অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

জিলা পৰ্যটন প্ৰসাৰ পৰিষদ (কেৰালা)

জিলা পৰ্যটন প্ৰসাৰ পৰিষদ (District Tourism Promotion Councils) চমূকৈ DTPC কেৰালা চৰকাৰৰ পৰ্যটন বিভাগৰ অধীনত জিলা পৰ্যায়ত গঠিত চৰকাৰী ট্ৰাষ্ট। ভাৰতৰ কেৰালা ৰাজ্যৰ ১৪খন জিলাৰ প্ৰতিখনতে পৃথকে এখনকৈ DTPC স্থাপন কৰা হৈছে। প্ৰতিখন পৰিষদৰ সভাপতি সংশ্লিষ্ট জিলাৰ জিলা উপায়ুক্ত।

হালনাগাদ: ২৭ জুলাই ২০২৬ ৭৮৪ শব্দ · ৪ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

জিলা পৰ্যটন প্ৰসাৰ পৰিষদ (District Tourism Promotion Councils) চমূকৈ DTPC কেৰালা চৰকাৰৰ পৰ্যটন বিভাগৰ অধীনত জিলা পৰ্যায়ত গঠিত চৰকাৰী ট্ৰাষ্ট। ভাৰতৰ কেৰালা ৰাজ্যৰ ১৪খন জিলাৰ প্ৰতিখনতে পৃথকে এখনকৈ DTPC স্থাপন কৰা হৈছে। প্ৰতিখন পৰিষদৰ সভাপতি সংশ্লিষ্ট জিলাৰ জিলা উপায়ুক্ত। পৰিষদসমূহে চৰকাৰী বিভাগ, স্বেচ্ছাসেৱী সংস্থা, স্থানীয় স্বশাসিত প্ৰতিষ্ঠান আৰু বেচৰকাৰী খণ্ডৰ সৈতে সমন্বয় সাধন কৰি জিলা পৰ্যায়ত পৰ্যটন-সম্পৰ্কীয় কাৰ্যকলাপ পৰিচালনা কৰে।১২

প্ৰতিখন জিলা পৰ্যটন প্ৰসাৰ পৰিষদ (DTPC)এ নিজ নিজ জিলাত পৰ্যটন তথ্য কেন্দ্ৰ পৰিচালনা কৰে আৰু কেৰালা চৰকাৰৰ পৰ্যটন বিভাগে পুঁজিযোগান ধৰা পৰ্যটন আন্তঃগাঁথনি উন্নয়ন প্ৰকল্পসমূহ ৰূপায়ণৰ দায়িত্ব পালন কৰে। ইয়াৰ উপৰি, পৰিষদসমূহে পৰ্যটকৰ বাবে নিৰ্দেশিত ভ্ৰমণ (guided tours) আয়োজন কৰে আৰু নিৰ্দিষ্ট পৰ্যটনস্থলীত দায়িত্বশীল পৰ্যটন কাৰ্যসূচী বাস্তৱায়নত সক্ৰিয় ভূমিকা গ্ৰহণ কৰে।১৩

পটভূমি

ভাৰতৰ সৰ্বোচ্চ চাহবাগিছা। মুন্নাৰ, কেৰেলা
ভাৰতৰ সৰ্বোচ্চ চাহবাগিছা। মুন্নাৰ, কেৰেলাছবি: Bimal K C from Cochin, India · CC BY 2.0

