অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

অমেৰুদণ্ডী প্ৰাণী

অমেৰুদণ্ডী প্ৰাণী হৈছে মেৰুদণ্ড বা পৃষ্ঠৰজ্জু নথকা বা বিকশিত নোহোৱা প্ৰাণী। উপপৰ্ব মেৰুদণ্ডীৰ অন্তৰ্ভূক্ত নোহোৱা প্ৰাণীবোৰেই হৈছে অমেৰুদণ্ডী প্ৰাণী। সন্ধিপদী (পতংগ, আৰ্কিনাইড, ক্ৰাষ্টাচিয়ান, আৰু মিৰিয়াপদছ), কোমলদেহী (কাইটন, শামুক, বাইভেল্‌ভছ, ষ্কুইড, আৰু অক্টোপাছ), বলয়ী (কেচু আৰু জোক), আৰু…

হালনাগাদ: ২৭ আগষ্ট ২০২৬ ২৬০ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

অমেৰুদণ্ডী প্ৰাণী হৈছে মেৰুদণ্ড বা পৃষ্ঠৰজ্জু নথকা বা বিকশিত নোহোৱা প্ৰাণী। উপপৰ্ব মেৰুদণ্ডীৰ অন্তৰ্ভূক্ত নোহোৱা প্ৰাণীবোৰেই হৈছে অমেৰুদণ্ডী প্ৰাণী। সন্ধিপদী (পতংগ, আৰ্কিনাইড, ক্ৰাষ্টাচিয়ান, আৰু মিৰিয়াপদছ), কোমলদেহী (কাইটন, শামুক, বাইভেল্‌ভছ, ষ্কুইড, আৰু অক্টোপাছ), বলয়ী (কেচু আৰু জোক), আৰু স্নাইডেৰিয়ান (হাইড্ৰা, জেলী ফিছ, ছী এনামন, আৰু প্ৰৱাল) আদি অমেৰুদণ্ডীৰ উদাহৰণ।

প্ৰাণী প্ৰজাতিৰ সৰহসংখ্যকেই হৈছে অমেৰুদণ্ডী; আনুমানিক প্ৰায় ৯৭%।১ বহুটো অমেৰুদণ্ডীৰ জীৱবৈজ্ঞানিক গোটৰ অন্তৰ্গত বিভিন্ন প্ৰজাতিৰ সংখ্যা সৰ্বমুঠ মেৰুদণ্ডী প্ৰাণীৰ সংখ্যাতকৈও বেছি।২

অন্য অমেৰুদণ্ডীতকৈ কিছুমান অমেৰুদণ্ডী, যেনে টিউনিকাটা আৰু লান্সেলেট মেৰুদণ্ডীৰ অধিক নিকট সম্পৰ্কীয়।

নামকৰণ

অমেৰুদণ্ডী প্ৰাণীৰ ইংৰাজী নাম "invertebrate" শব্দটো লেটিন ভাষাৰ vertebra অৰ্থাৎ সাধাৰণতে এটা সন্ধী আৰু কেতিয়াবা মেৰুদণ্ডীৰ ৰাজহাড়ৰ পৰা থকা এটা সন্ধী বুজোৱা শব্দটোৰ পৰা আহৰণ কৰা হৈছে। আনহাতে vertebra শব্দৰ সন্ধী বিষয়টো verto বা vorto, অৰ্থাৎ ঘুৰিব পৰা শব্দৰ পৰা আহৰণ কৰা হৈছে।৩ আগফালৰ in- পদাংশই "নহয়" বা "নথকা" বুজায়।৪

শ্ৰেণীবিভাজন

অমেৰুদণ্ডী প্ৰাণীক কেইবাটাও মূল শ্ৰেণীত ভাগ কৰা হৈছে, ইয়াৰে কিছুমান এতিয়াও বৰ্গীকৰণৰ দিশৰ পৰা বিবাদমান যদিও এতিয়াও ব্যৱহাৰ কৰি থকা হৈছে।৫

অমেৰুদণ্ডী প্ৰাণীৰ সংখ্যা

এই পৰ্যন্ত সকলোতকৈ বেছি সংখ্যক অমেৰুদণ্ডী প্ৰানী হৈছে পতংগ প্ৰজাতিৰ। আইইউচিএনৰ সংকটজনক প্ৰাণীৰ তালিকা ২০১৪.৩" অনুহৰি গুৰুত্বপূৰ্ণ অমেৰুদণ্ডী প্ৰাণীৰ টেক্সন'মি আৰু আনুমানিক সংখ্যা তলৰ তালিকাত দিয়া হল।৬

