অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ফাতিমা জিন্নাহ

ফাতিমা জিন্নাহ (; জন্ম: ৩১ জুলাই ১৯৮৩ - মৃত্যু: ৯ জুলাই ১৯৬৭) আছিল এগৰাকী পাকিস্তানী দন্ত চিকিৎসক, জীৱনীকাৰ আৰু পাকিস্তান গঠনত বৰঙনি আগবঢ়োৱা ব্যক্তি সকলৰ মাজত অন্যতম। তেওঁ আছিল মহম্মদ আলি জিন্নাহৰ কনিষ্ঠ ভগ্নী।

হালনাগাদ: ৫ জুন ২০২০ ৪৯২ শব্দ · ৩ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

ফাতিমা জিন্নাহ (; জন্ম: ৩১ জুলাই ১৯৮৩ - মৃত্যু: ৯ জুলাই ১৯৬৭) আছিল এগৰাকী পাকিস্তানী দন্ত চিকিৎসক, জীৱনীকাৰ আৰু পাকিস্তান গঠনত বৰঙনি আগবঢ়োৱা ব্যক্তি সকলৰ মাজত অন্যতম। তেওঁ আছিল মহম্মদ আলি জিন্নাহৰ কনিষ্ঠ ভগ্নী। ১৯২৩ চনত কলকাতা বিশ্ববিদ্যালয়ৰ পৰা দন্ত চিকিৎসাৰ ডিগ্ৰী লাভ কৰি তেওঁ তেওঁৰ ভাতৃ মহম্মদ আলি জিন্নাহৰ সহযোগী আৰু উপদেষ্টা হিচাপত কাম কৰে। তেওঁ অখণ্ড ভাৰতত ব্ৰিটিছ ৰাজৰ বিৰূদ্ধে মাত মাতা নাৰী সকলৰ ভিতৰত আছিল অন্যতম। তেওঁ অখণ্ড ভাৰতক দুভাগ কৰি দুটা ৰাষ্ট্ৰ বনোৱাৰ ধাৰণাকো সমৰ্থন কৰিছিল আৰু সৰ্ব ভাৰতীয় মুছলিম লীগৰ আগশাৰীৰ নেতা সকলৰ ভিতৰত অন্যতম আছিল।

পাকিস্তানৰ স্বাধীনতাৰ পাছত ফাতিমা জিন্নাহ পাকিস্তান ৱুমেনচ্ এচ'চিয়েচন (Pakistan Women's Association) নামৰ এটা সংগঠন গঠন কৰিছিল যিটো নতুনকৈ গঠন হোৱা পাকিস্তানত অনুপ্ৰবেশ কৰা নাৰী সকলৰ পুনৰ্বাসনৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল। ফাতিমা আছিল মহম্মদ আলি জিন্নাহৰ ঘনিষ্ঠ সঙ্গী। তেওঁৰ ১৯৫২ চনত লিয়াকত প্ৰশাসনৰ দ্বাৰা ৰেডিঅ'ৰ মাধ্যমেৰে দেশবাসীক কৰা সম্ভাষণক তীব্ৰ সমালোচনা কৰিছিল। ১৯৫৫ চনত তেওঁ 'মাই ব্ৰাদাৰ' নামৰ এখন কিতাপও লিখিছিল, পিছে কিছু বিতৰ্কৰ বাবে ৩২ বছৰ পাছত ১৯৮৭ চনত কিতাপখন প্ৰকাশ কৰা হৈছিল।

১৯৬৫ চনত ফাতিমা জিন্নাহ তেওঁৰ স্ব-আৰোপিত ৰাজনৈতিক অৱসৰৰ পৰা ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে ওলাই আহে, মিলিটাৰি আৰু একতন্ত্ৰবাদৰ নায়ক আয়ুব খানৰ বিৰূদ্ধে। বিভিন্ন ধৰণৰ অসুবিধা আৰু মিলিটাৰি হেঁচাৰ বিপৰীতে ফাতিমা পাকিস্তানৰ দুটা বৃহৎ ডাঙৰ চহৰ ঢাকা আৰু কৰাচীৰ পৰা ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত জয়লাভ কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিষ্ঠিত টাইম মেগাজিনে প্ৰকাশ কৰা তথ্যৰ পৰা জনা যায় যে নিৰ্বাচনৰ সময়ত ফাতিমা বিৰূদ্ধে আক্ৰমণৰ ষড়যন্ত্ৰ চলাইছিল আয়ুব খানে।