কেৰালাত ১৯৮৬ চনৰ ১১ জুলাই তাৰিখে জাৰি কৰা এক চৰকাৰী আদেশৰ জৰিয়তে পৰ্যটনক উদ্যোগ হিচাপে স্বীকৃতি দিয়া ভাৰতৰ প্ৰথমখন ৰাজ্য। ৰাজ্যখনৰ মুঠ চৰকাৰী ব্যয়ৰ তুলনাত পৰ্যটন খণ্ডত কৰা ব্যয় সদায়েই ৰাষ্ট্ৰীয় গড়তকৈ অধিক। য'ত ৰাষ্ট্ৰীয় গড় আছিল ০.৪৯ শতাংশ, তাত কেৰালাৰ অংশ আছিল ১.২৭ শতাংশ। ৪ কেৰালা পৰ্যটন বিভাগৰ প্ৰতিষ্ঠানগত সূচনা পূৰ্বৰ ত্ৰাৱাংকোৰ ৰাজ্যৰ ষ্টেট গেষ্ট ডিপাৰ্টমেণ্টৰপৰা হৈছিল, যিটো ১৯৩০ চনৰপৰা কাৰ্যকৰী আছিল। আনহাতে, কোচিন ৰাজ্যতো হস্পিটেলিটি অৰ্গেনাইজেচন নামেৰে এক সংস্থা চলি আছিল। ১৯৫৬ চনত কেৰালা ৰাজ্য গঠনৰ পিছত এই দুয়োটা সংস্থাক ১৯৫৮ চনত একত্ৰিত কৰি টুৰিষ্ট ডিপাৰ্টমেণ্ট গঠন কৰা হয়। পিছত ১৯৮১ চনত ইয়াৰ নাম সলনি কৰি পৰ্যটন বিভাগ (Department of Tourism) ৰখা হয়।৪

কেৰালাৰ পৰ্যটন খণ্ডৰ আন্তঃগাঁথনি উন্নয়নৰ কাম বিভিন্ন চৰকাৰী প্ৰতিষ্ঠানৰ জৰিয়তে সম্পন্ন কৰা হৈছে। ইয়াৰ ভিতৰত কেৰালা টুৰিজম ডেভেলপমেণ্ট কৰ্প'ৰেচন (KTDC), কেৰালা টুৰিজম ইনফ্ৰাষ্ট্ৰাকচাৰ লিমিটেড (KTIL) আৰু বেকাল ৰিজৰ্টছ ডেভেলপমেণ্ট কৰ্প'ৰেচন লিমিটেড (BRDC) উল্লেখযোগ্য। ইয়াৰ লগতে জিলা পৰ্যায়ত জিলা পৰ্যটন প্ৰসাৰ পৰিষদ (DTPC)সমূহেও পৰ্যটন উন্নয়ন আৰু পৰিচালনাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।৪

ইতিহাস

চীনা মাছ ধৰা জাল (কোচিন) কোচি
চীনা মাছ ধৰা জাল (কোচিন) কোচিছবি: Brian Snelson · CC BY 2.0

জিলা পৰ্যটন প্ৰসাৰ পৰিষদ (District Tourism Promotion Council, DTPC)সমূহ কেৰালা চৰকাৰে জিলা পৰ্যায়ত পৰ্যটনৰ পৰিকল্পনা, সমন্বয়, উন্নয়ন আৰু প্ৰচাৰৰ উদ্দেশ্যে গঠন কৰিছিল। এই পৰিষদসমূহ চৰকাৰে গঠন কৰা ট্ৰাষ্ট হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল আৰু কেৰালা চৰকাৰৰ পৰ্যটন বিভাগৰ অধীনত নিৰ্ধাৰিত কাৰ্যালয় হিচাপে স্বীকৃতি দিয়া হৈছিল। ইয়াৰ মূল উদ্দেশ্য আছিল প্ৰতিখন জিলাৰ পৰ্যটন সম্পদ চিনাক্ত কৰা, উন্নয়ন কৰা আৰু স্থানীয় পৰ্যায়ত পৰ্যটন প্ৰশাসন সুসংগঠিতভাৱে পৰিচালনা কৰা।২

