কুৰ্দিছ জনগোষ্ঠী বা কুৰ্দ জনগোষ্ঠী হৈছে পশ্চিম এছিয়াৰ স্থানীয় ইৰাণী জনগোষ্ঠী।১ দক্ষিণ-পূব তুৰস্ক, উত্তৰ-পশ্চিম ইৰান, উত্তৰ ইৰাক আৰু উত্তৰ-পূব ছিৰিয়াত বিস্তৃত ভৌগোলিক অঞ্চল কুৰ্দিস্তানৰ স্থানীয় লোক। ৩০–৪৫ মিলিয়ন লোকৰ বিশ্বব্যাপী থকা কুৰ্দিছ সম্প্ৰদায় মূলতঃ কুৰ্দিস্তানত কেন্দ্ৰীভূত যদিও কুৰ্দিস্তানৰ বাহিৰে পশ্চিম এছিয়া আৰু ইউৰোপৰ কিছু অংশত কুৰ্দিছ প্ৰব্ৰজনকাৰীৰ বৃহৎ সম্প্ৰদায় বিদ্যমান। ইয়াৰ ভিতৰত উল্লেখযোগ্য যে তুৰস্কৰ মধ্য আনাতোলিয়ান কুৰ্দসকল (যিসকলে ১৯২৩ চনৰ আৰ্মেনিয়ান গণহত্যাৰ পিছত পূব আনাতোলিয়ালৈ প্ৰব্ৰজন কৰিছিল, সেই সময়ত পশ্চিম আৰ্মেনিয়া বুলি কোৱা হৈছিল), লগতে ইস্তানবুলৰ কুৰ্দসকল; ইৰাণৰ খোৰাছানী কুৰ্দসকল; ককেছাছৰ কুৰ্দসকল (যিসকল মূলতঃ আজাৰবাইজান আৰু আৰ্মেনিয়াত আছে); আৰু ইউৰোপৰ বিভিন্ন দেশত — বিশেষকৈ জাৰ্মানী, ফ্ৰান্স, ছুইডেন আৰু নেদাৰলেণ্ডত বাস কৰে।
ভাষা
কুৰ্দি (কুৰ্দি: কুৰ্দি বা কুৰ্দি) হৈছে কুৰ্দি জনসাধাৰণে কোৱা আন্তঃসংযোগী উপভাষাৰ এটা গোট। ২ ইয়াক প্ৰধানকৈ ইৰান, ইৰাক, ছিৰিয়া আৰু তুৰস্কৰ কুৰ্দিস্তান গঠন কৰা অংশত কোৱা হয়।৩ ইৰাকত আৰবী ভাষাৰ সমান্তৰালভাৱে কুৰ্দিছ ভাষা জাতীয় ভাষা হিচাপে আনুষ্ঠানিক মৰ্যাদা আছে; ইৰাণত ইয়াক আঞ্চলিক ভাষা হিচাপে স্বীকৃতি দিয়া হৈছে আৰু আৰ্মেনিয়াত ইয়াক সংখ্যালঘু ভাষা বুলি গণ্য কৰা হয়। দশম শতিকাৰ আৰম্ভণিতে আল-মাছৌদিৰ দৰে আৰব ভূগোলবিদসকলে কুৰ্দিছ জনসাধাৰণক এক সুকীয়া ভাষা সম্প্ৰদায় হিচাপে স্বীকৃতি দিছিল।
বহুতো কুৰ্দ দ্বিভাষিক বা বহুভাষিক; তেওঁলোকে নিজৰ মাতৃভাষা কুৰ্দি ভাষাৰ লগতে নিজৰ গৃহভূমিৰ ভাষাসমূহ—যেনে আৰবী, পাৰ্চী আৰু তুৰ্কী—দ্বিতীয় ভাষা হিচাপে কয়, আনহাতে কুৰ্দি প্ৰব্ৰজনকাৰীৰ সদস্যসকলে প্ৰায়ে তিনিটা বা তাতকৈ অধিক ভাষা কয়। তুৰ্কীকৃত আৰু আৰবীকৃত কুৰ্দসকলে প্ৰায়ে কুৰ্দি ভাষা কম ব্যৱহাৰ কৰে বা একেবাৰেই ব্যৱহাৰ নকৰে।
মেকেঞ্জীৰ মতে কুৰ্দি ভাষাৰ সকলো উপভাষাই কেইটামান ভাষিক বৈশিষ্ট্য ভাগ কৰে যিবোৰ অন্যান্য ইৰাণী ভাষাত নাই।
ধৰ্ম
ইছলাম
