অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আবিদা পাৰবীন

আবিদা পাৰবীন (Abida Parveen; সিন্ধি: عابده پروين; উৰ্দু: عابدہ پروین; জন্ম: ২০ ফেব্ৰুৱাৰী ১৯৫৪) এগৰাকী পাকিস্তানী গায়ক, সুৰকাৰ আৰু চুফী সংগীতৰ বিশেষজ্ঞ। তেওঁ এগৰাকী চিত্ৰশিল্পী আৰু উদ্যোগীও। পাকিস্তানৰ সৰ্বাধিক উপাৰ্জন কৰা গায়কসকলৰ মাজত তেৱোঁ এগৰাকী। পাৰবীনক চুফী সংগীতৰ ৰাণী বুলি অভিহিত কৰা হয়।

হালনাগাদ: ১২ নৱেম্বৰ ২০২৩ ৩৪৯ শব্দ · ২ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

আবিদা পাৰবীন (Abida Parveen; সিন্ধি: عابده پروين; উৰ্দু: عابدہ پروین; জন্ম: ২০ ফেব্ৰুৱাৰী ১৯৫৪)১২ এগৰাকী পাকিস্তানী গায়ক, সুৰকাৰ আৰু চুফী সংগীতৰ বিশেষজ্ঞ। তেওঁ এগৰাকী চিত্ৰশিল্পী আৰু উদ্যোগীও। পাকিস্তানৰ সৰ্বাধিক উপাৰ্জন কৰা গায়কসকলৰ মাজত তেৱোঁ এগৰাকী।৩ পাৰবীনক চুফী সংগীতৰ ৰাণী বুলি অভিহিত কৰা হয়। সংগীতৰ জৰিয়তে তেওঁ বিশ্বব্যাপি খ্যাতি অৰ্জন কৰিছে।

সংক্ষিপ্ত জীৱনী

পাকিস্তানৰ লৰকানাৰ এটি সিন্ধি চুফী পৰিয়ালত আবিদাৰ জন্ম হৈছিল। তেওঁৰ দেউতাক ওস্তাদ গোলাম হাইদৰ এগৰাকী চুফী সংগীতশিল্পী তথা গুৰু আছিল আৰু তেওঁৰ অধীনতে আবিদাই প্ৰথম চুফী সংগীতৰ তালিম লৈছিল। আবিদাই পাম্প অৰ্গেন, কীবৰ্ড আৰু চেতাৰ বজায়। ১৯৭০ চনৰ প্ৰথমভাগত তেওঁ প্ৰথম ৰাজহুৱা প্ৰদৰ্শন আৰম্ভ কৰে আৰু ১৯৯০ চনত বিশ্বজুৰি খ্যাতি অৰ্জন কৰে। ১৯৯৩ চনৰপৰা সংগীতৰ বাবে পাৰবীনে পৃথিৱী ভ্ৰমণ কৰিছে। তেওঁৰ কেলিফৰ্ণিয়াৰ বুয়েনা পাৰ্কত প্ৰথমটো আন্তৰ্জাতিক সংগীতানুষ্ঠান পৰিৱেশন কৰিছিল।৪ তেওঁ বহুবাৰ গীৰ্জাত সংগীত পৰিৱেশন কৰিছে। পাৰবীনে পাকিস্তানৰ জনপ্ৰিয় সংগীত অনুষ্ঠান ক’ক ষ্টুডিঅ’(পাকিস্তান)ত পৰিৱেশন কৰিছে। সুৰ ক্ষেত্ৰ শীৰ্ষক সমগ্ৰ দক্ষিণ এছিয়া ভিত্তিক সংগীত প্ৰতিযোগিতাৰ অনুষ্ঠান এটিত তেওঁ ৰুণা লেইলা আৰু আশা ভোছলেৰ সৈতে বিচাৰক আছিল; অনুষ্ঠানটোৰ আঁত ধৰিছিল আয়েশা টাকিয়াই।৫ পাকিস্তান আইডল, ছ’টে ওস্তাদ, ষ্টাৰ ভইচ অৱ ইণ্ডিয়া আদি কেইবাটাও টেলিভিছনৰ ৰিয়েলিটি শ্ব’ অনুষ্ঠানত তেওঁ বিচাৰক ৰূপে ভাগ লৈছে। পৃথিৱীৰ ৫০০ জন আটাইতকৈ প্ৰভাৱশালী মুছলমানৰ ভিতৰত আবিদাও এগৰাকী, যাৰ দৰ্শকৰ মাজত যাদু সৃষ্টি কৰাৰ ক্ষমতা আছে। পাৰবীন এগৰাকী গ্লোবেল মিষ্টিক চুফী এম্বেচেডৰ। যোৱা কেইবছৰমান তেওঁ পেপছিৰ বাবে আতিফ আচলমৰ সৈতে সহযোগিতামূলক বাণিজ্যিক অনুষ্ঠান পৰিৱেশন কৰিছে।

