অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

নুছৰত ফটেহ আলি খান

ওস্তাদ নুছৰত ফটেহ আলি খান (পাঞ্জাৱী: نصرت فتح علی خان; জন্ম: পাৰভেজ ফটেহ আলি খান; ১৩ অক্টোবৰ ১৯৪৮ – ১৬ আগষ্ট ১৯৯৭) এগৰাকী পাকিস্তানী গায়ক, গীতিকাৰ আৰু সংগীত পৰিচালক আছিল। তেওঁ মুখ্যতঃ কাৱালী পৰিৱেশন কৰিছিল। ই এক প্ৰকাৰৰ চুফী ভক্তিমূলক সংগীত।

হালনাগাদ: ১ নৱেম্বৰ ২০২৬ ৫৬২ শব্দ · ৩ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

ওস্তাদ নুছৰত ফটেহ আলি খান (পাঞ্জাৱী: نصرت فتح علی خان; জন্ম: পাৰভেজ ফটেহ আলি খান; ১৩ অক্টোবৰ ১৯৪৮ – ১৬ আগষ্ট ১৯৯৭) এগৰাকী পাকিস্তানী গায়ক, গীতিকাৰ আৰু সংগীত পৰিচালক আছিল। তেওঁ মুখ্যতঃ কাৱালী পৰিৱেশন কৰিছিল। ই এক প্ৰকাৰৰ চুফী ভক্তিমূলক সংগীত।১ তেওঁক "শ্বাহেনশ্বাহ-এ-কাৱালী" বুলি কোৱা হয় অৰ্থাৎ কাৱালীৰ ৰজা।২৩ দ্য নিউয়ৰ্ক টাইমছে তেওঁক তেওঁৰ প্ৰজন্মৰ সৰ্বশ্ৰেষ্ঠ কাৱালী গায়ক আখ্যা দিছে।৪ ২০১৬ চনত এল এ ৱিকলিয়ে তেওঁক সৰ্বকালৰ চতুৰ্থ সৰ্বশ্ৰেষ্ঠ গায়ক হিচাপে উল্লেখ কৰিছে।৫ তেওঁ সততে কেইবা ঘণ্টাধৰি উচ্চ স্বৰত গীত পৰিৱেশন কৰিব পৰা শক্তিশালী গায়কীৰ বাবে জনাজাত আছিল।৬৭৮৯ খানক, আন্তৰ্জাতিক দৰ্শকক কাৱালীৰ সৈতে পৰিচয় কৰি দিয়াৰ শ্ৰেয় দিয়া হয়। তেওঁ হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰো এগৰাকী শ্ৰেষ্ঠ শিল্পী।১০

ল্যাল্লপুৰ (ফয়সলাবাদ)ত জন্মগ্ৰহণ কৰা খানে পোন্ধৰ বছৰ বয়সত তেওঁৰ দেউতাকৰ চেলুমত প্ৰথম ৰাজহুৱা প্ৰদৰ্শন কৰিছিল। ১৯৭১ চনত তেওঁ উত্তৰাধিকাৰী সূত্ৰে পৰিয়ালৰ কাৱালী দলটোৰ মুৰব্বীৰ আসন গ্ৰহণ কৰি নিজা শৈলীৰে গীত পৰিৱেশন কৰা আৰম্ভ কৰে।১১ ১৯৮০ৰ দশকৰ আৰম্ভণিতে, ইংলেণ্ডৰ বাৰ্মিংহামৰ অৰিয়েণ্টেল ষ্টাৰ এজেন্সিয়ে তেওঁলোকৰ হৈ পৰিৱেশন কৰিবলৈ তেওঁক চাইন কৰাইছিল। খানে চলচ্চিত্ৰৰ সংগীত আৰু এলবাম মুকলি কৰিবলৈ ইউৰোপ, ভাৰত, জাপান, পাকিস্তান আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ আদি বহু দেশ ভ্ৰমণ কৰিছিল। তেওঁ পশ্চিমীয়া শিল্পীসকলৰ সৈতে কলাবৰেচন আৰু পৰীক্ষা-নিৰীক্ষাৰে এগৰাকী বিশ্ববিখ্যাত সংগীত শিল্পী হৈ উঠিছিল। তেওঁ প্ৰায় চল্লিশখনতকৈও অধিক দেশত সংগীত পৰিৱেশন কৰিছে।১২ কাৱালী সংগীতক জনপ্ৰিয় কৰাৰ উপৰিও, নিজা গায়কীৰে খানে ‘পাকিস্তানী পপ’, ‘ভাৰতীয় পপ’ আৰু ‘বলীউড সংগীত’ আদি সমসাময়িক দক্ষিণ এছিয়াৰ জনপ্ৰিয় সংগীতৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিছিল।১২১৩ ১৪

