ইৰান
৬৫ প্ৰবন্ধ
-
কুকু
কুকু বা কুক (পাৰ্চী ভাষাত: کوکو ) কণীৰ লগত বিভিন্ন উপাদান মিহলাই তৈয়াৰ কৰা ইৰানৰ ব্যঞ্জন। এই ব্যঞ্জণ ইটালীৰ ফ্ৰিটাটা, ফৰাচী কুইচ বা মুকলি মুখৰ অমলেটৰ দৰেই, কিন্তু ইয়াত সাধাৰণতে ফ্ৰিটাটাতকৈ কম কণী থাকে আৰু কম জুইত কম সময়ৰ বাবে সিজোৱা হয়, তাৰ পিছত ওপৰৰ স্তৰটো লুটিয়াই লৈ সজাই পৰিৱেশণ কৰা হয় বা…
-
কুৰ্দিছ জনগোষ্ঠী
কুৰ্দিছ জনগোষ্ঠী বা কুৰ্দ জনগোষ্ঠী হৈছে পশ্চিম এছিয়াৰ স্থানীয় ইৰাণী জনগোষ্ঠী। দক্ষিণ-পূব তুৰস্ক, উত্তৰ-পশ্চিম ইৰাণ, উত্তৰ ইৰাক আৰু উত্তৰ-পূব ছিৰিয়াত বিস্তৃত ভৌগোলিক অঞ্চল কুৰ্দিস্তানৰ স্থানীয় লোক।
-
কোফটা
কোফটা (kofta) মিটবল বা মিটলফ হৈছে দক্ষিণ এছিয়া, মধ্য এছিয়া, বাল্কন, মধ্যপ্ৰাচ্য, উত্তৰ আফ্ৰিকা, আৰু দক্ষিণ ককেচীয়ান অঞ্চলত সচৰাচৰ খাদ্যৰ একপ্ৰকাৰৰ ব্যঞ্জন। সৰলতম ৰূপত কোফটা হৈছে কুটি লোৱা মাংসৰ বল।
-
খাজু দলং
খাজু দলং (Khaju Bridge) হৈছে ইৰাণৰ ইছফাহানত থকা ইৰাণৰ মালভূমিৰ আটাইতকৈ ডাঙৰ নদী জায়াণ্ডেৰুডৰ ওপৰেৰে নিৰ্মাণ কৰা এখন ঐতিহাসিক দলং। ই দলং আৰু বান্ধ দুয়োটা কাম কৰে; খাজু দলঙে নদীৰ উত্তৰ পাৰৰ খাজু চুবুৰীক জায়াণ্ডেৰুদৰ সিপাৰৰ পাৰ্চী চুবুৰিৰ সৈতে সংযোগ কৰে।
-
গণ্ডিছাপুৰ একাডেমী
গণ্ডিশাপুৰ একাডেমী বা জোণ্ডিশাপুৰ একাডেমী (Academy of Gondishapur or Academy of Jondishapur) ক গণ্ডিশাপুৰ বিশ্ববিদ্যালয় বুলিও জনা যায়, ইৰাণৰ খোজেস্তানত ছাছানিদ যুগৰ একাডেমিক শিক্ষণ কেন্দ্ৰটো বহু পুৰণি। ১৭০০ বছৰতকৈও অধিক পুৰণি এই ঐতিহাসিক বিশ্ববিদ্যালয়ত এখন চিকিৎসালয় আৰু এটা পুথিভঁৰালো আছিল।
-
গনবাদ ই কাবুছ
গনবাদ-ই কাবুছ (পাৰ্চী: گنبد قابوس) ইৰাণৰ গোলেষ্টান প্ৰদেশৰ গনবাদ-ই কাভুছ কাউন্টিৰ মধ্য জিলাৰ এখন চহৰ, যিয়ে কাউন্টি আৰু জিলা উভয়ৰে ৰাজধানী হিচাপে কাম কৰে। ইয়াৰ আধুনিক নামটোৱে এটা উচ্চ প্ৰাচীন মিনাৰক বুজায়— ‘কাবুছ সমাধি’।