কেৰালাই ১৯৮৬ চনত পৰ্যটনক উদ্যোগ হিচাপে স্বীকৃতি দিয়া ভাৰতৰ প্ৰথমখন ৰাজ্য হোৱাৰ পিছত পৰ্যটন উন্নয়নৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰে। এই ধাৰাবাহিকতাত ১৯৯৫ চনত কেৰালাৰ প্ৰথম পৰ্যটন নীতি ঘোষণা কৰা হয়। এই নীতিয়ে পৰ্যটন উন্নয়নত ৰাজহুৱা–ব্যক্তিগত অংশীদাৰিত্ব (Public–Private Partnership বা PPP)-ৰ ধাৰণা প্ৰৱৰ্তন কৰে। চৰকাৰে নিজেই সকলো পৰ্যটন সেৱা প্ৰদান কৰাৰ পৰিৱৰ্তে ব্যক্তিগত খণ্ড, স্থানীয় স্ব-শাসিত প্ৰতিষ্ঠান আৰু অন্যান্য অংশীদাৰৰ সৈতে সমন্বয় কৰি পৰ্যটন উন্নয়নৰ পথ বাছি লয়। এই নীতিত চৰকাৰক মূলতঃ সহায়ক আৰু সমন্বয়কাৰীৰ ভূমিকা প্ৰদান কৰা হয়। ৪৫

পিছত কেৰালা পৰ্যটন নীতি ২০০২ আৰু কেৰালা পৰ্যটন নীতি ২০১২-এ DTPC-সমূহৰ ভূমিকা আৰু দায়িত্ব অধিক স্পষ্ট আৰু আনুষ্ঠানিকভাৱে নিৰ্ধাৰণ কৰে। বিশেষকৈ ২০১২ চনৰ নীতিত ডিটিপিচিসমূহক কেৰালা টুৰিজম ডেভেলপমেণ্ট কৰ্প'ৰেচন (KTDC), কেৰালা টুৰিজম ইনফ্ৰাষ্ট্ৰাকচাৰ লিমিটেড (KTIL), বেকৱাটাৰ ৰিজৰ্ট ডেভেলপমেণ্ট কৰ্প'ৰেচন (BRDC) আৰু দেষ্টিনেচন মেনেজমেণ্ট কমিটি (DMC)-ৰ সৈতে একেলগে ৰাজ্য চৰকাৰৰ বাৰ্ষিক পৰিকল্পনাৰ অধীনত পৰ্যটন আন্তঃগাঁথনি নিৰ্মাণ, পৰ্যটনস্থল উন্নয়ন আৰু বিভিন্ন উন্নয়নমূলক আঁচনি ৰূপায়ণৰ মুখ্য সংস্থা হিচাপে অন্তৰ্ভুক্ত কৰা হয়।৪

কিন্তু সময়ৰ লগে লগে ডিটিপিচি সমূহৰ কাৰ্যক্ষমতাক লৈ কিছুমান প্ৰশ্নও উত্থাপিত হয়। সেইবাবে ২০০৫ চনত কেৰালা চৰকাৰে এখন পৰ্যালোচনা সমিতি গঠন কৰে। সমিতিখনে পৰ্যবেক্ষণ কৰে যে বহু ডিটিপিচিয়েএ ভ্ৰমণকাৰীক তথ্য আৰু সহায় আগবঢ়োৱাত আশানুৰূপভাৱে সফল হোৱা নাছিল। লগতে কিছুমান জিলাত DTPC-ৰ অধীনস্থ পৰ্যটন সম্পত্তিৰ ৰক্ষণাবেক্ষণো সন্তোষজনক নাছিল। এই পৰ্যালোচনাৰ ভিত্তিত ৩ জানুৱাৰী ২০০৫ তাৰিখে G.O. (MS) No. 05/05/GAD চৰকাৰী আদেশ জাৰি কৰি মুখ্য সচিবৰ সভাপতিত্বত এখন উচ্চস্তৰীয় সমন্বয় সমিতি গঠন কৰা হয়। এই সমিতিৰ দায়িত্ব আছিল পৰ্যটন প্ৰকল্প ৰূপায়ণত জড়িত বিভিন্ন চৰকাৰী বিভাগৰ কামৰ অগ্ৰগতি পৰ্যবেক্ষণ কৰা আৰু বিভাগসমূহৰ মাজত সমন্বয় নিশ্চিত কৰা।

