অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

কোল্লাম সমুদ্ৰতট

কোল্লাম সমুদ্ৰতট ( Kollam Beach), যাক মহাত্মা গান্ধী সমুদ্ৰতট (Mahatma Gandhi Beach) বুলিও জনা যায়, ভাৰতৰ কেৰালা ৰাজ্যৰ কোল্লাম চহৰত অৱস্থিত এটা জনপ্ৰিয় সমুদ্ৰতট। ই কোল্লাম চহৰৰ অন্যতম প্ৰধান পৰ্যটন আকৰ্ষণ। কোল্লাম সমুদ্ৰতট কেৰালাৰ প্ৰথম ‘বিচ ৱেডিং ডেষ্টিনেচন’।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ৩১৩ শব্দ · ২ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ
কোল্লম সমুদ্ৰতটৰ এক আলোকচিত্ৰ
কোল্লম সমুদ্ৰতটৰ এক আলোকচিত্ৰছবি: Arunvrparavur · CC BY-SA 3.0
কোল্লাম সমুদ্ৰতটৰপৰা আৰব সাগৰৰ দৃশ্য
কোল্লাম সমুদ্ৰতটৰপৰা আৰব সাগৰৰ দৃশ্যছবি: Arunvrparavur · CC BY-SA 3.0

কোল্লাম সমুদ্ৰতট ( Kollam Beach), যাক মহাত্মা গান্ধী সমুদ্ৰতট (Mahatma Gandhi Beach) বুলিও জনা যায়, ভাৰতৰ কেৰালা ৰাজ্যৰ কোল্লাম চহৰত অৱস্থিত এটা জনপ্ৰিয় সমুদ্ৰতট। ই কোল্লাম চহৰৰ অন্যতম প্ৰধান পৰ্যটন আকৰ্ষণ। ১২৩৪কোল্লাম সমুদ্ৰতট কেৰালাৰ প্ৰথম ‘বিচ ৱেডিং ডেষ্টিনেচন’। ৫

সমুদ্ৰতটটোৰ ওচৰতে আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ মোহনদাস কৰমচান্দ গান্ধী উদ্যান অৱস্থিত। এই উদ্যানখন ১৯৬১ চনৰ ১ জানুৱাৰীত তেতিয়াৰ ভাৰতৰ উপ-ৰাষ্ট্ৰপতি জাকিৰ হুছেইনে উদ্বোধন কৰিছিল।৬ কোল্লাম সমুদ্ৰতট কেৰালাৰ সেইকেইখনমান সমুদ্ৰতটৰ ভিতৰত অন্যতম, য'ত জীৱনৰক্ষক (লাইফগাৰ্ড)ৰ চকী (lifeguard outpost) আছে। ২০০৫ চনৰপৰাই ইয়াত নিয়মীয়াকৈ জীৱনৰক্ষক মোতায়েন কৰা হৈছে। ২০১৫ চনৰ জুলাই মাহলৈকে, কোভালম আৰু কোল্লামকে ধৰি দক্ষিণ কেৰালাৰ মাত্ৰ তিনিখন সমুদ্ৰতটত জীৱনৰক্ষকৰ চকী স্থাপন কৰা হৈছিল।৭

অৱলোকন

কোল্লম বন্দৰ আৰৱ সাগৰৰ মালাবাৰ উপকূলত অৱস্থিত আন্তঃৰাষ্ট্ৰীয় কাজুবাদাম বাণিজ্যৰ বাবে অন্যতম পুৰণি আৰু গুৰুত্বপূৰ্ণ বন্দৰ। ২০২৫ চনৰ হিচাপ অনুসৰি, কেৰালাৰ তিৰুৱনন্তপুৰম (ভিঝিঞ্জাম) বন্দৰ আৰু কোচি বন্দৰৰ পিছতে কোল্লম বন্দৰ ৰাজ্যখনৰ তৃতীয় বৃহত্তম বন্দৰ।

