ফৈজ আহমদ ফৈজ (Faiz Ahmad Faiz; ১৩ ফেব্ৰুৱাৰী ১৯১১ – ২০ নৱেম্বৰ ১৯৮৪)১ এগৰাকী পাকিস্তানী কবি আৰু পাঞ্জাৱী আৰু উৰ্দু সাহিত্যৰ সাহিত্যকাৰ। ফৈজ তেওঁৰ সময়ৰ আটাইতকৈ প্ৰসিদ্ধ, জনপ্ৰিয় আৰু প্ৰভাৱশালী উৰ্দু লেখকসকলৰ মাজৰ এগৰাকী আছিল। তেওঁৰ কাম আৰু ধাৰণাসমূহ আজিও পাকিস্তানকে ধৰি অন্যান্য ঠাইত ব্যাপকভাৱে প্ৰভাৱশালী হৈ আছে।২ কেৱল এগাৰাকী সাহিত্যকাৰেই নহয়; ফৈজ আছিল একাধাৰে এগৰকী শিক্ষক, সামৰিক বিষয়া, সাংবাদিক, ট্ৰেড ইউনিয়নিষ্ট তথা সম্প্ৰচাৰক (ব্ৰডকাষ্টাৰ)।৩
সংক্ষিপ্ত জীৱনী
ব্ৰিটিছৰ শাসনকালত পঞ্জাৱ প্ৰভিনেন্সৰ শিয়ালকোটত ফৈজৰ জন্ম হৈছিল। তেওঁ লাহোৰ চৰকাৰী কলেজ আৰু অৰিয়েণ্টেল কলেজত পঢ়া-শুনা কৰিছিল৪ আৰু ব্ৰিটিছ সামৰিক বাহিনীত কাম কৰিছিল। ভাৰত-পাকিস্তান বিভাজনৰ পাছত ফৈজে পাকিস্তান টাইমচ্ নামে এখন ইংৰাজী কাকত আৰু ইমৰ’জ নামে এখন উৰ্দু কাকতৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।৫৬ ৰাৱলপিণ্ডি ষড়যন্ত্ৰৰ অভিযুক্ত হিচাপে ১৯৫১ চনত গ্ৰেপ্তাৰ আৰু কাৰাবাস হোৱাৰ আগতে তেওঁ পাকিস্তান কমিউনিষ্ট পাৰ্টিৰ এগৰাকী শীৰ্ষস্থানীয় নেতা আছিল। লিয়াকট আলি চৰকাৰক ওফৰাই বাওঁপন্থী ছোভিয়েট সমৰ্থনকাৰী চৰকাৰ স্থাপনেই আছিল ৰাৱলপিণ্ডি ষড়যন্ত্ৰৰ মূল উদ্দেশ্য।৭
চাৰি বছৰ কাৰাগাৰত থকাৰ পিছত ফৈজে মুক্তি লাভ কৰে আৰু দেশৰপৰা স্ব-নিৰ্বাসন গ্ৰহণ কৰে। এই সময়ছোৱা তেওঁ মস্কো আৰু লণ্ডনত অতিবাহিত কৰে আৰু প্ৰগতিশীল লেখক আন্দোলনৰ এগৰাকী উল্লেখযোগ্য সদস্য ৰূপে পৰিগণিত হয়। আয়ুব খান চৰকাৰৰ পতন আৰু বাংলাদেশৰ পৃথকীকৰণৰ পিছত, তেওঁ জুলফিকৰ আলি ভুট্টোৰ সহায়ক হিচাপে কাম কৰিছিল, কিন্তু জিয়া উল-হকৰ হাতত ভুট্টোৰ মৃত্যুদণ্ডৰ পিছত নিজকে পুনৰ বৈৰুতলৈ নিৰ্বাসিত কৰে।৭
ফৈজ এজন প্ৰখ্যাত মাৰ্ক্সবাদী আছিল আৰু কোৱা হয় যে তেওঁ এজন প্ৰগতিশীল ব্যক্তি আছিল যি মাৰ্ক্সবাদৰ প্ৰতি বিশ্বাসী আছিল।৮ সমালোচকসকলে উল্লেখ কৰিছে যে, মুহম্মদ ইকবালে এৰি যোৱা মাৰ্ক্সবাদৰ ধাৰণাসমূহ ফৈজে বুটলি লৈছিল আৰু ইয়াক মুছলমানসকলৰ সেইটো যুৱ প্ৰজন্মলৈ প্ৰেৰণ কৰিছিল; যাক পৰিৱৰ্তনৰ বাবে অধিক মুক্ত আৰু সমতাবাদৰ প্ৰতি অধিক নমনীয় বুলি গণ্য কৰা হৈছিল আৰু যি দৰিদ্ৰসকলৰ বাবে অধিক চিন্তিত আছিল।৯ সাহিত্য সমালোচক ফতেহ মহম্মদ মালিকে এইবুলি যুক্তি দাঙি ধৰিছে যে, যদিও প্ৰথমতে ফৈজ এজন ধৰ্মনিৰপেক্ষ মাৰ্ক্সবাদী আছিল, জীৱন আগবাঢ়ি যোৱাৰ লগে লগে তেওঁ ইছলামিক সমাজবাদৰ সদস্য হৈছিল; কিয়নো তেওঁৰ কবিতাবোৰে বছৰ বছৰ ধৰি ধৰ্মীয় সুৰ এটা ধৰি ৰাখিছিল, ইয়াকো ক’ব পাৰি যে, ইৰানী বিপ্লৱক সমৰ্থন কৰা ফৈজে এক ইছলামিক বিপ্লৱৰো সপোন দেখিছিল।১০
