

আলকোডে (Alakode) ভাৰতৰ কেৰালা ৰাজ্যৰ কান্নুৰ জিলাৰ এখন বিকাশশীল চহৰ আৰু গাঁও পঞ্চায়ত।১ এই চহৰ তালিপৰাম্বা-মানাকাডাভু–কুৰ্গ পথত অৱস্থিত আৰু জিলা সদৰ কান্নুৰৰপৰা প্ৰায় ৪৬ কিলোমিটাৰ (২৯ মাইল) উত্তৰত অৱস্থিত। আলকোডে মালাবাৰ প্ৰব্ৰজনৰ অন্যতম গুৰুত্বপূৰ্ণ কেন্দ্ৰ আছিল।২
আলকোডেৰ ওচৰ-পাঁজৰৰ কেইবাটাও অঞ্চল ইয়াৰ সৈতে সংলগ্ন, যেনে ৰায়াৰোম, আৰাংগাম, থেৰ্থালি আৰু নেল্লিপাৰা।
জনসংখ্যাগত তথ্য
২০১১ চনৰ ভাৰতীয় লোকপিয়ল অনুসৰি, আলকোডেৰ মুঠ জনসংখ্যা আছিল ৩৩,১৭৩ জন। ইয়াৰে ১৬,২৮৯ জন পুৰুষ আৰু ১৬,৮৮৪ জন মহিলা। আলকোডে গাঁওখনৰ মুঠ মাটি-কালি ৭২.৬৮ বৰ্গ কিলোমিটাৰ (৭,২৬,৮০,০০০ বৰ্গ মিটাৰ) আৰু ইয়াত ৮,০০৭টা পৰিয়াল বসবাস কৰে। ০–৬ বছৰ বয়সৰ শিশুৰ সংখ্যা আছিল ৩,৩১৮ জন, যি গাঁওখনৰ মুঠ জনসংখ্যাৰ ১০.০০%। আলকোডেৰ গড় লিংগ অনুপাত আছিল ১,০২৩, যিটো কেৰালাৰ ৰাজ্যিক গড় ১,০৮৪তকৈ কম। আলকোডেৰ সাক্ষৰতাৰ হাৰ আছিল ৯৫.৩৮%, আনহাতে কেৰালাৰ সাক্ষৰতাৰ হাৰ আছিল ৯৪.০০%। পুৰুষৰ সাক্ষৰতাৰ হাৰ ৯৬.৮৭%, আনহাতে মহিলাৰ সাক্ষৰতাৰ হাৰ আছিল ৯৩.৯৬%। ৩
প্ৰশাসন
আলকোডে গ্ৰাম পঞ্চায়ত তালিপৰাম্বা ব্লক পঞ্চায়তৰ অন্তৰ্গত। আলকোডে পঞ্চায়তৰ প্ৰশাসনিক অধীনত আলকোডে, থিমিৰি আৰু ভেল্লাড গাঁও আছে। ৰাজনৈতিকভাৱে আলকোডে কান্নুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ইৰিক্কুৰ বিধানসভা সমষ্টিৰ অংশ। ৪৫
পৰিবহণ
কেৰালাৰ হিল হাইৱে (SH 59) আলকোডে চহৰৰ মাজেৰে পাৰ হৈ গৈছে। এই পথটোৱে আলকোডেক চেৰুপুঝা, কাৰুভাঞ্চাল, চেম্পেৰি, পায়্যাভূৰ, ইৰিট্টি আদি চহৰ আৰু নগৰৰ সৈতে সংযোগ কৰিছে। উলিক্কাল বা ইৰিট্টিৰ পূব দিশেৰে মহীশূৰ আৰু বেংগালুৰুলৈ যাব পাৰি।৬তালিপৰাম্বা–কুৰ্গ সীমান্ত পথ আলকোডেৰ আন এটা গুৰুত্বপূৰ্ণ পথ। এই পথে আলকোডেক তালিপৰাম্বা আৰু মানাকাডাভুৰ সৈতে সংযোগ কৰিছে। ৬৬ নং ৰাষ্ট্ৰীয় ঘাইপথ তালিপৰাম্বা চহৰৰ মাজেৰে পাৰ হৈ গৈছে। এই পথে উত্তৰ দিশে গোৱা আৰু মুম্বাই, আৰু দক্ষিণ দিশে কোচি আৰু তিৰুৱনন্তপুৰমলৈ যাতায়াত কৰিব পাৰি।
আলকোডেৰ নিকটতম ৰে'ল ষ্টেচন হৈছে কন্নাপুৰম আৰু কান্নুৰ, যি শোৰানুৰ–মাংগালুৰু ৰে'লপথৰ অন্তৰ্গত।