চৰকাৰে ডিটিপিচিসমূহক অধিক শক্তিশালী কৰিবলৈ ধনৰ আবণ্টনো ধাপে ধাপে বৃদ্ধি কৰে। ২০০৭–০৮ বিত্তীয় বৰ্ষত DTPC-সমূহলৈ ৰাজ্য চৰকাৰৰ আবণ্টন আছিল ₹২০০ লাখ, কিন্তু পৰ্যটন আন্তঃগাঁথনি উন্নয়ন আৰু অধিক কাৰ্যসূচী ৰূপায়ণৰ উদ্দেশ্যে ২০১৪–১৫ বিত্তীয় বৰ্ষত এই আবণ্টন বৃদ্ধি পাই ₹৫৫০ লাখ হয়। এই বৃদ্ধিয়ে জিলা পৰ্যায়ত পৰ্যটন উন্নয়ন, পৰ্যটনস্থল সংৰক্ষণ, মৌলিক আন্তঃগাঁথনি নিৰ্মাণ আৰু পৰ্যটকসকলৰ বাবে উন্নত সুবিধা সৃষ্টিত DTPC-সমূহৰ ভূমিকাক অধিক শক্তিশালী কৰি তোলে।

সামগ্ৰিকভাৱে, জিলা পৰ্যটন প্ৰসাৰ পৰিষদসমূহে কেৰালাৰ পৰ্যটন ব্যৱস্থাপনাত এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰিছে। ৰাজ্য চৰকাৰৰ নীতি, স্থানীয় স্ব-শাসিত প্ৰতিষ্ঠান, ব্যক্তিগত খণ্ড আৰু স্থানীয় সমাজৰ মাজত সমন্বয় স্থাপন কৰি পৰ্যটন উন্নয়নৰ বিকেন্দ্ৰিকৃত মডেল গঢ়ি তোলাত DTPC-সমূহে উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে।

সংগঠন আৰু গঠন

জিলা পৰ্যটন প্ৰসাৰ পৰিষদ (District Tourism Promotion Council – DTPC)-ৰ প্ৰতিখন পৰিষদ এখন পৰিচালনা সমিতিৰ অধীনত পৰিচালিত হয়। এই পৰিচালনা সমিতিত সাধাৰণতে তলত উল্লেখ কৰা শ্ৰেণীৰ সদস্যসকল অন্তৰ্ভুক্ত থাকে২৩৬

সভাপতি: সংশ্লিষ্ট জিলাৰ জিলা উপায়ুক্ত পৰিষদৰ সভাপতি হিচাপে দায়িত্ব পালন কৰে।

সদস্য: বিভিন্ন চৰকাৰী বিভাগৰ বিষয়াসকল, জনসাধাৰণে নিৰ্বাচিত জনপ্ৰতিনিধিসকল আৰু কেৰালা চৰকাৰে মনোনীত কৰা পৰ্যটন খণ্ডৰ বিশেষজ্ঞ তথা পেছাদাৰী ব্যক্তিসকল।

সচিব: পৰ্যটন বিভাগৰ এজন জ্যেষ্ঠ বিষয়া, যিজনক সংশ্লিষ্ট জিলাত নিয়োগ কৰা হয়। তেওঁ পৰিষদৰ দৈনন্দিন প্ৰশাসনিক কাৰ্যকলাপ পৰিচালনা কৰাৰ দায়িত্ব বহন কৰে।

ইয়াৰ উপৰি, প্ৰতিখন জিলা পৰ্যটন প্ৰসাৰ পৰিষদে (DTPC) জিলাস্তৰত পৰ্যটন বিভাগৰ উপ-পৰিচালক (Deputy Director of Tourism)-ৰ নেতৃত্বত পৰিচালিত পৃথক জিলা কাৰ্যালয়ৰ সৈতে ঘনিষ্ঠ সমন্বয় ৰক্ষা কৰি পৰ্যটন উন্নয়ন, পৰিকল্পনা আৰু প্ৰচাৰমূলক কাৰ্যসূচী ৰূপায়ণ কৰে।৭