কুৰ্দিছসকলৰ অধিকাংশই চুন্নী মুছলমান। এওঁলোকে শ্বাফী পন্থা অনুসৰণ কৰে যদিও এক উল্লেখযোগ্য সংখ্যালঘুৱে হানাফী পন্থা ৪ আৰু আলেভিছ ধৰ্ম অনুসৰণ কৰে। ইয়াৰ উপৰি বহুতো শ্বাফী কুৰ্দে দুটা চুফী আদেশৰ ভিতৰত এটা আদেশ অনুসৰণ কৰে। সেয়া হ'ল নাকচবন্দী আৰু কাদ্ৰিয়াহ।৫
চুন্নী ইছলামৰ উপৰি আলেভিছ আৰু ছিয়া ইছলামকো অনুসৰণ কৰে লাখ লাখ কুৰ্দিছলোকে। ৬
য়াজিদবাদ

ইয়াজিদী ধৰ্ম হ'ল ইৰাণী প্ৰাক-জোৰ’ষ্ট্ৰিয়ান ধৰ্মৰ পশ্চিমীয়া শাখাত শিপা থকা এক ঈশ্বৰবাদী জনগোষ্ঠীয় ধৰ্ম। ৭৮৯১০ জগতখন সৃষ্টি কৰি সাতটা পৱিত্ৰ সত্তাৰ তত্ত্বাৱধানত অৰ্পণ কৰা এজন ঈশ্বৰৰ বিশ্বাসৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। ১১১২এই সাতটা সত্তাৰ নেতা হৈছে টাউছ-ই-মালেক, যাক এটা ময়ূৰে প্ৰতিনিধিত্ব কৰে। ১১১৩ ইয়াৰ অনুগামীৰ সংখ্যা বিশ্বজুৰি ৭ লাখৰপৰা ১০ লাখলৈকে আছে।১৪ ইৰাক, ছিৰিয়া আৰু তুৰস্কৰ কুৰ্দি অঞ্চলত এওঁলোক খিলঞ্জীয়া। ৰাছিয়া, জৰ্জিয়া আৰু আৰ্মেনিয়াতো য়াজিদীসকলৰ অৱস্থিতি আছে। শেহতীয়া য়াজিদী সম্প্ৰদায় অট্টোমান সাম্ৰাজ্যৰ মুছলমানসকলৰ নিৰ্যাতনৰপৰা পলায়ন কৰা শৰণাৰ্থীসকলে স্থাপন কৰিছে। ১২ ইয়াজিদবাদ কুৰ্দিছ আলেভিজম আৰু ইয়াৰানবাদৰ সৈতে বহুতোক্ষেত্ৰত মিল থকা দেখা যায় আৰু যিবোৰ প্ৰাক-ইছলামিক যুগৰপৰাই আৰম্ভ হৈছিল। ১৫১৬১৭
য়াৰছানিবাদ
য়াৰছানিবাদক আহল-ই-হাক, আহলে-হাগ বা কাকাই বুলিও জনা যায়। কুৰ্দিস্তানৰ সৈতে জড়িত ধৰ্মসমূহৰ ভিতৰত এই ধৰ্মও অন্যতম।
যদিও অধিকাংশ য়াৰছানী শাস্ত্ৰ গোৰাণী ভাষাত আৰু সকলো য়াৰছানী পৱিত্ৰ স্থান কুৰ্দিস্তানত অৱস্থিত, তথাপি এই ধৰ্ম অনুগামী আন অঞ্চলতো পোৱা যায়। উদাহৰণস্বৰূপে, ইৰাকৰ কুৰ্দিস্তানত ৩ লাখতকৈ অধিক ইয়াৰছানী আছে, আনহাতে ইৰানত ২০ লাখতকৈ অধিক ইয়াৰছানী আছে।১৮ অৱশ্যে দুয়োখন দেশতে য়াৰছানীৰ ৰাজনৈতিক অধিকাৰ নাই।
জৰোষ্ট্ৰিয়ান ধৰ্ম

ইৰাণী ধৰ্ম জৰোষ্ট্ৰিয়ানে ইৰাণী সংস্কৃতিৰ ওপৰত গভীৰভাৱে প্ৰভাৱ পেলাইছে। কিয়নো জৰোষ্ট্ৰিয়ানৰ এটা অংশ কুৰ্দিছ জনসাধাৰণ আৰু ইয়াৰ কিছু প্ৰভাৱ মধ্যযুগত ধৰ্মটোৰ অৱনতি ঘটাৰ পিছতো প্ৰচলিত আছে। ইৰাণী দাৰ্শনিক ছুহৰাৱাৰ্ডিয়ে জৰদস্তিৰ ধৰ্মৰপৰা বহুখিনি শিক্ষা আহৰণ কৰিছিল।১৯ নবী জৰোষ্ট্ৰিয়ান শিক্ষাৰ ভিত্তিত এই ধৰ্মৰ দেৱতা আহুৰা মাজদা। ইয়াৰ মূল বৈশিষ্ট্যসমূহৰ ভিতৰত যেনে মচীহবাদ, সোণালী নিয়ম, স্বৰ্গ আৰু নৰকৰ ধাৰণা আৰু মুক্ত ইচ্ছাই দ্বিতীয় মন্দিৰ ইহুদী ধৰ্ম, নষ্টিচিজম, খ্ৰীষ্টান ধৰ্ম আৰু ইছলামকে ধৰি অন্যান্য ধৰ্মীয় ব্যৱস্থাসমূহক প্ৰভাবিত কৰিছে।২০
