অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

কোল্লাম দ্বীপপুঞ্জ

কোল্লাম বা কুইলন চহৰ (Kollam or Quilon )ক আৰৱ সাগৰৰ ৰাজকুমাৰ নামেৰেও জনা যায়। ই আৰব সাগৰ আৰু অষ্টমুদি হ্ৰদৰ পাৰত অৱস্থিত। কোল্লাম পৌৰ নিগমৰ এক বৃহৎ অংশ অষ্টমুদি হ্ৰদে আগুৰি আছে। অষ্টমুদি হ্ৰদ কেৰালাৰ সৰ্বাধিক পৰ্যটক-আকৰ্ষিত জলভূমি আৰু হ্ৰদসমূহৰ ভিতৰত অন্যতম। ইয়াৰ এক অনন্য জলাভূমি পৰিৱেশতন্ত্ৰ আছে।

হালনাগাদ: ১৫ আগষ্ট ২০২৬ ৩৩৪ শব্দ · ২ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

কোল্লাম বা কুইলন চহৰ (Kollam or Quilon )ক আৰৱ সাগৰৰ ৰাজকুমাৰ নামেৰেও জনা যায়। ই আৰব সাগৰ আৰু অষ্টমুদি হ্ৰদৰ পাৰত অৱস্থিত। কোল্লাম পৌৰ নিগমৰ এক বৃহৎ অংশ অষ্টমুদি হ্ৰদে আগুৰি আছে। অষ্টমুদি হ্ৰদ কেৰালাৰ সৰ্বাধিক পৰ্যটক-আকৰ্ষিত জলভূমি আৰু হ্ৰদসমূহৰ ভিতৰত অন্যতম। ইয়াৰ এক অনন্য জলাভূমি পৰিৱেশতন্ত্ৰ আছে। হ্ৰদটো তালগছৰ পাতৰ দৰে, কেতিয়াবা অক্টোপাছৰ দৰে আকৃতিৰ এক বিশাল জলাশয়। কেৰালাৰ ভেম্বানাড মোহনাৰ পৰিৱেশতন্ত্ৰৰ পিছতে অষ্টমুদি ৰাজ্যখনৰ অন্যতম বৃহৎ জলভূমি পৰিৱেশতন্ত্ৰ। স্থানীয় মালয়ালম ভাষা ভাষাত অষ্টমুদি শব্দৰ অৰ্থ হৈছে ‘আঠটা শাখাযুক্ত’—অষ্টৰ অৰ্থ ‘আঠ’ আৰু মুদিৰ অৰ্থ ‘শাখা’ বা ‘শিৰা’। এই নামটোৱে হ্ৰদটোৰ ভৌগোলিক আকৃতিৰ ইংগিত দিয়ে, কিয়নো হ্ৰদটো বহুতো শাখাত বিভক্ত হৈ আছে। অষ্টমুদি হ্ৰদক কেৰালাৰ জলভূমিসমূহৰ প্ৰৱেশদ্বাৰ বুলিও কোৱা হয়। এই হ্ৰদটো হাউছবোট ভ্ৰমণ আৰু জলভূমি-ভিত্তিক পৰ্যটন নিবাসৰ বাবে বিশেষভাৱে জনপ্ৰিয়। ১২৩

কোল্লামৰ পাঁচতাৰকা হোটেল ‘দ্য ৰাভিজ’ (The Raviz) থেৱাল্লিৰ ওচৰত অৱস্থিত এটা দ্বীপসদৃশ ভূ-খণ্ডত নিৰ্মাণ কৰা হৈছে। হোটেলখন আষ্টামুড়ি হ্ৰদৰ পাৰত অৱস্থিত আৰু চাৰিওফালৰ জলভাগৰ বাবে ইয়াৰ পৰিৱেশটো দ্বীপৰ দৰে দেখা যায়।
কোল্লামৰ পাঁচতাৰকা হোটেল ‘দ্য ৰাভিজ’ (The Raviz) থেৱাল্লিৰ ওচৰত অৱস্থিত এটা দ্বীপসদৃশ ভূ-খণ্ডত নিৰ্মাণ কৰা হৈছে। হোটেলখন আষ্টামুড়ি হ্ৰদৰ পাৰত অৱস্থিত আৰু চাৰিওফালৰ জলভাগৰ বাবে ইয়াৰ পৰিৱেশটো দ্বীপৰ দৰে দেখা যায়।ছবি: Arunvrparavur · CC BY-SA 3.0

কোল্লামৰ সকলো দ্বীপেই অষ্টমুদি হ্ৰদত অৱস্থিত। অষ্টমুদি হ্ৰদত বহুতো দ্বীপ আছে। এই দ্বীপসমূহৰ ভিতৰত মুনৰো দ্বীপ আৰু চাভাৰা থেক্কুমভাগম অন্যতম গুৰুত্বপূৰ্ণ দ্বীপ। দ্বীপসমূহ অষ্টমুদি হ্ৰদৰ দৃষ্টিনন্দন সৌন্দৰ্যৰ অন্যতম আকৰ্ষণীয় বৈশিষ্ট্য। এই দ্বীপসমূহৰ অধিকাংশই কেৰালা ৰাজ্যৰ সম্ভাৱনাময় পৰ্যটনস্থলী হিচাপে বিবেচিত হয়। আনকি ভাৰতীয় ৰে'লৱেয়েও কোল্লামৰ অন্যতম দ্বীপ পাল্লান্থুৰুথিক পৰ্যটন প্ৰকল্পৰ বাবে উন্নয়ন কৰাৰ পৰিকল্পনা কৰিছিল।৪

