অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ছেইণ্ট ফ্ৰান্সিছ গীৰ্জা

ছেইণ্ট ফ্ৰান্সিছ গীৰ্জা (Saint Francis Church) কেৰালাৰ ফৰ্ট কোচি অঞ্চলত অৱস্থিত। ১৫০৩ চনত নিৰ্মাণ কৰা এই গীৰ্জাটো ভাৰতৰ অন্যতম প্ৰাচীন ইউৰোপীয় গীৰ্জা আৰু ভাৰতীয় উপমহাদেশত ইউৰোপীয় ঔপনিৱেশিক সম্প্ৰসাৰণৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ সাক্ষী।পৰ্তুগীজ অভিযাত্ৰী ভাস্কো দা গামা ভাৰতলৈ তৃতীয়বাৰৰ বাবে অহাৰ…

হালনাগাদ: ১৪ আগষ্ট ২০২৬ ২৭৯ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

ছেইণ্ট ফ্ৰান্সিছ গীৰ্জা (Saint Francis Church) কেৰালাৰ ফৰ্ট কোচি অঞ্চলত অৱস্থিত। ১৫০৩ চনত নিৰ্মাণ কৰা এই গীৰ্জাটো ভাৰতৰ অন্যতম প্ৰাচীন ইউৰোপীয় গীৰ্জা ১২৩ আৰু ভাৰতীয় উপমহাদেশত ইউৰোপীয় ঔপনিৱেশিক সম্প্ৰসাৰণৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ সাক্ষী।৪৫পৰ্তুগীজ অভিযাত্ৰী ভাস্কো দা গামা ভাৰতলৈ তৃতীয়বাৰৰ বাবে অহাৰ সময়ত ১৫২৪ চনত কোচিত মৃত্যুবৰণ কৰে। তেওঁৰ মৃতদেহ প্ৰথমে এই গীৰ্জাৰ ভিতৰতে সমাধিস্থ কৰা হৈছিল। কিন্তু ১৪ বছৰৰ পাছত তেওঁৰ অৱশেষ পৰ্তুগালৰ লিছবনলৈ লৈ যোৱা হয় আৰু বৰ্তমান জেৰ'নিমোছ মঠত সমাধিস্থ কৰা হৈছে। এই কাৰণেই ছেইণ্ট ফ্ৰান্সিছ গীৰ্জাটো কেৱল ধৰ্মীয় স্থাপত্য হিচাপেই নহয়, ভাৰতত পৰ্তুগীজ আৰু অন্যান্য ইউৰোপীয় শক্তিৰ আগমনৰ ইতিহাসৰ সৈতেও গভীৰভাৱে জড়িত এক গুৰুত্বপূৰ্ণ ঐতিহাসিক স্থান।৬৭

ইতিহাস

পৰ্তুগীজ নাবিক ভাস্কো দা গামাই ইউৰোপৰপৰা ভাৰতলৈ অহা সাগৰীয় পথ আৱিষ্কাৰ কৰাৰ পাছত ১৪৯৮ চনত কোঝিকোডৰ ওচৰৰ কাপ্পাডত উপস্থিত হয়। ৬ তেওঁৰ পিছত পেড্ৰ’ আলভাৰেছ কাব্ৰাল৬ আৰু আফন্সো দে আলবুকাৰ্কে ভাৰতলৈ আহে। তেওঁলোকে কোচিৰ ৰজাৰ অনুমতি লৈ ফৰ্ট কোচি সমুদ্ৰতীৰৰ ওচৰত ফৰ্ট এমানুৱেল নিৰ্মাণ কৰে। দুৰ্গটোৰ ভিতৰত কাঠেৰে এখন গীৰ্জা নিৰ্মাণ কৰা হয় আৰু গীৰ্জাখন সন্ত বাৰ্থলমিউৰ নামত উৎসৰ্গা কৰা হয়। বৰ্তমান এই অঞ্চলটো ফৰ্ট কোচি নামেৰে পৰিচিত। ১৫০৬ চনত পৰ্তুগীজ ভাষা ভাইচৰয় ফ্ৰান্সিস্কো দে আলমেইডাই কোচিনৰ ৰজাৰপৰা কাঠেৰে নিৰ্মিত গঠনসমূহ শিল আৰু ইটাৰে পুনৰ নিৰ্মাণ কৰাৰ অনুমতি লাভ কৰে।৬

