অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আতা উল হক কাচ্‌মি

আতা উল হক কাচ্‌মি (Ata ul Haq Qasmi) এগৰাকী উৰ্দু ভাষাৰ পাকিস্তানী স্তম্ভলেখক, নাট্যকাৰ আৰু কবি। তেওঁ প্ৰায় বিশখন কিতাপ লিখাৰ উপৰিও পাকিস্তানৰ আগশাৰীৰ বাতৰি কাকতৰ বাবে বিভিন্ন বিষয়ৰ ওপৰত বহুতো প্ৰবন্ধ লিখিছে।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ২০৮ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

আতা উল হক কাচ্‌মি (Ata ul Haq Qasmi) এগৰাকী উৰ্দু ভাষাৰ পাকিস্তানী স্তম্ভলেখক, নাট্যকাৰ আৰু কবি। তেওঁ প্ৰায় বিশখন কিতাপ লিখাৰ উপৰিও পাকিস্তানৰ আগশাৰীৰ বাতৰি কাকতৰ বাবে বিভিন্ন বিষয়ৰ ওপৰত বহুতো প্ৰবন্ধ লিখিছে।১

প্ৰাৰম্ভিক জীৱন আৰু সাহিত্য যাত্ৰা

১৯৪৩ চনত ভাৰতৰ পাঞ্জাৱৰ অমৃতসৰত কাচ্‌মিৰ জন্ম হৈছিল। তেওঁৰ পৰিয়ালটো আছিল ঘাইকৈ কাশ্মীৰী মূলৰ।২ তেওঁৰ দেউতাক মৌলানা বাহা উল হক কাচ্‌মিয়ে অমৃতসৰৰ মাও (MAO) হাইস্কুল আৰু মাও (MAO) কলেজত অধ্যাপনা কৰিছিল। ১৯৪৭ চনত পাকিস্তানে স্বাধীনতা লাভ কৰাৰ পিছত তেওঁৰ পৰিয়াল পাকিস্তানলৈ প্ৰব্ৰজন কৰে। পৰিয়ালটো প্ৰথমে ৱাজিৰাবাদত আছিল যদিও পিছত নিগাজীকৈ লাহোৰত থাকিবলৈ লয়। আতা-উলে লাহোৰত স্কুলীয়া শিক্ষা সমাপ্ত কৰে আৰু লাহোৰ মাও (MAO) মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁ প্ৰথমে উৰ্দু ভাষাৰ বাতৰি কাকত নৱা-এ-ৱক্তত সহকাৰী-সম্পাদক হিচাপে যোগদান কৰিছিল। প্ৰখ্যাত সাংবাদিক মজিদ নিজামী এই কাকতখনৰ সম্পাদক আছিল। পিছত তেওঁ দৈনিক জং আৰু অন্যান্য বহুতো বাতৰি কাকতৰ বাবে স্তম্ভ লেখন আৰম্ভ কৰে।

কাচ্‌মিয়ে সমাজৰ সামাজিক অসমতাৰ ওপৰত ব্যংগ লেখিছিল আৰু সাহসেৰে একনায়কত্ববাদ বিৰোধী স্থিতিক গ্ৰহণ কৰিছিল। এই দুয়োটাই আছিল কাচ্‌মিৰ স্তম্ভ লেখনৰ বৈশিষ্ট্য। দেশৰ গুৰুত্বপূৰ্ণ বিষয়বোৰ ব্যংগৰে উদঙাই দিব পৰা এক অনন্য লেখন শৈলীৰ বাবে তেওঁ তেওঁৰ সমসাময়িক অন্যান্য লেখকসকলতকৈ এক সুকীয়া পৰিচিতি লাভ কৰিছিল।৩

