মেহদি হাছান খান (উৰ্দু: مہدی حسن خاں; ১৮ জুলাই ১৯২৭১ – ১৩ জুন ২০১২)২৩ এগৰাকী পাকিস্তানী গজল গায়ক আৰু পাকিস্তানী চলচ্চিত্ৰ উদ্যোগৰ এগৰাকী নেপথ্য গায়ক। তেওঁক গজলৰ ইতিহাসৰ সৰ্বশ্ৰেষ্ঠ আৰু প্ৰভাৱশালী ব্যক্তিসকলৰ ভিতৰত এজন বুলি গণ্য কৰা হয়।৪৫৬ হাছানক শ্বাহেনশ্বাহ-এ-গজল (গজলৰ সম্ৰাট) বুলি কোৱা হয়।৭৮৯১০১১ তেওঁ তেওঁৰ হন্টিং বেৰিটোন কণ্ঠৰ বাবে জনাজাত আছিল।১২ হাছানক বিশ্বব্যাপী দৰ্শকৰ মাজত গজলক জনপ্ৰিয় কৰাৰ কৃতিত্ব দিয়া হয়। তেওঁ এটি মধুৰ কণ্ঠৰ গৰাকী আছিল আৰু অভিনৱ উপায়েৰে ৰাগৰ অখণ্ডতা বজাই ৰখাৰ ক্ষেত্ৰত তেওঁ অনন্য আছিল।
কালাৱন্ত সংগীতজ্ঞৰ পৰিয়াল এটিত জন্ম গ্ৰহণ কৰা হাছান স্বাভাৱিকতে সৰুৰে পৰা সংগীতৰ প্ৰতি আকৰ্ষিত আছিল। তেওঁ জগজিৎ সিঙৰপৰা১৩ পাৰভেজ মেহদিলৈকে কেইবাটাও প্ৰজন্মৰ বিভিন্ন ধাৰাৰ গায়কসকলক প্ৰভাৱিত কৰিছিল।১৪ তেওঁ তেওঁৰ জীৱনকালত অসংখ্য বঁটা-বাহন তথা প্ৰশংসা অৰ্জন কৰিছিল আৰু আন এজন সমসাময়িক নেপথ্য গায়ক আহমেদ ৰুছদিৰ সৈতে পাকিস্তানী চলচ্চিত্ৰ উদ্যোগৰ এগৰাকী আগশাৰীৰ গায়ক হৈ পৰিছিল। অনুমান কৰা হয় যে, হাছানে তেওঁৰ কৰ্মজীৱনত তিনিশৰো অধিক চলচ্চিত্ৰৰ বাবে গান গাইছে।৩১৫ কলাৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে হাছানক পাকিস্তান চৰকাৰে নিচান-এ-ইমতিয়াজ, তামঘা-এ-ইমতিয়াজ, প্ৰাইড অৱ পাৰ্ফমেঞ্চ আৰু হিলাল-এ-ইমতিয়াজ বঁটা প্ৰদান কৰিছিল।৩
প্ৰাৰম্ভিক জীৱন আৰু কেৰিয়াৰ
১৯২৭ চনৰ ১৮ জুলাইত, অবিভক্ত ভাৰতৰ ঝুনঝুনু জিলাৰ লুনা (শ্বেখাৱতী, মান্দাৱাৰ ওচৰৰ) নামৰ এখন গাঁৱৰ পৰম্পৰাগত সংগীতজ্ঞৰ পৰিয়াল এটিত১২ হাছানৰ জন্ম হৈছিল।১৬ বংশানুক্ৰমিক ভাৱে তেওঁ কালাৱন্ত গোত্ৰৰ পৰা অহা সংগীতজ্ঞসকলৰ ষোড়শ প্ৰজন্মৰ বুলি দাবী কৰে। হাছানে আঠ বছৰ বয়সত শাস্ত্ৰীয় সংগীত শিকিবলৈ আৰম্ভ কৰিছিল১৭ আৰু তেওঁৰ দেউতাক ওস্তাদ আজিম খান আৰু খুৰাক ওস্তাদ ইছমাইল খানৰ সৈতে সংগীতৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰিছিল। তেওঁলোক দুয়োগৰাকীয়ে পৰম্পৰাগত ধ্ৰুপদ ৰাগৰ গায়ক আছিল।১৮ হাছানে কম বয়সতে পৰিৱেশন কৰা আৰম্ভ কৰিছিল আৰু ১৮ বছৰ বয়সলৈকে তেওঁ ধ্ৰুপদ, দাদৰা, থুমৰি আৰু খেয়াল আদি শাস্ত্ৰীয় গীতৰ বিভিন্ন ৰূপসমূহৰ বিশেষজ্ঞ হৈ উঠিছিল। তেওঁ ভাতৃ গোলাম কাদিৰৰ সৈতে ৰাজকীয় আদালতত প্ৰদৰ্শন কৰা আৰম্ভ কৰিছিল।১৯ থুমৰি গায়ন শৈলীৰে হাছানে তেওঁৰ কৰ্মজীৱন আৰম্ভ কৰিছিল।২০ তেওঁৰ ধ্ৰুপদ আৰু খেয়ালৰ প্ৰথমটো সংগীতানুষ্ঠান অনুষ্ঠিত হৈছিল অবিভক্ত পঞ্জাৱৰ বৰ্তমানৰ উপায়ুক্তৰ ভৱনৰ (১৯৩৫ চনত) ওচৰৰ ফেজিলকা বাংলাত। তেওঁৰ ডাঙৰ ভায়েক ওস্তাদ গোলাম কাদিৰেও ইয়াত অংশগ্ৰহণ কৰিছিল আৰু হাছানৰ পৰিৱেশন দক্ষতাক তুলি ধৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।১৮
