কেৰালাত পৰ্যটন
৩৮ প্ৰবন্ধ
-
পুকোড হ্ৰদ
পুকোড হ্ৰদ: Pookode Lake দক্ষিণ ভাৰতৰ কেৰালা ৰাজ্যৰ ৱায়ানাড় জিলাত অৱস্থিত এক মনোৰম প্ৰাকৃতিক মিঠাপানীৰ হ্ৰদ। ই জিলাখনৰ অন্যতম জনপ্ৰিয় পৰ্যটনস্থলী। চিৰসেউজ অৰণ্য আৰু পাহাৰৰ ঢালৰ মাজত অৱস্থিত এই প্ৰাকৃতিক হ্ৰদটো সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায় ৭৭০ মিটাৰ উচ্চতাত অৱস্থিত।
-
বদকুন্নাথন মন্দিৰ
বদকুন্নাথন মন্দিৰ (ইংৰাজী: Vadakkumnathan) হৈছে ভাৰতৰ কেৰালাৰ থ্ৰিচূৰ জিলাৰ থ্ৰিচূৰত অৱস্থিত শিৱৰ প্ৰতি উৎসৰ্গিত এটা প্ৰাচীন হিন্দু মন্দিৰ। এই মন্দিৰটো কেৰালাৰ স্থাপত্যশৈলীৰ এক ধ্ৰুপদী উদাহৰণ আৰু ইয়াৰ এটা কুথম্বালমৰ উপৰি চাৰিওফালে একোটাকৈ বিশাল টাৱাৰ আছে।
-
বদক্কেচিৰা
বদক্কেচিৰা (Vadakkechira) হৈছে ভাৰতৰ কেৰালা ৰাজ্যৰ ত্ৰিছূৰ চহৰৰ চাৰিটা আটাইতকৈ পুৰণি পুখুৰীৰ অন্যতম। এই পুখুৰী ১৭৫১–১৮০৫ চনৰ ভিতৰত কোচিনৰ মহাৰজা শক্তন তম্পুৰাণে নিৰ্মাণ কৰিছিল। ই ত্ৰিছূৰৰ অন্যতম জনপ্ৰিয় ঐতিহাসিক নিদৰ্শন। পুখুৰীটো কোচিন দেৱস্বম ব’ৰ্ডৰ মালিকানাধীন।
-
বালাৰামপুৰম
বলাৰামপুৰম (Balaramapuram) ভাৰতৰ কেৰালাৰ ৰাজধানী তিৰুৱনন্তপুৰম নগৰৰ পঞ্চায়তসমূহৰ ভিতৰত অন্যতম। ই তিৰুৱনন্তপুৰম জিলাৰ আটাইতকৈ নগৰায়িত পঞ্চায়ত হিচাপে পৰিচিত। বলাৰামপুৰম কেৰালাৰ পৰম্পৰাগত বলাৰামপুৰম হেণ্ডলুম বা হাতেৰে বোৱা কাপোৰ উৎপাদনৰ অন্যতম প্ৰধান কেন্দ্ৰ।
-
বেকাল
বেকাল (Bekal) ভাৰতৰ কেৰালা ৰাজ্যৰ পশ্চিম উপকূলৰ কাছাৰগোড জিলাৰ এখন সৰু চহৰ।
-
মাৰাৰী সমুদ্ৰতট
মাৰাৰী সমুদ্ৰতট (Marari Beach) কেৰালাৰ আলাপ্পুঝা জিলাৰ মাৰাৰিকুলাম গাঁৱত অৱস্থিত এটা সুন্দৰ সমুদ্ৰতট। এই সমুদ্ৰটত আলাপ্পুঝা (আলেপ্পী) চহৰৰপৰা প্ৰায় ১১ কিলোমিটাৰ দূৰত অৱস্থিত।
-
মুণ্ডাক্কাল সমুদতট
মুণ্ডাক্কাল সমুদ্ৰতট (Mundakkal Beach) কেৰালাৰ কোল্লাম চহৰত অৱস্থিত এখন সমুদ্ৰতট। এই সমুদ্ৰতট কোল্লামৰ মুণ্ডাক্কাল নামৰ অঞ্চলত অৱস্থিত, যি অঞ্চলটো স্থানীয়ভাৱে কাজুবাদাম প্ৰক্ৰিয়াকৰণ উদ্যোগৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে পৰিচিত।
-
শংকুমুঘাম সমুদ্ৰতট
শংকুমুঘাম সমুদ্ৰতট (Shankumugham Beach),দক্ষিণ ভাৰতৰ কেৰালা ৰাজ্যৰ তিৰুৱনন্তপুৰম জিলাত অৱস্থিত এটা জনপ্ৰিয় সমুদ্ৰতট। ই তিৰুৱনন্তপুৰম চহৰৰ পশ্চিম দিশত অৱস্থিত আৰু তিৰুৱনন্তপুৰম আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ অতি ওচৰত।