২০১৬ চনত ইৰাকৰ কুৰ্দিস্তানত প্ৰথমটো আনুষ্ঠানিক জৰোষ্ট্ৰিয়ান অগ্নি মন্দিৰ চুলেমানিয়াত মুকলি কৰা হয়। উপস্থিতসকলে ধৰ্মীয় জুই জ্বলাই ফ্ৰেম ড্ৰাম (বা ডাফ) বজাই এই অনুষ্ঠানটো উদ্যাপন কৰে। কুৰ্দিস্তান অঞ্চলৰ জৰোষ্ট্ৰিয়ান ধৰ্মৰ মুৰব্বী আৱাত তায়িবৰ দাবী যে বহুতে জৰোষ্ট্ৰিয়ান ধৰ্মলৈ ঘূৰি আহিছে যদিও ইছলামিক মৌলবাদীৰপৰা সম্ভাৱ্য প্ৰতিশোধৰ ভয়ত ইয়াৰে কিছুমানে ইয়াক গোপন কৰি ৰাখিছে।
খ্ৰীষ্টান ধৰ্ম
যদিও কুৰ্দি খ্ৰীষ্টানসকলৰ অসংখ্য ঐতিহাসিক বিৱৰণ আছে, তথাপি ইয়াৰে অধিকাংশই ব্যক্তি বিশেষৰহে, কোনো বিশেষ সম্প্ৰদায়ৰ নহয়। কিন্তু ১৯ আৰু ২০ শতিকাৰ কেইবাটাও ভ্ৰমণ-কাহিনীত কুৰ্দি খ্ৰীষ্টান জনগোষ্ঠীৰ লগতে উল্লেখযোগ্য খ্ৰীষ্টান জনসংখ্যা থকা কুৰ্দি মুছলমান জনগোষ্ঠীৰ উল্লেখ আছে। এই জনগোষ্ঠীসমূহৰ এটা বৃহৎ অংশ আৰ্মেনিয়ান বা অচূৰীয় মূলৰ বুলি বিশ্বাস কৰা হয়,২১ আৰু কিছুমান খ্ৰীষ্টান পৰম্পৰা এতিয়াও আছে বুলি নথিভুক্ত কৰা হৈছে। পূৰ্বৰ শতিকাৰ কুৰ্দি ভাষাত লিখা কেইবাটাও খ্ৰীষ্টান প্ৰাৰ্থনাও আৱিষ্কাৰ কৰা হৈছে।২২ শেহতীয়া বছৰবোৰত মুছলমান পটভূমিৰ কিছুমান কুৰ্দে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছে।২৩২৪২৫
বাইবেলৰ কিছু অংশ প্ৰথমবাৰৰ বাবে কুৰ্মানজী উপভাষাত ১৮৫৬ চনত উপলব্ধ কৰা হৈছিল। আমেৰিকান বাইবেল ছ'চাইটিৰ আৰ্মেনিয়ান কৰ্মচাৰী ষ্টেপানে গছপেল(Gospel)সমূহ অনুবাদ কৰিছিল আৰু ১৮৫৭ চনত প্ৰকাশ কৰিছিল। ঐতিহাসিকভাৱে বিখ্যাত কুৰ্দি খ্ৰীষ্টানসকলৰ ভিতৰত জাকাৰে আৰু ইভানে মাখাৰগ্ৰাডজেলি নামৰ দুজন ভাতৃও আছে। ২৬২৭২৮
জনসংখ্যা
পশ্চিম এছিয়াত বাস কৰা কুৰ্দৰ সংখ্যা ৩ৰপৰা ৪.৫ কোটিৰ ভিতৰত বুলি অনুমান কৰা হৈছে, আনহাতে এক বা ২০ লাখ কুৰ্দ প্ৰব্ৰজনকাৰীত বাস কৰে। তুৰস্কৰ জনসংখ্যাৰ ১৮ৰপৰা ২৫%২৯, ইৰাকত ১৫ৰপৰা ২০% ৩০ ইৰানৰ ১০% আৰু ছিৰিয়াৰ জনসংখ্যাৰ ৯% কুৰ্দসকলৰ সংখ্যা। চাৰিওখন দেশতে কুৰ্দসকল আঞ্চলিক সংখ্যাগৰিষ্ঠ, যেনে তুৰ্কী কুৰ্দিস্তান, ইৰাকী কুৰ্দিস্তান, ইৰাণৰ কুৰ্দিস্তান, ছিৰিয়াৰ কুৰ্দিস্তান। মধ্যপ্ৰাচ্যৰ আৰব, পাৰ্চী আৰু তুৰ্কৰ পিছত কুৰ্দসকল চতুৰ্থ বৃহত্তম জনগোষ্ঠী।
