পাকিস্তানৰ ব্যক্তি
১১৪ প্ৰবন্ধ
-
চাইৰা ওৱাচিম
চাইৰা ওৱাচিম সাম্প্ৰতিক সময়ৰ পাকিস্তানৰ লাহোৰৰ এগৰাকী শিল্পী। বৰ্তমান তেওঁ আমেৰিকাত বসবাস কৰিছে। ওৱাচিমে পাৰ্চীসকলে দক্ষিণ এছিয়াত ব্যাপকভাৱে ব্যৱহাৰ কৰা অগ্ৰণী কিন্তু ক্ষুদ্ৰ শৈলীৰ চিত্ৰকলা ব্যৱহাৰ কৰি মূলতঃ ৰাজনৈতিক আৰু সাংস্কৃতিক শিল্প নিৰ্মাণ কৰে।
-
ছমী আলী
ছমী আলী (উৰ্দু: سومی علی; জন্ম ২৫ মাৰ্চ ১৯৭৬) এগৰাকী পাকিস্তানী-আমেৰিকান অভিনেত্ৰী, লেখিকা, চলচ্চিত্ৰ নিৰ্মাতা, মডেল আৰু সমাজকৰ্মী, যিয়ে বলিউড চলচ্চিত্ৰত কাম কৰিছে। তেওঁ ২০০৭ চনৰপৰা “ন' ম'ৰ টিয়েৰ্চ” নামৰ এটা অলাভজনক সংস্থা পৰিচালনা কৰি আহিছে।
-
ছাদিয়া খত্ৰী
ছাদিয়া খত্ৰী (Sadia Khatri) হৈছে কৰাচীত বাস কৰা এগৰাকী পাকিস্তানী লেখিকা, ফটোগ্ৰাফাৰ খত্ৰী Girls at Dhabas-ৰ অন্যতম প্ৰতিষ্ঠাপক।.
-
ছামিনা ৰাজা
ছামিনা ৰাজা (জন্ম: ১১ ছেপ্টেম্বৰ ১৯৬১; মৃত্যু: ৩০ অক্টোবৰ ২০১২) এগৰাকী পাকিস্তানী উৰ্দু কবি, লেখিকা, সম্পাদিকা, অনুবাদক, শিক্ষাবিদ আৰু সম্প্ৰচাৰক। তেওঁ পাকিস্তানৰ ইছলামাবাদত বাস কৰিছিল আৰু নেচনেল লেংগুৱেজ অথৰিটি আৰু নেচনেল বুক ফাউণ্ডেচনত বিষয় বিশেষজ্ঞ হিচাপে কাম কৰিছিল।
-
ছামিম নাজলী
ছামিম নাজলী ( Shamim Nazli; ১৯৪০ - ২৭ নৱেম্বৰ, ২০১০) আছিল এজন পাকিস্তানী সংগীত পৰিচালক। তেওঁ বাহাৰেইঁ ফিৰ ভি আয়েঁ গি (১৯৬৯) আৰু বিন বাদল বৰছাত (১৯৭৫) আদি চিনেমাৰ বাবে প্লেবেক সংগীত ৰচনা কৰিছিল। তেওঁ প্লেবেক গায়িকা মালাৰ জ্যেষ্ঠ ভগ্নী আছিল।
-
ছেইলা আব্দুল্লা
ছেইলা আব্দুল্লা ( Shaila Abdullah) জন্ম: ১৯৭১ চন, এগৰাকী পাকিস্তানী-আমেৰিকান গ্ৰন্থকাৰ, লেখক আৰু ডিজাইনাৰ।
-
জাইটুন বানো
জাইটুন বানো (Zaitoon Bano; ১৮ জুন ১৯৩৮ – ১৪ ছেপ্টেম্বৰ ২০২১) এগৰাকী পাকিস্তানী কবি, চুটিগল্প লেখক, ঔপন্যাসিক, সম্প্ৰচাৰক আৰু খাইবাৰ পখতুনখোৱাত নাৰী অধিকাৰৰ সমৰ্থক আছিল। তেওঁ মূলতঃ পাষ্টো আৰু উৰ্দু ভাষাত লিখিছিল।
-
জাহানাৰা শ্বাহনৱাজ
বেগম জাহানাৰা শ্বাহনৱাজ (বা জেহান আৰা শ্বাহ নৱাজ, জন্ম: ৭ এপ্ৰিল ১৮৯৬ – মৃত্যু: ২৭ নৱেম্বৰ ১৯৭৯) ব্ৰিটিছ ভাৰতৰ, বৰ্তমানৰ পাকিস্তানৰ এগৰাকী সক্ৰিয় কৰ্মী আৰু ৰাজনীতিবিদ আছিল। তেওঁ মিয়ান মহম্মদ শ্বাহনৱাজৰ পত্নী ছাৰ মহম্মদ শ্বাফীৰ কন্যা।
