অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

ডি এন এ

ডিঅক্সিৰাইব' নিউক্লিক এচিড বা ডিএনএ হৈছে একপ্ৰকাৰৰ যৌগ যি সকলো জ্ঞাত জীৱ আৰু ভাইৰাছৰ বিকাশ, ক্ৰিয়াকলাপ আৰু প্ৰজননৰ বাবো প্ৰয়োজনীয় অধিকাংশ জিনীয় তথ্য সৰবৰাহ কৰে। ডিএনএ এবিধ প্ৰ'টিন আৰু শৰ্কৰা যুক্ত নিউক্লিক এচিড। বেছিভাগ ডিএনএ দুডাল সৰ্পিলাকাৰ জৈৱবহুযোগী সূত্ৰৰ দ্বাৰা গঠিত হয়।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ২৬০ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ
দ্বি সৰ্পিলাকাৰ ডিএনএৰ এটা অংশৰ গঠন।
দ্বি সৰ্পিলাকাৰ ডিএনএৰ এটা অংশৰ গঠন।ছবি: brian0918™ · Public domain

ডিঅক্সিৰাইব' নিউক্লিক এচিড বা ডিএনএ হৈছে একপ্ৰকাৰৰ যৌগ যি সকলো জ্ঞাত জীৱ আৰু ভাইৰাছৰ বিকাশ, ক্ৰিয়াকলাপ আৰু প্ৰজননৰ বাবো প্ৰয়োজনীয় অধিকাংশ জিনীয় তথ্য সৰবৰাহ কৰে। ডিএনএ এবিধ মাংসসাৰ আৰু শৰ্কৰা যুক্ত নিউক্লিক এচিড। বেছিভাগ ডিএনএ দুডাল সৰ্পিলাকাৰ জৈৱবহুযোগী সূত্ৰৰ দ্বাৰা গঠিত হয়। এই সূত্ৰদুডাল নিউক্লিয়টাইড নামৰ এক সৰল এককৰ বহুযোগী বাবে ইহঁতক বহুনিউক্লিয়টাইড বোলে।১ প্ৰত্যেকটো নিউক্লিয়টাইডত নাইট্ৰ'জেন আধাৰৰ চাইট'ছিন (C), গুৱানিন (G), এডেনিন (A), বা থাইমিন (T) নামৰ নিউক্লিয়বেছ, ডিঅক্সিৰাইব' নামৰ এটা একশৰ্কৰা আৰু এটা ফছফেট গোট থাকে। ডিএনএ সূত্ৰত এটা নিউক্লিয়টাইডৰ শৰ্কৰাৰ লগত আনটোৰ ফছফেট গোটৰ সৈতে সহযোজী বন্ধন শৃংখলৰ দ্বাৰা সংযুক্ত হৈ থাকে আৰু বৈকল্পিক শৰ্কৰা-ফছফেট মেৰুদণ্ডৰ গঠন কৰে।

কোষৰ ভিতৰত, ডিএনএ ক্ৰ'ম'জম নামৰ এক দীঘলীয়া আকাৰ গঠন কৰে। কোষ বিভাজনৰ সময়ত, ডিএনএ পুনঃউৎপাদন নামৰ প্ৰক্ৰিয়াৰ যোগেদি ক্ৰ'ম'জমৰ প্ৰতিৰূপ সৃষ্টি কৰে, ফলত প্ৰতিটো অপত্য কোষে নিজৰ নিজৰ ক্ৰ'ম'জম লাভ কৰে। সংকোষকেন্দ্ৰী জীৱবোৰৰ (প্ৰাণী, উদ্ভিদ, শেলাই আৰু প্ৰটিষ্ট) বেছিভাগ ডিএনএ কোষকেন্দ্ৰৰ মাজত আৰু কিছুমান মাইট'কন্দ্ৰিয়া বা ক্ল'ৰ'প্লাষ্টৰ দৰে কোষানুত সঞ্চত হৈ থাকে।২ প্ৰকোষকেন্দ্ৰী জীৱৰ (বেক্টেৰিয়া আৰু আৰ্কিয়া) ডিএনএ কেৱল সিহঁতৰ কোষপ্ৰৰসত থাকে। ক্ৰ'ম'জমৰ অন্তৰ্ভাগত হিষ্ট'নৰ দৰে ক্ৰ'মেটিন প্ৰ'টিন একত্ৰিত হয় আৰু ডিএনএ সংগঠিত কৰে। এই গঠনে ডিএনএ আৰু অন্য প্ৰ'টিনৰ আন্তঃক্ৰিয়া নিৰ্দেশিত কৰে।

১৮৬৯ চনত ফ্ৰিডৰিক মিছাৰে প্ৰথম ডিএনএ আহৰণ কৰে আৰু ১৯৫৩ চনত জেমছ ৱাটছনে প্ৰথম ইয়াৰ আনৱিক গঠন চিনাক্ত কৰে। গৱেষণাকাৰী সকলে ইয়াক ভৌতিক নীতি আৰু সূত্ৰ উদ্ভাৱনৰ আনৱিক সঁজুলি হিচাপে ব্যৱহাৰ কৰে, যেনে এৰগ'ডিক সূত্ৰ আৰু স্থিতিস্থাপকতাৰ সূত্ৰ। ইয়াৰ অনন্য ধাতৱ বৈশিষ্ট্যৰ বাবে, ই মাইক্ৰ- আৰু নেন'- ফেব্ৰিকেশ্বনৰ প্ৰতি আগ্ৰহী ধাতৱ বিজ্ঞানী আৰু অভিযন্তা সকলৰ বাবে অতি আকৰ্ষণীয় যৌগ। এই ক্ষেত্ৰত দুটা উল্লেখনীয় অগ্ৰগতি হৈছে ডিএনএ অ'ৰগামি আৰু ডিএনএ আধাৰিত সংকৰ ধাতু।৩

তথ্যসূত্ৰ

  1. ↑ Purcell, Adam. DNA. Basic Biology
  2. ↑ Russell, Peter. (2001). iGenetics. Benjamin Cummings. ISBN 0-8053-4553-1
  3. ↑ Mashaghi A, Katan A. (2013). A physicist's view of DNA. De Physicus. পৃ. 59–61

সম্পৰ্কিত শ্ৰেণী

জীৱবিজ্ঞান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডি এন এ” প্ৰবন্ধৰ সংশোধন ৬৩০৯৫৮ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।