
আন্থুৰ ( Anthoor) কেৰালাৰ কন্নুৰ জিলাৰ তালিপৰাম্বা তালুকৰ এখন পৌৰসভা। ১২ ২০১১ চনৰ ভাৰতীয় লোকপিয়ল অনুসৰি পৌৰসভাখনৰ জনসংখ্যা আছিল ২৮,২১৮ জন।৩
আন্থুৰ ভালাপট্টনম নদীৰ পশ্চিম পাৰত অৱস্থিত। ই তালিপৰাম্বা চহৰৰপৰা প্ৰায় ৬ কিলোমিটাৰ দক্ষিণে আৰু কন্নুৰ চহৰৰপৰা প্ৰায় ১৫ কিলোমিটাৰ উত্তৰে অৱস্থিত। ৪৫
ব্যুৎপত্তিবিজ্ঞান
আন্থুৰ নামটোৰ অৰ্থ হৈছে "বৃহৎ গাঁও।" বৃহৎ আকাৰৰ বাবে চহৰখন আন্থুৰ আৰু মোৰাঝা বুলি দুখন গাঁৱত বিভক্ত হৈছিল। বহু থেয়্যাম লোকগীত আৰু থোট্টম পট্টুত আন্থুৰ পাহাৰৰ কথা উল্লেখ আছে ৬
ইতিহাস
আন্থুৰ পূৰ্বতে কোলাথিৰিৰ শাসনৰ অধীনত আছিল। পিছত টিপু চুলতানে এই অঞ্চলটো মহীশূৰ ৰাজ্যৰ অন্তৰ্ভুক্ত কৰে। ব্ৰিটিছ শাসনকালত এই অঞ্চলটো মাদ্ৰাজ প্ৰেছিডেন্সিৰ মালাবাৰ জিলাৰ চিৰাক্কল তালুকৰ অন্তৰ্গত আছিল। কেৰালা ৰাজ্য গঠন হোৱাৰ পিছত এই অঞ্চলটো কান্নানোৰ জিলাৰ এখন পঞ্চায়ত হিচাপে গঠন কৰা হয়। পিছত তালিপৰাম্বা পৌৰসভা গঠন হোৱাৰ সময়ত আন্থুৰ পঞ্চায়তক তালিপৰাম্বা পৌৰসভাৰ সৈতে একত্ৰিত কৰা হয়। বৰ্তমান আন্থুৰ কেৰালা ৰাজ্যৰ কন্নুৰ জিলাৰ এখন স্বতন্ত্ৰ পৌৰসভা। ৭৮৯
ভূগোল

পৰশিনিক্কড়ৱৰ ওচৰেৰে বৈ যোৱা ভালাপট্টনম নদী আন্থুৰৰ অন্যতম প্ৰধান ভৌগোলিক বৈশিষ্ট্য। আন্থুৰৰ সীমাৰ প্ৰায় আধা অংশ দুটা মনোৰম নদী—ভালাপট্টনম পুঝা আৰু কুট্টিক্কোল পুঝাই আগুৰি আছে। ভেল্লিক্কীল পৰিৱেশ-পৰ্যটন উদ্যানৰ জলাশয় অঞ্চলটো এটা জনপ্ৰিয় পৰ্যটনস্থলী।
আন্থুৰৰ উত্তৰে তালিপৰাম্বা আৰু কুৰুমাথুৰ, দক্ষিণে কল্লিয়াচেৰী আৰু পাপ্পিনিশেৰী, পশ্চিমে কন্নাপুৰম আৰু পূবে মায়িল, কোলাচেৰী আৰু নাৰাথ অৱস্থিত। ১০১১১২১৩১৪১৫১৬
শাসন-ব্যৱস্থা
আন্থুৰ তালিপৰাম্বা বিধানসভা সমষ্টি আৰু কন্নুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত। ১৯৯০ চনৰ পূৰ্বে আন্থুৰ দুটা গাঁও—মোৰাঝা আৰু আন্থুৰ—লৈ গঠিত এখন গ্ৰাম পঞ্চায়ত আছিল। ১৯৯০ চনত পৌৰসভাসমূহৰ পুনৰ্গঠনৰ পিছত আন্থুৰক তালিপৰাম্বাৰ সৈতে একত্ৰিত কৰি এখন নতুন পৌৰসভা গঠন কৰা হয়। ২০১৫ চনত তালিপৰাম্বা পৌৰসভাক বিভক্ত কৰি আন্থুৰ আৰু তালিপৰাম্বা নামৰ দুখন নতুন পৌৰসভা গঠন কৰা হয়।১৭
আন্থুৰত সাধাৰণতে ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)-ৰ আধিপত্য দেখা যায়। পৌৰসভাৰ মুঠ ২৮জন পৌৰ কাউন্সিলাৰৰ ভিতৰত ১৪জন বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছিল। ১৮১৯ বৰ্তমানৰ পৌৰসভাৰ অধ্যক্ষ পি মুকুণ্ডন। ২০
পৌৰসভাৰ ৱাৰ্ড
আন্থুৰ পৌৰসভা তলত উল্লেখ কৰা ২৮টা ৱাৰ্ডেৰে গঠিত:২১
| + | |||||||
| ৱাৰ্ড নং. | নাম | ৱাৰ্ড নং. | নাম | ৱাৰ্ড নং. | নাম | ৱাৰ্ড নং. | নাম |
|---|---|---|---|---|---|---|---|
| ১ | ভেলিকিল | ২ | মোৰাঝা | ৩ | কানুল | ৪ | মুণ্ডাপ্ৰম |
| ৫ | মাইলাদে | ৬ | বক্কালাম | ৭ | খোলা | ৮ | কাদাম্বৰী |
| ৯ | আয়নকোল | ১০ | কলমটা | ১১ | নেনিচেৰী | ১২ | কোডাল্লুৰ |
| ১৩ | মাম্বালা | ১৪ | পৰসিনিক্কাদভু | ১৫ | কোভভাল | ১৬ | আন্থুৰ |
| ১৭ | থালিয়িল | ১৮ | পোডিকুণ্ড | ১৯ | থালিভায়াল | ২০ | ধৰ্মশালা, কান্নুৰ |