আলকোডেৰপৰা প্ৰায় ৪৬.৫ কিলোমিটাৰ দূৰত অৱস্থিত কান্নুৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হৈছে নিকটতম আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ। মাংগালুৰু বিমানবন্দৰ আৰু কেলিকট আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰও ওচৰৰ আন দুটা বিমান যাতায়াতৰ বিকল্প।
অৰ্থনীতি
আলকোডেৰ অধিকাংশ লোক কৃষিকাৰ্য অথবা ব্যৱসায়ৰ সৈতে জড়িত। এই অঞ্চলটো ৰবৰ, শুকান নাৰিকলৰ শাঁহ (ড্ৰাই ক’প্ৰা), জালুক, তামোলৰ গুটি আদি পাহাৰীয়া কৃষিজাত সামগ্ৰী ভাৰতৰ উত্তৰ অংশত অৱস্থিত বিভিন্ন উদ্যোগলৈ ৰপ্তানি কৰাৰ বাবে পৰিচিত। আলকোডে মালাবাৰ প্ৰব্ৰজনৰ অন্যতম গুৰুত্বপূৰ্ণ কেন্দ্ৰ। ১৯৪০ আৰু ১৯৫০ৰ দশকত উত্তৰ ট্ৰাভাঙ্কোৰ অঞ্চলৰপৰা বহু লোক আলকোডেলৈ প্ৰব্ৰজন কৰি আহিছিল। এই প্ৰব্ৰজনকাৰীসকলে অঞ্চলটোৰ স্থানীয় অৰ্থনীতিৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
শিক্ষা
- মেৰী মাথা আৰ্টছ এণ্ড ছায়েন্স কলেজ, আলাকোডে ৭
- ছেইণ্ট মেৰী কনভেণ্ট ছিনিয়ৰ ছেক. স্কুল, আলাকোড
- এন এছ এছ এইচ এছ এছ, আলাকোড ৮
- নিৰ্মলা ইউ পি স্কুল
বেংকিং
- ভাৰতীয় ষ্টেট বেংক
- ফেডাৰেল বেংক
- কেনাৰা বেংক (পূৰ্বতে চিণ্ডিকেট বেংক)
- কেৰালা বেংক
- কেৰেলা গ্ৰেমিন বেংক
- আলাকোড সেৱা সমবায় বেংক
- তালিপাৰম্বা পিচিআৰডি বেংক, আলাকোড
- এইচ ডি এফ চি বেংক
তথ্যসূত্ৰ
- ↑ Alakode Village Code 627190, Taliparamba Taluk, Kerala. Kerala Village Codes
- ↑ Census of India: Alakode Population - Kannur, Kerala. Registrar General & Census Commissioner, India
- ↑ Kerala, Directorate of Census Operations. District Census Handbook, Kannur. Directorate of Census Operations, Kerala. পৃ. 154,155
- ↑ Assembly Constituencies - Corresponding Districts and Parliamentary Constituencies. Kerala. Election Commission of India
- ↑ Niyamasabha constituencies of Kannur. ceo.kerala.gov.in
- ↑ Hill Highway in Kerala; DPR ready for just 79 kms. Mathrubhumi
- ↑ List of degree colleges in Kannur-Kerala. vidyatime.com
- ↑ Higher Secondary Education Portal. www.dhsekerala.gov.in
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আলাকোডে” প্ৰবন্ধৰ সংশোধন ৬২৮৬৬৩ (১৮ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।