-
জাৰতাজ গুল
জাৰতাজ গুল ৱাজিৰ ( উৰ্দু: زرتاجگُل وزیر ) এজন পাকিস্তানী ৰাজনীতিবিদ যিয়ে জলবায়ু পৰিৱৰ্তনৰ ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০১৮ চনৰ ৫ অক্টোবৰৰ পৰা ২০২২ চনৰ ১০ এপ্ৰিললৈকে ইমৰান খানক অনাস্থা প্ৰস্তাৱৰ দ্বাৰা পদচ্যুত কৰা হৈছিল।
-
জীনত আব্দুল্লাহ চান্নাহ
জীনত আব্দুল্লাহ চান্নাহ (ইংৰাজী: Zeenat Abdullah Channah; ৪ জানুৱাৰী ১৯১৯ — ১২ জুলাই ১৯৭৪) পাকিস্তানৰ সিন্ধু প্ৰদেশৰ এগৰাকী শিক্ষাবিদ আৰু লেখিকা আছিল। ১৯৪৭ চনৰ ভাৰত বিভাজনৰ পিছত সিন্ধী কাহিনী লিখা তেওঁ প্ৰথমগৰাকী মহিলা লেখিকাৰ ভিতৰত অন্যতম আছিল।
-
জুবেইদা জালাল
জুবেইদা জালাল খান (Zubaida Jalal) এগৰাকী পাকিস্তানী ৰাজনীতিবিদ, এগৰাকী শিক্ষক, মুক্তিবাদী আৰু সমাজ কৰ্মী যি ২০১৮ চনৰ আগষ্টৰ পৰা ২০২২ চনৰ এপ্ৰিল মাহলৈকে প্ৰতিৰক্ষা উৎপাদন মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
জেহৰা লাইলা জাভেৰী
জেহৰা লাইলা জাভেৰী ( Zehra Laila Javeri; জন্ম: ১৫ অক্টোবৰ ১৯৭১) এগৰাকী পাকিস্তানী শিল্পী। বৰ্তমান তেওঁ পাকিস্তানৰ কৰাচীত বাস কৰে। ২০১৪ চনৰ জানুৱাৰী মাহত কৰাচীৰ কেনভাছ গেলেৰীত মুকলি কৰা হৈছিল জাভেৰীৰ প্ৰথমখন একক প্ৰদৰ্শনী ‘উইডছ’।
-
টুবা চৈয়দ
টুবা চৈয়দ (জন্ম ২৯ মে', ১৯৯১) এগৰাকী পাকিস্তানী নাৰীবাদী সংগঠক, লেখিকা আৰু লিংগ গৱেষক। নাৰীবাদী সংগঠন ৱমেন ডেম’ক্ৰেটিক ফ্ৰণ্টৰ তথ্য আৰু প্ৰকাশনৰ সম্পাদিকা
-
তছনীম জেহৰা হুছেইন
তছনীম জেহৰা হুছেইন এজন পাকিস্তানী তাত্ত্বিক পদাৰ্থবিজ্ঞানী। পদাৰ্থ বিজ্ঞানত ডক্টৰেট ডিগ্ৰী লাভ কৰা কেইজনমান পাকিস্তানী মহিলাৰ ভিতৰত তেওঁ অন্যতম আৰু প্ৰথম পাকিস্তানী মহিলা ষ্ট্ৰিং তত্ত্ববিদ।
-
তবচ্ছুম আদনান
তবচ্ছুম আদনান (تبسم عدنان; জন্ম ১৯৭৭) স্বাত উপত্যকাৰ এগৰাকী পাকিস্তানী মহিলা অধিকাৰ কৰ্মী। পাকিস্তানী মহিলাসকলৰ ন্যায় বিচৰাৰ প্ৰচেষ্টাৰ বাবে তেওঁ ২০১৫ চনৰ আন্তঃৰাষ্ট্ৰীয় মহিলা সাহস বঁটা লাভ কৰে।
-
তামাঞ্চা জান
