আমজাদ ফৰিদ সাবৰি (Amjad Sabri; ২৩ ডিচেম্বৰ ১৯৭৬ – ২২ জুন ২০১৬) এগৰাকী পাকিস্তানী কাৱাল, নাত খাৱান (নাত কবিতাৰ আবৃত্তিকাৰ) আৰু চুফী মুছলমান পৰম্পৰাৰ প্ৰবক্তা আছিল। গোলাম ফৰিদ সাবৰিৰ পুত্ৰ আৰু সাবৰি ব্ৰাদাৰ্ছৰ মকবুল আহমেদ সাববিৰ ভতিজা আমজাদ সাবৰিয়ে দক্ষিণ এছিয়াৰ অন্যতম বিশিষ্ট কাৱালী গায়ক হিচাপে আত্মপ্ৰকাশ কৰিছিল। তেওঁ প্ৰায়ে তেওঁৰ দেউতাক আৰু খুৰাকে লিখা কাৱালী পৰিৱেশন কৰিছিল।১২ ২০১৬ চনত তেওঁক হত্যা কৰা হৈছিল আৰু টিটিপি হাকিমুল্লাহ মেহসুদ গ্ৰুপে তেওঁৰ হত্যাৰ দায়িত্ব স্বীকাৰ কৰিছিল।
কৰ্মজীৱন
কৰাছীৰ সিন্ধত জন্মগ্ৰহণ কৰা আমজাদে ন বছৰ বয়সত তেওঁৰ দেউতাকৰপৰা কাৱালী শিকিবলৈ আৰম্ভ কৰিছিল আৰু ১৯৮২ চনত দেউতাকৰ সৈতে প্ৰথম মঞ্চত পৰিৱেশন কৰিছিল।৩ দেউতাকে আমজাদক ৰাগ ভৈৰৱৰ প্ৰশিক্ষণ দিছিল; এই ৰাগ সাধাৰণতে পুৱাৰ ভাগত গোৱা হয়। সেয়ে এই প্ৰশিক্ষণৰ বাবে আমজাদে পুৱা চাৰি বজাতে বিচনা এৰিব লগা হৈছিল।৪ কাৱালী পৰিৱেশন কৰাটো আছিল তেওঁলোকৰ পৰিয়ালৰ পৰম্পৰা আৰু ইয়াক প্ৰদৰ্শনৰ বাবে তেওঁ ভাৰত, আমেৰিকা যুক্তৰাষ্ট্ৰ, ইউৰোপকে ধৰি পৃথিৱীৰ বিভিন্ন দেশ ভ্ৰমণ কৰিছিল। আমজাদ কাৱালীৰ ৰক ষ্টাৰ ৰূপে পৰিচিত হৈছিল৫ আৰু তেতিয়াৰেপৰা তেওঁ অন্যতম প্ৰশংসিত কাৱালী গায়ক হৈ আছিল আৰু সমগ্ৰ বিশ্বতে প্ৰদৰ্শন কৰিছিল।
আমজাদে প্ৰথমাৱস্থাত তেওঁৰ দেউতাক আৰু খুৰাকৰ দলত সুৰৰ তালে তালে হাতচাপৰি বজাইছিল। ১৯৮২ চনত মুক্তি পোৱা পাকিস্তানী চলচ্চিত্ৰ চাহাৰেত তেওঁ দেউতাক আৰু খুৰাকৰ সৈতে ভুমুকি মাৰিছিল; তেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ ৬ বছৰ। চিনেমাখনত দেউতাকে আৰু খুৰাকে তেওঁলোকৰ হিট কাৱালী তাজদাৰ-এ-হাৰাম পৰিৱেশন কৰিছিল। একেখন ছবিতে আমজাদে আল্লামে ইকবাল আৰু লব পে আতি হ্যে দোৱা আবৃত্তি কৰিছিল। তেওঁৰ দেউতাকৰ মৃত্যুৰ পিছত, আমজাদৰ খুৰাক মকবুল আহমেদ সাবৰিয়ে সাবৰি ব্ৰাদাৰ্ছৰ নেতৃত্ব লৈছিল। আমজাদে খুৰাকক গায়কীত সহায় কৰিছিল আৰু বংগোচ বজাইছিল। পিছলৈ, ১৯৯৬ চনত তেওঁ তেওঁৰ ভাতৃ আৰু বন্ধুবৰ্গৰ সৈতে মিলি নিজৰ দল এটি আৰম্ভ কৰে। তেওঁৰ প্ৰথম এলবাম আছিল বালাঘাল ওলা বে কমলেহী; যিটো ১৯৯৭ চনত অৰিয়েণ্টেল ষ্টাৰ এজেন্সিৰ দ্বাৰা মুকলি কৰা হৈছিল। তেওঁৰ দেউতাক আৰু খুৰাকৰ আটাইতকৈ জনপ্ৰিয় গীত চাৰ এ লা মাকান চে তালাব এই এলবামৰ মুখ্য গীত আছিল। আমজাদ সাবৰিয়ে তেওঁৰ অনুষ্ঠানসমূহত ঘাইকৈ দেউতাক আৰু খুৰাকৰ গীতসমূহ গাইছিল আৰু কিছু গীত তেওঁ নিজে কম্পজ কৰিছিল।
ক’ক ষ্টুডিঅ’ৰ সৈতে তেওঁ জীৱনৰ শেষ কামটো কৰিছিল। ৰাহত ফটেহ আলি খানৰ সৈতে তেওঁ ৯নং চিজনৰ ৭নং এপিছদৰ বাবে আজ ৰং হ্যে গীতটি গাইছিল। এই প্লেটফৰ্মত এইটো আছিল সাবৰিৰ প্ৰথম আৰু শেষ কাম।৬
