অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নুৰ জাহান

নুৰ জাহান (Noor Jehan; জন্ম নাম: আল্লাহ ৱাচাই; ২১ চেপ্তেম্বৰ ১৯২৬–২৩ ডিচেম্বৰ ২০০০) এগৰাকী পাকিস্তানী নেপথ্য কণ্ঠশিল্পী তথা অভিনেত্ৰী আছিল। তেওঁৰ কৰ্মজীৱনৰ আৰম্ভণি হৈছিল ব্ৰিটিছ ভাৰতত। ১৯৪৭ চনত দেশ বিভাজনৰ সময়ত তেওঁ পাকিস্তানলৈ গুছি গৈছিল।

হালনাগাদ: ১৫ মে’ ২০২৬ ৩৯৩ শব্দ · ২ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

নুৰ জাহান (Noor Jehan; জন্ম নাম: আল্লাহ ৱাচাই; ২১ চেপ্তেম্বৰ ১৯২৬–২৩ ডিচেম্বৰ ২০০০)১২ এগৰাকী পাকিস্তানী নেপথ্য কণ্ঠশিল্পী তথা অভিনেত্ৰী আছিল। তেওঁৰ কৰ্মজীৱনৰ আৰম্ভণি হৈছিল ব্ৰিটিছ ভাৰতত। ১৯৪৭ চনত দেশ বিভাজনৰ সময়ত তেওঁ পাকিস্তানলৈ গুছি গৈছিল। সুদীৰ্ঘ ছয় দশকৰ কৰ্মজীৱন (১৯৩০-৯০) অতিক্ৰম কৰা নুৰ জাহানক এগৰাকী অন্যতম মহান আৰু দক্ষিণ এছিয়াৰ প্ৰভাৱশালী সঙ্গীত শিল্পী বুলি গণ্য কৰা হয়। পাকিস্তানত তেওঁক সন্মানীয় 'মালিকা-ই-তৰন্নুম' (সুৰৰ ৰাণী) উপাধি দিয়া হৈছিল। হিন্দুস্তানী শাস্ত্ৰীয় সঙ্গীতৰ লগতে সঙ্গীতৰ অন্যান্য শৈলীতো তেওঁৰ দখল আছিল।২

আহমেদ ৰুচদীৰ সৈতে তেৱেঁ পাকিস্তানী চলচ্চিত্ৰৰ ইতিহাসত আটাইতকৈ বেছি ছবিত গীত গোৱাৰ ৰেকৰ্ডৰ অধিকাৰী। তেওঁৰ কৰ্মজীৱনত চল্লিশখনতকৈও অধিক চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল আৰু প্ৰায় বিশ হাজাৰ গীত গাইছিল। তেওঁক পাকিস্তানী চলচ্চিত্ৰৰ প্ৰথম মহিলা পৰিচালক বুলি গণ্য কৰা হয়।৩

প্ৰাৰম্ভিক জীৱন

১৯৪৬ চনৰ চলচ্চিত্ৰ 'হমজোলী'ত নুৰ জাহান
১৯৪৬ চনৰ চলচ্চিত্ৰ 'হমজোলী'ত নুৰ জাহানছবি: FilmIndia · Public domain

ব্ৰিটিছ ভাৰতৰ পঞ্জাব প্ৰদেশৰ এখন সৰু গাঁও- কোত মুৰাদ খান, কসুৰত (বৰ্তমান পাকিস্তানত) নুৰ জাহানৰ জন্ম হয়। তেওঁৰ দেউতাকৰ নাম আছিল মদদ আলি আৰু মাকৰ নাম ফটেহ বিবি। মাক-দেউতাকে তেওঁৰ আল্লাহ ৱাচাই নাম দিছিল। তেওঁৰ জন্ম তাৰিখটোক লৈ অলপ খেলি-মেলি আছে। কাৰো মতে ১৯২৬ চনৰ আৰু কাৰো মতে ১৯২৯ চনৰ ২১ চেপ্তেম্বৰত তেওঁৰ জন্ম। নুৰ জাহানৰ পাঁচজন ভায়েক আৰু পাঁচজনী ভনীয়েক আছিল। তেওঁ যে এক সুৰীয়া কণ্ঠৰ অধিকাৰী, তাৰ প্ৰকাশ শৈশৱতে দেখা গৈছিল। মাকে নুৰ জাহানৰ গীত আৰু নৃত্যৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছিল।৪৫৬