| ২১ | পুন্নক্কুলাংগাৰা | ২২ | কুট্টিপ্ৰম | ২৩ | চি এইচ নগৰ | ২৪ | অজাক্ৰম |
| ২৫ | আঞ্চম্পীদিকা, কান্নুৰ | ২৬ | ভেনিয়িল | ২৭ | পলিয়াথুৱলাপ্পু | ২৮ | পান্নেৰী |
জনগাঁথনি
২০১১ চনৰ ভাৰতৰ লোকপিয়ল অনুসৰি আন্থুৰৰ জনসংখ্যা ২৮,২১৮ জন আৰু ইয়াৰে ১২,৫২৭ জন পুৰুষ আৰু ১৫,৬৯১ জন মহিলা। ২২
উল্লেখযোগ্য ব্যক্তি
- এম.ভি. গোবিন্দন - ৰাজনীতিবিদ ২৩
পৰিবহণ
ৰাষ্ট্ৰীয় ঘাইপথ-৬৬ ধমৰশালা সংযোগস্থলৰ মাজেৰে পাৰ হৈ গৈছে। উত্তৰ দিশে এই পথেৰে মাংগালুৰু আৰু মুম্বাইলৈ, আৰু দক্ষিণ দিশে কোচি আৰু তিৰুৱনন্তপুৰমলৈ যাব পাৰি। মাংগালুৰু–পালাক্কাড ৰে'লপথৰ কন্নাপুৰম আৰু কন্নুৰ হৈছে নিকটতম ৰে'ল ষ্টেচন। ওচৰতে কন্নুৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, মাংগালুৰু বিমানবন্দৰ আৰু কালিকট আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ অৱস্থিত।
তথ্যসূত্ৰ
- ↑ Anthoor, Kannur District, Kerala, India. Kerala Tourism
- ↑ Local Self Government Department · Local Self Government Department. lsgkerala.gov.in
- ↑ Census of India 2011: Data from the 2011 Census, including cities, villages and towns (Provisional). Census Commission of India
- ↑ New Municipalities of Kerala: Election Results. Trend Kerala – Democracy
- ↑ Kannur.gov.in: Villages of Kannur District. Kannur.gov.in
- ↑ Anthoor, Kannur District, Kerala, India. Keralatourism.org
- ↑ (2005-09-18). Kerala News: Electioneering gathering momentum in Taliparamba. দ্য হিন্দু
- ↑ Kannur local bodies poll results leave all parties happy. Indian24news.com
- ↑ Kannur to become corporation; 28 new municipalities on anvil. Times of India
- ↑ Kannur District Map: Villages of Kannur. Kannur.gov.in
- ↑ Govt. College of Engineering Kannur. Gcek.ac.in
- ↑ Mangattuparamba Campus, Kannur University Campus P. O, Kannur - 670 567. Kannuruniversity.ac.in
- ↑ Kerala Armed Police Battalions. Keralapolicehistory.com
- ↑ Kendriya Vidyalaya Keltron Nagar: Home Page. Kvkeltronnagar.com
- ↑ NIFT - Kannur
- ↑ Parassinikkadavu Ayurveda Medical College & Hospital, Kannur, Kerala - Panchakarma Guide. Panchakarma.com
- ↑ ആമുഖം - Thaliparamba Municipality. Taliparambamunicipality.in
- ↑ Local Body Elections 2015 - Trend of counting by State Election Commission Kerala. lsgelection.kerala.gov.in
- ↑ Panchayat Elections Kerala. Kerala. Election Commission of India
- ↑ Candidate Info | Local Self Government Department, Govt. Of Kerala, India. www.lsgkerala.gov.in
- ↑ Election Details | Local Self Government Department, Govt. Of Kerala, India. www.lsg.kerala.gov.in
- ↑ ആമുഖം
- ↑ (2018-04-27). KERALA LEGISLATURE - MEMBERS
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আন্থুৰ” প্ৰবন্ধৰ সংশোধন ৬৩২৮৮০ (২৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।