অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

উইলিংডন দ্বীপ

উইলিংডন দ্বীপ (Willingdon Island) ভাৰতৰ সৰ্ববৃহৎ কৃত্ৰিম দ্বীপ। এই দ্বীপটো কেৰালাৰ কোচি চহৰৰ অন্তৰ্গত। বৰ্তমানৰ উইলিংডন দ্বীপৰ অধিকাংশ অংশ ভেম্বানাদ হ্ৰদৰপৰা মাটি উদ্ধাৰ কৰি সৃষ্টি কৰা হৈছিল।

হালনাগাদ: ১ নৱেম্বৰ ২০২৬ ৮১৭ শব্দ · ৫ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

উইলিংডন দ্বীপ (Willingdon Island) ভাৰতৰ সৰ্ববৃহৎ কৃত্ৰিম দ্বীপ। এই দ্বীপটো কেৰালাৰ কোচি চহৰৰ অন্তৰ্গত। বৰ্তমানৰ উইলিংডন দ্বীপৰ অধিকাংশ অংশ ভেম্বানাদ হ্ৰদৰপৰা মাটি উদ্ধাৰ কৰি সৃষ্টি কৰা হৈছিল। এই কামত হ্ৰদৰ তলৰপৰা খনন কৰি উলিওৱা মাটি পূৰ্বে থকা সৰু প্ৰাকৃতিক দ্বীপ এটাৰ চাৰিওফালে ভৰাই নতুন মাটি তুলি গঢ়ি তোলা হৈছিল।

উইলিংডন দ্বীপ কেৰালা আৰু ভাৰতৰ সামুদ্ৰিক বাণিজ্যৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ। ইয়াত কোচি বন্দৰ, ভাৰতীয় নৌসেনাৰ দক্ষিণ নৌ কমাণ্ড আৰু কোচি নৌঘাঁটি অৱস্থিত। ইয়াৰ উপৰি ইয়াত উদ্ভিদ কোৱাৰেণ্টাইন কেন্দ্ৰ, কোচিন কাষ্টমছ হাউচ আৰু কেন্দ্ৰীয় মীন প্ৰযুক্তি প্ৰতিষ্ঠান আছে আৰু এই প্ৰতিষ্ঠান ভাৰতীয় কৃষি গৱেষণা পৰিষদ (ICAR)-ৰ এখন অংগ প্ৰতিষ্ঠান, অৱস্থিত। ১ দ্বীপটোত কোচি বন্দৰ প্ৰাধিকৰণ মুখ্য কাৰ্যালয়,২ শুল্ক বিভাগ, মাৰ্চেণ্টাইল মেৰিন বিভাগ, দুটাতকৈ অধিক আমদানি-ৰপ্তানি প্ৰতিষ্ঠান, গুদামঘৰ, কেইবাখনো হোটেল আৰু ব্যাৱসায়িক কেন্দ্ৰও আছে। লগতে, ইয়াত কোচিন বন্দৰ সামুদ্ৰিক ঐতিহ্য সংগ্ৰহালয় আছে, য'ত কোচি বন্দৰৰ ইতিহাস আৰু সামুদ্ৰিক ঐতিহ্য সংৰক্ষণ কৰা হৈছে।৩

ইতিহাস

ধাৰণা

কোচিত নতুন এটা বন্দৰ গঢ়ি তোলাৰ ধাৰণাটো প্ৰথমে উত্থাপন কৰিছিল অভিযন্তা ৰবাৰ্ট ব্ৰিষ্ট'ৱে। তেওঁক তেতিয়াৰ মাদ্ৰাজ প্ৰেচিডেন্সিৰ গভৰ্ণৰ লৰ্ড উইলিংডনে ভাৰতৰ পশ্চিম উপকূলত কোচিত এটা আধুনিক বন্দৰ নিৰ্মাণৰ দায়িত্ব অৰ্পণ কৰিছিল।

