আৰনমুলা (Aranmula) ভাৰতৰ কেৰালা ৰাজ্যৰ পথানামথিট্টা জিলাত অৱস্থিত এখন মন্দিৰ-নগৰী। ১২
মন্দিৰ
আৰনমুলা পাৰ্থসাৰথি মন্দিৰ কেৰালাৰ অন্যতম প্ৰধান আৰু প্ৰাচীন মন্দিৰ। ই ভাৰতৰ পূজনীয় ১০৮টা বৈষ্ণৱ মন্দিৰ (দিব্য দেশম)ৰ অন্যতম আৰু তামিল ধ্ৰুপদী সাহিত্যতো ইয়াৰ উল্লেখ পোৱা যায়। বিস্তৃত এলেকাজুৰি থকা এই মন্দিৰটো পম্পা নদীৰ পাৰত অৱস্থিত আৰু সমগ্ৰ মন্দিৰ চৌহদটো তুলনামূলকভাৱে উচ্চ স্থানত নিৰ্মিত। মন্দিৰৰ প্ৰধান বিগ্ৰহ হৈছে ভগৱান কৃষ্ণ, যিগৰাকী কুৰুক্ষেত্ৰ যুদ্ধত যোদ্ধা অৰ্জুনৰ সাৰথি আছিল। মন্দিৰৰ পূব দিশৰ গোপুৰমলৈ যাবলৈ ১৮টা খটখটী আছে। আনহাতে, উত্তৰ দিশৰ গোপুৰমৰপৰা ৫৭টা নামনিমুৱা খটখটী পাৰ হৈ পম্পা নদীৰ পাৰলৈ যাব পাৰি। মন্দিৰটোত ১৮শ শতিকাৰ সুন্দৰ দেৱাল-চিত্ৰ (mural) সংৰক্ষিত হৈ আছে। তদুপৰি, শাবৰীমালাৰ ভগৱান অয়্যাপ্পাৰ সোণৰ অলংকাৰ ‘থাংকা অংকি’ আৰানমুলা শ্ৰী পাৰ্থসাৰথি মন্দিৰত সংৰক্ষণ কৰা হয়।৩
আৰনমুলা পঞ্চায়ত
২০২০ চনৰপৰা ২০২৫ চনলৈ শিজা টি. তোজি (Shija T Toji) আৰানমুলা পঞ্চায়তৰ সভাপতি আৰু এন. এছ. কুমাৰ (N. S. Kumar) উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ডিচেম্বৰ ২০২৫ত অনুষ্ঠিত পঞ্চায়ত নিৰ্বাচনৰ পাছত নতুন সভাপতি আৰু উপ-সভাপতিয়ে দায়িত্ব গ্ৰহণ কৰিব।৪
পৰিৱেশ আন্দোলন
ভাৰত চৰকাৰৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰ্যালয়ে ২৫ মে’ ২০১৫ তাৰিখে পত্ৰযোগে প্ৰস্তাৱিত আৰানমুলা বিমানবন্দৰ প্ৰকল্পৰ নীতিগতভাৱে দিয়া অনুমোদন প্ৰত্যাহাৰ কৰে। ৫ এই সিদ্ধান্তৰ প্ৰতিলিপি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, ৰাষ্ট্ৰপতি ভৱন, গৃহ মন্ত্ৰ্যালয়, প্ৰতিৰক্ষা মন্ত্ৰ্যালয়, পৰিকল্পনা আয়োগ, অৰ্থনৈতিক পৰিক্ৰমা আৰু ৰাজহ বিভাগ, তথা নতুন দিল্লীৰ বিজ্ঞান ভৱনত থকা প্ৰকল্প নিৰীক্ষণ গোটলৈও প্ৰেৰণ কৰা হৈছিল। ইয়াৰ পূৰ্বে ৮ মে’ ২০১৫ তাৰিখে প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে প্ৰকল্পটোৰ বাবে দিয়া অনাপত্তি প্ৰমাণ-পত্ৰ (NOC) প্ৰত্যাহাৰ কৰিছিল। তাৰো আগতে, ২৮ মে’ ২০১৪ তাৰিখে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে (NGT) কেন্দ্ৰীয় পৰিৱেশ আৰু বন মন্ত্ৰ্যালয়ে প্ৰকল্পটোক দিয়া পৰিৱেশগত অনুমোদন বাতিল কৰিছিল। NGT-ৰ মতে, প্ৰকল্পটোৰ পৰিৱেশগত মূল্যায়ন আৰু জন-শুনানিৰ প্ৰক্ৰিয়াত গুৰুত্বপূৰ্ণ বিধিগত ত্ৰুটি আছিল।
পৰৱৰ্তী সময়ত ভাৰতৰ উচ্চতম ন্যায়ালয়েও NGT-ৰ সিদ্ধান্ত বহাল ৰখাৰ পাছত কেন্দ্ৰীয় চৰকাৰে মে’ ২০১৫ত আৰানমুলা বিমানবন্দৰৰ নীতিগত অনুমোদন প্ৰত্যাহাৰ কৰে। ৬
উল্লেখযোগ্য ব্যক্তি
- সুগঠাকুমাৰী, কবি
- থমাছ ফিলিপজ, মহা বীৰ চক্ৰ বিজয়ী
- সাধু কোচুনজু উপদেশী, মালয়ালী প্ৰচাৰক, কবি আৰু সুৰকাৰ
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Heritage Village - Aranmula · Pathanamthitta. www.keralatourism.org
- ↑ T. N. M. Staff. (2026-08-04). Kerala floods revive 2018 trauma as thousands return to relief camps. The News Minute
- ↑ (24 December 2011). Thanka Anki started. Sabarimala.net | Swamiye Saranamayyappa
- ↑ Election Details · Local Self Government Department, Govt. of Kerala, India. lsgkerala.gov.in
- ↑ Kuttoor, Radhakrishnan. (27 May 2015). Civil Aviation Ministry withdraws nod. The Hindu
- ↑ Joseph, George. (2014-05-28). Green Tribunal cancels environment clearance to Aranmula airport. Business Standard India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আৰনমুলা” প্ৰবন্ধৰ সংশোধন ৬২৮৬৬৮ (১৮ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।