অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অৰ্শদ নাদীম

অৰ্শদ নাদীম (Arshad Nadeem; জন্ম ২ জানুৱাৰী, ১৯৯৭) এজন পাকিস্তানী জেভেলিন নিক্ষেপকাৰী। আৰু বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ যিকোনো ট্ৰেক এণ্ড ফিল্ড ইভেণ্টৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰা তেওঁ প্ৰথমজন পাকিস্তানী খেলুৱৈ।

হালনাগাদ: ৫ আগষ্ট ২০২৬ ৪৯৫ শব্দ · ৩ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

অৰ্শদ নাদীম (Arshad Nadeem; জন্ম ২ জানুৱাৰী, ১৯৯৭) এজন পাকিস্তানী জেভেলিন নিক্ষেপকাৰী। অলিম্পিক ১ আৰু বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ যিকোনো ট্ৰেক এণ্ড ফিল্ড ইভেণ্টৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰা তেওঁ প্ৰথমজন পাকিস্তানী খেলুৱৈ।২ ২০২২ চনৰ কমনৱেলথ গেমছত তেওঁ ৯০.১৮ মিটাৰ নিক্ষেপ কৰি এক নতুন ৰাষ্ট্ৰীয় আৰু কমনৱেলথ গেমছ অভিলেখ গঢ়ি তোলে আৰু দক্ষিণ এছিয়াৰ পৰা ৯০ মিটাৰৰ দূৰত্ব অতিক্ৰম কৰা প্ৰথমজন খেলুৱৈ হিচাপে পৰিগণিত হয়।৩

কেৰিয়াৰ

আৰম্ভণি

২০১৫ চনৰ পৰা তেওঁ জেভেলিন থ্ৰ' ইভেণ্টৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আৰম্ভ কৰে। ২০১৬ চনত নাদীমে ৱৰ্ল্ড এথলেটিকছৰ পৰা বৃত্তি লাভ কৰে যাৰ ফলত তেওঁ মৰিচাছৰ আইএএএফ হাই পাৰফৰমেন্স ট্ৰেইনিং চেণ্টাৰত প্ৰশিক্ষণৰ বাবে যোগ্যতা অৰ্জন কৰে।৪

২০১৭ চনৰ মে' মাহত বাকুত অনুষ্ঠিত ইছলামিক ছলিডাৰিটি গেমছত নাদীমে ৭৬.৩৩ মিটাৰ বেষ্ট থ্ৰ'ৰে ব্ৰঞ্জৰ পদক লাভ কৰে।৫ ২০১৮ চনৰ এপ্ৰিল মাহত তেওঁ অষ্ট্ৰেলিয়াৰ গোল্ড কোষ্টত অনুষ্ঠিত কমনৱেলথ গেমছত জেভেলিন থ্ৰ’ ইভেণ্টৰ যোগ্যতা অৰ্জন ৰাউণ্ডত ৮০.৪৫ মিটাৰ দূৰত্বৰ নতুন ব্যক্তিগত শ্ৰেষ্ঠত্ব স্থাপন কৰে। ২০১৮ চনৰ আগষ্ট মাহত তেওঁ ইণ্ডোনেছিয়াৰ জাকাৰ্টাত অনুষ্ঠিত এছিয়ান গেমছত ব্ৰঞ্জৰ পদক লাভ কৰি ৮০.৭৫ মিটাৰ দূৰত্বত আন এক নতুন ব্যক্তিগত শ্ৰেষ্ঠ আৰু ৰাষ্ট্ৰীয় অভিলেখ গঢ়িছিল।৬ ২০১৮ চনৰ কমনৱেলথ গেমছৰ অন্ত পৰাৰ পিছত তেওঁৰ পিঠিৰ আঘাতো হৈছিল।৪