-
গনবাদ-ই কাবুছ (মিনাৰ)
গনবাদ-ই কাবুছ বা গনবাদ-ই কাবুছ মিনাৰ (Gonbad-e Qabus (tower)) (পাৰ্চী ভাষাত: برج گنبد قابوس ) ইৰাণৰ গনবাদ-ই কাবুছ চহৰৰ এটা কীৰ্তিচিহ্ন। ২০১২ চনত ইউনেস্কোৰ বিশ্ব ঐতিহ্য তালিকাত সন্নিৱিষ্ট কৰা হৈছিল। ইয়াত জিৰিদ শাসক কাবুছ (ৰ. ৯৭৮–১০১২)ৰ সমাধিস্থল। তেওঁৰ জীৱনকালত ১০০৬/৭ চনত নিৰ্মাণ কৰা হৈছিল।
-
ঘোৰমেহ চবজি
ঘোৰমেহ চবজি (Ghormeh sabzi), যাক খোৰেষ্ট চবজি বুলিও জনা যায়, হৈছে ইৰানৰ এবিধ পৰম্পৰাগত বনৌষধি ভিত্তিক ষ্ট্যু। ইয়াক ইৰানৰ ৰাষ্ট্ৰীয় খাদ্য হিচাপে গণ্য কৰা হয় আৰু ই সমগ্ৰ ইৰানতে অতি জনপ্ৰিয়। ব্যৱহৃত মাহ আৰু মাংসৰ ওপৰত ভিত্তি কৰি ইয়াৰ বিভিন্ন আঞ্চলিক সংস্কৰণ পোৱা যায়।
-
চাংহাই কোঅপাৰেছন অৰ্গেনাইজ্যেশ্যন
চাংহাই কোঅপাৰেছন অৰ্গেনাইজ্যেশ্যন (Shanghai Cooperation Organization) বা চমুকৈ এছ চিও(SCO) ইউৰোপ আৰু এছিয়াৰ দহখন সদস্য ৰাষ্ট্ৰৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তা সংস্থা। এই সংস্থাই ৰাজনৈতিক, অৰ্থনৈতিক, নিৰাপত্তা আৰু সন্ত্ৰাসবাদ বিৰোধী সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
-
জান (বাতৰি কাকত)
জান (Zan; অৰ্থ: মহিলা) আছিল ইৰানৰ ফাৰ্চী-ভাষাৰ এখন সাপ্তাহিক বাতৰি কাকত। ই বিশেষভাৱে মহিলাৰ অধিকাৰৰ ওপৰত গুৰুত্ব দিছিল। এই কাকতখন ১৯৯৮ চনৰ পৰা ১৯৯৯ চনত নিষিদ্ধ হোৱালৈকে প্ৰকাশ পাইছিল।
-
টালিছ পৰ্বতমালা
টালিছ পৰ্বতমালা (Talysh Mountains) হৈছে আজাৰবাইজানৰ লংকাৰান-আস্তাৰা অৰ্থনৈতিক অঞ্চল আৰু ইৰাণৰ আৰ্দাবিল আৰু গিলান প্ৰদেশৰ এটা পৰ্বতমালা
-
টেইছপিডছ
টেইছপিড (Teispids) (টেইস্পেছৰ বংশধৰ) (খ্ৰীষ্টপূৰ্ব ৭ শতিকাৰ মাজভাগৰপৰা খ্ৰীষ্টপূৰ্ব ৫২২ চনলৈকে) আচেমেনীড বংশৰ লৌহ যুগৰ যুগৰ শাখা আছিল, মূলতঃ প্ৰাচীন আনছানত, দক্ষিণ জাগ্ৰ'ছত শাসন কৰিছিল।