দ্বীপৰ নিৰ্মাণ

উইলিংডন দ্বীপ ১৯৩৬ চনত আধুনিক কোচি বন্দৰ নিৰ্মাণৰ সময়ত সৃষ্টি কৰা হৈছিল। নতুন বন্দৰটোত ডাঙৰ সমুদ্ৰযান চলাচল কৰিব পৰাকৈ ভেম্বানাদ হ্ৰদ গভীৰ কৰাৰ উদ্দেশ্যে ব্যাপক খননকাৰ্য চলোৱা হৈছিল। এই খননকাৰ্যৰপৰা উলিওৱা মাটি জমা কৰি সমুদ্ৰৰ মাজতে এই কৃত্ৰিম দ্বীপটো গঢ়ি তোলা হয়। এই দ্বীপটোৰ নামকৰণ কৰা হৈছিল তেতিয়াৰ ভাৰতৰ ভাইচৰয় আৰ্ল অৱ উইলিংডনৰ সন্মানত।৪ তেওঁৰ অনুমোদন আৰু পৃষ্ঠপোষকতাত এই বন্দৰ প্ৰকল্প বাস্তৱায়িত হোৱাৰ বাবে তেওঁৰ নাম অনুসৰিয়েই দ্বীপটোৰ নাম উইলিংডন দ্বীপ ৰখা হয়।

এই বৃহৎ প্ৰকল্পটোৰ মুখ্য পৰিকল্পনাকাৰী আৰু মুখ্য অভিযন্তা আছিল ৰবাৰ্ট ব্ৰিষ্ট'। তেওঁ আধুনিক কোচি বন্দৰ নিৰ্মাণত অগ্ৰণী ভূমিকা পালন কৰিছিল। দ্বীপটোত নিৰ্মাণ কৰা প্ৰথমটো অট্টালিকাও তেওঁৰেই আছিল। ১৯৩৫ চনৰ ৯ মাৰ্চত বিবি লাইনৰ এখন সমুদ্ৰযান উইলিংডন দ্বীপত উপস্থিত হোৱা প্ৰথমখন যাত্ৰীবাহী লাইনৰ হিচাপে ইতিহাসত স্থান লাভ কৰে। বন্দৰত অহা-যোৱা কৰা যাত্ৰীসকলৰ বিশ্ৰামৰ সুবিধাৰ বাবে ইয়াত মালাবাৰ হোটেল নামেৰে এটা বন্দৰ অতিথিশালা নিৰ্মাণ কৰা হৈছিল।

১৯৩৯ চনৰ ভিতৰত বন্দৰৰ বাবে পৰিকল্পনা কৰা মূল আন্তঃগাঁথনি সম্পূৰ্ণ হয়। সেই সময়তেই দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হোৱাত এই নতুন বন্দৰ আৰু ইয়াৰ সুবিধাসমূহে সামৰিক দৃষ্টিৰে বিশেষ গুৰুত্ব লাভ কৰে। ৪ গভীৰ জেটি, মূল ভূ-খণ্ডৰ সৈতে সংযোগ স্থাপন কৰা ৰে'ল সেতু আৰু পথ সেতুৱে যুদ্ধকালীন ৰসদ, সৈন্য আৰু সামগ্ৰী পৰিবহণত উল্লেখযোগ্য সহায় আগবঢ়াইছিল।

উইলিংডন দ্বীপৰ দক্ষিণে অৱস্থিত ভেণ্ডুৰুথি দ্বীপত নৌসেনাৰ এটা কাৰখানাও স্থাপন কৰা হৈছিল। দ্বিতীয় বিশ্বযুদ্ধৰ শেষৰফালে তাত জাপানৰ ওপৰত সম্ভাৱ্য সামৰিক অভিযানৰ বাবে সৈন্য আৰু সামৰিক সঁজুলি উপকূলত অৱতৰণ কৰাবলৈ ব্যৱহাৰ হোৱা বিশেষ নৌযান (লেণ্ডিং ক্ৰাফ্ট) নিৰ্মাণ কৰা হৈছিল। ১৯৪০ চনত মালাবাৰ হোটেলৰ কাষতে যাত্ৰীসকলৰ সুবিধাৰ বাবে এটা যাত্ৰীবাহী জেটি, এখন শুল্ক (কাষ্টমছ) কাৰ্যালয়, এটা যাত্ৰীবাহী ৰে'ল প্লেটফৰ্ম আৰু ৰে'ল ছাইডিং নিৰ্মাণ কৰা হয়। এই সুবিধাসমূহে উইলিংডন দ্বীপক অতি কম সময়ৰ ভিতৰতে কোচি বন্দৰৰ এক গুৰুত্বপূৰ্ণ বাণিজ্যিক আৰু যাতায়াত কেন্দ্ৰ হিচাপে গঢ়ি তুলিছিল।