সংক্ষিপ্ত জীৱনী

১৯৪৮ চনত, পাকিস্তানৰ পাঞ্জাৱৰ ল্যাল্লপুৰ(বৰ্তমানৰ ফয়সলাবাদ)ৰ এটা পাঞ্জাৱী মুছলমান পৰিয়ালত খানৰ জন্ম হৈছিল।১৫১৬ পৰিয়ালটো মূলতঃ বস্তি শ্বেখ দৰ্বেশৰ বাসিন্দা আছিল, যি বৰ্তমান ভাৰতৰ পঞ্জাৱৰ জলন্ধৰত বাস কৰিবলৈ লৈছে। তেওঁৰ পূৰ্বপুৰুষসকলে তাত সংগীতৰ শিক্ষা লৈছিল আৰু ইয়াক এটা বৃত্তি হিচাপে গ্ৰহণ কৰিছিল।১৭ তেওঁ ফটেহ আলি খানৰ পঞ্চম সন্তান আৰু প্ৰথম পুত্ৰ আছিল। দেউতাক ফটেহ আলি খান আছিল এগৰাকী সংগীতবিদ, কণ্ঠশিল্পী, বাদ্যযন্ত্ৰবিদ তথা কাৱাল। খানৰ পৰিয়ালটো কেন্দ্ৰীয় ফয়সলাবাদত ডাঙৰ-দীঘল হৈছিল। পৰিয়ালটোৰ কাৱালী পৰিৱেশনৰ পৰম্পৰা প্ৰায় ৬০০ বছৰীয়া পুৰণি আছিল।১৮ প্ৰথমতে, তেওঁৰ দেউতাকে খানে পৰিয়ালৰ বৃত্তি অনুসৰণ কৰাটো বিচৰা নাছিল। তেওঁ বিচাৰিছিল নুছৰতে এটা সন্মানজনক বৃত্তি বাছি লব আৰু হয়তো এজন চিকিৎসক বা অভিযন্তা হব; কাৰণ তেওঁ অনুভৱ কৰিছিল যে কাৱালী শিল্পীসকলৰ সামাজিক মৰ্যাদা কম আছিল। কিন্তু নুছৰতে কাৱালীৰ প্ৰতি এনে ধৰণৰ মনোভাৱ আৰু আগ্ৰহ দেখুৱাইছিল যে তেওঁৰ দেউতাক অৱশেষত নমনীয় হৈছিল।১৯

