অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

ভাইৰাছ

ভাইৰাছ (Virus) এটি লেটিন শব্দ যাৰ অৰ্থ হ'ল বিষ (প্ৰাণীৰ পৰা উৎপন্ন হোৱা বিষ)। নিউক্লিয় প্ৰটিনৰ দ্বাৰা গঠিত অকোষীয়, ৰোগ সৃষ্টিকাৰী, অবিকল্পী পৰজীৱী, অণু-আণুবীক্ষণিক (sub-microscopic) বস্তু, যি অকল জীৱিত পোষক কোষত বংশবৃদ্ধি কৰিব পাৰে, কিন্তু কোষৰ বাহিৰত জড় প্ৰকৃতিৰ,সেইবিলাকক ভাইৰাছ বোলে।

হালনাগাদ: ২৬ নৱেম্বৰ ২০২৫ ৩৭৫ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

ভাইৰাছ (Virus) এটি লেটিন শব্দ যাৰ অৰ্থ হ'ল বিষ (প্ৰাণীৰ পৰা উৎপন্ন হোৱা বিষ)। নিউক্লিয় প্ৰটিনৰ দ্বাৰা গঠিত অকোষীয়, ৰোগ সৃষ্টিকাৰী, অবিকল্পী পৰজীৱী, অণু-আণুবীক্ষণিক (sub-microscopic) বস্তু, যি অকল জীৱিত পোষক কোষত বংশবৃদ্ধি কৰিব পাৰে, কিন্তু কোষৰ বাহিৰত জড় প্ৰকৃতিৰ,সেইবিলাকক ভাইৰাছ বোলে। বিজ্ঞানৰ যি শাখাত ভাইৰাছ সম্বন্ধে চৰ্চা আৰু গৱেষণা কৰা হয় তাক ভাইৰ'ল'জি (virology) বোলে। এই শাখাৰ বিশেষজ্ঞজনক ভাইৰ'ল'জিষ্ট (virologist) বোলে। ১৮৯৬ খ্ৰীষ্টপূৰ্বত উইলিয়াম বাইজিৰিংকেয়ে ধঁপাত পাতৰ ম'জেইক ৰোগৰ জীৱাণুক প্ৰথমে "ভাইৰাছ" আখ্যা দিয়ে।১

প্ৰকৃতি

বহুকাল ধৰি ভাইৰাছৰ প্ৰকৃতি নিৰ্ধাৰণ এক তৰ্ক-বিতৰ্কৰ বিষয় হৈ আছে। তথাপিও আধুনিক ভাইৰ'ল'জিষ্টসকলে ভাইৰাছৰ প্ৰকৃতি সম্বন্ধে ব্যাখ্যা দিছে এইদৰে-

  1. ভাইৰাছ কোষীয় সংগঠনবিহীন অকোষীয় (non-cellular) বস্তু।
  2. জীৱদেহৰ কোষ (জীৱবিজ্ঞান)ৰ ভিতৰত এইবিলাক সজীৱ থাকে আৰু বংশবিস্তাৰ কৰিব পাৰে।
  3. জীৱদেহৰ বাহিৰত এইবিলাকৰ প্ৰকৃতি জড় পদাৰ্থৰ দৰে আৰু এইবিলাকৰ স্ফটিকলৈ ৰূপান্তৰিত কৰিব পাৰি।
  4. ভাইৰাছ অতি সূক্ষ্ম,যিয়ে মাইক্ৰ'ফিল্টাৰৰ মাজেৰে সহজে পাৰ হৈ যাব পাৰে।
  5. এইবিলাকৰ দেহটো মাংসসাৰ আৰু DNA অথবা RNA ৰে গঠিত।
  6. ভাইৰাছৰ নিজস্ব কোনো বিপাক ক্ৰিয়া কৰাৰ ক্ষমতা আৰু চলনক্ষমতা নাই।
  7. ভাইৰাছৰ জীৱন চক্ৰত দুটা দশা বিদ্যমান-বহি:কোষীয় (extracellular) আৰু অন্ত:কোষীয় (intracellular)।
  8. এইবিলাক অন্ত:কোষী অবিকল্পী পৰজীৱী (obligate parasite)।
  9. ভাইৰাছ অতি উচ্চ আণবিক ভৰসম্পন্ন মাংসসাৰ কণা।
  10. ভাইৰাছ জীৱ আৰু জড়ৰ মধ্যাৱস্থা।
  11. প্ৰতিজৈৱিক (antibiotic) ৰ দ্বাৰা ভাইৰাছ ধ্বংস নহয়।
  12. এইবিলাকৰ উচ্চ অম্লতা (acidity) বা ক্ষাৰকীয়তা সহ্য কৰিব পৰা ক্ষমতা প্ৰবল।
  13. উচ্চ উষ্ণতাত এইবিলাক ধ্বংস নহয়।
  14. ভাইৰাছৰ আকাৰ বৃদ্ধি নহয়।
  15. প্ৰজনন আৰু উৎপৰিৱৰ্তন (mutation) ভাইৰাছৰ জৈৱিক লক্ষণ।১।