স্বাধীনতাৰ পূৰ্বে কোল্লম পৰ্তুগীজ, ডাচ আৰু ইংৰাজসকলৰ এক প্ৰিয় বসতি-স্থল আছিল।

বন্দৰটো তাংগাছেৰীৰ পইণ্টৰপৰা দক্ষিণ-দক্ষিণ-পূব দিশে প্ৰায় ১.১ মাইল (১.৮ কিলোমিটাৰ) দৈৰ্ঘ্যলৈ বিস্তৃত তাংগাছেৰী ব্ৰেকৱাটাৰ (তৰংগ-প্ৰতিৰোধক প্ৰাচীৰ)ৰদ্বাৰা সুৰক্ষিত। এই মনোমোহা উপকূলীয় পৰিৱেশ আৰু বিস্তৃত বেকৱাটাৰৰ বাবে কোল্লম সমুদ্ৰতট কেৰালাৰ অন্যতম জনপ্ৰিয় পৰ্যটনস্থলী হিচাপে পৰিচিত।

সাগৰীয় একুৰিয়াম

২০১৪ চনৰ ২২ জুন কোল্লম সমুদ্ৰতটত কেৰালাৰ প্ৰথম সামুদ্ৰিক একুৱেৰিয়াম (Marine Aquarium) নিৰ্মাণৰ কাম আৰম্ভ কৰা হয়। কোল্লম পৌৰ নিগমৰ হৈ হাৰ্বাৰ ইঞ্জিনিয়াৰিং বিভাগে সমুদ্ৰতটৰ পূব অংশত এই একুৱেৰিয়ামটো নিৰ্মাণ কৰে। এই প্ৰকল্পৰ আধাৰশিলা সেই বছৰৰ মাৰ্চ মাহত স্থাপন কৰা হৈছিল আৰু ২০১৪ চনৰ ডিচেম্বৰ মাহৰ ভিতৰত কাম সম্পূৰ্ণ হোৱাৰ লক্ষ্য ধৰা হৈছিল। একুৱেৰিয়ামটো একমহলীয়া ভৱন হিচাপে নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰা হৈছিল। ইয়াত ৪০টা বৃহৎ টেংক থাকিব, য'ত বিভিন্ন প্ৰজাতিৰ সামুদ্ৰিক জীৱ সংৰক্ষণ আৰু প্ৰদৰ্শন কৰা হ'ব। এই একুৱেৰিয়ামে কোল্লম সমুদ্ৰতটলৈ অহা পৰ্যটকসকলৰ বাবে এক নতুন আকৰ্ষণ হিচাপে পৰিগণিত হ'ব। ৮ ৯

টাংগাছেৰী লাইটহাউচ

১৯০২ চনত নিৰ্মাণ কৰা ১৪৪ ফুট (প্ৰায় ৪৪ মিটাৰ) উচ্চতাৰ টাংগাছেৰী লাইটহাউছ সমুদ্ৰতটৰ এক অন্যতম প্ৰধান স্থলচিহ্ন।

ঐতিহাসিক স্মৃতিচিহ্ন

বন্দৰৰ ওচৰত অৱস্থিত পৰ্তুগীজ আৰু ডাচ দুৰ্গৰ ধ্বংসাৱশেষ আৰু ১৮শ শতিকাৰ গীৰ্জাসমূহ এই অঞ্চলত পৰ্তুগীজ আৰু ডাচ শাসনৰ ঐতিহাসিক স্মৃতিচিহ্ন হিচাপে আজিও বিদ্যমান।

কোল্লাম বীচত হোৱা অনুষ্ঠানসমূহ

  • ৰাষ্ট্ৰপতিৰ ট্ৰফী নাও দৌৰ
  • কোল্লাম পুৰম

তথ্যসূত্ৰ

  1. ↑ Kollam Beach. Incredible India
  2. ↑ Kollam Beach, Beaches of Kollam, Kollam Beach Tours, Kollam Beach Packages, Kollam Beach in Kerala. capertravelindia
  3. ↑ Kollam Beach: View Images, Timing and Reviews. Tripoto
  4. ↑ Kollam beach ...
  5. ↑ (1 November 2016). Kollam beach turned into dream wedding destination - TNIE
  6. ↑ Move to post lifeguards on Kollam beach
  7. ↑ (2005-06-03). Move to post lifeguards on Kollam beach. দ্য হিন্দু
  8. ↑ A home for marine life in Kollam
  9. ↑ A home for marine life in Kollam

সম্পৰ্কিত শ্ৰেণী

কেৰালাত পৰ্যটন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কোল্লাম সমুদ্ৰতট” প্ৰবন্ধৰ সংশোধন ৬৩৬৯৪৯ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।