১৯৯১ চনত কুৰ্দৰ মুঠ সংখ্যা ২ কোটি ২৫ লাখ বুলি অনুমান কৰা হৈছিল; ইয়াৰে ৪৮% তুৰস্কত, ২৪% ইৰানত, ১৮% ইৰাকত আৰু ৪% ছিৰিয়াত বাস কৰিছিল ৩১।
শেহতীয়াকৈ প্ৰব্ৰজনৰ ফলত পশ্চিমীয়া দেশসমূহত কুৰ্দিছ জনসংখ্যা প্ৰায় ১৫ লাখ হৈছে, ইয়াৰে প্ৰায় আধা জাৰ্মানীত বাস কৰে।
ট্ৰেন্সককাছাছ আৰু মধ্য এছিয়াত বাস কৰা কুৰ্দসকলৰ ক্ষেত্ৰখন অনন্য। এই লোকসকলে বেছিভাগেই ৰাছিয়া সাম্ৰাজ্যৰ সময়ত তালৈ প্ৰব্ৰজন কৰিছিল। তাত বাস কৰাৰ এশ বছৰৰো অধিক সময় তেওঁলোকে স্বতন্ত্ৰভাৱে বিকশিত হৈছে আৰু এক সুকীয়া জাতিগত পৰিচয় গঢ়ি তুলিছে।৩২ ১৯৯০ চনত এই গোটৰ জনসংখ্যা প্ৰায় ০৪ লাখ বুলি অনুমান কৰা হৈছিল। ৩৩
চিত্ৰসমূহ
কিতাপৰ উদ্ধৃতিৰ উৎস
- Aslanian, Sebouh. (2011). From the Indian Ocean to the Mediterranean: The Global Trade Networks of Armenian Merchants from New Julfa. University of California Press. ISBN 978-0520947573
- Blow, David. (2009). Shah Abbas: The Ruthless King Who Became an Iranian Legend. I.B.Tauris. ISBN 978-0857716767
- Bournoutian, George. (2002). A Concise History of the Armenian People: (from Ancient Times to the Present). Mazda Publishers. পৃ. 208. ISBN 978-1568591414
- Floor, Willem; Herzig, Edmund. (2012). Iran and the World in the Safavid Age. I.B.Tauris. ISBN 978-1850439301
- Barth, F. 1953. Principles of Social Organization in Southern Kurdistan. Bulletin of the University Ethnographic Museum 7. Oslo.
- Hansen, H.H. 1961. The Kurdish Woman's Life. Copenhagen. Ethnographic Museum Record 7:1–213.
- Kennedy, Hugh. (1994). Crusader Castles. Cambridge University Press. ISBN 978-0-521-79913-3
- Leach, E.R. 1938. Social and Economic Organization of the Rowanduz Kurds. London School of Economics Monographs on Social Anthropology 3:1–74.