কাৰ্য্যসমূহ

কেৰেলা চৰকাৰৰ পৰ্যটন বিভাগৰ মতে ডিটিপিচিসমূহে তলত দিয়া কামসমূহৰ বাবে দায়বদ্ধ: ১৩

পৰ্যটকৰ তথ্য

প্ৰতিটো ডিটিপিচিয়ে এটা তথ্য কাৰ্যালয় চলায়, যিয়ে জিলাখনৰ ভিতৰত পৰ্যটনস্থলী, উৎসৱৰ সময়সূচী, পথ, পৰিবহণৰ ব্যৱস্থা আৰু থকাৰ ব্যৱস্থাৰ তথ্য প্ৰদান কৰে। ১

আন্তঃগাঁথনি প্ৰকল্প ৰূপায়ণ

ডিটিপিচিসমূহে ৰাজ্যিক পৰ্যটন বিভাগে অনুমোদন জনোৱা পৰ্যটন আন্তঃগাঁথনি প্ৰকল্পৰ বাবে ৰূপায়ণ সংস্থা হিচাপে কাম কৰে, য’ত পথৰ কাষৰ সুবিধা, চিন, দৰ্শনাৰ্থীৰ সুবিধা আৰু পৰ্যটনস্থলীত মৌলিক আন্তঃগাঁথনি অন্তৰ্ভুক্ত কৰা হয়। ৪

স্থানীয় উৎপাদিত সামগ্ৰী আৰু উৎসৱ

পৰিষদসমূহে স্থানীয়ভাৱে উৎপাদিত সামগ্ৰী যেনে হস্তশিল্প আৰু পৰম্পৰাগত খাদ্যসামগ্ৰীৰ বিপণন সমন্বয় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইয়াৰ উপৰি, সামগ্ৰীৰ গুণগত মানৰ প্ৰমাণীকৰণ প্ৰক্ৰিয়াত সহায় আগবঢ়ায় আৰু আঞ্চলিক সাংস্কৃতিক অনুষ্ঠান, উৎসৱ আৰু মেলাসমূহৰ প্ৰচাৰ তথা প্ৰসাৰতো সক্ৰিয়ভাৱে জড়িত থাকে। ৮

নিৰ্দেশিত ভ্ৰমণ

ডিটিপিচিসমূহে নিজ নিজ অধিকাৰক্ষেত্ৰৰ ভিতৰৰ পৰ্যটন স্থলী, ঐতিহ্যক্ষেত্ৰ, আৰু অন্যান্য আকৰ্ষণসমূহ সামৰি জিলা পৰ্যায়ৰ গাইড ভ্ৰমণৰ আয়োজন কৰে। ৮

দায়িত্বশীল পৰ্যটন ৰূপায়ণ

ডিটিপিচিসমূহে কেৰেলাৰ দায়িত্বশীল পৰ্যটন অভিযান আৰু গন্তব্যস্থান পৰ্যায়ৰ দায়িত্বশীল পৰ্যটন সমিতিসমূহৰ (ডিএলআৰটিচি বা Destination Level Responsible Tourism Committees ) সহযোগত চিনাক্ত কৰা স্থানসমূহত সম্প্ৰদায়ভিত্তিক আৰু পৰিৱেশগতভাৱে বহনক্ষম পৰ্যটন পদ্ধতিসমূহ ৰূপায়ণ কৰে আৰু এইবোৰত কুডুম্বশ্ৰী আত্মসহায়ক গোটসমূহৰ সৈতে সংযোগো অন্তৰ্ভুক্ত থাকে। ৯

অন্য পৰ্যটন সংস্থাৰ সৈতে সম্পৰ্ক

ভাৰতৰ কেৰালাৰ কুট্টানাডৰ নেডুমুডিত হাউচবোট
ভাৰতৰ কেৰালাৰ কুট্টানাডৰ নেডুমুডিত হাউচবোটছবি: Reji Jacob · CC BY-SA 3.0

