ওস্তাদ গোলাম আলি (Ustad Ghulam Ali; জন্ম: ৫ ডিচেম্বৰ, ১৯৪০) পাতিয়ালা ঘৰাণাৰ এগৰাকী পাকিস্তানী গজল গায়ক। তেওঁ বলিউডৰো এগৰাকী খ্যাতনামা গায়ক। তেওঁ বড়ে গোলাম আলি খানৰ শিষ্য আছিল। বড়ে (ডাঙৰ) গোলাম আলি খানৰ ভাতৃ বৰকত আলি খান আৰু মুবাৰক আলি খানৰপৰাও তেওঁ সংগীতৰ তালিম লৈছিল।
জীৱনপঞ্জী
গোলাম আলিক তেওঁৰ যুগৰ প্ৰখ্যাত গজল গায়কসকলৰ এগৰাকী বুলি কোৱা হয়। তেওঁৰ গায়কী একক আৰু অনন্য; কিয়নো তেওঁ গজলৰ সৈতে হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ সমন্বয় ঘটাই নিজস্ব শৈলীত পৰিৱেশন কৰে, যিটো আন গজল গায়কসকলৰ ক্ষেত্ৰত শুনিবলৈ পোৱা নাযায়। পাকিস্তান, ভাৰত, আফগানিস্তান, নেপাল, বাংলাদেশৰ লগতে আমেৰিকা যুক্তৰাজ্য, ইউ কে আৰু মধ্য প্ৰাচ্যৰ দেশসমূহৰ দক্ষিণ এছিয়াৰ প্ৰবাসীসকলৰ মাজত আলি অত্যন্ত জনপ্ৰিয়।১
তেওঁৰ বহুতো হিট গজল বলীউডৰ চলচ্চিত্ৰত ব্যৱহাৰ কৰা হৈছে। তেওঁৰ বিখ্যাত গজলবোৰ হৈছে; চুপকে চুপকে ৰাত দিন, কাল চৌধবি কি ৰাত থি, হাঙ্গামা হে ক্যিউ বৰপা, চমকতে চান্দ কো, কিয়া হে প্যাৰ জিছে, ম্যে নজৰ চে পী ৰহা হুঁ, মস্তানা পীয়ে, য়ে দিল য়ে পাগল দিল, নাছিৰ কাজমিৰ গজল অপনি ধুন ম্যে ৰেহতা হুঁ, হাম কো কিচকে গম নে মাৰা ইত্যাদি। তেওঁৰ শেহতীয়া এলবাম হছৰতেক ষ্টাৰ জিআইএমএ এৱাৰ্ডচ ২০১৪ ত শ্ৰেষ্ঠ গজল এলবাম শ্ৰেণীত মনোনীত কৰা হৈছিল। তেওঁ আফছানা আলিৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। তেওঁলোকৰ মঞ্জৰী গোলাম আলি নামে এটি কন্যা সন্তান আছে।
২০১৫ চনত, মুম্বাইত শিৱসেনাৰ প্ৰতিবাদৰ বাবে, তেওঁৰ সংগীতানুষ্ঠান বাতিল কৰা হৈছিল।২ ইয়াৰ পিছত তেওঁ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বন্দ্যোপাধ্যায় আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী অখিলেশ যাদৱৰ পৰা আমন্ত্ৰণ লাভ কৰে।৩ এই বাতিলকৰণৰ পিছত তেওঁ লক্ষ্ণৌ৩, নতুন দিল্লী, ত্ৰিবান্দ্ৰম আৰু ভাৰতৰ কোজিকোড়েত প্ৰদৰ্শন কৰিছিল।৪
২০১৫ চনত প্ৰকাশ পোৱা এটি বাতৰি অনুসৰি, গোলাম আলিয়ে কৈছিল যে, সংগীতৰ বাবে পৰিস্থিতি সঠিক নোহোৱালৈকে তেওঁ ভাৰতত প্ৰদৰ্শন নকৰে। তেওঁ অৱশ্যে আশ্বাস দিছিল যে যেতিয়া পৰিৱেশ সঠিক হব তেতিয়া তেওঁ ভাৰত ভ্ৰমণ কৰিব। সংগীতক ৰাজনীতিকৰণ কৰাটো তেওঁ বিচৰা নাছিল।৪
তেওঁৰ পুত্ৰদ্বয় আমিৰ গোলাম আলি৫ আৰু নজৰ আলি আব্বাছ দুয়োজনেই সংগীতকাৰ।৬
তথ্যসূত্ৰ
- ↑ Amjad Parvez. (8 April 2014). Legendary singer Ghulam Ali. Academy of the Punjab in North America (APNA) website
- ↑ Pakistani Singer's Concerts in India Are Canceled After Shiv Sena Protests The New York Times, Published 8 October 2015. Retrieved 16 July 2019
- ↑ Ghulam Ali Performs in Lucknow, Meets Akhilesh Yadav. NDTV.com
- ↑ Ghulam Ali doesn't want to be used for political mileage; won't perform in India. Zee News
- ↑ (22 January 2014). Pakistani ghazal singer Ghulam Ali perform with his son Amir at a hotel in Bandra, Mumbai. হিন্দুস্তান টাইমছ
- ↑ (8-14 August 2003). Wah Ustad!. Nepali Times
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গোলাম আলি” প্ৰবন্ধৰ সংশোধন ৩৯১৬৩৯ (১৪ নৱেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।