ভাইৰাছৰ আকাৰ আৰু আকৃতি

আকাৰ

ভাইৰাছ অতিশয় ক্ষুদ্ৰ অৰ্থাৎ অণু-আণুবীক্ষণিক (sub-microscopic) বস্তু। অকল ইলেক'ট্ৰন অণুবীক্ষণ যন্ত্ৰৰ সহায়তহে ভাইৰাছৰ আকাৰ জনা সম্ভৱ। ভাইৰাছৰ গড় ব্যাস ৮-২৮০ বা ৩০০ মিলিমাইক্ৰন। আকাৰৰ ফালৰপৰা আটাইতকৈ সৰু ভাইৰাছটো হ'ল ঘৰচীয়া জীৱ-জন্তুৰ মুখ আৰু ভৰিত ৰোগ সৃষ্টিকাৰী ৰাইন'ভাইৰাছ (আকাৰ ১০-১২nm)। আনহাতে,ডাঙৰ ভাইৰাছটো হ'ল বসন্ত ভাইৰাছ (আকাৰ ৩০০-৪০০nm)। কিছুমান ভাইৰাছৰ আকাৰ এনেধৰণৰ- হাৰ্পিছ ভাইৰাছ (১৩৩-২৩৩nm ),জলাতঙ্ক ভাইৰাছ (১২৫nm ),ইনফ্লুয়েঞ্জা ভাইৰাছ (৮০-১০০nm ),প'লিঅ' ভাইৰাছ (২৮-৩০nm )ইত্যাদি। ১

আকৃতি

ভাইৰাছৰ আকৃতি বিভিন্ন ধৰণৰ হয়। আকৃতি অনুযায়ী ভাইৰাছক চাৰিটা প্ৰধান ভাগত ভগাব পাৰি-

  • গোলাকাৰ (Spherical):এইবিলাকৰ আকৃতি প্ৰায় ঘূৰণীয়া। ইনফ্লুয়েঞ্জা,জাপানী এনকেফেলাইটিছ আৰু ঘৰচীয়া জীৱ-জন্তুৰ মুখ আৰু ভৰিৰ চবকা ৰোগ সৃষ্টিকাৰী ভাইৰাছৰ আকাৰ ঘূৰণীয়া হয়। সেইদৰে,কিছুমান উদ্ভিদ ভাইৰাছ যেনে-লাও (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা),চাল কোমোৰা,তিঁয়হ আদিত ৰোগ সৃষ্টিকাৰী ম'জেইক ভাইৰাছ (cucumber mosaic virus) ৰ আকৃতি ঘূৰণীয়া বা গোলাকাৰ।
  • দণ্ডাকাৰ (Rod-shaped):ধঁপাতৰ ম'জেইক ৰোগ,আলু (পাচলি)ৰ ব্লাইট ৰোগ সৃষ্টিকাৰী ভাইৰাছবোৰ দেখাত দণ্ডাকাৰ-দণ্ডটো দৃঢ়,দীঘল আৰু নমনীয় প্ৰকৃতিৰ হয়।
  • ঘনকাকৃতি (Cuboidal): এইবিলাকৰ আকৃতি ঘনক (cube) টোৰ দৰে হয়,যেনে-হাৰ্পিছ আৰু বসন্তৰোগৰ ভাইৰাছ (ভেক্সিনিয়া আৰু ভেৰিঅ'লা)।
  • শুক্ৰাণু আকৃতি (Spermatozoid form): বেক্টেৰিয়া ধ্বংসকাৰী ভাইৰাছসমূহৰ আকৃতি শুক্ৰাণু বা লালুকীটোৰ দৰে হয়। এইবিলাকৰ দেহটো মূৰ আৰু নেজত বিভক্ত।১

তথ্যসূত্ৰ

  1. ↑ উচ্চতৰ মাধ্যমিক প্ৰাথমিক জীৱবিদ্যা" লেখক - কৰুণা কান্ত দাস আৰু ড॰ অনুপ কুমাৰ চক্ৰবৰ্ত্তী। প্ৰকাশক - শ্ৰী শান্তিৰঞ্জন দে,বীণা লাইব্ৰেৰী,কলেজ হোষ্টেল ৰোড,পানবজাৰ,গুৱাহাটী -৭৮৭০০১, অসম, পৃষ্ঠা নং: ২৩৫।

সম্পৰ্কিত শ্ৰেণী

জীৱবিজ্ঞান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাইৰাছ” প্ৰবন্ধৰ সংশোধন ৫৫৭৪০৪ (২৬ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।