জিলা পৰ্যটন প্ৰসাৰ পৰিষদ (DTPC)-সমূহ কেৰালা চৰকাৰৰ পৰ্যটন খণ্ডৰ প্ৰশাসন আৰু উন্নয়নৰ বাবে গঢ়ি তোলা কেইবাটাও সংস্থাৰ ভিতৰত অন্যতম। ৰাজ্যখনৰ পৰ্যটন ব্যৱস্থাপনাৰ সামগ্ৰিক সাংগঠনিক কাঠামোত তলত দিয়া সংস্থাসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৪:-

  • কেৰালা চৰকাৰৰ পৰ্যটন বিভাগ (Department of Tourism, Government of Kerala): ৰাজ্যখনৰ পৰ্যটন নীতি প্ৰণয়ন, পৰিকল্পনা, উন্নয়ন আৰু সামগ্ৰিক তদাৰকিৰ দায়িত্ব এই বিভাগৰ। ডিটিপিচিসমূহ এই বিভাগৰ অধীনস্থ নিৰ্ধাৰিত কাৰ্যালয় হিচাপে কাৰ্য সম্পাদন কৰে।২
  • কেৰালা টুৰিজম ডেভেলপমেণ্ট কৰ্পোৰেচন (Kerala Tourism Development Corporation – KTDC): ই কেৰালা চৰকাৰৰ এটা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান, যিয়ে হোটেল, মটেল আৰু পৰ্যটক নিবাস আদি পৰিচালনা কৰে। ডিটিপিচিৰ দৰে পৰ্যটন প্ৰচাৰ আৰু সমন্বয়মূলক সংস্থা নহয়; ইয়াৰ মূল লক্ষ্য বাণিজ্যিক আতিথ্য সেৱা প্ৰদান।৪
  • কেৰালা টুৰিজম ইনফ্ৰাষ্ট্ৰাকচাৰ লিমিটেড (Kerala Tourism Infrastructure Ltd – KTIL): পৰ্যটন-সম্পৰ্কীয় আন্তঃগাঁথনি উন্নয়নমূলক প্ৰকল্প ৰূপায়ণৰ বাবে গঠন কৰা ৰাজ্য চৰকাৰৰ কোম্পানী। জিলা পৰ্যায়ত বিভিন্ন প্ৰকল্প বাস্তৱায়নত ই ডিটিপিচিৰ সৈতে সমন্বয় কৰি কাম কৰে।৪
  • বেকাল ৰিজৰ্টছ ডেভেলপমেণ্ট কৰ্পোৰেচন লিমিটেড (Bekal Resorts Development Corporation Ltd – BRDC): কাসাৰগড় জিলাৰ বেকাল পৰ্যটন অঞ্চলৰ পৰিকল্পিত উন্নয়ন, পৰিচালনা আৰু প্ৰসাৰৰ বাবে গঠন কৰা এক বিশেষ ৰাজ্যিক সংস্থা।৪
  • কেৰালা দায়িত্বশীল পৰ্যটন মিছন (Kerala Responsible Tourism Mission): ৰাজ্যজুৰি দায়িত্বশীল পৰ্যটন কাৰ্যসূচী ৰূপায়ণৰ বাবে মনোনীত মুখ্য সংস্থা। পৰ্যটনস্থলীসমূহত এই মিছনৰ বিভিন্ন কাৰ্যসূচী ৰূপায়ণত ডিটিপিচিসমূহে সহযোগিতা আৰু সমন্বয় আগবঢ়ায়।৯
  • ৰাজ্য পৰ্যটন পৰামৰ্শদাতা সমিতি (State Tourism Advisory Committee – STAC): কেৰালা পৰ্যটন নীতি, ২০১২-ৰ অধীনত গঠন কৰা এই পৰামৰ্শদাতা সমিতিয়ে পৰ্যটন-সম্পৰ্কীয় বিভিন্ন বিষয়ত ৰাজ্য চৰকাৰক নীতি-নিৰ্ধাৰণমূলক পৰামৰ্শ আগবঢ়ায়।৫