উইলিংডন দ্বীপস্থিত ভিভাণ্টা বাই তাজ – মালাবাৰ হোটেলৰপৰা দেখা দৃশ্য।
উইলিংডন দ্বীপস্থিত ভিভাণ্টা বাই তাজ – মালাবাৰ হোটেলৰপৰা দেখা দৃশ্য।ছবি: Vssun at Malayalam Wikipedia · CC BY 3.0

ব্ৰিটিছ সামৰিকৰ বাবে ব্যৱহাৰ

ৰয়েল এয়াৰ ফ'ৰ্চে (RAF) এই বিস্তৃত, সমতল আৰু সুবিধাজনকভাৱে অৱস্থিত নতুন ভূমিখণ্ডৰ সামৰিক সম্ভাৱনা অতি সোনকালে অনুধাৱন কৰে। ফলস্বৰূপে, ইয়াত এখন বৃহৎ বিমানক্ষেত্ৰ (এৰ'ড্ৰ'ম) নিৰ্মাণ কৰা হয়।৪ইয়াৰ লগে লগে উইলিংডন দ্বীপ এক গুৰুত্বপূৰ্ণ সামৰিক ঘাটিত পৰিণত হয়। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ছোৱাত মালাৱাৰ হোটেলত সামৰিক বিষয়া আৰু কৰ্মচাৰীসকলৰ আৱাসৰ ব্যৱস্থা কৰা হৈছিল। সেই সময়তে হোটেলটোৰ কাষত এটা নতুন প্ৰশাসনিক ভৱনো নিৰ্মাণ কৰা হয়। ১৯৪২ চনৰ ১ অক্টোবৰ তাৰিখে বিমানক্ষেত্ৰটো ৰয়েল এয়াৰ ফ'ৰ্চৰপৰা ৰয়েল নেভিৰ অধীনলৈ হস্তান্তৰ কৰা হয় আৰু এইচ এম এছ গৰুদা নামে পুনৰ কাৰ্যক্ষম কৰা হয়। ইয়াত একে সময়তে ১৮০খন বিমান মেৰামতি কৰিব পৰা ক্ষমতাসম্পন্ন ৰয়েল নেভিৰ এক বিমান মেৰামতি কেন্দ্ৰ স্থাপন কৰা হৈছিল। ১৯৪৬ চনৰ ১ এপ্ৰিললৈকে এই কেন্দ্ৰটোৱে কাৰ্য চলাইছিল।৫সামৰিক সুবিধাসমূহৰ উপৰি দ্বীপখনত এটা নতুন ডাকঘৰ, হোটেল আৰু কাৰ্যালয়সমূহৰ মাজত এখন মুক্ত আকাশৰ সাঁতোৰ পুখুৰী, আৰু ইয়াৰ কাষতে এটা বেংকৰ শাখাও স্থাপন কৰা হৈছিল। এই সকলো সুবিধাই উইলিংডন দ্বীপক এক সু-সজ্জিত সামৰিক আৰু প্ৰশাসনিক কেন্দ্ৰ হিচাপে গঢ়ি তুলিছিল।