গুলজাৰ বেগম, যাক তামাঞ্চা জান ( Tamancha Jan)(জন্ম ১৯১৮) বুলিও জনা যায়, এজন পাকিস্তানী লোকগায়িকা আছিল। তেওঁ দ্য চিঙিং চাইৰেণ আৰু লাহোৰৰ নাইটিংগেল নামে সুপৰিচিত গৈছিল। ১৯৩০ আৰু ১৯৪০ চনৰ ভাৰতীয় চিনেমাৰ তেওঁ জনপ্ৰিয় নেপথ্য গায়িকা আছিল।
-
তাহিৰ কুৰেছি
তাহিৰ কুৰেছি পাকিস্তানৰ এজন পৰিৱেশবিদ আছিল। তাহিৰ কুৰেছি এজন মেংগ্ৰোভ মেন বা মেংগ্ৰোভ হিৰো হিচাপে জনাজাত।(জন্ম,১৯৪৬-মৃত্যু,২০২০ চনত, উৰ্দু ভাষাত بائے مینگروز پاکستان) আছিল আই ইউ চি এন আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংঘ (IUCN International Union for Conservation of Nature) ৰ এজন জ্যেষ্ঠ পাকিস্তানৰ…
-
তাহিৰা মজহৰ আলী
তাহিৰা মাজহাৰ আলী (ইংৰাজী: Tahira Majhar Ali; জন্ম: ৫ জানুৱাৰী ১৯২৪ – ২৩ মাৰ্চ ২০০৫) এগৰাকী পাকিস্তানী মহিলা অধিকাৰ অভিযানকাৰী আৰু এগৰাকী ৰাজনৈতিক কৰ্মী, আৰু বেনজিৰ ভুট্টোৰ গুৰু আছিল৷ তেওঁৰ সন্তানসকলৰ ভিতৰত আছে ব্ৰিটিছ পাকিস্তানী ৰাজনৈতিক কৰ্মী তাৰিক আলী, টাউচিফ হায়াট আৰু অষ্ট্ৰেলিয়াৰ সাংবাদিক…
-
তেহমিনা দুৰানী
তেহমিনা দুৰানী (Tehmina Durrani; জন্ম: ১৮ ফেব্ৰুৱাৰী ১৯৫৩) এগৰাকী পাকিস্তানী লেখিকা যি তেওঁৰ বেষ্টচেলাৰ গ্ৰন্থ মাই ফিউডেল লৰ্ডৰ বাবে পৰিচিত৷ তেওঁ এগৰাকী শিল্পী, আৰু এগৰাকী মহিলা আৰু শিশু অধিকাৰ কৰ্মী। ২০২৪ চনৰ মাৰ্চ মাহৰ পৰা পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফৰ তেওঁ পত্নী।
-
দাউদ কামাল
দাউদ কামাল (Daud Kamal; ৪ জানুৱাৰী ১৯৩৫ - ৫ ডিচেম্বৰ ১৯৮৭) এজন পাকিস্তানী কবি৷তেওঁ বেছিভাগ লেখা-মেলা ইংৰাজী ভাষাত কৰিছিল। এজৰা পাউণ্ড, ডব্লিউ. বি. ইয়েটছ আৰু টি. এছ. এলিয়ট দৰে আধুনিক ইংৰাজী ভাষাৰ কবিসকলৰ দ্বাৰা তেওঁ প্ৰভাৱিত হৈছিল।
-
দিলচাদ ৱাডছাৰিয়া
দিলচাদ ৱাডছাৰিয়া (ইংৰাজী: Dilshad Vadsaria; জন্ম: প্ৰায় ১৯৮৫ তেওঁ বিশেষকৈ এ.বি.চি. ফেমিলীৰ টেলিভিছন ধাৰাবাহিক গ্ৰীকত ৰেবেঁকা লোগানৰ চৰিত্ৰত আৰু ৩০ মিনিটছ অৰ লেছ নামৰ চলচ্চিত্ৰখনত কৰা অভিনয়ৰ বাবে পৰিচিত।
-
নদীম কাশিশ
নদীম কাশিশ (Nadeem Kashish) এগৰাকী পাকিস্তানী কিন্নৰ কৰ্মী, ৰাজনীতিবিদ আৰু ৰেডিঅ' শ্ব'ৰ আয়োজক। ২০১৮ চনৰ পাকিস্তানৰ সাধাৰণ নিৰ্বাচনত নিৰ্বাচনত অৱতীৰ্ণ হোৱা চাৰিজন কিন্নৰৰ ভিতৰত তেওঁ অন্যতম হৈ পৰিছিল।
