মৃত্যু হৈছে এনে এটা অৱস্থা য'ত এটা জীৱৰ সকলো জৈৱিক ক্ৰিয়া বন্ধ হৈ যায়। বৰ্দ্ধিত বয়স, চিকাৰ, অপুষ্টি, ৰোগ, আত্মহত্যা, হত্যা, আকাল, জলাভাৱ, আৰু দুৰ্ঘটনা অন্য আঘাত যাৰ বাবে চূড়ান্ত আভ্যন্তৰিণ ক্ষতি আদিৰ বাবে জীৱৰ মৃত্যু হ'ব পাৰে। মৃত্যুৰ ঠিক পিছৰে পৰা জীৱদেহ পচিবলৈ আৰম্ভ কৰে। মৃত্যুক সাধাৰণতে দুখজনক বা বেয়া ঘটনা বুলি বিবেচনা কৰা হয়, কাৰণ মৃত্যুৰ পিছত মৃতক জনৰ লগত থকা সকলো আবেগিক বান্ধোনৰ অন্ত পৰে, বা মৃত্যুৰ ভয়, নেক্ৰ'ফ'বিয়া, দুঃচিন্তা, দুখ, শোক, আবেগিক বেদনা, অৱসাদ, সহানুভূতি, দয়া, নিঃসংগতা, বা নিৰুদ্দেশ।
মৃত্যুৰ চিহ্নসমূহ
এটা উষ্ম তেজৰ জীৱৰ মৃত্যুৰ চিহ্ন বা লক্ষণবোৰ হৈছে:
- শ্বাসক্ৰিয়া বন্ধহোৱা।
- কাৰ্ডিয়াক এৰেষ্ট, হৃদ ক্ৰিয়া বন্ধ হৈ যোৱা (পালছ নেমাৰে)।
- Pallor mortis, মৃত্যুৰ ১৫-১২০ মিনিটৰ পাছত দেহটো শেঁতা পৰি যায়।
- Livor mortis, দেহৰ নিম্নাংশত তেজ গোট মাৰে (নিৰ্ভৰ কৰে)।
- Algor mortis, মৃত্যুৰ পিছত দেহৰ উষ্ণতা কমি যায়।
- Rigor mortis, মৃতদেহৰ হাত-ভৰি জঠৰ হৈ পৰে আৰু লৰচৰ কৰাবলৈ টান হয় বা দেহটো পচিবলৈ আৰম্ভ কৰে। দূৰ্গন্ধ সৃষ্টিৰে দেহৰ জটিল পদাৰ্থবোৰ সৰল পদাৰ্থলৈ ৰূপান্তৰ হ'বলৈ ধৰে।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মৃত্যু” প্ৰবন্ধৰ সংশোধন ৫০৩৮৫৫ (১৮ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।