অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

আলুভা

আলুভা (Aluva) পূৰ্বতে অলৱেই নামেৰে জনাজাত, ভাৰতৰ কেৰালা ৰাজ্যৰ কোচি মহানগৰীৰ উত্তৰ অংশৰ এখন প্ৰধান চহৰ আৰু পৌৰসভা। পূৰ্বতে অলৱেই নামেৰে জনাজাত, ভাৰতৰ কেৰালা ৰাজ্যৰ কোচি মহানগৰীৰ উত্তৰ অংশৰ এখন প্ৰধান চহৰ আৰু পৌৰসভা।

হালনাগাদ: ১৮ আগষ্ট ২০২৬ ৯৩১ শব্দ · ৫ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

আলুভা (Aluva) পূৰ্বতে অলৱেই নামেৰে জনাজাত, ভাৰতৰ কেৰালা ৰাজ্যৰ কোচি মহানগৰীৰ উত্তৰ অংশৰ এখন প্ৰধান চহৰ আৰু পৌৰসভা। পূৰ্বতে অলৱেই নামেৰে জনাজাত, ভাৰতৰ কেৰালা ৰাজ্যৰ কোচি মহানগৰীৰ উত্তৰ অংশৰ এখন প্ৰধান চহৰ আৰু পৌৰসভা। ১২ পেৰিয়াৰ নদীৰ পাৰত অৱস্থিত আলুভাই এৰ্নাকুলাম জিলাৰ এক গুৰুত্বপূৰ্ণ আৱাসিক, বাণিজ্যিক আৰু পৰিবহণ কেন্দ্ৰ হিচাপে পৰিচিত। এই চহৰ আলুভা তালুকৰ প্ৰশাসনিক সদৰ। কেন্দ্ৰীয় কোচিৰ উত্তৰ-পূব দিশত অৱস্থিত আলুৱাক দীৰ্ঘদিন ধৰি কোচি আৰু মধ্য কেৰালাৰ মাজৰ এক গুৰুত্বপূৰ্ণ প্ৰৱেশদ্বাৰ হিচাপে গণ্য কৰা হয়।

আলুভা ইয়াৰ সাংস্কৃতিক, ধৰ্মীয় আৰু ঐতিহাসিক গুৰুত্বৰ বাবে পৰিচিত। ইয়াৰ বাৰ্ষিক আলুৱা শিৱৰাত্ৰি উৎসৱ বিশেষভাৱে উল্লেখযোগ্য। কেৰালাৰ অন্যতম বৃহৎ ধৰ্মীয় সমাৱেশ হিচাপে পৰিগণিত এই উৎসৱ পেৰিয়াৰ নদীৰ বালিচৰত অনুষ্ঠিত হয়।৩আলুভা শ্ৰী নাৰায়ণ গুৰুৰ সৈতেও ঘনিষ্ঠভাৱে জড়িত। তেওঁ ১৯১৩ চনত আলুৱাত অদ্বৈত আশ্ৰম প্ৰতিষ্ঠা কৰিছিল। ইয়াৰ ফলত আলুভা সামাজিক সংস্কাৰ আৰু আধ্যাত্মিক চিন্তাৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে পৰিগণিত হয়।৪ ঐতিহাসিকভাৱে আলুভা পেৰিয়াৰ নদীৰ পাৰত গঢ় লৈ উঠা এক গুৰুত্বপূৰ্ণ জনবসতি। পৰৱৰ্তী সময়ত ই বাণিজ্য, শিক্ষা আৰু উদ্যোগৰ এক উল্লেখযোগ্য কেন্দ্ৰ হিচাপে বিকশিত হয়।

আলুভাই আলুভা তালুকৰ প্ৰশাসনিক কেন্দ্ৰ হিচাপেও কাম কৰে। ১৯৫৬ চনত মুকুন্দপুৰম, কানায়ন্নুৰ, কুন্নাথুনাড আৰু নৰ্থ পাৰাভুৰ আদি গাঁওসমূহৰ তালুক একত্ৰিত কৰি আলুৱা তালুক গঠন কৰা হৈছিল। কোচি নগৰীয়া সমষ্টিৰ অংশ হোৱাৰ পাছতো আলুৱাই এখন স্বায়ত্তশাসিত পৌৰসভা হিচাপে নিজৰ প্ৰশাসনিক ভূমিকা অব্যাহত ৰাখিছে আৰু কেৰালাৰ অন্যতম গুৰুত্বপূৰ্ণ নগৰ কেন্দ্ৰ হিচাপে পৰিগণিত হৈ আহিছে। এৰ্নাকুলাম গ্ৰাম্য আৰক্ষী জিলাৰ জিলা আৰক্ষী প্ৰধানৰ কাৰ্যালয়, লোকনিৰ্মাণ বিভাগৰ অধীক্ষক অভিযন্তাৰ কাৰ্যালয় আৰু জিলা শিক্ষা বিষয়াৰ কাৰ্যালয়ো আলুভাত অৱস্থিত। ইয়াৰ উপৰি, কোচি মেট্ৰ’ ৰে’লৰ প্ৰথম পৰ্যায়ৰ উত্তৰ দিশৰ আৰম্ভণি স্থান আলুৱা। এই প্ৰথম পৰ্যায়ৰ মেট্ৰ’ সেৱা ২০১৭ চনৰ জুন মাহত আৰম্ভ হৈছিল।