কৰ্মজীৱন: ব্ৰিটিছ ভাৰত

মাত্ৰ সাত বছৰ বয়সতে নুৰ জাহানে বায়েক ঐদন বাঈ আৰু হাইদৰ বান্দীৰ সৈতে 'টাকা থিয়েটাৰ' নামেৰে জনাজাত গ্ৰাম্য থিয়েটাৰ কোম্পানীৰ মঞ্চত গীত পৰিবেশন কৰে। এক উন্নত সুযোগৰ সন্ধানত বায়েকহঁতৰ সৈতে তেওঁ লাহোৰলৈ আহে আৰু 'জিন্দা নাচ-গানা'ৰ দলত অংশ লয়। জিন্দা নাচ-গান দৰাচলতে চিত্ৰগৃহত মূল চলচ্চিত্ৰ আৰম্ভ হোৱাৰ আগেআগে প্ৰদৰ্শিত হোৱা গীত-নাচৰ অনুষ্ঠান। অৱশেষত এখন ডাঙৰ মঞ্চ পোৱাৰ আশাৰে তেওঁলোক তিনি ভনী ১৯৩৪-৩৫ চনমানত কলকাতালৈ গুছি আহে আৰু তাত মঞ্চৰ সঙ্গীত তাৰকা মুখতাৰ বেগমে তেওঁলোকক বহু কেইজন প্ৰযোজকৰ সৈতে চিনাকি কৰাই দিয়ে। পিছৰ জীৱনত নুৰ জাহানে মুখতাৰ বেগমৰ সঙ্গীত পৰিবেশন শৈলী গ্ৰহণ কৰাৰ উপৰিও বেগমৰ দৰে শাৰী পিন্ধিবলৈ লৈছিল।৪

তিনি ভনীয়ে ইন্দিৰা মোভীটোনত স্থায়ী কাম পায়। তেওঁলোকৰ জনপ্ৰিয়তা ইমানে বৃদ্ধি পাইছিল যে তেওঁলোক 'পঞ্জাব মেইল' নামে পৰিচিত হয়। পৰিচালক কে.ডি. মেহতাই নিৰ্মাণ কৰিবলৈ লোৱা 'পিণ্ড দি কুৰী'ত (১৯৩৫) নুৰ জাহানক অভিনয় কৰাৰ সুযোগ দিয়ে। এনেকৈয়ে বেবী নুৰ জাহান নামেৰে তেওঁৰ অভিনয় জীৱন আৰম্ভ হয়। ইয়াৰ পিছত তেওঁ একে কোম্পানীৰ ছবি 'মিছৰ কী চিতাৰা'ত (১৯৩৬) অভিনয় কৰাৰ উপৰিও দামোদৰ শৰ্মাৰ সঙ্গীত পৰিচালনাত গীতো গায়। পাঁচখন ছবি কৰাৰ পিছত তেওঁ 'হীৰ চায়্যাল'ৰ (১৯৩৭) সুৰ হীৰ চৰিত্ৰত অভিনয় কৰে।৪

১৯৪৫ চনত মুম্বাইত তেওঁৰ প্ৰথম চুপাৰহিট ছবি 'জীন্নত' মুক্তি পায়। ১৯৪৬ চনত অভিনয় কৰে 'অনমোল ঘড়ী'ত। এই ছবিখনত তেওঁ এগৰাকী কবিৰ চৰিত্ৰত সেই যুগৰ দুগৰাকী সঙ্গীত তাৰকা সুৰাইয়া আৰু সুৰেন্দ্ৰ নাথৰ সৈতে অভিনয় কৰিছিল। সেই বছৰতে তেওঁৰ আৰু দুখন ছবিয়ে মুক্তি পাইছিল- 'দিল' আৰু 'হমজোলী'। ব্ৰিটিছ ৰাজত নুৰ জাহানৰ শেষ ছবি 'মিৰ্জা চাহিবা' (১৯৪৭); য'ত নায়কৰ চৰিত্ৰত আছিল পৃথ্বীৰাজ কাপুৰ।৪

তথ্যসূত্ৰ

  1. ↑ Firoze Rangoonwalla, 'Indian Filmography,' publisher: J. Udeshi, Bombay, August 1970, 'passim'
  2. ↑ Ashish Rajadhyaksha and Paul Willemen, 'Encyclopaedia of Indian Cinema,' British Film Institute, Oxford University Press, New Delhi, 2002, pp. 166
  3. ↑ Azad, Arif. (5 January 2001). Obituary: Noor Jehan. the Guardian
  4. ↑ (4 June 2008). Noor Jehan's Biography
  5. ↑ Noor Jahan Biography, Retrieved 7 July 2015
  6. ↑ Noor Jehan: Marsiya Meer Anis. Hamaraforums.com

সম্পৰ্কিত শ্ৰেণী

পাকিস্তানৰ ব্যক্তিপাকিস্তানৰ চলচ্চিত্ৰ অভিনেত্ৰীপাকিস্তানৰ কণ্ঠশিল্পীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নুৰ জাহান” প্ৰবন্ধৰ সংশোধন ৬০৬৪১৫ (১৫ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।