- Longrigg, S.H. 1953. Iraq, 1900–1950. London.
- Masters, W.M. 1953. Rowanduz. Ph.D. dissertation, University of Michigan.
- McKiernan, Kevin. 2006. The Kurds, a People in Search of Their Homeland. New York: St. Martin's Press.
- Mikaberidze, Alexander. (2015). Historical Dictionary of Georgia. Rowman & Littlefield. ISBN 978-1442241466
- Matthee, Rudi. http://www.iranicaonline.org/articles/shaykh-ali-khan. Encyclopaedia Iranica
- Riley-Smith, Jonathan. (2008). The Crusades, Christianity, and Islam.. Columbia University Press. ISBN 978-0-231-14625-8
- Aḥmad, K. M. (1985). ʿANNAZIDS. Encyclopædia Iranica. পৃ. 97–98
- Atmaca, Metin. (2012). Bābān. Encyclopaedia of Islam, THREE.. Brill. ISBN 9789004464582
- Laine, James W. (2015). Meta-Religion: Religion and Power in World History.. California University Press. ISBN 978-0-520-95999-6
- Madelung, W. (1975). The Cambridge History of Iran, Volume 4: From the Arab Invasion to the Saljuqs. Cambridge University Press. ISBN 978-0-521-20093-6
- Hassanpour, A. (1988). BAHDĪNĀN. Encyclopædia Iranica. পৃ. 485
- Lewis, Bernard. (2002). Arabs in History. Oxford University Press. ISBN 978-0-19-158766-5
- Spuler, B. (2012). Faḍlawayh. Encyclopaedia of Islam. Brill Publishers. ISBN 9789004161214
- Kennedy, Hugh. (2016). The Prophet and the Age of the Caliphates: The Islamic Near East From the Sixth to the Eleventh Century. Routledge. ISBN 9781317376392
- Peacock, Andrew. (2000). SHADDADIDS. Encyclopædia Iranica
- Magoulias, Harry J. (1975). Decline and fall of Byzantium to the Ottoman Turks. State University Press. ISBN 978-0-8143-1540-8
- Tapper, Richard. (1997). Frontier Nomads of Iran: A Political and Social History of the Shahsevan. Cambridge University Press. ISBN 978-0521583367
- Bosworth, C.E. (1996). The New Islamic Dynasties. Columbia University Press. ISBN 978-0-231-10714-3
- Bosworth, C. Edmund. (1994). Daysam. Encyclopædia Iranica. Vol. VII, Fasc. 2. পৃ. 172–173
- Humphreys, R. Stephen. (1977). From Saladin to the Mongols: The Ayyubids of Damascus, 1193–1260. State University of New York Press. ISBN 0-87395-263-4
- Vacca, Alison. (2017). Non-Muslim Provinces under Early Islam: Islamic Rule and Iranian Legitimacy in Armenia and Caucasian Albania. Cambridge University Press. ISBN 978-1107188518
- Mazaheri, Mas‘ud Habibi; Gholami, Rahim. (2008). Ayyūbids. Encyclopedia Islamica. Brill. ISBN 978-90-04-16860-2
- Bosworth, C. Edmund. (2003). HAZĀRASPIDS. Encyclopædia Iranica. পৃ. 93
- Matthee, Rudi. (2005). The Pursuit of Pleasure: Drugs and Stimulants in Iranian History, 1500–1900. Princeton University Press. ISBN 978-1-4008-3260-6
- Hamid, Algar. (2006). IRAN ix. RELIGIONS IN IRAN (2) Islam in Iran (2.3) Shiʿism in Iran Since the Safavids. Encyclopaedia Iranica, Vol. XIII. Fasc. 5. পৃ. 456–474
- Minorsky, Vladimir. (2012). Lak. Encyclopaedia of Islam. Brill Publishers. ISBN 9789004161214
- Amoretti, Biancamaria Scarcia; Matthee, Rudi. (2009). Ṣafavid Dynasty. The Oxford Encyclopedia of the Islamic World. Oxford University Press
- Amanat, Abbas. (2017). Iran: a Modern History. Yale University Press. ISBN 9780300231465
- Matthee, Rudi. (2008). SAFAVID DYNASTY. Encyclopædia Iranica
- Minorsky, V. (1953). Studies in Caucasian History. Cambridge University Press. ISBN 978-0-521-05735-6
- Savory, Roger. (2008). EBN BAZZĀZ. Encyclopædia Iranica. পৃ. 8
- Manz, Beatrice F. (2021). Nomads in the Middle East. Cambridge University Press. ISBN 9781139028813
অধিক পঢ়ক
- Amin, Samir. (October 2016). The Kurdish Question Then and Now. Monthly Review
- Dundas, Chad. (2014). Gale Encyclopedia of Multicultural America. Gale. পৃ. 41–52