নামৰ উৎপত্তি

আলুভা নামটোৰ উৎপত্তি সম্পৰ্কে কেইবাশতিকাজুৰি বিভিন্ন ধৰণৰ মতামত আৰু অনুমান প্ৰচলিত হৈ আহিছে। ইয়াৰ ভিতৰত এটা বহুলভাৱে গ্ৰহণযোগ্য মত হিন্দু দেৱতা শিৱৰ সৈতে জড়িত এক পৌৰাণিক কাহিনীৰ ওপৰত আধাৰিত। পৌৰাণিক কাহিনী অনুসৰি, পৃথিৱীক ৰক্ষা কৰিবলৈ শিৱই কালকূট বিষ পান কৰিছিল। কোৱা হয় যে বিষটো (আলম) মুখত (ভা) ধাৰণ কৰি থকাৰ বাবেই শিৱৰ সৈতে আলুভা নামটোৰ সম্পৰ্ক স্থাপন হৈছে। পৰৱৰ্তী সময়ত ভগৱান শিৱ আলুভাৰ এটা মন্দিৰত অধিষ্ঠিত দেৱতা হিচাপে পূজিত হোৱা বুলি বিশ্বাস কৰা হয়।৫ ভগৱান শিৱৰ সন্মানত প্ৰতি বছৰে শিৱৰাত্ৰি উৎসৱ উদ্‌যাপন কৰা হয়। আজিও কিছুমান প্ৰচাৰপত্ৰ আৰু ৱেবছাইটত আলুৱাক ইয়াৰ ঔপনিৱেশিক নাম (Alwaye) আলৱে নামেৰে উল্লেখ কৰা দেখা যায়।

ইতিহাস

প্ৰত্নতাত্ত্বিক প্ৰমাণ অনুসৰি, খ্ৰীষ্টপূৰ্ব ২৫০ চনৰপৰাই আলুৱাত জনবসতি থকাৰ প্ৰমাণ পোৱা যায়।৬ ১৩৪১ খ্ৰীষ্টাব্দলৈকে আলুৱা কাক্কানাড আৰু আলাংগাড পৰ্যন্ত বিস্তৃত এক সংলগ্ন ভূ-খণ্ডৰ অংশ আছিল। সেই সময়লৈকে অঞ্চলটো ঘন জনবসতিপূৰ্ণ হৈ পৰিছিল আৰু ই একে সময়তে অৱকাশ যাপনৰ স্থান আৰু বাণিজ্যিক কেন্দ্ৰ হিচাপে বিকশিত হৈছিল। আলুভাত পেৰিয়াৰ নদীৰপৰা দুটা শাখাত বিভক্ত হোৱা মংগলাপ্পুঝা দক্ষিণ ভাৰতৰ এক গুৰুত্বপূৰ্ণ বাণিজ্যিক কেন্দ্ৰ হিচাপে পৰিচিত আছিল।৭ ভাৰত স্বাধীন হোৱাৰ পূৰ্বে আলুৱা ত্ৰাৱাঙ্কোৰ ৰাজ্যৰ অন্তৰ্গত আছিল আৰু ৰাজপৰিয়ালৰ চৰকাৰী গ্ৰীষ্মকালীন বাসস্থান হিচাপে ব্যৱহৃত হৈছিল। বিংশ শতিকাত কোচিত ইহুদী সম্প্ৰদায়ৰ লোকসকলৰ বসতি থকাৰ সময়তো তেওঁলোকৰ কিছুমান লোকে পেৰিয়াৰ নদীৰ পাৰত আলুৱাত অৱকাশ যাপনৰ বাবে ঘৰ নিৰ্মাণ কৰি ৰাখিছিল।৮

