অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বেনাজিৰ ভুট্টো

বেনজীৰ ভুট্টো (بینظیر بھٹو‎; জন্ম: ২১ জুন ১৯৫৩ আৰু মৃত্যু: ২৭ ডিচেম্বৰ ২০০৭) আছিল এগৰাকী পাকিস্তানী ৰাজনীতিবিদ যিয়ে ১৯৮৮ চনৰ পৰা ১৯৯০ চনলৈ আৰু পুণৰ ১৯৯৩ চনৰ পৰা ১৯৯৬ চনলৈ পাকিস্তানৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত আছিল।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৫৫৬ শব্দ · ৩ মিনিট সংগৃহীত ৬৩
সংশোধনৰ পৰামৰ্শ

বেনজীৰ ভুট্টো (بینظیر بھٹو‎; জন্ম: ২১ জুন ১৯৫৩ আৰু মৃত্যু: ২৭ ডিচেম্বৰ ২০০৭) আছিল এগৰাকী পাকিস্তানী ৰাজনীতিবিদ যিয়ে ১৯৮৮ চনৰ পৰা ১৯৯০ চনলৈ আৰু পুণৰ ১৯৯৩ চনৰ পৰা ১৯৯৬ চনলৈ পাকিস্তানৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত আছিল। বেনজীৰ ভুট্টো আছিল প্ৰথম মহিলা যিয়ে কোনো মুছলিম সংখ্যাগৰিষ্ঠ গণতান্ত্ৰিক ৰাষ্ট্ৰৰ সৰ্বোচ্চ পদত নিযুক্ত হৈছিল। আদৰ্শগতভাবে তেওঁ এগৰাকী উদাৰবাদী আৰু ধৰ্মনিৰপেক্ষতাত বিশ্বাসী। ১৯৮০ চনৰ পৰা ২০০৭ চনলৈকে তেওঁ পাকিস্তান পিপলচ্ পাৰ্টি (Pakistan Peoples Party,PPP)-ৰ সভাপতি আৰু উপ-সভাপতি ৰূপে নিযুক্ত আছিল।

বেনজীৰ ভুট্টোৰ জন্ম হৈছিল পাকিস্তানৰ কাৰাচী চহৰত, এক সম্ভ্ৰান্ত ধনী পৰিয়ালত। তেওঁৰ দেউতা জুলফিকাৰ আলি ভুট্টো আছিল পাকিস্তান পিপলচ্ পাৰ্টিৰ প্ৰতিষ্ঠাতা আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰী। বেনজীৰ ভুট্টো উচ্চশিক্ষা গ্ৰহণ কৰিছিল হাৰ্ভাড বিশ্ববিদ্যালয় আৰু অক্সফ'ৰ্ড বিশ্ববিদ্যালয়ৰ পৰা। ভুট্টো ১৯৭৭ চনত পাকিস্তান উভতি আহে আৰু তেওঁৰ অহাৰ পূৰ্বে তেওঁৰ দেউতা জুলফিকাৰ আলি ভুট্টোক পাকিস্তানী আৰ্মিয়ে প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদচ্যুত কৰে। ইয়াৰ পাছতেই বেনজিৰ ভুট্টো আৰু তেওঁৰ মাতৃ মিলি পাকিস্তান পিপলচ্ পাৰ্টিৰ নিয়ন্ত্ৰন হাতত লয় আৰু পাকিস্তানত গণতন্ত্ৰ পুনঃপ্ৰতিষ্ঠা কৰাৰ বাবে আন্দোলন চলাই যায়। ভুট্টোক তৎকালীন মিলিটাৰি চিফ্ মহম্মদ জিয়াউল হকে বহুবাৰ কাৰাবন্দী কৰিছিল আৰু ১৯৮৪ চনত তেওঁক ব্ৰিটেইনলৈ নিৰ্বাসিত কৰা হয়। ১৯৮৬ চনত তেওঁ পাকিস্তান উভতি আহে আৰু পাকিস্তান পিপলচ্ পাৰ্টিৰ ভেটি সমাজবাদী আদৰ্শক সলনি কৰি উদাৰবাদীত পৰিণত কৰি ১৯৮৮ চনৰ সাধাৰন নিৰ্বাচনত জয় লাভ কৰে। প্ৰধানমন্ত্ৰী হিচাপত ভুট্টোৰ মূল উদ্দেশ্য আছিল সংৰক্ষিত ইছলামিক শক্তিৰ বিৰূদ্ধে যুঁজ দি গণতন্ত্ৰ প্ৰতিষ্ঠা কৰা।

তেওঁৰ প্ৰশাসনৰ বিৰূদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি ১৯৯০ চনত তেওঁক প্ৰধানমন্ত্ৰীৰ পদৰ পৰা বিচ্যুত কৰে। সেই একেই চনত ষড়যন্ত্ৰ কৰি সাধাৰন নিৰ্বাচন বাতিল কৰি ইছলামিক ডেম'ক্ৰেটিক এলায়েন্স (IJI)-এ চৰকাৰ গঠন কৰে। আৰু তাৰ পৰাই ভুট্টো বিৰোধী পক্ষৰ ভূমিকাত আছিল।

নৱাজ শ্বৰিফৰ চৰকাৰক দুৰ্নীতিৰ অভিযোগত ক্ষমতাচ্যুত কৰা হয় আৰু ১৯৯৩ চনৰ সাধাৰন নিৰ্বাচনত বেনজিৰ ভুট্টো দ্বিতীয় বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ পদ গ্ৰহণ কৰে। তেওঁ দ্বিতীয় বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ পদত নিযুক্ত থকা কালত চৰকাৰী খণ্ডৰ ব্যক্তিগতকৰণ আৰু নাৰী সবলীকৰণৰ ওপৰত বিশেষ গুৰুত্ব দিছিল। ১৯৯৭ চনত তেওঁৰ দল পিপিপি সাধাৰন নিৰ্বাচনত পৰাজয় হয় আৰু ইয়াৰ পাছতেই বেনজিৰ ভুট্টো ডুবাইলৈ নিৰ্বাসিত হয়। ২০০৮ চনত তেওঁ আকৌ পাকিস্তানলৈ উভতি আহে, সাধাৰন নিৰ্বাচনত তেওঁৰ দলক নেতৃত্ব দিয়াৰ বাবে। ৰাৱলপিণ্ডিত হোৱা ৰাজনৈতিক সমাৱেশত অংশগ্ৰহন কৰাৰ পাছত তেওঁক হত্যা কৰা হয়। হত্যাৰ আঁৰত আলকায়দাৰ হাত আছে বুলি আলকায়দায়ে প্ৰকাশ কৰে।

বেনজীৰ ভুট্টো এজন বিবাদিত ব্যক্তিত্ব। তেওঁৰ দুবাৰ প্ৰধানমন্ত্ৰী থকা কালত বহুতো বিতৰ্ক আৰু দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছিল তেওঁৰ বিৰূদ্ধে। তেওঁ পাশ্চাত্যৰ আধুনিক আৰু অগ্ৰশীল দেশৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল, তেওঁৰ নাৰী সবলীকৰণৰ প্ৰচেষ্টা আৰু ইছলামিক শক্তিৰ বিৰূদ্ধে যুঁজ দিয়াৰ বাবে।

তথ্যসূত্ৰ

সম্পৰ্কিত শ্ৰেণী

পাকিস্তানৰ ব্যক্তিৰাজনীতিবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বেনাজিৰ ভুট্টো” প্ৰবন্ধৰ সংশোধন ৬৩১৭৪৩ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।