অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মহচিন হামিদ

মহচিন হামিদ (Mohsin Hamid; জন্ম: ২৩ জুলাই ১৯৭১) এগৰাকী পাকিস্তানী ব্ৰিটিছ ঔপন্যাসিক, লেখক আৰু কোম্পানী পৰামৰ্শদাতা (ব্ৰেণ্ড কনচালটেণ্ট)। তেওঁৰ উপন্যাসসমূহ হৈছে; ‘মথ স্মক’ (২০০০), ‘দ্য ৰিলাকটেণ্ট ফাণ্ডামেণ্টেলিষ্ট’ (২০০৭), ‘হাও টু গেট ফ্লিথি ৰিচ্‌ ইন ৰাইজিং এছিয়া’ (২০১৩), ‘একজিট ৱেষ্ট’ (২০১৭) আৰু…

হালনাগাদ: ২২ নৱেম্বৰ ২০২৩ ২৯৬ শব্দ · ২ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

মহচিন হামিদ (Mohsin Hamid; জন্ম: ২৩ জুলাই ১৯৭১) এগৰাকী পাকিস্তানী ব্ৰিটিছ ঔপন্যাসিক, লেখক আৰু কোম্পানী পৰামৰ্শদাতা (ব্ৰেণ্ড কনচালটেণ্ট)। তেওঁৰ উপন্যাসসমূহ হৈছে; ‘মথ স্মক’ (২০০০), ‘দ্য ৰিলাকটেণ্ট ফাণ্ডামেণ্টেলিষ্ট’ (২০০৭), ‘হাও টু গেট ফ্লিথি ৰিচ্‌ ইন ৰাইজিং এছিয়া’ (২০১৩), ‘একজিট ৱেষ্ট’ (২০১৭) আৰু ‘দ্য লাষ্ট হোৱাইট ম্যেন’ (২০২২)।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

পাঞ্জাৱী-কাশ্মীৰী মূলৰ১ পৰিয়াল এটিত হামিদে জন্ম গ্ৰহণ কৰিছিল। তেওঁৰ দেউতাক বিশ্ববিদ্যালয়ৰ অধ্যাপক আছিল আৰু তেওঁ আমেৰিকাৰ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ত গৱেষণা কৰি আছিল; এইখিনি সময় হামিদ দেউতাকৰ লগত আছিল আৰু এনেদৰে তেওঁ শৈশৱৰ কিছু সময় আমেৰিকা যুক্তৰাষ্ট্ৰত অতিবাহিত কৰিছিল। তাৰ পিছত তেওঁ পৰিয়ালৰ সৈতে পাকিস্তানৰ লাহোৰলৈ ঘূৰি যায় আৰু লাহোৰ আমেৰিকান স্কুলত পঢ়ে।২

১৮ বছৰ বয়সত উচ্চ শিক্ষাৰ বাবে হামিদ পুনৰ আমেৰিকালৈ আহে আৰু প্ৰিন্সটন ইউনিভাৰচিটিৰ উডৰ’ ৱিলচন স্কুল অৱ পাব্লিক এণ্ড ইণ্টাৰনেচনেল এফেয়াৰ্চ৩ বিভাগত ভৰ্তি হয়। তাত তেওঁ ৰবাৰ্ট এইচ উইলিয়ামচৰ তত্ত্বাৱধানত ‘ চাচটেইনেৱল পাৱাৰ: ইন্ট্ৰিগ্ৰেটেড ৰিচ’ৰ্ছ প্লেনিং ইন পাকিস্তান’ বিষয়ত ১২৭ পৃষ্ঠাৰ এখন গৱেষণা পত্ৰ জমা দি ডিষ্টিংচনসহ কলা শাখাৰ স্নাতক ডিগ্ৰী লাভ কৰে।৪ প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ হৈ থাকোঁতে, হামিদে জইচ্‌ কেৰল অটচ্‌ আৰু টনি মৰিছনৰ অধীনত অধ্যয়ন কৰিছিল। হামিদে মৰিছনৰ দ্বাৰা পৰিচালিত এখন কল্পকাহিনী কৰ্মশালাৰ বাবে তেওঁৰ প্ৰথমখন উপন্যাসৰ খচৰা প্ৰস্তুত কৰিছিল। কলেজীয়া শিক্ষা সাং কৰি তেওঁ পাকিস্তানলৈ উভতি আহিছিল যদিও লিখাৰ কাম অব্যাহত ৰাখিছিল।৫

তাৰ পিছত হামিদ হাৰ্ভাৰ্ড ল স্কুলত ভৰ্তি হয় আৰু ১৯৯৭ চনত তাৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে।৬ তেওঁ শিক্ষাৰ্থী লোণ লৈ পঢ়িছিল আৰু নিউয়ৰ্ক মহানগৰ চহৰৰ মেকিনচে এণ্ড কোম্পানীত মেনেজমেণ্ট পৰামৰ্শদাতা হিচাপে কেইবা বছৰ কাম কৰি তেওঁৰ শিক্ষাৰ্থী ঋণ পৰিশোধ কৰিছিল। কাম কৰি থকাৰ সময়ত প্ৰতি বছৰে লিখিবলৈ তেওঁক তিনি মাহৰ ছুটি ল’বলৈ অনুমতি দিয়া হৈছিল, আৰু এই ছুটি তেওঁ তেওঁৰ প্ৰথমখন উপন্যাস মথ স্মক লিখি সম্পূৰ্ণ কৰিবলৈ ব্যৱহাৰ কৰিছিল।৭

স্বীকৃতি

হামিদক বিভিন্ন পুৰস্কাৰেৰে কেইবাবাৰো সন্মানিত কৰা হৈছে। ২০১৩ চনত, বৈদেশিক নীতিয়ে তেওঁক তেওঁলোকৰ ‘১০০ জন আগশাৰীৰ গোলকীয় চিন্তাবিদ’ৰ এজন বুলি অভিহিত কৰিছিল।৮ ২০১৮ চনত তেওঁক কলা সাহিত্যৰ ৰয়েল চছাইটিৰ ফেলোৰ লগতে পাকিস্তানৰ চিতাৰা-এ-ইমতিয়াজ প্ৰদান কৰা হয়।

তথ্যসূত্ৰ

  1. ↑ Hamid, Mohsin. (15 August 2007). After 60 Years, Will Pakistan Be Reborn?. The New York Times
  2. ↑ Perlez, Jane. (12 October 2007). Mohsin Hamid: A Muslim novelist's eye on U.S. and Europe. The New York Times
  3. ↑ The Reluctant Fundamentalist. Anisfield-Wolf Book Awards
  4. ↑ Hamid, Mohsin. (1993). Sustainable Power: Integrated Resource Planning in Pakistan
  5. ↑ Kinson, Sarah. (6 June 2008). Why I write: Mohsin Hamid. The Guardian
  6. ↑ Rice, Lewis. (18 July 2000). A Novel Idea. Harvard Law Bulletin
  7. ↑ Thomas Jr., Landon. (23 April 2001). Akhil and Mohsin Get Paid: Moonlighting Salomon Smith Barney, McKinsey Guys Write Novels. Observer
  8. ↑ "Leading Global Thinkers of 2013" Foreign Policy December 2013

সম্পৰ্কিত শ্ৰেণী

পাকিস্তানৰ ব্যক্তিসাহিত্যিকঔপন্যাসিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মহচিন হামিদ” প্ৰবন্ধৰ সংশোধন ৩৯২৯৭৬ (২২ নৱেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।