ৰাজনীতি

আলুভা কেৰালা বিধানসভাৰ এটা সমষ্টি আৰু ই চালাকুডী লোকসভা সমষ্টিৰ অন্তৰ্গত। ২০১১ চনৰপৰা অনৱাৰ ছাদাথ আলুভা বিধানসভা সমষ্টিৰ বিধায়ক (MLA) হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। ৯ আলুভা চালাকুডী লোকসভা সমষ্টিৰো অংশ, যাক সাংসদ (MP) বেনি বেহানান প্ৰতিনিধিত্ব কৰে।

প্ৰশাসনিকভাৱে আলুভা এখন পৌৰসভা হিচাপে পৰিচালিত হয়। ১০ বৰ্তমানৰ পৌৰসভা পৰিষদখন ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নেতৃত্বত আছে। ২০২৫ চনৰ ডিচেম্বৰ মাহত চাইজি জ’লীক পৌৰসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰা হয়।

যাতায়াত

আলুভা বিমান, পথ আৰু ৰে'ল এই তিনিওটা মাধ্যমৰ জৰিয়তে ভাৰতৰ অন্যান্য প্ৰান্তৰ সৈতে সুসংযুক্ত।

বিমান সেৱা

কোচিন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আলুভা চহৰৰ কেন্দ্ৰৰপৰা প্ৰায় ১৫ কিলোমিটাৰ (৯.৩ মাইল) দূৰত অৱস্থিত। বিমানবন্দৰটোৱে ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় দুয়োধৰণৰ বিমান সেৱা আগবঢ়ায়।১১

ৰে'ল

ৰে'লগাড়ী

আলুভা ৰেল ষ্টেচনৰ প্ৰৱেশ পথ
আলুভা ৰেল ষ্টেচনৰ প্ৰৱেশ পথছবি: Ronyrajan95 · CC BY-SA 4.0

আলুভা ৰে'ল ষ্টেচন (IR Code: AWY) এটা গ্ৰেড-এ শ্ৰেণীৰ ষ্টেচন আৰু এই ষ্টেচন এৰ্নাকুলাম জংচন ৰেলৱে ষ্টেচন আৰু এৰ্নাকুলাম টাউন ৰেলৱে ষ্টেচনৰ পিছত কোচিত তৃতীয় ব্যস্ততম ৰে'ল ষ্টেচন। দক্ষিণ কেৰালালৈ যোৱা সকলো যাত্ৰীবাহী আৰু এক্সপ্ৰেছ ৰে'ল ইয়াত ৰয়।

ইডুক্কি জিলাৰ ভূ-প্ৰকৃতিৰ বাবে জিলাখনত কোনো ৰে'ল ষ্টেচন নাই। সেয়েহে ইডুক্কি জিলাৰ যাত্ৰীসকলে সাধাৰণতে আলুভা ৰে'ল ষ্টেচন ব্যৱহাৰ কৰে। উল্লেখযোগ্য যে কোনো ৰে'লগাড়ীয়েই আলুভা ৰে'ল ষ্টেচনৰপৰা যাত্ৰা আৰম্ভ নকৰে বা ইয়াতেই যাত্ৰা সমাপ্ত নকৰে।

ইয়াৰ উপৰি, চৌৱাৰা নামৰ এটা সৰু ৰে'ল ষ্টেচন আলুভা ৰে'ল ষ্টেচনৰপৰা প্ৰায় ৪ কিলোমিটাৰ (২.৫ মাইল) দূৰত অৱস্থিত।

মেট্ৰ’

কোচি মেট্ৰ’ৰ প্ৰথম পৰ্যায় আলুভা বাইপাছৰপৰা আৰম্ভ হৈ ত্ৰিপুনিথুৰালৈ চলাচল কৰে। এই প্ৰকল্পৰ নিৰ্মাণকাৰ্য ২০১৩ চনৰ মাজভাগত আৰম্ভ হৈছিল আৰু ২০১৭ চনৰ ১৯ জুনত মেট্ৰ’ সেৱা আৰম্ভ হয়।১২ কোচি মেট্ৰ’ ৰে’ল লিমিটেড হৈছে কেৰালা চৰকাৰৰ এটা প্ৰকল্প। আলুভা উৰণীয়া সেতুৰ বাহিৰে এই প্ৰকল্পটো দিল্লী মেট্ৰ’ ৰে’ল নিগমৰ সহযোগত ৰূপায়ণ কৰা হৈছিল। আলুভা মেট্ৰ’ ষ্টেচন হৈছে প্ৰথম পৰ্যায়ৰ উত্তৰ প্ৰান্তৰ টাৰ্মিনেল।১২মেট্ৰ’ ব্যৱস্থাৰ তৃতীয় পৰ্যায়ত আলুভাৰপৰা উত্তৰ দিশলৈ ৰে’লপথ সম্প্ৰসাৰণ কৰি অংগামালিলৈ নিয়াৰ পৰিকল্পনা কৰা হৈছে। ইয়াৰ জৰিয়তে কোচিন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সৈতে মেট্ৰ’ ৰে’লৰ সংযোগ স্থাপন কৰাৰ লক্ষ্য ৰখা হৈছে।

