মালালা ইউছুফজাই (Malala Yousafzai জন্ম: ১২ জুলাই ১৯৯৭) এগৰাকী পাকিস্তানী মহিলা শিক্ষা কৰ্মী, চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰযোজক, আৰু ১৭ বছৰ বয়সত ২০১৪ চনৰ শান্তি নোবেল বঁটা বিজয়ী মহিলা। তেওঁ পাকিস্তানৰ খাইবাৰ-পাখতুনখোৱা প্ৰান্তৰ স্বাত জিলাত অৱস্থিত মিঙ্গ'ৰা চহৰৰ এগৰাকী ছাত্ৰী আছিল।১২ ১৩ বছৰ বয়সতে তেওঁ তাহৰিক-এ-তালিবান শাসনৰ অত্যাচাৰৰ বিষয়ে "গুল মাকাই" ছদ্ম নাম লৈ "বিবিচি"ৰ বাবে ব্লগিঙৰ দ্বাৰা স্বাতৰ লোকৰ মাজত নায়িকা হৈ পৰে। অক্টোবৰ ২০১২ত মাত্ৰ ১৪ বছৰ বয়সত নিজৰ উদাৰবাদী প্ৰয়াসৰ কাৰণত তেওঁ সন্ত্ৰাসবাদীৰ আক্ৰমণৰ চিকাৰ হয়, যাৰ দ্বাৰা তেওঁ গুৰুত্বৰ ভাৱে আঘাতপ্ৰাপ্ত হয় আৰু আন্তঃৰাষ্ট্ৰীয় মিডিয়াত আকৰ্ষণ স্বৰূপ হৈ পৰে। ২০১৪ চনৰ ১০ অক্টোবৰত মালালাই কৈলাশ সত্যাৰ্থীৰ সৈতে যুটীয়াভাৱে শান্তিৰ নোবেল বঁটা লাভ কৰে।৩
বাহ্যিক সংযোগ
- Malala: Wars Never End Wars, DAWN, 2013 interview with audio clips of Malala
- Class Dismissed: Malala's Story, English-language documentary
- Profile: Malala Yousafzai, BBC News with links to related stories
- July 2013 United Nations speech in full (with 17 min Aljazeera video)
তথ্যসূত্ৰ
- ↑ (১৯ জানুৱাৰী ২০০৯). Diary of a Pakistani schoolgirl. BBC News
- ↑ (২৪ নৱেম্বৰ ২০১১). Pakistani girl, 13, praised for blog under Taliban. BBC News
- ↑ (10 October 2014). A Look at the Top 10 Youngest Nobel Laureates. Yahoo!-ABC News Network
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মালালা ইউছুফজাই” প্ৰবন্ধৰ সংশোধন ৫৯৬৪৫২ (২৮ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।