১৯৪৭ চনৰপৰা

১৯৪৭ চনত ভাৰতে স্বাধীনতা লাভ কৰাৰ পাছত উইলিংডন দ্বীপস্থিত এই পৰিবহণ কেন্দ্ৰৰ নিয়ন্ত্ৰণ ব্ৰিটিছ সাম্ৰাজ্যৰপৰা ভাৰত চৰকাৰৰ হাতলৈ হস্তান্তৰ কৰা হয়। ঔপনিৱেশিক শাসনৰ সংক্ষিপ্ত সময়ছোৱাত বন্দৰটোৱে সৰ্বাধিক প্ৰায় ১০ লাখ টন মালবস্তু পৰিচালনা কৰিছিল; কিন্তু ১৯৬০ চনৰ ভিতৰত এই পৰিমাণ প্ৰায় দুগুণলৈ বৃদ্ধি পায়। দ্বীপটোৰ বিমানক্ষেত্ৰটোও বিস্তৃতভাৱে উন্নীত কৰা হয় আৰু ই কোচি চহৰৰ আধুনিক সামৰিক-অসামৰিক (মিলিটাৰী-কাম-চিভিলিয়ান) বিমানবন্দৰ হিচাপে গঢ় লৈ উঠে। কিন্তু নেডুম্বাসেৰীত৬, কোচি চহৰৰ উত্তৰ-পূব দিশত প্ৰায় ২৫ কিলোমিটাৰ দূৰত, নতুন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ স্থাপিত হোৱাৰ পিছত দ্বীপটোৰ অসামৰিক বিমানবন্দৰ অংশ বন্ধ কৰি দিয়া হয়। ইয়াৰ পিছত বিমানক্ষেত্ৰটো কেৱল ভাৰতীয় নৌসেনাৰ বিমান ঘাটি আইএনএছ গৰুড় (INS Garuda) হিচাপে ব্যৱহাৰ হৈ ১৯৫০-ৰ দশকৰ ভিতৰতে দ্বীপটোৰ অৱশিষ্ট খালী ঠাইসমূহো দ্ৰুতগতিত উন্নয়নৰ আওতালৈ অনা হয়। নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ অলপ সময়ৰ পাছতেই ব্ৰিটিছসকলে দ্বীপটো এৰি গ'ল যদিও, এই কৃত্ৰিম দ্বীপটোত প্ৰাচীন আৰু নৈসৰ্গিক কোচি নগৰীৰ কেৱল এটা সংযোজন হৈ নাথাকি, ক্ৰমে কোচি মহানগৰীৰ বাণিজ্যিক কেন্দ্ৰ হিচাপে বিকশিত হয়।

কোচি ভাৰতৰ অন্যতম গুৰুত্বপূৰ্ণ সামুদ্ৰিক বন্দৰ, আৰু উইলিংডন দ্বীপ চহৰখনৰ এক উল্লেখযোগ্য পৰিচয়চিহ্ন। দ্বীপটো ভেণ্ডুৰুথী সেতুৰ জৰিয়তে মূল ভূ-খণ্ডৰ সৈতে সংযুক্ত। এই সেতুৰে পথ আৰু ৰে'ল উভয় যোগাযোগ ব্যৱস্থাই চলাচল কৰে। উইলিংডন দ্বীপত দুটা ৰে'ল ষ্টেচন আছে, মাট্টাঞ্চেৰী হল্ট আৰু কোচিন হাৰ্বাৰ টাৰ্মিনাছ। ইয়াতেই ভাৰতীয় নৌসেনাৰ দক্ষিণ নৌ কমাণ্ডৰ মুখ্য কাৰ্যালয় অৱস্থিত। দ্বীপখনৰ কাষতে থকা কোচিন শ্বিপইয়াৰ্ড ভাৰতৰ অন্যতম বৃহৎ আৰু গুৰুত্বপূৰ্ণ জাহাজ নিৰ্মাণ তথা মেৰামতি প্ৰতিষ্ঠান।৭ বাণিজ্যিক আৰু সামৰিক গুৰুত্বৰ লগতে উইলিংডন দ্বীপ এক জনপ্ৰিয় পৰ্যটনস্থলীও। ইয়াত বহু উন্নত মানৰ হোটেল, অতিথিশালা আৰু পৰ্যটন-সংশ্লিষ্ট বিভিন্ন সুবিধা উপলব্ধ। তদুপৰি, আমদানি-ৰপ্তানি বাণিজ্যৰ সৈতে জড়িত বহু ক্লিয়াৰিং আৰু ফৰৱাৰ্ডিং এজেণ্টৰ কাৰ্যালয়ো এই দ্বীপত অৱস্থিত, যাৰ ফলত কোচি বন্দৰৰ বাণিজ্যিক কাৰ্যকলাপত উইলিংডন দ্বীপে এক কেন্দ্ৰীয় ভূমিকা পালন কৰে।

