পাকিস্তানৰ ব্যক্তি
১১৪ প্ৰবন্ধ
-
ফৰিদা কোকিখেল আফ্ৰিদি
ফৰিদা কোকিখেল আফ্ৰিদি (Fareeda Kokikhel Afridi) আছিল এগৰাকী পাকিস্তানী নাৰীবাদী, পাকিস্তানৰ এগৰাকী মহিলা অধিকাৰ কৰ্মী। ২০১২ চনৰ জুলাই মাহত ২৫ বছৰ বয়সত কামলৈ যোৱাৰ পথত তেওঁ গুলীবিদ্ধ হয়।
-
বিলাল তনৱীৰ
বিলাল তনৱীৰ (Bilal Tanweer উৰ্দু, পঞ্জাৱী:; জন্ম:১৯৮৩) লাহোৰত বসবাস কৰা এগৰাকী পাকিস্তানী লেখক আৰু অনুবাদক। তেওঁৰ দ্য স্কেটাৰ হিয়েৰ ইজ টু গ্ৰেট উপন্যাসখনে ২০১৪ চনত শক্তি ভট্ট ফাৰ্ষ্ট বুক প্ৰাইজ লাভ কৰিছিল আৰু ২০১৫ চনত দক্ষিণ এছীয় সাহিত্যৰ বাবে প্ৰদান কৰা ডি এছ চি পুৰস্কাৰ আৰু Chautauqua Prizeৰ…
-
বেগম আখতাৰ চুলেইমান
বেগম আখতাৰ চুলেইমান ( Begum Akhtar Sulaiman, ১৯২২-১৯৮২) এগৰাকী পাকিস্তানী-বাঙালী সমাজকৰ্মী, ৰাজনৈতিক কৰ্মী আৰু পাকিস্তানৰ পঞ্চম প্ৰধানমন্ত্ৰী হুছেইন শ্বহীদ ছুহৰাৱাৰ্ডীৰ কন্যা আছিল। বেগম আখতাৰ চুলেইমান ১৯৭১ চনৰ যুদ্ধৰ সময়ত ইয়াহ্যা খানৰ শাসনক সমৰ্থন কৰিবলৈ মৰসাহ কৰি ওলাই আহিছিল।
-
বেগম খুৰ্ছিদ মিৰ্জা
বেগম খুৰ্ছিদ মিৰ্জা ( Begum Khurshid Mirza; ৪ মাৰ্চ ১৯১৮ – ৮ ফেব্ৰুৱাৰী ১৯৮৯), এগৰাকী পাকিস্তানী টেলিভিছন আৰু চলচ্চিত্ৰ অভিনেত্ৰী, যাৰ কৰ্মজীৱন ভাৰত বিভাজনৰ পূৰ্বৰ পৰা ১৯৮০ চনলৈকে ব্যপ্ত। তেওঁক পৰ্দাৰ নাম ৰেণুকা দেৱী বুলিও জনা যায়।
-
বেগম জান
বেগম জান (Begum Jan) এগৰাকী চিকিৎসক আৰু জনজাতীয় মহিলা কল্যাণ সংস্থাৰ প্ৰতিষ্ঠাপক, যি উত্তৰ-পশ্চিম পাকিস্তানৰ জনজাতীয় মহিলাসকলক তেওঁলোকৰ অধিকাৰৰ বিষয়ে শিকায় আৰু তেওঁলোকক চিকিৎসা প্ৰশিক্ষণ দিয়ে।তেওঁ পাকিস্তানৰ ৰক্ষণশীল অঞ্চল দক্ষিণ ৱাজিৰিষ্টনত ডাঙৰ-দীঘল হৈছিল যদিও দেউতাকে তেওঁক চিকিৎসক হ'বলৈ…
-
মনমীত কৌৰ
মনমীত কৌৰ (Manmeet Kaur) এগৰাকী পাকিস্তানী সাংবাদিক আৰু সমাজকৰ্মী।তেওঁ পাকিস্তানৰ প্ৰথমগৰাকী শিখ সাংবাদিকআৰু ৩০ বছৰৰ অনুৰ্ধ ১০০গৰাকী প্ৰভাৱশালী শিখ ব্যক্তিত্বৰ বাবে মনোনীত হোৱা প্ৰথমগৰাকী।