২০১৯ চনৰ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত৭ কাটাৰৰ দোহাত অনুষ্ঠিত হোৱা একমাত্ৰ পাকিস্তানী খেলুৱৈ হিচাপে নাদীম ৮১.৫২ মিটাৰ দৌৰৰ নতুন ব্যক্তিগত শ্ৰেষ্ঠ আৰু ৰাষ্ট্ৰীয় অভিলেখ অৰ্জন কৰে।৮ ২০১৯ চনৰ নৱেম্বৰ মাহত পেছাৱাৰত অনুষ্ঠিত ৩৩ সংখ্যক ৰাষ্ট্ৰীয় গেমছত নাদীমে ৮৩.৬৫ মিটাৰ দূৰত্বলৈ যাঠি নিক্ষেপেৰে সোণৰ পদক লাভ কৰি ৰাষ্ট্ৰীয় অভিলেখ গঢ়িবলৈ সক্ষম হয়।৯ ২০১৯ চনৰ ডিচেম্বৰ মাহত তেওঁ নেপালত অনুষ্ঠিত ১৩ সংখ্যক দক্ষিণ এছিয়ান গেমছত ৮৬.২৯ মিটাৰ খেলৰ অভিলেখ নিক্ষেপ কৰি সোণৰ পদক লাভ কৰে।১০

অলিম্পিক ২০২০

২০২০ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত পাকিস্তানক প্ৰতিনিধিত্ব কৰি অলিম্পিকত তেওঁ প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰে আৰু অলিম্পিকৰ বাবে প্ৰত্যক্ষ অৰ্হতা লাভ কৰা প্ৰথমজন পাকিস্তানী ট্ৰেক এণ্ড ফিল্ড খেলুৱৈ হিচাপে পৰিগণিত হয়।১১১২ তেওঁৰ পিতৃৰ মত অনুসৰি অলিম্পিকত অংশগ্ৰহণ কৰাৰ আগতে অৰ্শদক আনকি এটা ভাল প্ৰশিক্ষণ ক্ষেত্ৰৰ সুবিধাও প্ৰদান কৰা হোৱা নাছিল।১৩ অৰ্শদে নিজৰ ঘৰৰ চোতাল আৰু ৰাজপথত প্ৰশিক্ষণ লৈছিল আৰু টকিঅ' অলিম্পিকত অংশগ্ৰহণৰ বাবে যোগ্যতা অৰ্জন কৰাৰ পিছত তেওঁ পাকিস্তান চৰকাৰৰ পৰা কোনো ধৰণৰ আৰ্থিক সাহায্য লাভ কৰা নাছিল।১৪

২০২১ চনৰ ৪ আগষ্টত তেওঁ ২০২০ চনৰ টকিঅ' অলিম্পিকৰ পুৰুষৰ জেভেলিন থ্ৰ' ইভেণ্টৰ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰে।১৫১৬ অলিম্পিকৰ ইতিহাসৰ যিকোনো ট্ৰেক এণ্ড ফিল্ড ইভেণ্টৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰা তেওঁ প্ৰথমজন পাকিস্তানী হিচাপে পৰিগণিত হয়। তেওঁ পুৰুষৰ জেভেলিন থ্ৰ' ইভেণ্টত ৮৪.৬২ মিটাৰ থ্ৰ'ৰে পঞ্চম স্থান দখল কৰে।১৭১৮

২০২২ চন

২০২২ চনৰ জুলাই মাহৰ ভিতৰত পাকিস্তানৰ পৰা একমাত্ৰ প্ৰতিনিধি হিচাপে নাদীমে আমেৰিকাৰ অৰেগনৰ ইউজিনত অনুষ্ঠিত ২০২২ চনৰ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিছিল। কঁকালত আঘাত পোৱা খেলুৱৈ জনে ৮৬.১৬ মিটাৰ নিক্ষেপ কৰি ৫ম স্থান লাভ কৰে।১৯ এইটোও আছিল তেওঁৰ ছিজনৰ শ্ৰেষ্ঠ থ্ৰ'।২০২১

২০২২ চনৰ ৭ আগষ্টত তেওঁ পাকিস্তানৰ হৈ ২০২২ চনৰ কমনৱেলথ গেমছত সোণৰ পদক লাভ কৰে। এই প্ৰতিযোগিতাত তেওঁ পঞ্চম প্ৰচেষ্টাত ৯০.১৮ মিটাৰ নিক্ষেপ কৰি খেলৰ অভিলেখ গঢ়িলে, প্ৰতিযোগিতাখনত বিশ্ব চেম্পিয়ন এণ্ডাৰছন পিটাৰ্ছৰ ৮৮.৬৪ ৰ প্ৰচেষ্টাক অতিক্ৰম কৰি। ইফালে ৯০ মিটাৰ দৈৰ্ঘ্যৰ সীমা অতিক্ৰম কৰা প্ৰথমজন দক্ষিণ এছিয়ান হিচাপেও পৰিগণিত হয়।৩২২