প্ৰাথমিক জীৱন আৰু পেচা

ফাতিমা জন্ম হৈছিল ৩১ জুলাই ১৮৯৩ চনত। ফাতিমা আছিল সাত জন ভাই ভনীৰ ভিতৰত সকলোতকৈ সৰু। সকলো ভাই ভনীয়েকৰ মাজত ফাতিমা মহম্মদ আলি জিন্নাহৰ লগত ঘনিষ্ঠ আছিল বেছি। ১৯০১ চনত তেওঁৰ পিতাকৰ মৃত্যুৰ পাছত মহম্মদ আলি জিন্নাহই হৈ পৰিছিল ফাতিমাৰ অভিভাৱক। ১৯১৯ চনত তেওঁ কলকাতা বিশ্ববিদ্যালয়ত নামভৰ্তিকৰে আৰু তাত ডাক্তৰ আৰ. আহমেদ. ডেণ্টাল কলেজৰ পৰা তেওঁ দন্ত চিকিৎসাৰ ডিগ্ৰী লাভ কৰি ১৯২৩ চনত মুম্বাইত এটা চেণ্টাৰ ক্লিনিক খুলি কৰ্মজীৱনৰ আৰম্ভণি কৰে।

ব্যক্তিগত জীৱন

১৯১৮ চনলৈকে ফাতিমা তেওঁৰ দাদা মহম্মদ আলি জিন্নাহৰ লগত থাকিছিল আৰু তাৰ পিছত তেওঁ ৰত্তনবাই পেট্টিটৰ লগত বিবাহবন্ধনত আবদ্ধ হয়। ১৯২৯ চনত ৰত্তনবাইৰ মৃত্যুৰ পিছত তেওঁ তেওঁৰ ক্লিনিক বন্ধ কৰি মহম্মদ আলি জিন্নাহৰ লগত থাকিবলৈ আৰম্ভ কৰে আৰু সিহঁতৰ সম্পৰ্ক জিন্নাহৰ মৃত্যু পৰ্যন্ত সুন্দৰকৈ বৰ্তি আছিল।

ৰাজনৈতিক জীৱনৰ

মহম্মদ আলি জিন্নাহৰ প্ৰতিটো ৰাজনৈতিক অভিযানত ফাতিমাক দেখা গৈছিল। ১৯৪৭ চনত পাকিস্তান গঠনৰ সময়ত ফাতিমা ৱুমেনচ্ ৰিলিফ কমিটি গঠন কৰিছিল। তেওঁ আকৌ পাকিস্তানত মোহাৰি সকলৰ পুনৰ্বাসনৰ বাবেও বহুত কাম কৰিছিল। ১৯৬০ চনত তেওঁ ৰাজনীতিত পুৰস্কাৰৰ বাবে উভতি আহে আৰু পাকিস্তানৰ সন্মিলিত বিৰোধী দলৰ হৈ ৰাষ্ট্ৰপতি নিৰ্বাচন খেলিছিল। ঢাকাত ৰাজনৈতিক ৰেলীৰ সময়ত তেওঁৰ অভিযানত অংশগ্ৰহণ কৰিবলৈ প্ৰায় ২৫০০০০ মানুহ গোট খাইছিল আৰু ঢাকাৰ পৰা চিত্তাগং লৈকে প্ৰায় ২৯৩ মাইল ৰাস্তাত ১০,০০,০০০ জনমানুহ ভীৰ কৰিছিল। কিন্তু ফাতিমা ১৯৬৫ চনত হোৱা ৰাষ্ট্ৰপতি নিৰ্বাচনত হাৰিছিল যদিও ঢাকা আৰু কাৰাচিৰ পৰা সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল।

মৃত্যু

ফাতিমা জিন্নাহৰ মৃত্যু হৈছিল ৯ জুলাই ১৯৬৭ চনত, কাৰাচিত। তেওঁৰ মৃত্যুৰ মূল কাৰণ আছিল হৃদস্পন্দন বন্ধ হোৱা কিন্তু তেওঁক হত্যা কৰা হৈছিল বুলিও বহুতে সন্দেহ কৰে। ২০০৩ চনত তেওঁৰ ভায়েকৰ পুত্ৰ পিৰভাই এ আকৌ ফাতিমাৰ মৃত্যুৰহস্য উদ্ভাৱন কৰাৰ বাবে বিবাদ সৃষ্টি কৰে। মৃত্যুৰ পিছত ফাতিমাৰ নশ্বৰ দেহক কাৰাচিত তেওঁৰ দাদা মহম্মদ আলি জিন্নাহৰ কবৰৰ ওচৰতে পুতি ৰখা হৈছিল।

সম্পৰ্কিত শ্ৰেণী

পাকিস্তানৰ ব্যক্তিৰাজনীতিবিদচিকিৎসাবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফাতিমা জিন্নাহ” প্ৰবন্ধৰ সংশোধন ২৩৬০৯৭ (৫ জুন ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।