অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

নিগনি

নিগনি এন্দুৰ বৰ্গৰ আটাইতকৈ সৰু সদস্য বুলিব পাৰি। নিগনি ১৫-২০ চেণ্টিমিটাৰ দীঘল আৰু ভৰত ৩০-৬০ গ্ৰাম হ'ব পাৰে। ২ৰ পৰা ৩ বছৰ জীয়াই থকা নিগনিয়ে ২২ কিলোমিটাৰ/ঘণ্টাৰ বেগতো দৌৰাৰ অভিলেখ আছে।

হালনাগাদ: ৪ জুলাই ২০২০ ১৯০ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

নিগনি এন্দুৰ বৰ্গৰ আটাইতকৈ সৰু সদস্য বুলিব পাৰি।১ নিগনি ১৫-২০ চেণ্টিমিটাৰ দীঘল আৰু ভৰত ৩০-৬০ গ্ৰাম হ'ব পাৰে। ২ৰ পৰা ৩ বছৰ জীয়াই থকা নিগনিয়ে ২২ কিলোমিটাৰ/ঘণ্টাৰ বেগতো দৌৰাৰ অভিলেখ আছে।২

নিগনি
নিগনিছবি: Steve Beger · CC BY-SA 2.0

প্ৰজনন

পিংকি
পিংকিছবি: John Bessa at en.wikipedia · Public domain

নিগনিৰ পোৱালিক পিংকি(pinky), মতা নিগনিক বাক(buck), আৰু মাইকী নিগনিক দ'(doe) বোলা হয়। ৬-৮ সপ্তাহৰ নিগনিয়ে পিংকি জন্ম দিয়া আৰম্ভ কৰিব পাৰে। নিগনিয়ে একেলগে ৫-১০ৰ গোটত পিংকি জন্ম কৰে।৩

খাদ্য

নিগনিয়ে প্ৰায় নিৰামিষ খাদ্য খোৱা দেখা যায়, কিন্তু প্ৰকৃততে নিগনি সৰ্বভোজী। নিগনিয়ে মৃত নিগনিৰ শ, ফল, গুটি শস্য, আৰু আকালৰ সময়ত নিজৰ নেজো খোৱা দেখা যায়। মাথোঁ গ্ৰাচহোপাৰ নিগনি হে অকল মাংশাহাৰী।৪

আচৰণ

বন্যাৱস্থাত

প্ৰাকৃতিক পৰিৱেশত নিগনিয়ে গাইগুটিয়া 'এলেকা' পাতি বাস কৰে। মতা নিগনিৰ এলেকা প্ৰায় মাইকী নিগনিৰ এলেকাতকৈ ডাঙৰ হয়। প্ৰায়ভাগ মাইকী নিগনিৰ এলেকাবোৰ মতা নিগনিৰ এলেকাৰ ভিতৰতে থাকে। মতা নিগনিয়ে নিজৰ ইচ্ছা মতে মাইকী নিগনিৰ এলেকাত প্ৰৱেশ কৰিব পাৰে। এটি মতা নিগনিৰ এলেকাত এজনী বা এজনীতকৈ অধিক মাইকী নিগনিৰ এলেকাও থাকিব পাৰে।৫

বনৰীয়া নিগনি
বনৰীয়া নিগনিছবি: Edal Anton Lefterov · CC BY-SA 3.0

বন্দী অবস্থাত

ঘৰত ৰখা নিগনি
ঘৰত ৰখা নিগনিছবি: by Aaron Logan · CC BY 1.0

বন্দী অৱস্থাত মাইকী নিগনিবোৰক অধিক সামাজিক দেখা যায়। ২-৩ মাইকী নিগনিক একেলগত ৰাখিলে কোনো কাজিয়া কৰা দেখা নাযায়। যদি একতকৈ অধিক মাইকী নিগনিয়ে একেলগে পিংকি জন্ম দিয়ে, কোনো কাজিয়া নকৰি নিগনিবোৰে পিংকিবোৰক একেলগে ডমাই ভৰণ পোষণ কৰাৰ দায়িত্ব লয়। কিছুমান ব্যৱহাৰৰ বাহিৰে মতা নিগনিৰ ব্যৱহাৰ বনত থকা নিগনিৰ দৰেই।৬

তথ্যসূত্ৰ

  1. ↑ www.animalcorner.co.uk/pets/mice/mice_about.html 1st sentence
  2. ↑ www.animalcorner.co.uk/pets/mice/mice_about.html 2nd and 3rd paragraph
  3. ↑ www.animalcorner.co.uk/pets/mice/mice_about.html
  4. ↑ www.animalcorner.co.uk/pets/mice/mice_about.html 8th paragraph
  5. ↑ www.animalcorner.co.uk/pets/mice/mice_about.html Mouse behavior: Mouse behavior in the wild
  6. ↑ www.animalcorner.co.uk/pets/mice/mice_about.html Mouse behavior:Mouse behavior while captive

সম্পৰ্কিত শ্ৰেণী

সৰ্বভোজীজীৱবিজ্ঞান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিগনি” প্ৰবন্ধৰ সংশোধন ২৪০৪৪৬ (৪ জুলাই ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।