-
মাৰিয়া তুৰপাকাই ৱাজিৰ
মাৰিয়া টুৰপাকাই ৱাজিৰ (Maria Toorpakai Wazir; জন্ম:- ২২ নৱেম্বৰ, ১৯৯০) এগৰাকী পেছাদাৰী পাকিস্তানী স্কোৱাছ খেলুৱৈ। মুছলমান ছোৱালী হিচাপে প্ৰতিযোগিতামূলক খেলত অংশগ্ৰহণ কৰিবলৈ জীৱনৰ প্ৰথম ১৬ বছৰ ল'ৰাৰ দৰে তেওঁ সাজ-পোছাক পিন্ধিছিল আৰু চেংগিছ খান নাম ব্যৱহাৰ কৰিছিল৷ তেওঁক পিতৃ-মাতৃয়ে সম্পূৰ্ণ সমৰ্থন…
-
মিছা জাপানৱালা
মিছা জাপানৱালা পাকিস্তানী মূলৰ এগৰাকী দৃশ্য শিল্পী আৰু ফেশ্বন ডিজাইনাৰ। জাপানৱালাই পাকিস্তানত মহিলাৰ অধিকাৰৰ প্ৰতি উৎসৰ্গিত শিল্পকৰ্ম সৃষ্টি কৰিছিল, আৰু তেওঁৰ শিল্পকলা ভগ আৰু ভি মেগাজিনত প্ৰকাশ পাইছে।
-
মীনা শোৰী
মীনা শোৰী ( Meena Shorey; ১৩ চেপ্তেম্বৰ ১৯২৬- ৩ চেপ্তেম্বৰ ১৯৮৯) হিন্দী-উৰ্দু আৰু পঞ্জাবী ভাষাৰ চলচ্চিত্ৰ অভিনেত্ৰী। পৰ্দাত তেওঁৰ নাম মীনা যদিও প্ৰকৃত নাম হ’ল- খুৰচিদ জাহান। চোহৰাব মোডীৰ ছিকন্দৰ ছবিত পাৰ্শ্ব চৰিত্ৰত অভিনয়ৰ ষোগে তেওঁ চলচ্চিত্ৰ জগতত প্ৰবেশ কৰে।
-
মুখতাৰ মাই
মুখতাৰ মাই (مختاراں بی بی,Mukhtar Mai, জন্ম: প্ৰায় ১৯৭২) হৈছে পাকিস্তানৰ পঞ্জাৱৰ মুজাফৰগড় জিলাৰ জাতৈৰ গ্ৰাম্য তহচিলত অৱস্থিত মীৰৱালা গাঁৱৰ পাকিস্তানী মানৱ অধিকাৰ কৰ্মী।
-
মুনিজাই জাহাংগীৰ
মুনিজাই জাহাংগীৰ এগৰাকী পাকিস্তানৰ টেলিভিছন সাংবাদিক আৰু চলচ্চিত্ৰ নিৰ্মাতা যিয়ে বৰ্তমান আজ টিভিত সাম্প্ৰতিক পৰিক্ৰমা অনুষ্ঠান স্পটলাইট আয়োজন কৰে।
-
মুমতাজ শান্তি
মুমতাজ শান্তি ( Mumtaz Shanti; ২৮ মে' ১৯২৬ – ১৯ অক্টোবৰ ১৯৮৯) ভাৰত বিভাজনৰ পূৰ্বৰ ভাৰতীয় চলচ্চিত্ৰ এগৰাকী অভিনেত্ৰী আছিল। ১৯৪০ দশক আৰু লগতে ১৯৫০ দশকৰ আগচোৱাত বলীউডী ছবিত কাম কৰি বিভাজনৰ পিছত পাকিস্তানলৈ গুচি যায় আৰু মনোৰঞ্জন জগতৰ পৰা সন্যাস লয়।
-
লাইলা খান
লাইলা খান এগৰাকী পাকিস্তানী প্লেবেক গায়িকা। তেওঁৰ জন্ম হৈছিল ১৪ জুন ১৯৯৭ চনত।