-
টেপে ছ'ফালিন
টেপে ছ'ফালিন (Tappe Sofalin) হৈছে নিকট পূবৰ এটা প্ৰাচীন প্ৰত্নতাত্ত্বিক স্থান। ইৰাণৰ উত্তৰ-মধ্য মালভূমিত আলবৰ্জ পৰ্বতমালাৰ দক্ষিণে তেহৰাণ সমভূমিত অৱস্থিত। আধুনিক বাৰামিন চহৰৰপৰা প্ৰায় ১০ কিলোমিটাৰ পূবে আৰু তেহৰাণৰপৰা ৩৫ কিলোমিটাৰ দক্ষিণ-পূবে ইৰাণৰ তেহৰাণ প্ৰদেশত অৱস্থিত।
-
তছনীম নিউজ এজেন্সী
তাছনিম নিউজ এজেন্সী (Tasnim News Agency)(পাৰ্চী ভাষাত: خارجی تسنیم ) ইৰাণৰ এটা অৰ্ধ-চৰকাৰী নিউজ এজেন্সী আৰু ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছ (IRGC)ৰ সৈতে জড়িত।
-
তাবেতা টেইলচ
তা-বে-তা টেইলচ (ফাৰ্চী: قصههای تابهتا) যিটো জিজিগুলু নামেৰেও পৰিচিত, হৈছে মৰ্জিয়ে বৰুমাণ্ড পৰিচালিত এখন ইৰানী ধাৰাবাহিক। এই ধাৰাবাহিকখনৰ মূল ভাষা হৈছে ফাৰ্চী। এই ধাৰাবাহিকখন ১৯৯৪ চনৰ আৰম্ভণিতে আৰম্ভ হৈছিল আৰু ১৯৯৫ চনৰ বসন্তকাললৈকে ইৰানী দূৰদৰ্শনত সম্প্ৰচাৰিত হৈছিল।
-
তাৰহানা
তৰহানা হৈছে শস্য আৰু দৈ বা কিম্বন কৰা গাখীৰৰ মিশ্ৰণেৰে তৈয়াৰী শুকান ব্যঞ্জন। মধ্য এছিয়া, দক্ষিণ-পূব ইউৰোপীয়, আৰু মধ্যপ্ৰাচ্যৰ খাদ্যত ইয়াক প্ৰায়ে দেখা যায়। শুকান তৰহানাৰ মিশ্ৰিত টুকুৰা-টুকুৰ আৰু অসমান হয় আৰু ইয়াক সাধাৰণতে পানী, ষ্টক বা গাখীৰৰ সৈতে মিহলাই ডাঠ চুৰুহা বা চূপ তৈয়াৰ কৰা হয়।
-
তুৰ্কমেঞ্চায়ৰ সন্ধি
তুৰ্কমেঞ্চায় সন্ধি (Treaty of Turkmenchay) আছিল কাজাৰ ইৰাণ আৰু ৰাছিয়াৰ সাম্ৰাজ্যৰ মাজত হোৱা চুক্তি, যাৰ ফলত ৰুছ-পাৰ্চী যুদ্ধ (১৮২৬–১৮২৮)ৰ অন্ত পৰিছিল।
-
তেহৰাণ টাইমছ
তেহৰাণ টাইমছ (ইংৰাজী: Tehran Times) হৈছে ইৰানৰপৰা প্ৰকাশিত এখন ইংৰাজী ভাষাৰ দৈনিক বাতৰি কাকত। ১৯৭৯ চনত ইৰানৰ ইছলামিক বিপ্লৱৰ এক স্বঘোষিত কণ্ঠস্বৰ হিচাপে এই কাকতখন প্ৰতিষ্ঠা কৰা হৈছিল।
-
ধঁপাত প্ৰতিবাদ