১৯৬২ চনত ছোভিয়েট দেশে প্ৰদান কৰা লেনিন শান্তি বঁটা গ্ৰহণ কৰা ফৈজ এছিয়াৰ প্ৰথমজন কবি আছিল।১১ তেওঁৰ নাম সাহিত্যৰ ন'বেল বঁটাৰ বাবে মনোনীত কৰা হৈছিল।১২ ১৯৯০ চনত পাকিস্তান চৰকাৰে তেওঁক মৰণোত্তৰভাৱে দেশৰ সৰ্বোচ্চ অসামৰিক বঁটা নিচান-এ-ইমতিয়াজ প্ৰদান কৰিছিল।১২১৩
তথ্যসূত্ৰ
- ↑ The Life of Faiz Ahmed Faiz – Newsweek Pakistan
- ↑ (2020-01-03). Faiz Ahmad Faiz could be 20th century's most relevant poet, here are a few shayaris that will tug at your heart strings. Hindustan Times
- ↑ Sisir Kumar Das, History of Indian Literature: 1911-1956, struggle for freedom: triumph and tragedy, Sahitya Akademi, 2005, p. 476
- ↑ Faiz, Faiz Ahmed. (3 January 2007). Faiz Ahmed Faiz. Faiz Ahmed Faiz
- ↑ Of Faiz and army generals · Political Economy · thenews.com.pk. www.thenews.com.pk
- ↑ Farooqi, Baran. Between Patriotism, Partition and Pakistan, here's how Faiz Ahmed Faiz became a poet. Scroll.in
- ↑ Dryland, Estelle. (1992). Faiz Ahmed Faiz and the Rawalpindi Conspiracy Case. Journal of South Asian Literature. পৃ. 175–185
- ↑ (2012-08-12). REVIEW: Faiz Ahmed Faiz: Dard aur Darma ka Sha'er by Dr Mohammad Ali Siddiqui. Dawn.com
- ↑ Jalil, Rakhshanda. (2020-01-16). What Makes Faiz Timeless and Accessible to Lay Urdu Readers?. TheQuint
- ↑ Nayyar, Nasir Abbas. (17 November 2019). Faiz's notion of a revolution. The News International
- ↑ (Apr 23, 2022). Verses of Urdu poet Faiz Ahmed Faiz dropped from CBSE Class 10 textbook: Report. Scroll.in
- ↑ (2019-11-22). Remembering legendary poet Faiz Ahmed Faiz on 35th death anniversary. Daily Times
- ↑ (17 February 2011). Faiz Ahmed Faiz: Life and poetry. Dawn
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফৈজ আহমদ ফৈজ” প্ৰবন্ধৰ সংশোধন ৬২৪৩৯৩ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।