-
নাছিম জেহৰা
নাছিম জেহৰা (Nasim Zehra) এগৰাকী পাকিস্তানী সাংবাদিক আৰু লেখক যিয়ে চেনেল ২৪ত প্ৰাইমটাইম কাৰেণ্ট এফেয়াৰ্ছ টকশ্ব' আয়োজন কৰে।
-
নাজমা ছাদিক
নাজমা ছাদিক ( (জন্ম, ১৯৪৩ –মৃত্যু, ৮ জানুৱাৰী ২০১৫) আছিল এগৰাকী বিশিষ্ট পাকিস্তানৰ সাংবাদিক, লেখিকা, মানৱ অধিকাৰ কৰ্মী, শিল্পী, পৰিৱেশবিদ আৰু চিত্ৰশিল্পী। আৰ্থ-সামাজিক বিষয়ৰ ওপৰতো গৱেষণা কৰি অসংখ্য গ্ৰন্থ আৰু প্ৰবন্ধ লিখিছিল।
-
নায়াব আলী
নায়াব আলী (Nayyab Ali) হৈছে পাকিস্তানৰ কিন্নৰ সম্প্ৰদায়ৰ মানৱ অধিকাৰৰ পোষকতা কৰা আৰু অধিকাৰ-ৰক্ষাৰ দহ বছৰতকৈও অধিক অভিজ্ঞতা থকা এজন পাকিস্তানী কিন্নৰ কৰ্মী।
-
নীলা কাদ্ৰী বালোছ
নীলা কাদ্ৰী বালোছ (Naela Quadri Baloch (জন্ম: ১৮ জুলাই, ১৯৬৫ চনত কুৱেটা, বেলুচিস্তান, পাকিস্তান) এগৰাকী বেলুচ ৰাজনীতিবিদ, নাৰী অধিকাৰৰ কৰ্মী, লেখিকা, কবি আৰু বেলুচ কাউম পৰস্তাৰ অধিকাৰৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় বক্তৃতা প্ৰদান কৰা মহিলা।
-
ফাতিমা মুজিব বিলকীছ
ফাতিমা মুজিব বিলকিছ ( জন্ম ১০ ফেব্ৰুৱাৰী, ১৯৩৬ আৰু মৃত্যু ৭ ফেব্ৰুৱাৰী, ২০১৬) আছিল এগৰাকী পাকিস্তানৰ বিজ্ঞানী, পৰজীৱী বিজ্ঞানৰ বিশেষজ্ঞ। তেওঁ পৰজীৱী বিজ্ঞানৰ ক্ষেত্ৰত আন্তৰ্জাতিক ভাবে বিখ্যাত ব্যক্তি আছিল।
-
ফাৰজানা আসলাম
ফাৰজানা আসলাম এগৰাকী পাকিস্তানৰ পদাৰ্থবিজ্ঞানী আৰু জ্যোতিৰ্বিজ্ঞানী। তেওঁ কভেণ্ট্ৰি বিশ্ববিদ্যালয়ৰ গণিত, পদাৰ্থ বিজ্ঞান আৰু জ্যোতিৰ্বিজ্ঞানৰ স্নাতক অধ্যয়নৰ প্ৰবক্তা।
-
ফাৰজানা বাৰী
ফাৰজানা বাৰী (Farzana Bari,জন্ম-৭ মাৰ্চ ১৯৫৭) এগৰাকী পাকিস্তানী নাৰীবাদী, মানৱ অধিকাৰ কৰ্মী আৰু শিক্ষাবিদ যিয়ে ইছলামবাদ পাকিস্তানৰ কোৱাইদ-ই-আজম বিশ্ববিদ্যালয়ৰ লিংগ অধ্যয়ন বিভাগৰ পৰিচালক হিচাপে কাম কৰিছিল।
-
ফৰয়াল গোহৰ
ফৰয়াল গোহৰ (Faryal Gohar, জন্ম: ১৮ ডিচেম্বৰ ১৯৫৯) এগৰাকী পাকিস্তানী অভিনেত্ৰী, টেলিভিছন লেখিকা আৰু মানৱ অধিকাৰ কৰ্মী। উৰাণ, চান্দনী ৰাঁতে, চান্দ গ্ৰেহান, উইছাল আৰু মোহিনী মেনচন কি চিণ্ডেৰেলায়ন আদি চলচ্চিত্ৰত অভিনয় কৰি তেওঁ পৰিচিত।