খাদিজা মাস্তুৰ (Khadija Mastoor; উৰ্দু: خدیجہ مستور; ১১ ডিচেম্বৰ ১৯২৭ – ২৫ জুলাই ১৯৮২) এগৰাকী পাকিস্তানী চুটি গল্প লেখক আৰু ঔপন্যাসিক। তেওঁ আছিল উৰ্দু সাহিত্যৰ এগৰাকী বিশিষ্ট সাহিত্যকাৰ।১ তেওঁৰ উপন্যাস ‘আংগন’ক উৰ্দু সাহিত্যৰ এক উৎকৃষ্ট সাহিত্য কৃতি হিচাপে গণ্য কৰা হয়; যাৰ আধাৰত দূৰদৰ্শনৰ বাবে নাটক নিৰ্মাণ কৰা হৈছে।২৩ খাদিজাৰ সৰু ভনী হাজৰা মাছৰুৰ এগৰাকী চুটি গল্প লেখক; আনহাতে কবি, নাট্যকাৰ আৰু বাতৰি কাকতৰ স্তম্ভলেখক খালিদ আহমদ তেওঁৰ সৰু ভায়েক।৪৫৬৭
প্ৰাৰম্ভিক জীৱন
১৯২৭ চনৰ ১১ ডিচেম্বৰ তাৰিখে ভাৰতৰ বৰেইলিত খাদিজা মাস্তুৰে জন্ম গ্ৰহণ কৰিছিল। ১৯৪৭ চনৰ ভাৰত বিভাজনৰ সময়ত পৰিয়ালটো পাকিস্তানলৈ প্ৰবজন কৰে আৰু তাত থিতাপি লয়।১
সাহিত্য যাত্ৰা
১৯৪২ চনত মাস্তুৰে প্ৰথমবাৰৰ বাবে লিখা আৰম্ভ কৰিছিল আৰু মৃত্যুৰ সময়লৈকে লেখাৰ ক্ষেত্ৰত তেওঁৰ ধাৰাবাহিকতা অক্ষুন্ন আছিল। এই সময়খিনিত তেওঁৰ পাঁচখন কবিতাৰ কিতাপ আৰু দুখন উপন্যাস প্ৰকাশ পাইছিল।৫ তেওঁৰ উপন্যাসসমূহ সামাজিক আৰু নৈতিক প্ৰমূল্যবোধৰ ওপৰত আধাৰিত আছিল আৰু এইসমূহত লেখকৰ এক ৰাজনৈতিক দৃষ্টিভংগীও প্ৰকাশ পাইছিল। তেওঁৰ লেখনি আছিল অভিজ্ঞতা আৰু পৰ্যবেক্ষণ ভিত্তিক।৬
তেওঁৰ প্ৰকাশিত উপন্যাস দুখন আছিল আংগন (১৯৬২)৮ আৰু জমীন (১৯৮৩)৯ । ‘আংগন’ উপন্যাসখনে ‘আদমজি লিটাৰেৰী এৱাৰ্ড’ লাভ কৰিছিল।৩ ২০১০ চনত খাদিজাৰ উপন্যাসখন প্ৰকাশ পোৱাৰ পিছতে ‘পাকিস্তান একাডেমী অফ লেটাৰচ্’ৰ অধ্যক্ষ ফখৰ জামানে এই উপন্যাসখনক খাদিজাৰ অন্যতম বৃহৎ সাহিত্যিক সাফল্য বুলি কৈছিল।২
খাদিজাৰ তিনিখন প্ৰকাশিত গল্প সংকলন হ’ল ক্ৰমে, ১৯৪৬ চনত প্ৰকাশিত ‘বৌচাৰ’১০, ১৯৪৪ত প্ৰকাশিত ‘খাইল’১০ আৰু ১৯৫১ত প্ৰকাশিত ‘চান্দ ৰৌজ অঔৰ’। অন্যান্য কিতাপ হ’ল; ‘থকে হৰে’১০ (১৯৬২) আৰু ‘ঠাণ্ডা মিঠা পানী’ (১৯৮১)৬। ঠাণ্ডা মিঠা পানীয়ে হিজ্ৰা বঁটা লাভ কৰিছিল।
ব্যক্তিগত জীৱন
খাদিজা সাংবাদিক মলিক জহীৰ-উদ-দীন বাবৰ আৱানৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল আৰু তেওঁলোকৰ কিৰণ ফায়াজ আৰু মলিক পাৰভেজ আলম আৱান নামে দুটি সন্তান আছে।১
মৃত্যু
১৯৮২ চনৰ ২৫ জুলাইত লণ্ডনত খাদিজা মাস্তুৰৰ মৃত্যু হয় আৰু পাকিস্তানৰ লাহোৰত তেওঁক সমাধিস্থ কৰা হয়।১
২০০৫ চনত, তেওঁৰ মৃত্যুৰ পিছত, কৰাচী কলা পৰিষদত এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। এই অনুষ্ঠানটিৰ মুখ্য অতিথি আছিল খাদিজাৰ ভগ্নী হাজৰা মাছৰুৰ, যি নিজে এগৰাকী প্ৰসিদ্ধ লেখিকা আছিল। অনুষ্ঠানটোৰ সভাপতিত্ব কৰিছিল আন এজন প্ৰসিদ্ধ পণ্ডিত চাহাৰ আনচাৰীয়ে। আনচাৰীয়ে কৈছিল যে লেখক হিচাপে দুয়োগৰাকী ভগ্নীয়ে তেওঁলোকৰ নিজা শৈলী আৰু পৰম্পৰা প্ৰতিষ্ঠা কৰিছে। তেওঁ এইটোও কৈছিল যে, খাদিজা মাস্তুৰে পৰ্যবেক্ষণ কৰিছিল আৰু তেওঁৰ অভিজ্ঞতাবোৰক লিখিত ৰূপ দিছিল।৬
তথ্যসূত্ৰ
- ↑ (27 July 2012). Khadija Masroor's anniversary observed. Pakistan Observer (newspaper)
- ↑ Pakistan Academy of Letters (PAL) publishes two books interface.edu.pk website. Retrieved 23 June 2019
- ↑ NewsBytes. (29 March 2017). Period drama Aangan to make way to small screen soon. The News International (newspaper)
- ↑ Poet Khalid Ahmad laid to rest Dawn (newspaper), Published 20 March 2013. Retrieved 23 June 2019
- ↑ (26 July 2012). Khadija Mastoor's death anniversary. The Frontier Post (newspaper)
- ↑ (3 September 2005). Khadija Mastoor's writings praised. Dawn
- ↑ (26 July 2012). Great story writer Khadija Mastoor's anniversary today. Samaa TV News
- ↑ Asif Farrukhi. (25 November 2018). FICTION: FOUND AGAIN IN TRANSLATION. Dawn
- ↑ Zameen. (Book, 1983). WorldCat
- ↑ Khadija Mastoor books on goodreads.com website. Retrieved 23 June 2019
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “খাদিজা মাস্তুৰ” প্ৰবন্ধৰ সংশোধন ৩৯২৫১১ (১৯ নৱেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।