তথ্যসূত্ৰ
- ↑ www.youtube.com/watch?v=D44QqrHRVuk&t=134s
- ↑ (2012-06-13). Mehdi Hassan obituary. the Guardian
- ↑ Death anniversary of Shahenshah-e-Ghazal Mehdi Hassan being observed today. www.radio.gov.pk
- ↑ Ken Hunt. (16 June 2012). Mehdi Hassan: Musician hailed as the maestro of the 'ghazal'. INDEPENDENT (UK newspaper)
- ↑ (1979). New Delhi – Volume 2, Part 2. Ananda Bazar Patrika. পৃ. 35
- ↑ Russell, Ralph. (1992). The pursuit of Urdu literature: a select history. Zed Books. পৃ. 242
- ↑ Mehdi Hassan - New Songs, Playlists & Latest News - BBC Music. BBC
- ↑ Dawn.com. (2012-06-13). End of an era as Mehdi Hassan passes away. DAWN.COM
- ↑ Khawaja, Mishal Abbas. (July 18, 2019). 'Shehanshah-e-Ghazal' - Mehdi Hassan's 92nd Birthday. nation.com.pk
- ↑ (2010-11-08). Mehdi Hasan: A tribute to the Shahenshah-e-Ghazal. The Express Tribune
- ↑ (2018-06-19). Ghazal King Mehdi Hassan remembered. The News International
- ↑ Mehdi Hassan profile on Encyclopedia Britannica Retrieved 31 March 2018
- ↑ Who was Mehdi Hassan NDTV website, Retrieved 31 March 2018
- ↑ Rafay Mahmood. (13 June 2012). Mehdi Hassan: A sun amongst the stars. The Express Tribune (newspaper)
- ↑ News Desk (13 June 2019), "King of Ghazal: Mehdi Hassan remembered on 7th anniversary", Global Village Space. Retrieved 11 November 2019
- ↑ www.youtube.com/watch?v=D44QqrHRVuk&t=134s
- ↑ Khan, Omer Farooq. (June 13, 2012). Ghazal singer Mehdi Hassan passes away - Times of India. The Times of India
- ↑ Devesh Sharma. (10 August 2012). Mehdi Hassan: The Master of Melodies
- ↑ Pandya, Haresh. (2012-06-14). Mehdi Hassan, Who Sang Urdu Lyric Verse, Dies at 84. The New York Times
- ↑ (13 June 2012). Mehdi Hassan passes away in Karachi - Times of India. The Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেহদি হাছান” প্ৰবন্ধৰ সংশোধন ৪০৭১৬২ (২৩ ফেব্ৰুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।