আলুভা মেট্ৰ’ ষ্টেচনত ৰেল
আলুভা মেট্ৰ’ ষ্টেচনত ৰেলছবি: Shady59 · CC BY-SA 4.0

বাছ

ৰাজীৱ গান্ধী বাছ আস্থান
ৰাজীৱ গান্ধী বাছ আস্থানছবি: RanjithSiji · CC BY 3.0
উন্নয়ন কৰা আলুভা কে এছ আৰ টি চি বাছ টাৰ্মিনেল
উন্নয়ন কৰা আলুভা কে এছ আৰ টি চি বাছ টাৰ্মিনেলছবি: Ronyrajan95 · CC BY-SA 4.0

ৰাজীৱ গান্ধী কেন্দ্ৰীয় বাছ আস্থান কোচিত অৱস্থিত ব্যক্তিগত বাছ আস্থানসমূহৰ ভিতৰত অন্যতম বৃহৎ আৰু কেৰালাৰো অন্যতম গুৰুত্বপূৰ্ণ বাছ আস্থান। ই কোচি চহৰৰ বাছ সেৱাৰ এটা গুৰুত্বপূৰ্ণ সংযোগস্থল হিচাপে কাম কৰে। ইয়াৰপৰা ফ’ৰ্ট কোচি, ত্ৰিপুনিথুৰা, কক্কানাড আদি চহৰৰ বিভিন্ন অঞ্চললৈ আন্তঃচহৰ বাছ সেৱা চলাচল কৰে। আলুভা কে এছ আৰ টি চি বাছ আস্থান মধ্য কেৰালাৰ অন্যতম গুৰুত্বপূৰ্ণ কে এছ আৰ টি চি বাছ আস্থান। কৰ্ণাটক ৰাজ্য পথ পৰিবহণ নিগম আৰু তামিলনাডু ৰাজ্য পথ পৰিবহণ নিগমৰ দৈনিক যাত্ৰীবাহী বাছসমূহে আলুভাৰ সৈতে মাইছূৰ, মাংগালুৰু, বেংগালুৰু, তিৰুচিৰাপল্লী, কোয়েম্বাটুৰ, ছালেম, পালানি আৰু কোডাইকানাল আদি ঠাই সংযোগ কৰে। ব্যক্তিগতভাৱে পৰিচালিত আন্তঃৰাজ্যিক বাছসমূহেও আলুভাৰ বিভিন্ন স্থানত ৰখা কৰে। ১৩ এই বাছসমূহে বেংগালুৰু, চেন্নাই, মাইছূৰ, মুম্বাই আদি চহৰলৈ যাতায়াত কৰে।

কোচি মেট্ৰ’ ৰে’ল লিমিটেডে আলুভা মেট্ৰ’ ষ্টেচনৰপৰা কোচিন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ বৈদ্যুতিক বাছৰ জৰিয়তে সংযোগী বাছ সেৱাও চলায়।

জলপথ

আলুভা ৰাষ্ট্ৰীয় জলপথ ৩-ৰ এটা গুৰুত্বপূৰ্ণ ষ্টপ। এই জলপথে দক্ষিণ দিশত তিৰুৱনন্তপুৰম আৰু উত্তৰ দিশত কোট্টাপুৰম, ত্ৰিছূৰৰ সৈতে সংযোগ স্থাপন কৰে।

উল্লেখযোগ্য স্থান

  • মাৰ্তাণ্ড বৰ্মা সেতু, আলুভা
  • আলুভা মহাদেৱ মন্দিৰ

সংস্কৃতি

আলুভাৰ সংস্কৃতি ইয়াৰ স্থানীয় বাসিন্দাসকলৰ লগতে পেৰিয়াৰ নদীৰ নিকটৱৰ্তী অৱস্থানৰ দৰে বিভিন্ন কাৰণত ইয়ালৈ আহি বসতি স্থাপন কৰা লোকসকলৰদ্বাৰাও প্ৰভাবিত হৈছে।