পৰিয়াল
২০০২ চনত সাবৰিয়ে তেওঁৰ পত্নী নাদিয়াক বিয়া কৰাইছিল আৰু তেওঁলোক পাঁচোটি সন্তানৰ পিতৃ-মাতৃ হৈছিল। ব্যস্ত সমজুৱা জীৱন আৰু শেষ নোহোৱা কামৰ মাজতো সাবৰিয়ে পৰিয়ালৰ সৈতে সময় কটাবলৈ ভাল পাইছিল।৭
মৃত্যু
২০১৬ চনৰ ২২ জুন তাৰিখে কৰাছীত সাবৰিক হত্যা কৰা হৈছিল। তেওঁৰ ওপৰত আতংকবাদী গুলীচালনা হৈছিল; দুটা গুলী তেওঁৰ মূৰত আৰু এটা কাণত লাগিছিল।৮৯১০
আমজাদ সাবৰিৰ অন্ত্যেষ্টিক্ৰিয়াত হাজাৰ হাজাৰ লোক উপস্থিত আছিল। তেওঁক নাজিমাবাদৰ পাপশ কবৰস্থানত তেওঁৰ দেউতাক গোলাম ফৰিদ সাবৰি আৰু খুৰাক মকবুল আহমেদ সাবৰিৰ কবৰৰ ওচৰতে সমাধিস্থ কৰা হৈছিল।১১
স্বীকৃতি
পাকিস্তান চৰকাৰে সাবৰিক প্ৰাইড অৱ পাকিস্তান সন্মান প্ৰদান কৰিছিল।১২ ২০১৮ চনত তেওঁক পাকিস্তানৰ ৰাষ্ট্ৰপতিয়ে দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক বঁটা চিতাৰা-এ-ইমটিয়াজ প্ৰদান কৰে।১৩
তথ্যসূত্ৰ
- ↑ Ali, Dawn.com · Imtiaz. (22 June 2016). Famed qawwal Amjad Sabri gunned down in Karachi
- ↑ Tsioulcas, Anastasia. (26 June 2016). Why Muslim Musician Gunned Down? NPR. NPR
- ↑ (23 June 2016). Amjad Sabri. Telegraph
- ↑ Web Desk. (22 June 2016). Amjad Sabri: a look back at the life of the legendary qawwal. The News
- ↑ (23 June 2016). Amjad Sabri, Sufi singer – obituary. The Telegraph
- ↑ Images Staff. (2016-08-06). Amjad Sabri, Rahat Fateh, Abida Parveen kick-start Coke Studio 9 with an emotional tribute
- ↑ Baloch, Saher. (2017-06-22). Remembering Amjad Sabri, the family man who loved playing Ludo. DAWN.COM
- ↑ Khan, Faraz. (3 May 2015). Amjad Sabri shot dead in Karachi – The Express Tribune. Tribune.com.pk
- ↑ (29 July 2015). Renowned Pakistani singer Qawwal Amjad Sabri shot dead in Karachi. Firstpost
- ↑ Renowned qawwali singer Amjad Sabri killed in Karachi gun attack: hospital sources. Dunya News
- ↑ Amjad Sabri laid to rest amid sobs, tears. Samaa TV
- ↑ (23 June 2016). RIP Ghulam Amjad Sabri - I hope this won't be the end of tolerant, courageous voices. The Nation (newspaper)
- ↑ (March 23, 2018). President Mamnoon confers civil awards on Yaum-i-Pakistan. Dawn
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আমজাদ সাবৰি” প্ৰবন্ধৰ সংশোধন ৫৩৯৩০০ (১৯ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।