অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰাহত ফটেহ আলি খান

ৰাহত ফটেহ আলি খান (Rahat Fateh Ali Khan; উৰ্দু: راحت فتح علی خان; জন্ম: ৯ ডিচেম্বৰ ১৯৭৪) তেওঁ ফাৰুক ফটেহ আলি খানৰ পুত্ৰ, কাৱালী গায়ক ফটেহ আলি খানৰ নাতি আৰু নুছৰত ফটেহ আলি খানৰ ভতিজা। কাৱালীৰ উপৰিও, তেওঁ গজল আৰু অন্যান্য ফিল্মী সংগীত পৰিৱেশন কৰে।

হালনাগাদ: ১ নৱেম্বৰ ২০২৬ ৪২৬ শব্দ · ২ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

ৰাহত ফটেহ আলি খান (Rahat Fateh Ali Khan; উৰ্দু: راحت فتح علی خان; জন্ম: ৯ ডিচেম্বৰ ১৯৭৪) এগৰাকী পাকিস্তানী গায়ক। তেওঁ মুখ্যতঃ কাৱালী আৰু চুফী ভক্তিমূলক সংগীত পৰিৱেশন কৰে। খান পাকিস্তানৰ প্ৰখ্যাত আৰু সৰ্বাধিক উপাৰ্জন কৰা গায়কসকলৰ মাজৰ এজন।১ তেওঁ ফাৰুক ফটেহ আলি খানৰ পুত্ৰ, কাৱালী গায়ক ফটেহ আলি খানৰ নাতি আৰু নুছৰত ফটেহ আলি খানৰ ভতিজা। কাৱালীৰ উপৰিও, তেওঁ গজল আৰু অন্যান্য ফিল্মী সংগীত পৰিৱেশন কৰে। তেওঁ হিন্দী চিনেমা আৰু পাকিস্তান চলচ্চিত্ৰ উদ্যোগৰ এগৰাকী নেপথ্য গায়ক হিচাপেও জনপ্ৰিয়।২

প্ৰাৰম্ভিক জীৱন

পাকিস্তানৰ পঞ্জাৱৰ ফয়সলাবাদৰ কাৱাল আৰু শাস্ত্ৰীয় গায়কসকলৰ এটা পাঞ্জাৱী পৰিয়ালত ৰাহতৰ জন্ম হৈছিল।৩ তেওঁ ফাৰুক ফটেহ আলি খানৰ পুত্ৰ, ফটেহ আলি খানৰ নাতি আৰু কিংবদন্তি কাৱালী গায়ক নুছৰত ফটেহ আলি খানৰ ভতিজা। ৪

ৰাহতে খুব কম বয়সৰ পৰাই সংগীতৰ প্ৰতি অনুৰাগ প্ৰকাশ কৰিছিল আৰু তিনি বছৰতকৈও কম বয়সৰপৰা প্ৰায়ে তেওঁৰ খুৰাক আৰু দেউতাকৰ সৈতে গান গাইছিল। সাত বছৰ বয়সৰ পৰা, তেওঁক তেওঁৰ খুৰাক নুছৰত ফটেহ আলি খানৰপৰা কাৱালী গীত গোৱা আৰু পৰিৱেশন কৰাৰ প্ৰশিক্ষণ লৈছিল।৫৬

কৰ্মজীৱন

ৰাহতে ন বছৰ বয়সত, তেওঁৰ ককাকৰ মৃত্যু বাৰ্ষিকীত প্ৰথমবাৰৰ বাবে ৰাজহুৱা প্ৰদৰ্শন কৰিছিল। পোন্ধৰ বছৰ বয়সৰ পৰা, তেওঁ নুছৰত ফটেহ আলি খানৰ প্ৰখ্যাত কাৱালী গোটৰ এক অবিচ্ছেদ্য অংশ হৈ পৰে আৰু ১৯৮৫ চনত খুৰাকৰ সৈতে তেওঁ গীত পৰিৱেশনৰ বাবে ইউ কে ভ্ৰমণ কৰে। কাৱালী গোৱাৰ উপৰিও বিভিন্ন সংগীতানুষ্ঠানত তেওঁ একক গীত পৰিৱেশন কৰিছিল।

তেওঁ ‘পাপ’ (২০০৩) চলচ্চিত্ৰত গোৱা মন কি লগন গীতটিৰ জৰিয়তে বলীউডত নেপথ্য গায়ক হিচাপে আত্মপ্ৰকাশ কৰে।

২০১২ চনৰ এপ্ৰিল মাহত ৰাহতে ইউ কে ভ্ৰমণ কৰি ৱেম্বলি এৰেনা আৰু মানচেষ্টাৰ এৰেনাত সংগীত পৰিৱেশন কৰে, এই অনুষ্ঠানটো প্ৰায় ২০,০০০ দৰ্শকে উপভোগ কৰিছিল আৰু ই সৰ্বাধিক টিকট বিক্ৰীৰ অভিলেখ সৃষ্টি কৰিছিল।৭৮

ৰাহতৰ ২০১৪ চনত মুক্তি পোৱা বেক টু লাভ এলবামৰ জৰুৰী থা গীতটো আছিল ভাৰতৰ প্ৰথমটো অ-চলচ্চিত্ৰীয় মিউজিক ভিডিঅ’, যিটোৱে দুবছৰত ১০০ মিলিয়ন আৰু মুক্তিৰ তিনি বছৰৰ পিছত ইউটিউবত ২০০ মিলিয়ন দৰ্শক লাভ কৰিছিল। বৰ্তমান এই ভিডিঅ’টোৰ দৰ্শনকাৰীৰ সংখ্যা এক বিলিয়নতকৈও বেছি।৯১০ তেওঁ নেচকেফে বেচমেণ্টৰ হৈ লিঅ’ ভাতৃদ্বয়ৰ১১ সৈতে নিয়মীয়াকৈ ভ্ৰমণ কৰি আছে।