১৯৭১ চনত, তেওঁৰ খুৰাক মুবাৰক আলি খানৰ মৃত্যুৰ পিছত, খানে পৰিয়ালৰ কাৱালী দলটোৰ মূৰব্বীৰ ভাৰ লয় আৰু দলটো নুছৰত ফটেহ আলি খান, মুজাহিদ মুবাৰক আলি খান এণ্ড পাৰ্টি হিচাপে পৰিচিত হয়। ৰেডিঅ’ পাকিস্তানৰ দ্বাৰা আয়োজিত বাৰ্ষিক সংগীত মহোৎসৱৰ অংশ হিচাপে সম্প্ৰচাৰিত, জচন-ই-বাহাৰে ষ্টুডিঅ’ ৰেকৰ্ডিঙৰ ব্ৰডকাষ্টটোৱেই আছিল খানৰ কাৱালী দলৰ প্ৰথমটো ৰাজহুৱা প্ৰদৰ্শন। খানে মুখ্যতঃ উৰ্দু ভাষা আৰু পাঞ্জাৱী আৰু মাজে মাজে পাৰ্চী, ব্ৰজ ভাষা আৰু হিন্দীত গান গাইছিল। পাকিস্তানত হক আলি আলি গীতটো আছিল তেওঁৰ প্ৰথমটো হিট গান, যাক পৰম্পৰাগত শৈলীত, পৰম্পৰাগত বাদ্যযন্ত্ৰৰ সৈতে পৰিৱেশন কৰা হৈছিল।২০

তথ্যসূত্ৰ

  1. ↑ Brooks, Iris. (1997). Yoga Journal. Yoga Journal. Magazine.. Active Interest Media, Inc. পৃ. 44–
  2. ↑ BBC Asian Network – Nusrat: 20 Years On, Nusrat Through the Night! – Jeff Buckley, The Grammys & UNESCO! 11 little known facts about Nusrat Fateh Ali Khan. BBC
  3. ↑ Islam, Shamsul. (2012-08-16). Shahenshah-e-Qawwali: Remembering Nusrat Fateh Ali Khan. The Express Tribune
  4. ↑ (1997-08-17). Nusrat Fateh Ali Khan, Pakistani Sufi Singer, 48. The New York Times
  5. ↑ (8 March 2016). The 20 Best Singers of All Time (VIDEO)
  6. ↑ World Music Legends Nusrat Fateh Ali Khan. Globalrhythm.net
  7. ↑ (17 October 2002). Nusrat Fateh Ali Khan: National Geographic World Music. Worldmusic.nationalgeographic.com
  8. ↑ Ghulam Haider Khan. (6 January 2006). A Tribute By Ustad Ghulam Haider Khan, Friday Times. Thefridaytimes.com
  9. ↑ BBC Radio 6 Music – Guru of Peace: An Introduction to Nusrat Fateh Ali Khan. BBC
  10. ↑ (17 October 2002). Nusrat Fateh Ali Khan. Worldmusic.nationalgeographic.com
  11. ↑ Wald, Elijah. (2012-08-21). Global Minstrels: Voices of World Music. Routledge. ISBN 978-1-135-86368-5
  12. ↑ Amit Baruah, R. Padmanabhan. (6 September 1997). The stilled voice. The Hindu newspaper via Frontline magazine
  13. ↑ (13 October 2016). Five Songs That Bollywood Blatantly Copied From Nusrat Fateh Ali Khan. News18
  14. ↑ (7 September 2017). 42 hit songs that Bollywood copied from Pakistani films. Daily Pakistan
  15. ↑ Arbor, Ann, University Musical society, Nusrat Fateh Ali khan, Michigan, 1993
  16. ↑ Karla, S Virinder, University of Manchester, Punjabiyat and the music of Nusrat Fateh Ali Khan, Manchester, UK, 2014
  17. ↑ Arbor, Ann, University Musical society, Nusrat Fateh Ali Khan, Michigan, 1993
  18. ↑ (2007). The Herald
  19. ↑ Ustad Nusrat Fateh Ali Khan: A tribute, Hindustan Times
  20. ↑ Nusrat Fateh Ali Khan Profile on PTV

সম্পৰ্কিত শ্ৰেণী

পাকিস্তানৰ ব্যক্তিসংগীতজ্ঞসংগীত পৰিচালক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নুছৰত ফটেহ আলি খান” প্ৰবন্ধৰ সংশোধন ৪২০৩২৯ (২ মে’ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।