আছমা জিলানি জাহাংগীৰ (Asma Jahangir; ২৭ জানুৱাৰী ১৯৫২ - ১১ ফেব্ৰুৱাৰী ২০১৮) আছিল এগৰাকী পাকিস্তানী মানৱ অধিকাৰ অধিবক্তা আৰু সমাজ কৰ্মী; যি পাকিস্তানৰ মানৱ অধিকাৰ আয়োগ আৰু এ জি এইচ এছ আইনী সাহায্য কোষৰ সহ-প্ৰতিষ্ঠাপক আৰু অধ্যক্ষ আছিল।১জাহাংগীৰ উকীল আন্দোলনত বিশিষ্ট ভূমিকা গ্ৰহণ কৰাৰ বাবে পৰিচিত আছিল আৰু ৰাষ্ট্ৰসংঘৰ ধৰ্ম বা বিশ্বাসৰ স্বাধীনতাৰ বিশেষ প্ৰতিবেদক হিচাপে আৰু আন্তঃৰাষ্ট্ৰীয় সংকট গোটৰ ট্ৰাষ্টী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।২৩৪
লাহোৰত জন্মগ্ৰহণ কৰি ডাঙৰ-দীঘল হোৱা জাহাংগীৰে ১৯৭৮ চনত কিনাইৰ্ডৰ পৰা কলা শাখাত স্নাতক আৰু পঞ্জাব বিশ্ববিদ্যালয়ৰ আইন মহাবিদ্যালয়ৰ পৰা এল এল বি ডিগ্ৰী লাভ কৰে আৰু বেৰিষ্টাৰ ইজাজ হুছেইন বাটালৱীৰ চেম্বাৰত যোগদান কৰে। ১৯৮০ চনত লাহোৰ উচ্চ ন্যায়ালয়লৈ মাতি অনা হয়, আৰু ১৯৮২ চনত উচ্চতম ন্যায়ালয়লৈ মাতি অনা হয়। ১৯৮০ চনত জাহাংগীৰ এগৰাকী গণতন্ত্ৰ কৰ্মী হৈ পৰে আৰু ১৯৮৩ চনত জিয়া-উল-হাকৰ সামৰিক শাসনৰ বিৰুদ্ধে গণতন্ত্ৰ পুনৰুদ্ধাৰৰ আন্দোলনত অংশগ্ৰহণ কৰাৰ বাবে তেওঁক কাৰাগাৰত ভৰোৱা হয়। ১৯৮৬ চনত তেওঁ জেনেভালৈ গুচি যায় আৰু ডিফেন্স ফৰ চিলড্ৰেন ইণ্টাৰনেশ্যনেলৰ ভাইচ-চেয়াৰ হয় আৰু ১৯৮৮ চনত পাকিস্তানলৈ উভতি অহালৈকে সেই পদত অধিষ্ঠিত হৈ থাকে।৫
জাহাংগীৰে স্বাধীনতা বঁটা, হিলাল-ই-ইমটিয়াজ, সীতাৰা-ই-ইমটিয়াজ, ৰমন মেগছেছে বঁটাকে ধৰি কেইবাটাও বঁটা লাভ কৰিছে৷ ইয়াৰ লগতে তেওঁ মানৱ অধিকাৰ ৰক্ষাকাৰীৰ বাবে মাৰ্টিন এনালছ বঁটা, আৰু মানৱ অধিকাৰৰ সংস্কৃতিৰ প্ৰসাৰৰ বাবে ইউনেস্কো/বিলবাও বঁটা লাভ কৰিছে৷ ফ্ৰান্সে তেওঁক লিজিয়ন অৱ অনাৰ বঁটা প্ৰদান কৰে আৰু ২০১৬ চনত পেনচিলভেনিয়া বিশ্ববিদ্যালয়ৰ আইন বিদ্যালয়ে তেওঁক সন্মানীয় ডিগ্ৰী প্ৰদান কৰে।৬৭৮ তেওঁৰ লেখাসমূহৰ ভিতৰত আছে দ্য হুডুড অৰ্ডিনেন্স: এ ডিভাইন চেংকচন? আৰু চিলড্ৰেন অৱ এ লেচাৰ গড।৯
জাহাংগীৰক মৰণোত্তৰভাৱে ২০১৮ চনৰ ২৩ মাৰ্চত ৰাজ্যখনৰ সেৱাৰ সৰ্বোচ্চ ডিগ্ৰী আৰু আন্তঃৰাষ্ট্ৰীয় কূটনীতিৰ সেৱাৰ বাবে মমনুন হুছেইনে নিশান-ই-ইমটিয়াজ বঁটা প্ৰদান কৰা হয়।১০১১
আছমা জিলানীয়ে প্ৰিমিয়াৰ গ্ৰুপৰ মালিক ব্যৱসায়িক বংশৰ সদস্য তাহিৰ জাহাংগীৰক বিয়া কৰায়।১২ বৰ্তমান তেওঁ পঞ্জাৱ তেল কলৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।১৩ তেওঁলোকৰ এজন পুত্ৰ জিল্লানি জাহাংগীৰ৷ কন্যা মুনিজাই জাহাংগীৰ সাংবাদিক আৰু চুলেমা জাহাংগীৰ এগৰাকী উকীল।১৪ তেওঁৰ পৰিয়ালটো পঞ্জাৱ অইল মিলছৰ অন্যতম পৃষ্ঠপোষক যিয়ে কেন'লিভ আৰু জাইকা ব্ৰেণ্ডৰ অধীনত ৰন্ধন তেল বিক্ৰী কৰে।১৫১৬
তথ্যসূত্ৰ
- ↑ (2018-02-11). Leading human rights lawyer Asma Jahangir passes away in Lahore. DAWN.COM
- ↑ Ijaz, Saroop. Asma Jahangir (1952-2018): The human rights icon from Pakistan was a feisty street fighter. Scroll.in
- ↑ Asma Jahangir's victory is a cause for celebration
- ↑ Asma Jahangir: Executive Profile & Biography - Businessweek. Businessweek.com
- ↑ DCI calls for the release of political prisoner, Ms Asma Jahangir, former member of DCI's International Executive Council
- ↑ Fighting for rights: Asma Jehangir receives French honour
- ↑ Asma Jahangir – Laureate of the UNESCO/Bilbao Prize for the Promotion of a Culture of Human Rights 2010
- ↑ Penn Law to Award Honorary Degree to Asma Jahangir · South Asia Center. www.southasiacenter.upenn.edu
- ↑ Asma Jahangir: Executive Profile & Biography - Bloomberg. investing.businessweek.com
- ↑ Asma Jahangir, Junaid Jamshed, Afridi, Misbah among 141 nominated for Civil Awards. The News
- ↑ (2018-03-17). Pakistan set to honour Asma Jahangir, Fidel Castro on March 23 · The Express Tribune. The Express Tribune
- ↑ (March 5, 2018). The other side of Asma. DAWN
- ↑ (January 8, 2018). NATURELLE – a unique cooking oil. The Nation
- ↑ John Diefenbaker Defender of Human Rights and Freedom Awards. Foreign Affairs and International Trade Canada
- ↑ (17 November 2020). Punjab Oil Mills Limited
- ↑ Punjab Oil Mills profile
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আছমা জাহাংগীৰ” প্ৰবন্ধৰ সংশোধন ৬৩৬৮০৪ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।