পাৰস্যৰ ধঁপাত প্ৰতিবাদ আছিল কাজাৰ ইৰাণৰ বাৰজন ছিয়া মুছলমানৰ বিদ্ৰোহ। নাছিৰ আল-দিন শ্বাহ কাজাৰে ব্ৰিটিছ সাম্ৰাজ্যক দিয়া ধঁপাতৰ ৰেহাইৰ প্ৰতিবাদত ১৮৯০ চনত এই বিদ্ৰোহ আৰম্ভ হয়। এই ৰেহাইৰ অধীনত ধঁপাত খেতি, বিক্ৰী আৰু ৰপ্তানিৰ নিয়ন্ত্ৰণ এজন ইংৰাজ মেজৰ জি.এফ. টোলবটক দায়িত্ব দিয়া হৈছিল।
-
পাহলৱী ৰাজমুকুট
পাহলৱী ৰাজমুকূট (Pahlavi Crown ) পাহলৱী যুগত (১৯২৫–১৯৭৯) ব্যৱহৃত ইৰাণৰ ৰাজ অভিষেকৰ মুকুট আছিল। পাহলৱী মুকুট ইৰাণৰ ৰাষ্ট্ৰীয় ৰত্নসমূহৰ মাজত ইৰাণ চৰকাৰৰ তত্ত্বাৱধানত বৰ্তমান ৰখা হয়।
-
পাহলৱীবাদ
পাহলৱীবাদ (Pahlavism)হৈছে ইৰাণৰ পাহলৱী বংশৰ (১৯২৫–১৯৭৯) শাসনৰ লগত জড়িত ইৰাণী জাতীয়তাবাদী আৰু ৰাজতন্ত্ৰবাদী মতাদৰ্শ। ইয়াত ৰাষ্ট্ৰ-নেতৃত্বাধীন আধুনিকীকৰণ প্ৰক্ৰিয়া,, দেশখনৰ প্ৰাক-ইছলামিক অতীতক গুৰুত্ব দিয়া ইৰাণী জাতীয়তাবাদ আৰু এক শক্তিশালী কেন্দ্ৰীভূত ৰাষ্ট্ৰৰ সংমিশ্ৰণ ঘটিছিল।
-
পাহলৱীৰ শাসনকালত ইৰানত মানৱ অধিকাৰ
পাহলৱীৰ শাসনকালত ইৰানত মানৱ অধিকাৰ ১৯২৫ চনৰপৰা ১৯৭৯ চনলৈকে পাহলৱী বংশৰ অধীনত ইৰাণত ৰাজতন্ত্ৰ চলিছিল। এই সময়ছোৱাত দুজন শাসক ৰেজা শ্বাহ পাহলৱী আৰু তেওঁৰ পুত্ৰ মহম্মদ ৰেজা পাহলৱীয়ে ৰাজনৈতিক বিৰোধিতা দমনৰ বাবে গোপন আৰক্ষী, নিৰ্যাতন আৰু মৃত্যুদণ্ডৰে দণ্ডিত কৰিছিল।
-
প্ৰাচীন ইৰানৰ সংগ্ৰহালয়
প্ৰাচীন ইৰাণৰ সংগ্ৰহালয় (Museum of Ancient Iran) টো ইৰাণৰ তেহৰাণৰ মাছক চৌহদৰ পশ্চিম দিশত অৱস্থিত। পাহলৱী ইৰাণৰ তেতিয়াৰ শিক্ষামন্ত্ৰী আলী-আছঘৰ হিকমতৰ নিৰ্দেশত ফৰাচী স্থপতি আন্দ্ৰে গ’ডাৰ্ডে ইয়াৰ ডিজাইন কৰিছিল।
-
বাৰামিন কাৰ্পেট
বাৰামিন কাৰ্পেট আৰু দলিচা (Varamin carpet) হৈছে তেহৰাণৰ দক্ষিণ-পূবে অৱস্থিত ভাৰামিন চহৰ আৰু ইয়াৰ আশে-পাশে বোৱা কাৰ্পেট বা দলিচা। বহু কাৰ্পেট আৰু ৰাগ বিশেষজ্ঞই পৰম্পৰাগত শৈলী আৰু বৈশিষ্ট্যৰ ক্ষেত্ৰত ভাৰামিনক আটাইতকৈ প্ৰামাণিক পাৰ্চী কাৰ্পেটৰ ভিতৰত অন্যতম বুলি গণ্য কৰে।