পাকিস্তানৰ ৰাষ্ট্ৰদূত হিচাপে তেওঁ ১৯৯৭ চনৰপাৰা ১৯৯৯ চনলৈ নৰৱে আৰু থাইলেণ্ডত কাৰ্যনিৰ্বাহ কৰিছিল।৪তেওঁৰ কিতাপ আৰু বাতৰি কাকতৰ স্তম্ভবোৰৰ ভিতৰত আছে; কলম তামাম, চৰ গ’চিয়া, হচনা ৰৌনা মনা হ্যে, মজিদ গঞ্জে ফৰিস্তে আৰু অন্যান্য। আনহাতে তেওঁৰ দূৰদৰ্শনৰ নাটক তথা ধাৰাবাহিকসমূহৰ ভিতৰত আটাইতকৈ জনপ্ৰিয় পিটিভি টিভি নাটক হৈছে ‘খাৱজা এণ্ড চনচ্‌’ (১৯৮৮), সৱ দাইগ আৰু আপ কা খাদিম। তেওঁৰ ভ্ৰমণকাহিনী চৌখ-এ-আৱাৰ্গী আৰু গৌড়ন কে দেচ ম্যে পাঠকসকলৰ মাজত বহুলভাৱে পঠিত আৰু জনপ্ৰিয়।৩ ২০১৫ চনৰ আৰম্ভণিতে তেওঁ পাকিস্তানৰ লাহোৰৰ ‘লাহোৰ কলা পৰিষদ’ৰ সন্মানীয় অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰে।৪৫

প্ৰবীণ পাকিস্তানী সাংবাদিক আলতাফ গৌহৰে কাচ্‌মিক পাকিস্তানী বাতৰি কাকতৰ আটাইতকৈ কৌশলী ব্যংগ লেখক বুলি উল্লেখ কৰিছে। প্ৰখ্যাত লেখক মুস্তাক আহমেদ ইউচুফিয়ে তেওঁক দেশৰ শ্ৰেষ্ঠতম স্তম্ভলেখক বুলি অভিহিত কৰিছিল। তেওঁ ৫২ বছৰ ধৰি সাংবাদিক হিচাপে কাম কৰিছিল।১৪৬

২০১৫ চনত, কাচ্‌মিক পাকিস্তান টেলিভিছন কৰ্পোৰেচনৰ অধ্যক্ষ হিচাপে নিযুক্ত দিয়া হয়। এইটো আছিল এটা চৰকাৰী প্ৰতিষ্ঠান। ইয়াত তেওঁ ২০১৭ চনৰ ডিচেম্বৰ মাহলৈকে কাৰ্যনিৰ্বাহ কৰিছিল।৪৬৩ নাট্যকাৰ হিচাপে তেওঁ ৩৫ বছৰৰো অধিক সময় ধৰি পাকিস্তানী দূৰদৰ্শনৰ সৈতে জড়িত হৈ আছিল।৪

তথ্যসূত্ৰ

  1. ↑ Profile of Ata ul Haq Qasmi on Pakistan Times (newspaper) Retrieved 19 May 2019
  2. ↑ Shahab Ansari (20 February 2018), "Ataul Haq Qasmi debunks myths about his state TV stint" The News International (newspaper). Retrieved 19 May 2019
  3. ↑ Profile of Ata ul Haq Qasmi on hipinpakistan.com website Retrieved 19 May 2019
  4. ↑ Profile of Ata ul Haq Qasmi on Pakistan Press Foundation website Retrieved 19 May 2019
  5. ↑ (October 2013). Lahore Arts Council ( Ata ul Haq Qasmi, chairman, Board of Governors and other Members). Lahore Arts Council website
  6. ↑ Ata ul Haq Qasmi appointed Chairman of Pakistan Television Corporation on Aaj TV website Published 31 Dec 2015, Retrieved 19 May 2019

সম্পৰ্কিত শ্ৰেণী

পাকিস্তানৰ ব্যক্তিকবিসাহিত্যিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আতা উল হক কাচ্‌মি” প্ৰবন্ধৰ সংশোধন ৬৩৯৪৫৯ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।