এককোষী জীৱ হল, সেইবোৰ জীৱ যিবোৰ জীৱৰ দেহ মাত্ৰ এটা কোষ (জীৱবিজ্ঞান)ৰ দ্বাৰা গঠিত হয়, আনহাতে বহুকোষী জীৱবোৰৰ শৰীৰত একাধিক কোষ থাকে। ঐতিহাসিক ভাবে সৰল এককোষী জীৱ বোৰক ম'নাড বুলিও কয়।১ বেক্টেৰিয়া, আৰ্কিয়া, আদ্যপ্ৰাণী, এককোষী শেলাই আৰু এককোষী ভেঁকুৰ আদি এককোষী জীৱৰ প্ৰধান গোট। এককোষী জীৱবোৰক দুটা ভাগত ভাগ কৰা হৈছে: প্ৰকোষকেন্দ্ৰীক জীৱ আৰু সংকোষকেন্দ্ৰীক জীৱ। এককোষী জীৱবোৰক জীৱনৰ পুৰণা ৰূপ বুলি গণ্য কৰা হয়, সম্ভৱতঃ প্ৰায় ৩৮ নিযুত বছৰৰ আগৰ পৰাই বিদ্যমান।২
সংকোষকেন্দ্ৰীক জীৱ, বেছিভাগ প্ৰটিষ্টা, আৰু কিছুমান ভেঁকুৰ এককোষী। যদিও এনে কিছুমান জীৱ সংঘবদ্ধ হৈ থাকে, তথাপি সিহঁত এককোষী। এনে জীৱ বোৰে একেলগে জীৱন নিৰ্বাহ কৰে। সিহঁত প্ৰত্যেকেই পৰস্পৰে নিৰ্ভৰশীল হৈ জীয়াই থাকে। আনহাতে, ডাইক্ট'ষ্টেলিয়ামৰ দৰে কিছুমান জীৱ, পৰিস্থিতি সাপেক্ষে এককোষী আৰু বহুকোষী দুয়োটা ৰূপতে পোৱা যায়।
বেছিভাগ এককোষী জীৱ ইমান ক্ষুদ্ৰ যে সিহঁতক অণুবীক্ষণ যন্ত্ৰৰ যোগেদিহে দেখা পোৱা যায়, সেইবাবে সিহঁতক অণুজীৱ বোলে। অৱশ্যে, কিছুমান প্ৰটিষ্ট আৰু বেক্টেৰিয়া খালি চকুৰেও দেখা পোৱা যায়।৩ যেনে:
- জেন'ফাইঅ'ফৰ, ফৰমেনিফেৰা পৰ্বৰ জীৱ,
- নাম্মুলাইট,ফৰমেনিফেৰা পৰ্বৰ জীৱ,
- ভেল'নিয়া ভেণ্ট্ৰিক'ছা, ক্লৰ'ফাইছিয়া শ্ৰেণীৰ এবিধ শেলাই, যাৰ ব্যসাৰ্ধ ১ ছে.মি.ৰ পৰা ৪ ছে.মি. পৰ্যন্ত হয়,৪৫
- এচিটাবুলেৰিয়া, শেলাই,
- কাউলেৰ্পা, শেলাই,৬
- গ্ৰ'মিয়া স্ফেৰিকা, এক প্ৰকাৰৰ এমিবা,
- থিঅ'মাৰ্গেৰিটা নামিবিয়েনছিচ বৃহৎ আকাৰৰ বেক্টেৰিয়া,
- এপোল'পিচকাম ফিছেলচনি, এবিধ বেক্টেৰিয়া আদি।
তথ্যসূত্ৰ
- ↑ Monad. Biology online
- ↑ An Introduction to Cells. ThinkQuest
- ↑ Max Planck Society Research News Release Accessed 21 May 2009
- ↑ Bauer, Becky. (October 2008). Gazing Balls in the Sea. All at Sea
- ↑ John Wesley Tunnell, Ernesto A. Chávez, Kim Withers. (2007). Coral reefs of the southern Gulf of Mexico. Texas A&M University Press. পৃ. 91. ISBN 1-58544-617-3
- ↑ (2014-02-23). What is the Largest Biological Cell? (with pictures). Wisegeek.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এককোষী জীৱ” প্ৰবন্ধৰ সংশোধন ৩৮০২৪১ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।