অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

কৰিয়াঙ্গোড নদী

কাৰিয়াঙ্গোড নদী (Kariangode River), তেজস্বিনী নদী নামেৰেও পৰিচিত। এই নদী কেৰালা ৰাজ্যৰ মাজেৰে প্ৰৱাহিত হোৱা ৪৪খন নদীৰ ভিতৰত এখন উল্লেখযোগ্য নদী। এই নদীখন কাছাৰগোড় আৰু কান্নুৰ জিলাৰ সীমা গঠন কৰিছে। কাছাৰগোড় জিলাৰ ভিতৰত ই দ্বিতীয় বৃহত্তম নদী।

হালনাগাদ: ১৫ আগষ্ট ২০২৬ ২০৬ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

কাৰিয়াঙ্গোড নদী (Kariangode River), তেজস্বিনী নদী নামেৰেও পৰিচিত। এই নদী কেৰালা ৰাজ্যৰ মাজেৰে প্ৰৱাহিত হোৱা ৪৪খন নদীৰ ভিতৰত এখন উল্লেখযোগ্য নদী। এই নদীখন কাছাৰগোড় আৰু কান্নুৰ জিলাৰ সীমা গঠন কৰিছে। কাছাৰগোড় জিলাৰ ভিতৰত ই দ্বিতীয় বৃহত্তম নদী। নদীখন ভেল্লাৰিকুণ্ডু, হোসদুৰ্গ আৰু পায়্যানুৰ তালুকৰ পাহাৰ আৰু উপত্যকাৰ মাজেৰে বৈ গৈছে। নদীখনৰ পাৰত অৱস্থিত উল্লেখযোগ্য স্থানসমূহৰ ভিতৰত পুলিংগোম, চেৰুপুঝা, কাক্কাডাভু, পেৰুম্বাট্টা, মুক্কাডা, কায়্যুৰ, কিলায়িকোড আৰু আন্দোল উল্লেখযোগ্য। ১২

উৎপত্তি

কোৰিয়াঙ্গোড নদীৰ উৎপত্তি কৰ্নাটক ৰাজ্যৰ কৰ্গৰ সংৰক্ষিত অৰণ্যৰ কুৰ্গ পাহাৰৰপৰা।

উপনৈসমূহ

কৰিয়ানঙ্গোড নদী (তেজস্বিনী নদী)ৰ প্ৰধান উপনৈ চৈত্ৰবাহিনী আৰু পুলিংগোমে। নদী, সেউজীয়া পাহাৰ, বনাঞ্চল আৰু গ্ৰাম্য প্ৰাকৃতিক পৰিৱেশে এই অঞ্চলৰ পৰ্যটনক বিশেষ আকৰ্ষণীয় কৰি তুলিছে।

পৰ্যটন

কাৰিয়াঙ্গোড নদী, যাক তেজস্বিনী নদী বুলিও জনা যায়, নদীভিত্তিক দুঃসাহসিক পৰ্যটনৰ বাবে ব্যৱহাৰ কৰা হয়। কান্নুৰ জিলাৰ চেৰুপুঝাৰ ওচৰৰ কাৰিয়াংকোড নদীৰ কিছুমান অংশত হোৱাইট ৱাটাৰ ৰাফটিং (White-water rafting) আয়োজন কৰা হয়। বাৰিষা আৰু বাৰিষাৰ পিছৰ সময়ছোৱাত নদীৰ প্ৰায় ১২.৫ কিলোমিটাৰ অংশ ৰাফটিঙৰ বাবে ব্যৱহাৰ কৰা হয়। সাধাৰণতে এখন ৰাফ্টত ৬–৭জন পৰ্যটক থাকে আৰু প্ৰশিক্ষিত গাইডে ৰাফ্টখন পৰিচালনা কৰে। স্থানীয় কৰ্তৃপক্ষই নিৰ্ধাৰণ কৰা সুৰক্ষা বিধি অনুসৰি অনুজ্ঞাপ্ৰাপ্ত পৰিচালকসকলে এই দুঃসাহসিক ক্ৰীড়া কাৰ্যকলাপ পৰিচালনা কৰে। ৩৪

কৰিয়াঙ্গোড নদীৰ ওপৰত দলং

কৰিয়াঙ্গোড নদীৰ ওপৰত বহু দলং আছে। মূল দলংসমূহৰ ভিতৰত আছে পুলিংগোমে দলং, চেৰুপূজা দলং, কোল্লাডা দলং, কাকাদাভু দলং, পেৰুম্বাটা দলং, মুক্কাদা দলং, আৰয়কাদৱ দলং, আন্দোল পুৰাক্কাদৱ ওলমি থকা দলং, কাৰিয়ানগোডে দলং আৰু কোট্টাপুৰম দলং।

তথ্যসূত্ৰ

  1. ↑ Kerala State - Everything about Kerala
  2. ↑ About the Rivers of Kerala
  3. ↑ Cherupuzha white river rafting
  4. ↑ Rafting on Tejaswini River. keralatourism.org

সম্পৰ্কিত শ্ৰেণী

নদীভাৰতৰ নদীকেৰালাত পৰ্যটন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কৰিয়াঙ্গোড নদী” প্ৰবন্ধৰ সংশোধন ৬২৭২৯৮ (১৫ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।