-
লাইলা শ্বাহজাদা
লাইলা শ্বাহজাদা ( Laila Shahzada; ১৯২৬ – ২০ জুলাই ১৯৯৪) এগৰাকী পাকিস্তানী বিমূৰ্ত চিত্ৰশিল্পী আছিল, যিয়ে পাকিস্তানৰ কৰাচীত বাস কৰিছিল আৰু কাম কৰিছিল।
-
শ্বেহবাজ শ্বৰীফ
মিঞা মহম্মদ শ্বেহবাজ শ্বৰীফ ( Mian Muhammad Shehbaz Sharif) (জন্ম: ২৩ ছেপ্টেম্বৰ ১৯৫১) হৈছে পাকিস্তানৰ এজন ৰাজনীতিবিদ আৰু ব্যৱসায়ী। তেওঁ ২০২৪ চনৰপৰা পাকিস্তানৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ইয়াৰ পূৰ্বে তেওঁ ২০২২ চনৰপৰা ২০২৩ চনলৈও প্ৰধানমন্ত্ৰী আছিল।
-
সুমাইৰা তাজিন
সুমাইৰা তাজিন কানাডা ভিত্তিক পাকিস্তানী শিল্পী যিয়ে সমসাময়িক ক্ষুদ্ৰ শিল্পৰ বিশেষজ্ঞ। নেচনেল কলেজ অৱ আৰ্টছৰ স্বৰ্ণ পদক বিজয়ী তাজিনে দ্বিতীয় ৰাণী এলিজাবেথ (১৯৯৭), পাকিস্তানৰ ৰাষ্ট্ৰপতি পাৰভেজ মুশ্বাৰফ (২০০৬) আৰু জৰ্ডানৰ ৰাণী ৰানিয়াকে ধৰি বিশ্বৰ বিভিন্ন প্ৰভাৱশালী ব্যক্তিৰ আগত তেওঁৰ কৰ্মৰাজি…
-
হিনা জিলানী
হিনা জিলানী (Hina Jilaniজন্ম:১৯ ডিচেম্বৰ ১৯৫৩) পাকিস্তানৰ উচ্চতম ন্যায়ালয়ৰ এগৰাকী অধিবক্তা৷ তেওঁ পঞ্জাৱৰ লাহোৰৰ মানৱ অধিকাৰৰ অধিবক্তা।তেওঁ পাকিস্তানৰ প্ৰথমটো সৰ্বমহিলা আইন সংস্থা, পাকিস্তানৰ প্ৰথম আইনী সাহায্য কেন্দ্ৰ আৰু মহিলা কাৰ্য্য মঞ্চৰ সহ-প্ৰতিষ্ঠাপক আছিল।
-
হুমা চফদাৰ
হুমা চফদাৰ ( Huma Safdar, উৰ্দু: ہما صفدر) এগৰাকী শিক্ষক, নাট্য শিল্পী, পাঞ্জাবী ভাষাৰ সমাজ সচেতক কৰ্মী তথা নাৰীবাদী নাট্য “সংগত”ৰ পৰিচালক। এগৰাকী শিল্পী হিচাপে তেওঁ পঞ্জাৱ লোক ৰহছৰ সৈতে কাম কৰিছিল। লাহোৰ ব্যাকৰণ বিদ্যালয়ত কলা আৰু পাঞ্জাবী ভাষাৰ শিক্ষয়িত্ৰী হিচাপে অধ্যাপনা কৰি আহিছে।
-
হুমা ভাভা
হুমা ভাভা (Huma Bhabha, জন্ম ১৯৬২) নিউয়ৰ্কৰ প'কিপচিত বাস কৰা এগৰাকী পাকিস্তানী-আমেৰিকান ভাস্কৰ্য্যশিল্পী। অনন্যভাৱে বিচিত্ৰ, ৰূপক ৰূপ যিবোৰ প্ৰায়ে বিভাজিত বা বিভাজিত যেন লাগে, ভাভাই প্ৰায়ে তেওঁৰ ভাস্কৰ্য্যত পোৱা সামগ্ৰী ব্যৱহাৰ কৰে, যেনে ষ্টাইৰ’ফ’ম, কৰ্ক, ৰবৰ, কাগজ, তাঁৰ, মাটি।