উইলিংডন দ্বীপত বন্দৰ-সংশ্লিষ্ট আন্তঃগাঁথনিৰ লগতে বহুতো অত্যাৱশ্যকীয় নাগৰিক সুবিধাও গঢ়ি তোলা হৈছে। ইয়াত জাহাজ মেৰামতিৰ বাবে এখন ড্ৰাই ডক, অগ্নিনিৰ্বাপক কেন্দ্ৰ, তেল সংৰক্ষণ টেংক ফাৰ্ম, চিকিৎসালয় আৰু বিভিন্ন ধৰ্মৰ উপাসনাস্থলী অৱস্থিত।৮ দ্বীপটোত বন্দৰ স্বাস্থ্য সংস্থা এ কাৰ্যনিৰ্বাহ কৰে। এই সংস্থাই বন্দৰৰ জৰিয়তে কোৱাৰেণ্টাইনযোগ্য তথা সংক্ৰামক ৰোগ দেশত প্ৰৱেশ কৰাটো ৰোধ কৰাৰ বাবে স্বাস্থ্য পৰ্যবেক্ষণ আৰু প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰে।৯ বাণিজ্যিক দিশৰপৰা উইলিংডন দ্বীপ বিশেষভাৱে গুৰুত্বপূৰ্ণ। কোচিন চেম্বাৰ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰিজৰ মুখ্য কাৰ্যালয়, বিমানবন্দৰৰ ওচৰত ভাৰত চৰকাৰৰ পৰ্যটন তথ্য কাৰ্যালয়, বন্দৰ-সংশ্লিষ্ট বিভিন্ন প্ৰতিষ্ঠান, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বেংকৰ শাখা, ভ্ৰমণ সংস্থা, স্মৃতিচিহ্ন বিক্ৰীৰ দোকান আৰু বৃহৎ গুদামঘৰ ইয়াত অৱস্থিত। ফলস্বৰূপে, এই দ্বীপ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য আৰু সামুদ্ৰিক পৰিবহণৰ এক উল্লেখযোগ্য কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে। কোচিন বন্দৰ আৰু শুল্ক বিভাগৰ বহু কৰ্মচাৰীয়ে এই দ্বীপত বসবাস কৰে। তেওঁলোকৰ পৰিয়াল আৰু ভাৰতীয় নৌসেনাৰ ঘাটিত কৰ্মৰত লোকসকলৰ সন্তানৰ শিক্ষাৰ সুবিধাৰ বাবে ইয়াত পাঁচখন বিদ্যালয় আৰু এখন শিশুবিদ্যালয় (কিণ্ডাৰগাৰ্টেন) স্থাপন কৰা হৈছে। এই বিদ্যালয়সমূহৰ ভিতৰত তিনিখন কেন্দ্ৰীয় বিদ্যালয় (Kendriya Vidyalaya) সংগঠনৰ অধীনত পৰিচালিত হয়।

বাহ্যিক সংযোগ

  1. www.keralatourism.org Willingdon Island - a man-made Island in Kochi, Ernakulam
  2. www.incredibleindia.gov.inVisit Willingdon Island, Kochi
  3. www.explorebees.com willingdon island (July 2026) Timings,Tickets,reviews,Tips,Contact number

তথ্যসূত্ৰ

  1. ↑ Custom House Cochin. Cochincustoms.nic.in
  2. ↑ Cochin Port Trust, Kerala, India. www.cochinport.com
  3. ↑ Maritime Museum, Kochi, Ernakulam, Kerala, India. Kerala Tourism
  4. ↑ Willingdon Island
  5. ↑ Chatterji, Adhar Kumar (1985). Naval aviation: a world history. Allied. p. 151
  6. ↑ cial.aero/
  7. ↑ cochinshipyard.com/
  8. ↑ Medical services. Cochin Port
  9. ↑ Port Health Organisation Cochin – Prevention of Diseases. Porthealthcochin.org

সম্পৰ্কিত শ্ৰেণী

কেৰালাত পৰ্যটনদ্বীপ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উইলিংডন দ্বীপ” প্ৰবন্ধৰ সংশোধন ৬৩৪৮৪৪ (১১ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।