মূল্যায়ন

২০১৮ চনত কোচিস্থিত চেণ্টাৰ ফৰ পাব্লিক প'লিচি ৰিচাৰ্চ (CPPR)-এ প্ৰকাশ কৰা এক নীতিগত প্ৰতিৱেদনত উল্লেখ কৰা হৈছে যে জিলা পৰ্যটন প্ৰসাৰ পৰিষদ (DTPC)সমূহক জিলা পৰ্যায়ৰ পৰ্যটন-সম্পৰ্কীয় তথ্যৰ মুখ্য উৎস হিচাপে নিৰ্ধাৰণ কৰা হৈছে আৰু ৰাজ্য চৰকাৰে পুঁজি যোগোৱা পৰ্যটন প্ৰকল্পসমূহ ৰূপায়ণৰ দায়িত্বও এই পৰিষদসমূহক দিয়া হৈছে। কিন্তু প্ৰতিৱেদনখনত এইটোও উল্লেখ কৰা হৈছে যে ২০০৫ চনত চৰকাৰে নিযুক্তি দিয়া এখন সমিতিয়ে DTPCসমূহৰ কাৰ্যক্ষমতা সন্তোষজনক নোহোৱা আৰু ইয়াৰ অধীনস্থ পৰ্যটন সম্পত্তিসমূহৰ সঠিকভাৱে ৰক্ষণাবেক্ষণ নোহোৱাৰ কথা উল্লেখ কৰিছিল। লগতে, অংশীজনৰ সাক্ষাৎকাৰ আৰু সমীক্ষাভিত্তিক অধ্যয়নৰ তথ্য অনুসৰি অধিকাংশ পৰ্যটকে DTPCৰ তথ্য সেৱাৰ সলনি ব্যক্তিগত ভ্ৰমণ প্লেটফৰ্মৰ ওপৰত অধিক নিৰ্ভৰশীল আছিল।৪

ইয়াৰ পিছতো ৰাজ্য চৰকাৰে DTPCসমূহলৈ আগবঢ়োৱা আৰ্থিক অনুদান ধাৰাবাহিকভাৱে বৃদ্ধি কৰিছে। এই অনুদান ২০০৭–০৮ বিত্তীয় বৰ্ষত ₹২ কোটি (২০০ লাখ টকা)ৰপৰা বৃদ্ধি পাই ২০১৪–১৫ বিত্তীয় বৰ্ষত ₹৫.৫ কোটি (৫৫০ লাখ টকা)লৈ উন্নীত হয়। ইয়াৰ উপৰি, কেৰালা চৰকাৰৰ বাৰ্ষিক পৰ্যটন পৰিকল্পনাসমূহত DTPCসমূহক এতিয়াও পৰ্যটন প্ৰকল্প ৰূপায়ণকাৰী সংস্থা হিচাপে অন্তৰ্ভুক্ত কৰা হয়।৪৫

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ District Tourism Promotion Councils (DTPC). Department of Tourism, Government of Kerala
  2. ↑ Department of Tourism – District Tourism Promotion Council. Kannur District, Government of Kerala
  3. ↑ The Secretary, District Tourism Promotion Council, Kozhikode. Kozhikode Directory
  4. ↑ Lekshmi R Nair; D Dhanuraj. (January 2018). Kerala Tourism — The Role of the Government and Economic Impacts. Centre for Public Policy Research
  5. ↑ Kerala Tourism Policy 2012. Department of Tourism, Government of Kerala
  6. ↑ About DTPC Ernakulam. District Tourism Promotion Council, Ernakulam
  7. ↑ Tourism Information – Kottayam District. Kottayam District, Government of Kerala
  8. ↑ (21 December 2016). District Tourism Promotion Council (DTPC) – Kerala. Kerala.me
  9. ↑ Responsible Tourism in Kerala. Department of Tourism, Government of Kerala

সম্পৰ্কিত শ্ৰেণী

কেৰালাত পৰ্যটনচৰকাৰী সংস্থা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জিলা পৰ্যটন প্ৰসাৰ পৰিষদ (কেৰালা)” প্ৰবন্ধৰ সংশোধন ৬২০১৬৫ (২৭ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।