-
হুমা মুলজী
হুমা মুলজী ( Huma Mulji) এগৰাকী সাম্প্ৰতিক সময়ৰ পাকিস্তানী শিল্পী। তেওঁৰ ১৯৭০ চনত কৰাচীত জন্ম হয়। তেওঁৰ ৰচনাসমূহ লণ্ডনৰ সাটচি গেলেৰী আৰু এছিয়া ছ'চাইটি মিউজিয়ামৰ সংগ্ৰহত আছে। ২০১৩ চনত তেওঁ আব্ৰাজ কেপিটেল আৰ্ট প্ৰাইজ লাভ কৰে।
-
ৰাজিয়া ভাট্টি
ৰাজিয়া ভাট্টি (জন্ম ১৯৪৪ – মৃত্যু ১২ মাৰ্চ ১৯৯৬) আছিল এগৰাকী পাকিস্তানৰ সাংবাদিক যিয়ে হেৰাল্ড আৰু নিউজলাইন আলোচনীৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ৫২ বছৰ বয়সত যেতিয়া তেওঁৰ মৃত্যু হয়, তেতিয়া পাকিস্তান প্ৰেছ ফাউণ্ডেচনে ইয়াক "পাকিস্তানৰ সাংবাদিকতাৰ এটা সোণালী অধ্যায়ৰ অন্ত" বুলি অভিহিত কৰে।
-
ৰেহাম খান
ৰেহাম নায়াৰ খান ; উৰ্দু: ریحام نیئر خان; জন্ম: ৩ এপ্ৰিল ১৯৭৩) পাকিস্তানৰ বাফা চহৰৰ এজন ব্ৰিটিছ-পাকিস্তানী সাংবাদিক, লেখক আৰু চলচ্চিত্ৰ নিৰ্মাতা। পিছলৈ ২০১৮ চনত পাকিস্তানৰ প্ৰধানমন্ত্ৰী হোৱা ইমৰাণ খানৰ প্ৰাক্তন পত্নী।
-
ৰোছানেহ জাফৰ
ৰোছানেহ জাফৰ (Roshaneh Zafar) এগৰাকী পাকিস্তানী উন্নয়ন কৰ্মী, যিয়ে মহিলাৰ অৰ্থনৈতিক সবলীকৰণৰ ক্ষেত্ৰত কাম কৰে। ১৯৯৬ চনত তেওঁ পাকিস্তানত প্ৰথমটো বিশেষ ক্ষুদ্ৰ বিত্তীয় সংস্থা কাছফ ফাউণ্ডেশ্যন গঠন কৰে যিয়ে সমগ্ৰ পাকিস্তানত ৫০ লাখতকৈ অধিক মহিলা উদ্যোগীক সেৱা আগবঢ়াইছে আৰু ইয়াৰ সামগ্ৰিক বিত্তীয়…
-
ৰোমানা বাছিৰ
ৰোমানা বাছিৰ (Romana Bashir) মহিলা আৰু সংখ্যালঘুৰ অধিকাৰ আৰু ধৰ্মীয় সহনশীলতাৰ বাবে এগৰাকী পাকিস্তানী সমাজ কৰ্মী। বছিৰ ৰাৱালপিণ্ডিৰ পিছ এণ্ড ডেভেলপমেণ্ট ফাউণ্ডেশ্যনৰ তেওঁ ভূতপূৰ্ব কাৰ্যবাহী সঞ্চালক আৰু তেওঁক পোপ ষোড়শ বেনেডিক্টে মুছলমানৰ সৈতে ধৰ্মীয় সম্পৰ্ক আয়োগৰ পৰামৰ্শদাতা হিচাপে নিযুক্তি দিছিল।