০২) আছিল পাকিস্তানৰ এগৰাকী আগশাৰীৰ উদ্ভিদবিদ। পাকিস্তানত আলু উৎপাদন উন্নত কৰাৰ কাম কৰিছিল আৰু টিছু কালচাৰৰ কামৰ বাবে তেওঁ পৰিচিত হৈছিল।
-
আন্না মোলকা আহমেদ
আন্না মোলকা আহমেদ (Anna Molka Ahmed; ১৩ আগষ্ট ১৯১৭ – ২০ এপ্ৰিল ১৯৯৪) এগৰাকী পাকিস্তানী শিল্পী আছিল আৰু তেওঁ ১৯৪৭ চনত দেশৰ স্বাধীনতাৰ পিছত দেশখনৰ সূক্ষ্ম কলাৰ পথ প্ৰদৰ্শক আছিল। তেওঁ লাহোৰৰ পঞ্জাৱ বিশ্ববিদ্যালয়ৰ সূক্ষ্ম কলাৰ অধ্যাপিকা আছিল।
-
আফিয়া শ্বেহৰবানো জিয়া
আফিয়া শ্বেহৰবানো জিয়া (Afiya Shehrbano Zia) হৈছে কৰাচীত বাস কৰা এগৰাকী পাকিস্তানী নাৰীবাদী গৱেষক, লেখিকা আৰু কৰ্মী।তেওঁ "পাকিস্তানত বিশ্বাস আৰু নাৰীবাদ"(ছাচেক্স একাডেমিক প্ৰেছ, ২০১৮)গ্ৰন্থকে প্ৰমুখ্য কৰি নাৰী, ধৰ্মনিৰপেক্ষতা আৰু ধৰ্ম বিষয়ত কেইবাটাও প্ৰকাশিত প্ৰবন্ধৰ লিখিছে।
-
আম্ব্ৰিণ বাত
আম্ব্ৰিন বাত (জন্ম ১৯৬৯) বষ্টনত বাস কৰা এগৰাকী পাকিস্তানী আমেৰিকান শিল্পী যিয়ে তেওঁৰ অংকন, চিত্ৰকলা, প্ৰিণ্ট আৰু কোলাজৰ বাবে বেছিকৈ পৰিচিত আৰু তেওঁৰ শ্ৰম নিবিড়, অংকন কৰা আত্মচিত্ৰৰ বাবে স্বীকৃতি লাভ কৰিছে যিয়ে পৰম্পৰাগত পাৰ্চী শিল্পৰ জৰিয়তে নাৰীবাদী আৰু ৰাজনৈতিক ধাৰণাক চিত্ৰিত কৰে।
-
আয়েশা কুৰেইছি
আয়েশা কুৰেইছি ( Ayessha Quraishi; জন্ম: ২৮ অক্টোবৰ, ১৯৭০) এগৰাকী সমসাময়িক ভিচুৱেল আৰ্টিষ্ট, যিয়ে পাকিস্তানৰ কৰাচীত বাস কৰে আৰু কাম কৰে। কুৰেইছিয়ে কৰাচীৰ শিক্ষাবিদ নায়াৰ জামিলেণ্ডৰ পৰা প্ৰাৰম্ভিক কলা প্ৰশিক্ষণ লাভ কৰে আৰু তাৰ পিছৰ পৰাই তিনি দশকৰো অধিক সময় নিজৰ শিল্পকৰ্মত স্বকীয় কৌশল আৰু…
-
আহমদ আলি
আহমদ আলি (Ahmed Ali; ১ জুলাই ১৯১০ দিল্লীত – ১৪ জানুৱাৰী ১৯৯৪) এগৰাকী পাকিস্তানী ঔপন্যাসিক, কবি, সমালোচক, অনুবাদক, কূটনীতিবিদ আৰু পণ্ডিত আছিল। আধুনিক উৰ্দু চুটি গল্পৰ তেওঁ আছিল এগৰাকী পথপ্ৰদৰ্শক।
-
আৰফা ছায়েদা জেহৰা
আৰফা ছায়েদা জেহৰা (Arfa Sayeda Zehra) এগৰাকী পাকিস্তানী বিশেষজ্ঞ। বৰ্তমান তেওঁ শিক্ষা আৰু ৰাষ্ট্ৰীয় সমন্বয় বিষয়ৰ প্ৰধানমন্ত্ৰীৰ বিশেষ উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
-
ইছৰত আফ্ৰিন
ইছৰত আফ্ৰিন (Ishrat Afreen, জন্ম-২৫ ডিচেম্বৰ ১৯৫৬) এগৰাকী উৰ্দু কবি। তেওঁৰ ৰচনাসমূহ ইংৰাজী, জাপানী, সংস্কৃত আৰু হিন্দীকে ধৰি বহু ভাষালৈ অনুবাদ কৰা হৈছে। গজল গায়ক জগজিৎ সিং আৰু চিত্ৰা সিঙেও তেওঁলোকৰ সংকলন বিয়ণ্ড টাইম (১৯৮৭)ত তেওঁৰ কবিতা পৰিবেশন কৰে।
-
উমেৰা আহমেদ
উমেৰা আহমেদ (Umera Ahmed) এগৰাকী পাকিস্তানী লেখিকা আৰু চিত্ৰনাট্যকাৰ। তেওঁ শ্বেহৰ-ই-জাত, পিৰ-ই-কামিল, জিন্দেগী গুলজাৰ হাই, আলিফ, দুৰ-ই-শ্বেহৱাৰ, ডাম, মান-অ'-চালৱা, কায়েদ-ই-তানহাই, ডাইজেষ্ট ৰাইটাৰ, মাত, কংকৰ, মেৰী জাত জাৰা-ই-বেনিশান, দোৰাহা আৰু হাম কাহান কে সচ্চা থা আদি উপন্যাস আৰু নাটকৰ বাবে…
-
কুলচুম আব্দুল্লাহ
কুলচুম আব্দুল্লাহ বা কুলচুম বীনাজিৰ আব্দুল্লাহ কাকাখেল (Kulsoom Abdullah; জন্মঃ ১২ মাৰ্চ ১৯৭৬) এগৰাকী পাকিস্তানী-আমেৰিকান ভাৰোত্তোলক আৰু পাকিস্তানক প্ৰতিনিধিত্ব কৰি ২০১১ চনৰ বিশ্ব চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰা পাকিস্তানৰ প্ৰথমগৰাকী মহিলা ভাৰোত্তোলনকাৰী হিচাপে জনাজাত।
-
গুলালাই ইছমাইল
গুলালাই ইছমাইল (Gulalai Ismail, জন্ম: ৩০ অক্টোবৰ ১৯৮৬) খাইবাৰ পখতুনখোৱাৰ এগৰাকী পাকিস্তানী মানৱ অধিকাৰ কৰ্মী। তেওঁ এৱেৰ গাৰ্লছৰ অধ্যক্ষ, হিউমেনিষ্ট ইণ্টাৰনেশ্যনেলৰ গ্ল'বেল এম্বেছাদৰ আৰু পাষ্টুন তাহাফুজ মুভমেণ্ট (পিটিএম)ৰ আগশাৰীৰ সদস্য।