অমেৰুদণ্ডী প্ৰাণীচিত্ৰবৰ্ণিত প্ৰাণীৰ আনুমানিক সংখ্যা৬
পতংগEuropean wasp white bg02.jpg১,০০০,০০০
কোমলদেহী প্ৰাণীGrapevinesnail 01.jpg৮৫,০০০
ক্ৰাছটেছনJ J Wild Pseudocarcinus cropped.jpg৪৭,০০০
প্ৰৱালFFS Table bottom.jpg২,০০০
ইয়াৰাকনিডSpider.svg১০২,২৪৮
ভেলভেট কীটAysheaia.jpg১৬৫
অশ্বখুৰাকৃতি কেঁকোৰাCarcinoscorpius rotundicauda (mangrove horseshoe crab).jpg৪
অন্যান্য জেলিফিছ, কণ্টকচৰ্মী প্ৰাণী, স্পঞ্জ, অন্যান্য পতংগ ইত্যাদি.৬৮,৬৫৮
মুঠ:১,৩০৫,০৭৫

আইইউচিএন (IUCN)ৰ হিচাপত আনুমানিক ৬৬,১৭৮ প্ৰজাতিৰ মেৰদণ্ডী প্ৰাণী এই পৰ্যন্ত নামকৰণ কৰা হৈছে। এই অণুযায়ী, প্ৰাণীজগতৰ ৯৫% তকৈও বেছি অমেৰুদণ্ডী প্ৰাণী।৬ .

ইতিহাস

শ্ৰেণীবিভাজন

কাৰ্ল লিনিয়াছে অমেৰুদণ্ডী প্ৰাণীক কেৱল দুটা গোটত ভাগ কৰিছিল, ইনচেক্টা আৰু ৱাৰ্মছ (কেঁচু)। জীন−বাপ্টষ্ট লেমাৰ্কক ১৭৯৩ চনত Muséum National d'Histoire Naturelleৰ "Curator of Insecta and Vermes" পদত নিযুক্ত কৰা হয়, দুযো এই জীৱবোৰৰ বাবে "invertebrate" ব্যৱহাৰ কৰিছিল আৰু পূৰ্ৱৰ দুটা গোটৰ সলনি ইহঁতক দহটা গোটত ভাগ কৰিছিল। তেঁওলোকে ইনচেক্টাক আৰ্কিনিডা (Arachnida) আৰু ক্ৰুষ্টেচিয়া (Crustacea) নামৰ দুটা ভাগত ৱাৰ্মছক মলাস্কা, এনিলিডা, চিৰিপেডিয়া, ৰেডিয়েটা, চিলেনটেৰেটা, আৰু ইনফুচৰিয়া (Mollusca, Annelida, Cirripedia, Radiata, Coelenterata and Infusoria) নামৰে বিভক্ত কৰে। বৰ্তমান অমেৰুদণ্ডীৰ একেবাৰে সৰল স্পঞ্জৰ পৰা জটিল সন্ধিপদীলৈকে প্ৰায় ৩০ টাতকৈও অধিক পৰ্ব আছে।

অধ্যয়ন

বহু শতিকালৈকে বৃহৎ মেৰুদণ্ডী আৰু দৰকাৰী প্ৰজাতিসমূহৰ বাবে অমেৰুদণ্ডী প্ৰাণীৰ অধ্যয়নক বিজ্ঞানীসকলে উপেক্ষা কৰি আহিছিল। ১৮ শতিকাত লিনিয়াছ আৰু লেমাৰ্কৰ অধ্যয়নৰ আগলৈকে অমেৰুদণ্ডীৰ অধ্যয়ন বিজ্ঞান কোনো প্ৰধান ভাগ নাছিল।৭ বিজ্ঞানৰ বিভিন্ন ক্ষেত্ৰ যেনে চিকিৎসা, বংশগতি, পৰিস্থিতি বিজ্ঞান আদিলৈ অমেৰুদণ্ডীৰ অৱদানৰ আবিস্কাৰৰ পিছৰে পৰা প্ৰায় বিংশ শতিকাৰ পৰা ই প্ৰাকৃতিক বিভাগৰ এটা প্ৰধান ভাগ ৰূপে বিবেচিত হয়।

তথ্যসূত্ৰ

  1. ↑ May, Robert M. (16 September 1988). How Many Species Are There on Earth?. Science. পৃ. 1441–1449
  2. ↑ Richards, O. W.; Davies, R.G. (1977). Imms' General Textbook of Entomology: Volume 1: Structure, Physiology and Development Volume 2: Classification and Biology. Springer. ISBN 978-0-412-61390-6
  3. ↑ Tucker, T. G. (1931). A Concise Etymological Dictionary of Latin. Max Niemeyer Verlag
  4. ↑ Skeat, Walter William. (1882). An etymological dictionary of the English language. Clarendon Press. পৃ. 301
  5. ↑ What Are the Main Groups of Invertebrates?
  6. ↑ The World Conservation Union. 2014. IUCN Red List of Threatened Species, 2014.3. Summary Statistics for Globally Threatened Species. Table 1: Numbers of threatened species by major groups of organisms (1996–2014)
  7. ↑ Ducarme, Frédéric. (2015). Why study invertebrates? A philosophical argument from Aristotle. No Bones (Smithsonian Institution website)

সম্পৰ্কিত শ্ৰেণী

জীৱবিজ্ঞান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অমেৰুদণ্ডী প্ৰাণী” প্ৰবন্ধৰ সংশোধন ৬৩২৮৪৮ (২৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।