কোল্লামৰ দ্বীপসমূহৰ ভিতৰত ডাঙৰ-সৰু দুয়ো ধৰণৰ দ্বীপ আছে। কিছুমান দ্বীপত মানুহে বসবাস কৰে, আনহাতে কিছুমান দ্বীপ জনবসতিহীন। কোল্লামৰ উল্লেখযোগ্য দ্বীপসমূহ হ'ল: ৫

আকাশৰপৰা মৰা অষ্টমুদি হ্ৰদৰ দৃশ্য
আকাশৰপৰা মৰা অষ্টমুদি হ্ৰদৰ দৃশ্যছবি: Arunvrparavur · CC BY-SA 3.0
  • মনৰো দ্বীপ
  • চাভাৰা থেক্কুমভাগম
  • পাল্লান্থুৰুথি
  • ছেইণ্ট ছেবাষ্টিয়ান দ্বীপ
  • ছান থোমে দ্বীপ (থমাছথুৰুথ)
  • ভিনচেণ্ট দ্বীপ৬
  • আৱাৰ লেডী অৱ ফাতিমা দ্বীপ (ফাতিমাথুৰুথ)
  • পেঝুমথুৰুথ
  • কাক্কাথুৰুথ
  • পট্টামথুৰুথ
  • পালিয়ান্থুৰুথ (পাল্লিয়ামথুৰুথ)
  • নীট্টুম থুৰুথ
  • পুথেন্থুৰুথ
  • পুথুৰুথ
  • পান্নায়ক্কাথুৰুথ
  • ভেলুথুৰুথ
  • নীলেশ্বৰম থুৰুথ
  • চীকেন্থুৰুথ
  • কেৰোলিথুৰুথ
  • কানাক্কান্থুৰুথ
  • পুষ্পমঙ্গলমথুৰুথ
  • জোছেফথুৰুথ ৭

উপকূলীয় নিয়ন্ত্ৰণ মণ্ডল (CRZ) আইনৰ প্ৰভাৱ

ভাৰতৰ এখন উপকূলীয় চহৰ হিচাপে কোল্লাম চহৰ আৰু ইয়াৰ কাষৰীয়া দ্বীপসমূহৰ উন্নয়নৰ ক্ষেত্ৰত উপকূলীয় নিয়ন্ত্ৰণ মণ্ডল (CRZ) আইনৰ যথেষ্ট গুৰুত্ব আছে। ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি চৰকাৰে গঠন কৰা উপকূলীয় জিলা সমিতিসমূহে দাখিল কৰা তৃতীয়খন প্ৰতিৱেদন অনুসৰি, কেৰালা ৰাজ্যত মুঠ ২৬,২৫৯টা উলংঘন চিনাক্ত কৰা হৈছিল। ইয়াৰ ভিতৰত কোল্লাম জিলাতেই সৰ্বাধিক ৪,৮৬৮টা উলংঘন চিনাক্ত কৰা হয়।৮ ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত কোল্লামৰ ১৮৪টা দ্বীপক উপকূলীয় নিয়ন্ত্ৰণ মণ্ডলৰ নিয়মৰ অধীনলৈ অনা হয়। এই দ্বীপসমূহত নতুন নিৰ্মাণকাৰ্যৰ অনুমতি সৰ্বোচ্চ জোৱাৰৰেখাৰপৰা স্থলভাগৰফালে ৫০ মিটাৰ পৰ্যন্ত অঞ্চলৰ ভিতৰতহে প্ৰদান কৰা হ'ব পাৰে। এই নিয়মে কোল্লামৰ দ্বীপসমূহত নতুন ঘৰ-বাৰী, আন্তঃগাঁথনি আৰু অন্যান্য নিৰ্মাণকাৰ্যৰ ওপৰত গুৰুত্বপূৰ্ণ নিয়ন্ত্ৰণ আৰোপ কৰিছে। ৯

তথ্যসূত্ৰ

  1. ↑ Ashtamudi Resort Kollam, Ashtamudi Kollam, Quilon (Kollam), Kerala, India- hotelskerala.com Back water Retreat Ashtamudi
  2. ↑ WWF - Ashtamudi Lake Ashtamudi Lake
  3. ↑ Archived copy
  4. ↑ Umbrajkar, Manish. (17 July 2014). Bhushi dam area may get a holiday resort. Times of India
  5. ↑ KOLLAM - THE PRINCE OF ARABIAN SEA - The Hindu
  6. ↑ Select mangrove swathes to become EFL. The Hindu
  7. ↑ (30 December 2015). Eating into Ashtamudi, with impunity. The Hindu
  8. ↑ (9 January 2020). Kerala: Over 26,000 CRZ violations identified in 10 coastal districts. Times of India
  9. ↑ (3 February 2020). In Kerala, 2,130 islands brought under CRZ regime. The Hindu

সম্পৰ্কিত শ্ৰেণী

কেৰালাত পৰ্যটন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কোল্লাম দ্বীপপুঞ্জ” প্ৰবন্ধৰ সংশোধন ৬২৭২৯৫ (১৫ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।