২০২২ চনৰ ১২ আগষ্টত ২০২১ চনৰ ইছলামিক ছলিডাৰিটি গেমছত পাকিস্তানৰ হৈ আন এক সোণৰ পদক লাভ কৰিছিল। তেওঁ ৮৮.৫৫ মিটাৰ নিক্ষেপ কৰি খেলৰ অভিলেখ গঢ়িছিল, যাৰ ফলত ৬ দিনৰ ভিতৰত এইটো তেওঁৰ ২য় সোণৰ পদক হিচাপে পৰিগণিত হৈছিল। ২৩

তথ্যসূত্ৰ

  1. ↑ (2021-08-07). Arshad Nadeem — from Mian Channu to Pakistan's hope for Olympic glory. dawn.com
  2. ↑ (July 22, 2022). World Athletics Championships: Arshad makes history, qualifies for final. Express Tribune
  3. ↑ Desk, The Bridge. (2022-08-08). Watch: Arshad Nadeem becomes first South Asian to breach 90m mark. thebridge.in
  4. ↑ Athletics – Nadeem Arshad – Tokyo 2020 Olympics. Olympics.com/tokyo-2020/. Tokyo Organising Committee of the Olympic and Paralympic Games
  5. ↑ (May 20, 2017). Arshad claims javelin bronze for Pakistan in Baku. Dawn
  6. ↑ (27 August 2018). Nadeem Arshad wins bronze for Pakistan in Asian Games. The News International
  7. ↑ (September 17, 2019). Only one Pakistani athlete to compete in Doha. Dawn
  8. ↑ Javelin Throw Series Result · IAAF World Athletics Championships, DOHA 2019 · iaaf.org. www.iaaf.org
  9. ↑ (November 15, 2019). Arshad Nadeem, Maria Maratab set new national records. The News International
  10. ↑ (December 7, 2019). South Asian Games: Pakistan add four gold medals, takes tally to 24. Geo News
  11. ↑ (2021-08-04). Hometown celebrates Arshad's qualification. The Nation
  12. ↑ Pakistani athletes Arshad Nadeem, Najma Parveen off to Tokyo for Olympics 2020. www.geo.tv
  13. ↑ Arshad Nadeem, Olympic javelin finalist, practiced with no ground, says fath. www.geosuper.tv
  14. ↑ (2021-08-04). Olympic finalist Arshad Nadeem did not even have a ground to practice, claims father. Geo.tv
  15. ↑ Tokyo Olympics: Pakistan's javelin thrower Arshad Nadeem makes history. www.thenews.com.pk
  16. ↑ (2021-08-04). Arshad Nadeem, Pakistan's last Olympics medal hope, qualifies for javelin throw final. Brecorder. Reuters
  17. ↑ Tokyo Olympics: Pakistan's Arshad Nadeem misses out on medal but wins nation over. www.geo.tv
  18. ↑ (2021-08-07). Javelin throw at Tokyo Olympics: Arshad Nadeem misses out on medal, finishes 5th. dawn.com
  19. ↑ (July 24, 2022). Arshad Nadeem finishes fifth in World Championships javelin final. Business Recorder
  20. ↑ (July 23, 2022). JAVELIN THROW MEN FINAL RESULT. worldathletics.org/
  21. ↑ (July 24, 2022). Arshad finishes fifth, misses out on medal. Express Tribune
  22. ↑ Arshad Nadeem won gold medal, made history at Commonwealth Games 2022
  23. ↑ (2022-08-12). Arshad Nadeem Bags Another Gold At 2022 Islamic Games In Konya

সম্পৰ্কিত শ্ৰেণী

পাকিস্তানৰ ব্যক্তিপাকিস্তানৰ খেলুৱৈ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অৰ্শদ নাদীম” প্ৰবন্ধৰ সংশোধন ৬২৩৪৫৩ (৫ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।