চাউণ্ডট্ৰেক আৰু কলাব’ৰেচন

ৰাহতে তেওঁৰ খুৰাক নুছৰত ফটেহ আলি খানৰ অধীনত আমেৰিকান ৰক বেণ্ড পাৰ্ল জেমৰ এডি ভেড্ডাৰৰ সহযোগত ১৯৯৫ চনৰ হলিউড চলচ্চিত্ৰ ডেড মেন ৱাকিংৰ চাউণ্ডট্ৰেকত কাম কৰে। ২০০২ চনত, তেওঁ অৰ্কেষ্ট্ৰা আৰু চলচ্চিত্ৰ সংগীতৰ আমেৰিকান ৰচয়িতা জেমছ হৰ্ণাৰৰ সহযোগত ''দ্য ফোৰ ফেয়াৰছ'ৰ চাউণ্ডট্ৰেকত কাম কৰিছিল।১২

টেলিভিছন

তেওঁ চনু নিগমৰ সৈতে ছ’টে ওস্তাদ নামৰ অনুষ্ঠানটোৰ বিচাৰক কৰিছিল। ২০০৮ চনত এন ডি টিভি ইমাজিনৰ গায়ক ৰিয়েলিটি শ্ব জুনুনৰ তেওঁ অন্যতম বিচাৰক আছিল।১৩১৪

ন’বেল শান্তি বঁটা কনচাৰ্ট

২০১৪ চনৰ ন’বেল শান্তি বঁটা প্ৰদান অনুষ্ঠানৰ কনচাৰ্টলৈ আমন্ত্ৰণ জনোৱা ৰাহত প্ৰথমগৰাকী পাকিস্তানী শিল্পী আছিল।১৫ তেওঁ নুছৰত ফটেহ আলি খানৰ আটাইতকৈ স্মৰণীয় কাৱালী তুম্‌হে দিল্লেগী আৰু মষ্ট কলন্দৰ পৰিৱেশন কৰিছিল আৰু আও পৰহাও গাইছিল।১৬১৭

স্বীকৃতি

ৰাহতে তেওঁৰ গায়কীৰ বাবে ফিল্মফেয়াৰ বঁটা, আইফা এৱাৰ্ড, ষ্টাৰ স্ক্ৰীণ এৱাৰ্ডকে ধৰি মুঠ ২৭টি বঁটা লাভ কৰিছে আৰু অন্য ১৮টা বঁটাৰ বাবে মনোনয়ন লাভ কৰিছিল। ২০১৯ চনৰ ২৬ জুন তাৰিখে অক্সফৰ্ড বিশ্ববিদ্যালয়ে তেওঁক সংগীতৰ সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে।১৮১৯২০

তথ্যসূত্ৰ

  1. ↑ (14 July 2017). You can't listen to them if you can't afford them…. The Express Tribune
  2. ↑ Pallavi Jassi. (20 April 2008). Sufi sublime. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
  3. ↑ Asghar, Toheed. (17 January 2023). Hereditary lineage of Chak 248, BIsmillahpur, Faisalabad, Pakistan
  4. ↑ Prince of Qawwalis
  5. ↑ al., Sarina Singh .. et. (2008). Pakistan & the Karakoram Highway.. Lonely Planet. ISBN 9781741045420
  6. ↑ M. Sheikh, A. Sheikh. (2012). Who's Who: Music in Pakistan. Xlibris Corporation, 2012. ISBN 9781469191591
  7. ↑ Rahat Fateh Ali Khan smashes BO sales at Wembly Stadium
  8. ↑ Rahat Fateh Ali Khan. cokestudio.com.pk
  9. ↑ (7 July 2017). Rahat Fateh Ali Khan's Zaroori Tha reaches 100 mn club. Radio and Music
  10. ↑ (25 May 2017). Rahat Fateh Ali Khan's 'Zaroori Tha' music video crosses 200 million. Radio and Music
  11. ↑ (10 November 2019). Rahat Fateh Ali Khan enthrals audience with magic of fusion in US, UK concerts. Daily Times
  12. ↑ James Horner, Rahat Nusrat Fateh Ali Khan* – The Four Feathers. Discogs
  13. ↑ (2 May 2008). Annu Kapoor host Junoon Kuchh Kar Dikhaane Ka
  14. ↑ Ustaad Fateh Ali Khan to perform at the IIFA Magic of the Movies & Technical Awards. IIFA
  15. ↑ (22 November 2014). Rahat Fateh Ali Khan to perform at Nobel Peace Prize Award ceremony. Pakistan Today
  16. ↑ (7 December 2014). Rahat to sing 'Aao Parhao' anthem at Nobel Peace Prize Concert. The Express Tribune
  17. ↑ USTAD RAHAT FATEH ALI KHAN – 2014 Nobel Peace Prize Concert Artist. Nobel Peace Prize Concert
  18. ↑ (25 March 2019). Honorary degree recipients for 2019 announced. The University of Oxford
  19. ↑ Shah, Murtaza; Mahmood, Nazam. (26 June 2019). Rahat awarded honorary doctorate degree by Oxford University. The News International
  20. ↑ (26 June 2019). Rahat Fateh Ali Khan receives honorary degree at Oxford. The Express Tribune

সম্পৰ্কিত শ্ৰেণী

পাকিস্তানৰ ব্যক্তিসংগীতজ্ঞ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাহত ফটেহ আলি খান” প্ৰবন্ধৰ সংশোধন ৬৩৪৪৪১ (৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।