পেৰিয়াৰ নদীক লৈ কেইবাটাও মালয়ালম ভাষা চলচ্চিত্ৰৰ গীত ৰচনা কৰা হৈছে। চাংগামপুঝা কৃষ্ণ পিল্লাই, জি. শংকৰ কুৰুপ, বালচন্দ্ৰন চুল্লিক্কাডু, সমালোচক কুট্টিপুঝা কৃষ্ণপিল্লা আৰু ঔপন্যাসিক সুভাষ চন্দ্ৰন আলুভাৰপৰা অহা আৰু তেওঁলোকে আলুভাত বসবাস কৰিছিল। যদিও ভায়লাৰ ৰামবৰ্মা আৰু অ’. এন. ভি. কুৰুপ আলুভাৰ লোক নাছিল, তথাপি আলুভাই তেওঁলোকৰ লেখনীত প্ৰভাৱ পেলোৱাৰ বাবে তেওঁলোকেও পেৰিয়াৰ নদীক লৈ লিখিছিল।১৪

মুদ্ৰণ যুগত আলুভাৰপৰা কেইবাখনো বাতৰি কাকত আৰু আলোচনী প্ৰকাশ পাইছিল। প্ৰকাশিত লেখাৰ এই পৰম্পৰা অব্যাহত ৰাখি puzha.com এ আলুভাৰপৰা প্ৰথমটো অনলাইন আলোচনী আৰু ব্লগিং মঞ্চ আৰম্ভ কৰিছিল। এই অনলাইন মঞ্চটো এতিয়াও ইণ্টাৰনেটত সক্ৰিয় হৈ আছে।

ব্যৱসায়

ফেডাৰেল বেংকৰ মুখ্য কাৰ্যালয়, আলুভা
ফেডাৰেল বেংকৰ মুখ্য কাৰ্যালয়, আলুভাছবি: RanjithSiji · CC BY 3.0

আলুভা কেইবাটাও ব্যাৱসায়িক প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যালয়ৰ স্থান হিচাপে পৰিচিত। আলুৱা ইয়াৰ “আলুৱা পুকায়িল্লাথা আদুপ্পু” (ধোঁৱাবিহীন চৌকা)-ৰ বাবেও বিখ্যাত। এই ধোঁৱাবিহীন চৌকাটো আলৱে ছেটেলমেণ্ট চাৰ্চে উদ্ভাৱন কৰিছিল। ফেডাৰেল বেংকৰ মুখ্য কাৰ্যালয় আলুৱাত অৱস্থিত। ইয়াৰ উপৰি, কেৰালা ষ্টেট চিভিল ছাৰ্ভিচ একাডেমীয়েও আলুভাত এটা শাখা স্থাপন কৰিছে।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Aluva, Ernakulam District, Kerala, India. Kerala Tourism
  2. ↑ Kudumbashree · City Profile in PMAY - Aluva. www.kudumbashree.org
  3. ↑ Alwaye Palace Aluva – Aluva Palace Kerala. Kerala-tourism.org
  4. ↑ (20 September 1928). Biography by Dr. S. Omana. Sndp.org
  5. ↑ ആമുഖം | Aluva Municipality. Aluvamunicipality.in
  6. ↑ ചരിത്രം | Aluva Municipality. Aluvamunicipality.in
  7. ↑ (13 May 1999). Kerala. Ashextourism.com
  8. ↑ Weil, S. 2009 'The Place of Alwaye in Modern Cochin Jewish History', Journal of Modern Jewish Studies 8 (3): 319–335
  9. ↑ Assembly Constituencies – Corresponding Districts and Parliamentary Constituencies. Kerala. Election Commission of India
  10. ↑ Local Administration – Ernakulam District. NIC Ernakulam (Govt. of India)
  11. ↑ E, Krishna Kumar K. (2025-08-16). Airport on course to get multimodal connectivity. The New Indian Express
  12. ↑ Greeshma Sukumaran. (17 June 2017). Kochi Metro inauguration: PM Modi flags off rail service, takes maiden ride with CM Pinarayi Vijayan, 'Metro Man' Sreedharan. International Business Times
  13. ↑ Sona Travels. Private Bus Operator Aluva
  14. ↑ Premam Aluva Puzha Song, ft. Nivin Pauly, Anupama Parameswaran. The Times of India

সম্পৰ্কিত শ্ৰেণী

কেৰালাত পৰ্যটনভাৰতৰ অঞ্চলসমূহকেৰালা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আলুভা” প্ৰবন্ধৰ সংশোধন ৬২৮৬৬৫ (১৮ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।