-
মাহশ্বহৰ হত্যাকাণ্ড
মাহশ্বহৰ হত্যাকাণ্ড (Mahshahr massacre) হৈছে ২০১৯–২০২০ চনৰ ইৰাণৰ প্ৰতিবাদৰ সময়ত ২০১৯ চনৰ ১৬ নৱেম্বৰৰপৰা ২০ নৱেম্বৰৰ ভিতৰত ইৰাণৰ মাহশ্বহৰ চহৰত প্ৰতিবাদকাৰীক কৰা গণহত্যাক মাহশ্বহৰ হত্যাকাণ্ড বুলি কোৱা হয়। এই গণহত্যাৰ মৃত্যুৰ অনুমাণিক হিচাপ ৪০ আৰু ১৪৮ৰ ভিতৰত।
-
মাৰ্বলৰ সিংহাসন
মাৰ্বলৰ সিংহাসন (Marble Throne) ইৰাণৰ তেহৰাণৰ গোলেস্তান প্ৰাসাদত থকা কাজাৰ যুগৰ সিংহাসন। মাৰ্বলৰ সিংহাসন বা পাৰ্চী ভাষাত জনাজাত তাখ্ত-ই মাৰ্মাৰ তেহৰাণৰ গোলেষ্টান প্ৰাসাদৰ অন্যতম আকৰ্ষণীয় অংশ।
-
মোছাদেগবাদ
মোছাদেগবাদ (Mosaddeghism ) হ'ল ইৰাণৰ প্ৰধানমন্ত্ৰী মহম্মদ মোছাদেগে ১৯৫১ চনৰপৰা ১৯৫৩ চনলৈকে গ্ৰহণ কৰা ৰাজনৈতিক তত্ত্ব আৰু নীতিক বুজায়। মোছাদেগবাদ এক উদাৰ সমাজবাদী মতাদৰ্শ।
-
লিটল হোছনা
লিটল হোছনা (ফাৰ্চী: بچههای ساختمان گلها) হৈছে এখন ইৰানী এনিমেচন ধাৰাবাহিক। এই কাৰ্টুনখন ২০১৬ চনৰ শেষৰফালে প্ৰথমবাৰৰ বাবে পুয়া চেনেলত সম্প্ৰচাৰ কৰা হৈছিল। ৯১টা খণ্ডৰ এই এনিমেচনখনৰ উৎপাদন প্ৰকল্প ২০১৫ চনৰ জানুৱাৰী মাহত আৰম্ভ হৈ ২০১৬ চনৰ আগষ্ট মাহত সমাপ্ত হয়।
-
শ্বাহ
শ্বাহ (Shāh) শব্দটো হৈছে পাৰ্চী ভাষাত 'ৰজা' অৰ্থাৎ ৰাজকীয় উপাধি। যদিও ইৰাণৰ ৰজাসকলৰ সৈতে প্ৰধানকৈ জড়িত আছিল, তথাপি ইয়াক অট্টোমান সাম্ৰাজ্য, বুখাৰাৰ খানাট আৰু বুখাৰা আমীৰাট, মোগল সাম্ৰাজ্য, বংগৰ চুলতান আৰু বিভিন্ন আফগান বংশৰ লগতে গোৰ্খাসকলৰ মাজতো বহুতো পাৰ্চী প্ৰভাৱশালী সমাজৰ নেতাক সম্বোধন…
-
শ্বিৰাজী চালাড
শ্বিৰাজী চালাড (Shirazi salad ) হৈছে দক্ষিণ ইৰাণৰ শ্বিৰাজ চহৰত উৎপত্তি হোৱা এটা পাৰ্চী চালাড, আৰু ইয়াৰ নামেৰে ইয়াৰ নামকৰণ কৰা হৈছে। এই চালাড তুলনামূলকভাৱে আধুনিক খাদ্য, কাজাৰ যুগত ইৰাণত বিলাহী প্ৰৱৰ্তনৰ পিছত ১৯ শতিকাৰ শেষৰফালে কোনোবা এটা সময়ত ইয়াৰ বিকাশ ঘটিছিল।