আবিদা পাৰবীনক পৃথিৱীৰ অন্যতম ৰহস্যময় গায়কসকলৰ এগৰাকী বুলি প্ৰায়ে উল্লেখ কৰা হয়।৬ তেওঁ প্ৰধানকৈ গজল, থুমৰি, খেয়াল, কাৱালী, ৰাগ, চুফী ৰক, শাস্ত্ৰীয় আৰু অৰ্ধ-শাস্ত্ৰীয় সংগীত পৰিৱেশন কৰে। পাৰকাচ্‌ন আৰু হাৰমনিয়ামৰ সৈতে চুফী সংগীতৰ এক একক ধাৰা কাফী পৰিৱেশন কৰা তেওঁৰ বিশেষত্ব; চুফী কবিসকলৰ কবিতাক তেওঁ গীতৰ ৰূপ দিয়ে।৭ পাৰবীনে উৰ্দু ভাষা, সিন্ধি, পাঞ্জাৱী, আৰবী আৰু পাৰ্চী ভাষাত গান গায়।৮৯১০ নেপালৰ কাঠমাণ্ডুৰ এটি কনচাৰ্টত পাৰবিনে নেপালী গায়িকা তাৰা দেৱীৰ দ্বাৰা লিখিত এটি নেপালী সংগীত পৰিৱেশন কৰিছিল। ২০১৭ চনত তেওঁ চাৰ্কৰ (SAARC) শান্তি দূত ৰূপে মনোনীত হৈছিল।

পাৰবীনক তেওঁৰ উচ্চ স্বৰ আৰু আৱেগিক পৰিৱেশনৰ বাবে জনা যায়, বিশেষকৈ ৰক্স-এ-বিছমিল এলবামৰ ‘য়াৰ ক’ হামনে’ আৰু ‘তেৰে ইশ্ক নচায়া’ গীত দুটি উল্লেখযোগ্য। দুয়োটা গীতেই বুলে শ্বাহৰ কবিতাৰ উপস্থাপন।১১ তেওঁক ২০১২ চনত পাকিস্তানৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক বঁটা ‘হিলাল-ই-ইমতিয়াজ’১২ আৰু ২০২১ চনৰ মাৰ্চ মাহত পাকিস্তানৰ ৰাষ্ট্ৰপতিয়ে সৰ্বোচ্চ অসামৰিক বঁটা ‘নিশান-ই-ইমতিয়াজ’ প্ৰদান কৰে।১৩

তথ্যসূত্ৰ

  1. ↑ (20 February 2020). Abida Parveen: The Soul of Sufi Music. Global Village Space
  2. ↑ Iqbal, Nosheen. (8 July 2013). Abida Parveen: 'I'm not a man or a woman, I'm a vehicle for passion'. The Guardian (newspaper)
  3. ↑ (14 July 2017). You can't listen to them if you can't afford them…. The Express Tribune
  4. ↑ EPSTEIN, BENJAMIN. (18 September 1993). Cleansing Soul Singer Has Purification Motives: Music: Abida Parveen of Pakistan tries to spread a message of love and induce a state of spiritual ecstasy with her Sufi mystic songs.. Los Angeles Times
  5. ↑ Images Staff. (8 August 2016). Amjad Sabri, Rahat Fateh, Abida Parveen kick-start Coke Studio 9 with an emotional tribute. Dawn
  6. ↑ Madhumita Dutta. (2008). Let's Know Music and Musical Instruments of India. পৃ. 56. ISBN 9781905863297
  7. ↑ Culshaw, Peter. (14 September 2001). Singer with the knock-out effect. The Telegraph
  8. ↑ Neil Strauss. (15 October 1996). Ecstasy In Songs Of the Sufi. The New York Times
  9. ↑ Mary Talbot. (11 October 1996). MYSTICAL SINGER'S MUSIC IS THE MESSAGE. Daily News
  10. ↑ Abida Parveen World music: the basics, by Richard Nidel. Routledge, 2005. . p.247
  11. ↑ Anna S. King, J. L. Brockington. (2005). The Intimate Other: Love Divine in Indic Religions. Orient Blackswan. পৃ. 358. ISBN 9788125028017
  12. ↑ Abida Parveen's Hilal-i-Imtiaz Award (2012). The Express Tribune (newspaper)
  13. ↑ (23 March 2021). Abida Parveen, Faisal Edhi among 88 conferred civil awards by President Alvi. Dawn

সম্পৰ্কিত শ্ৰেণী

পাকিস্তানৰ ব্যক্তিসংগীতজ্ঞ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আবিদা পাৰবীন” প্ৰবন্ধৰ সংশোধন ৩৯১৩৪৭ (১২ নৱেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।