পৰ্তুগীজ অভিযাত্ৰী ভাস্কো দা গামাৰ তৃতীয় ভাৰত ভ্ৰমণৰ সময়ত ১৫২৪ চনত কোচিত মৃত্যু হয়। তেওঁৰ মৃতদেহ প্ৰথমে এই গীৰ্জাঘৰতে সমাধিস্থ কৰা হৈছিল যদিও চৈধ্য বছৰৰ পাছত তেওঁৰ মৃতদেহ লিছবনলৈ স্থানান্তৰ কৰা হয়।৬৭

ফ্ৰান্সিস্কানসকলে ১৬৬৩ চনত ডাচসকলে কোচি দখল নকৰালৈকে গীৰ্জাটো নিয়ন্ত্ৰণ নিজৰ হাতত ৰাখিছিল। পৰ্তুগীজসকল ৰোমান কেথলিক আছিল। আনহাতে, নেদাৰলেণ্ডত কেথলিক আৰু প্ৰটেষ্টেণ্ট দুয়োটা সম্প্ৰদায়ৰ লোক থাকিলেও, ডাচ চৰকাৰ আৰু ঔপনিৱেশিক শাসকসকল প্ৰটেষ্টেণ্ট আছিল। ডাচসকলে এই গীৰ্জাটোৰ বাহিৰে আন সকলো গীৰ্জা ভাঙি পেলাইছিল। তেওঁলোকে এই গীৰ্জাটো পুনৰ মেৰামতি কৰি ইয়াক চৰকাৰী গীৰ্জাটো ৰূপান্তৰিত কৰিছিল।৬

ছেইণ্ট ফ্ৰান্সিছ চাৰ্চৰ সন্মুখৰ প্ৰৱেশদ্বাৰৰ ফাল
ছেইণ্ট ফ্ৰান্সিছ চাৰ্চৰ সন্মুখৰ প্ৰৱেশদ্বাৰৰ ফালছবি: Mangesh Nadkarni · CC BY-SA 3.0
গীৰ্জাঘৰৰ ভিতৰৰ দৃশ্য
গীৰ্জাঘৰৰ ভিতৰৰ দৃশ্যছবি: Brian Snelson (exfordy) · CC BY 2.0

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ National Portal of India. Govt Of India
  2. ↑ St. Francis Church, Fort Kochi, Vasco da Gama, Mortal remains, Ernakulam, Kerala, India. Kerala Tourism - Kochi
  3. ↑ St. Francis CSI Church, Kochi · Mural Paintings in Kerala Churches · Christianity in Kerala · Kerala Tourism. Christianity
  4. ↑ St. Francis Church, Kochi. Wonderful Kerala
  5. ↑ Missick, Stephen Andrew. Mar Thoma: The Apostolic Foundation of the Assyrian Church and the Christians of St. Thomas in India. Ancient Indian Christianity. Journal of Assyrian Academic Studies Vol. XIV, no. 2, 2000
  6. ↑ St. Francis Church. webindia123
  7. ↑ Ayub, Akber (ed), Kerala: Maps & More, Fort Kochi, 2006 edition 2007 reprint, pp. 20–24, Stark World Publishing, Bangalore

সম্পৰ্কিত শ্ৰেণী

গীৰ্জাঘৰকেৰালাত পৰ্যটন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছেইণ্ট ফ্ৰান্সিছ গীৰ্জা” প্ৰবন্ধৰ সংশোধন ৬২৭০২৯ (১৪ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।