আলাপ্পূজা সমুদ্ৰতট বা সমুদ্ৰতীৰ (Alappuzha Beach) কেৰালাৰ আলাপ্পুঝা চহৰত অৱস্থিত এক জনপ্ৰিয় সমুদ্ৰসৈকত তথা ভাৰতৰ অন্যতম পৰ্যটন আকৰ্ষণ।১২৩৪ সমুদ্ৰসৈকতটোৰ সাগৰৰ ভিতৰলৈ বিস্তৃত ১৫০ বছৰতকৈও অধিক পুৰণি এটা জেটি (Pier) ইয়াৰ অন্যতম বিশেষ আকৰ্ষণ।৫
আলাপ্পুঝা সমুদ্ৰসৈকতত প্ৰতি বছৰে আলাপ্পূজা বিচ ফেষ্টিভেল,৬ বালি শিল্প উৎসৱ ৭ আদি বিভিন্ন অনুষ্ঠান আয়োজন কৰা হয়। ইয়াৰ উপৰি বছৰজুৰি বহুতো সাংস্কৃতিক আৰু পৰ্যটনমূলক কাৰ্যসূচী অনুষ্ঠিত হয়, যাৰ ফলত সমুদ্ৰসৈকতটো কেৰালাৰ এক উল্লেখযোগ্য পৰ্যটনস্থলী হিচাপে পৰিচিত।
অৱলোকন
আলাপ্পূজা সমুদ্ৰতট আলাপ্পূজা চহৰৰ অন্যতম প্ৰধান পৰ্যটনস্থলী। সমুদ্ৰতটৰ ওচৰতে অৱস্থিত আলাপ্পূজা লাইট্হাউছ (Alappuzha Lighthouse) এই অঞ্চলৰ এক উল্লেখযোগ্য আকৰ্ষণ। ৮ চহৰৰ বিভিন্ন পথৰ জৰিয়তে সমুদ্ৰতটলৈ সহজে যাব পাৰি। অঞ্চলটোৰ প্ৰাকৃতিক সৌন্দৰ্য সংৰক্ষণৰ উদ্দেশ্যে আলাপ্পুঝা বাইপাছ প্ৰকল্পৰ অংশ হিচাপে সমুদ্ৰতটৰ কাষেৰে এখন উৰ্ধ্বমুখী ঘাইপথ (elevated highway) নিৰ্মাণ কৰা হৈছে।৯ কেইবছৰমান আগতে আলাপ্পূজা সমুদ্ৰতটত উট-চাফাৰী (Camel Safari) এক জনপ্ৰিয় আকৰ্ষণ হিচাপে আৰম্ভ কৰা হৈছিল যদিও পিছলৈ সংশ্লিষ্ট কৰ্তৃপক্ষই এই ব্যৱস্থা নিষিদ্ধ কৰে।১০

আলাপ্পূজা বিচ্ছত হোৱা অনুষ্ঠান
আলাপ্পূজা বিচ উৎসৱ নতুন বৰ্ষ উদ্যাপনৰ অংশ হিচাপে আয়োজন কৰা কেৰালাৰ এক জনপ্ৰিয় বাৰ্ষিক উৎসৱ। এই উৎসৱ প্ৰতি বছৰে নিয়মীয়াকৈ অনুষ্ঠিত হয়। ইয়াত আলাপ্পুঝাৰ লগতে কেৰালাৰ বিভিন্ন জিলাৰপৰা হাজাৰ হাজাৰ লোকৰ সমাগম ঘটে। ২০১৫ চনৰ ২৬ এপ্ৰিলত আলাপ্পূজা সমুদ্ৰতটত কেৰালাৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় বালি শিল্প (Sand Art) উৎসৱ আৰু প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। এই অনুষ্ঠানত দেশ-বিদেশৰ বহু খ্যাতনামা বলুকা শিল্পীয়ে অংশগ্ৰহণ কৰিছিল। কেৰালা ৰাজ্যৰ পৰ্যটন বিভাগ আৰু আলেপ্পি ফাউণ্ডেশ্যনে যুটীয়াভাৱে এই অনুষ্ঠানৰ আয়োজন কৰিছিল। ১১
স্থানীয় আকৰ্ষণ
- আলাপ্পূজা লাইটহাউচ
- বিজয় পাৰ্ক
- ছি ভিউ পাৰ্ক ১২
- আলাপ্পূজা বাইপাছ
- জৈন মন্দিৰ
তথ্যসূত্ৰ
- ↑ Alappuzha beach - popular picnic spot - Kerala Tourism
- ↑ Alappuzha Beach · District Alappuzha, Government of Kerala · India
- ↑ Alappuzha Beach · DTPC. DTPC alappuzha
- ↑ Alappuzha Beach · An Oasis of Tranquillity · Beaches of Kerala · Travel and Tourism · Kerala. Kerala Tourism
- ↑ It is requiem for the Alappuzha pier. The Hindu
- ↑ Alappuzha Beach Festival Begins. The New Indian Express
- ↑ Staff Reporter. Alappuzha beach to host sand art festival in April. The Hindu
- ↑ Staff Reporter. Alappuzha lighthouse to celebrate 150 Year. The Hindu
- ↑ Staff Reporter. Bypass project gathers pace. The Hindu
- ↑ Ban on camel rides on Alappuzha beach. Deccan Chronicle
- ↑ ANI. (19 April 2015). Sand art festival begins on Kerala's Alappuzha Beach
- ↑ Official Web site of Alappuzha District, Kerala State, India - A Quick Tour
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আলাপ্পুজা সমুদ্ৰতট” প্ৰবন্ধৰ সংশোধন ৬৩৯৪৭১ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।