- Eppel, Michael. (2016). A People Without a State: The Kurds from the Rise of Islam to the Dawn of Nationalism. University of Texas Press
- Maisel. (2018). The Kurds: An Encyclopedia of Life, Culture, and Society. ABC-Clio
- Shareef, Mohammed. (2014). The United States, Iraq and the Kurds: Shock, Awe and Aftermath. Routledge
ইতিহাস তালিকা
- Hitchins, Keith. (2021). Kurds. Studies of Modern Kurdish History. Encyclopaedia Iranica Online. Brill
- Maxwell, Alexander; Smith, Tim. (2015). Positing 'not-yet-nationalism': limits to the impact of nationalism theory on Kurdish historiography. Nationalities Papers. পৃ. 771–787
- Meho. (2004). The Kurdish Question in U.S. Foreign Policy: A Documentary Sourcebook. Praeger. ISBN 9780313314353
- Sharif, Nemat. (1996). A Brief History of Kurds and Kurdistan: Part I: From the Advent of Islam to AD 1750. The International Journal of Kurdish Studies. পৃ. 105–155
বাহ্যিক সংযোগ
- The Kurdish Institute of Paris Kurdish language, history, books and latest news articles.
- The Encyclopaedia of Kurdistan
- Istanbul Kurdish Institute
- The Kurdish Center of International Pen
- Kurdish Library, supported by the Swedish Government.
- Ethnic Cleansing and the Kurds
- The Kurds in the Ottoman Hungary by Zurab Aloian
- "The Other Iraq" Kurdish Information Website
The Kurdish issue in Turkey
- A report on Kurdish IDPs – 2005
- A German newspaper's take on the Kurdish issue – 2005
- The Guardian – What's in a name? Too much in Turkey – 2001
- Sonia Roy. (22 April 2011). The impact on the politics of Iraq and Turkey and their bilateral relations regarding the Kurds in the post-Saddam regime. Foreign Policy Journal
তথ্যসূত্ৰ
- ↑ *Bois, Th.; Minorsky, V.; MacKenzie, D.N. (24 April 2012). Kurds, Kurdistān. Encyclopedia of Islam, Second Edition. Brill Online. পৃ. 439 *Shoup, John A. (2011). Ethnic Groups of Africa and the Middle East: An Encyclopedia. ABC-CLIO. ISBN 9781598843637 *Nezan, Kendal. A Brief Survey of the History of the Kurds. Kurdish Institute of Paris
- ↑ Paul, Ludwig. (2008). Kurdish Language. Encyclopædia Iranica Writes about the problem of attaining a coherent definition of "Kurdish language" within the Northwestern Iranian dialect continuum. There is no unambiguous evolution of Kurdish from Middle Iranian, as "from Old and Middle Iranian times, no predecessors of the Kurdish language are yet known; the extant Kurdish texts may be traced back to no earlier than the 16th century CE." Ludwig Paul further states: "Linguistics itself, or dialectology, does not provide any general or straightforward definition of at which point a language becomes a dialect (or vice versa). To attain a fuller understanding of the difficulties and questions that are raised by the issue of the 'Kurdish language,' it is therefore necessary to consider also non-linguistic factors."
- ↑ Geographic distribution of Kurdish and other Iranic languages
- ↑ Sarigil, Zeki; Fazlioglu, Omer. (2014). Exploring the roots and dynamics of Kurdish ethno-nationalism in Turkey. Nations and Nationalism. Bilkent University. পৃ. 447
- ↑ van Bruinessen, Martin. (2000). The Qadiriyya and the lineages of Qadiri shaykhs in Kurdistan. Journal of the History of Sufism
- ↑ McDowall, David. (1992). The Kurds: A Nation Denied. Minority Rights Group. পৃ. 57. ISBN 9781873194300
- ↑ Turgut, Lokman. Ancient rites and old religions in Kurdistan
- ↑ Foltz, Richard. (1 June 2017). The "Original" Kurdish Religion? Kurdish Nationalism and the False Conflation of the Yezidi and Zoroastrian Traditions. Journal of Persianate Studies. পৃ. 87–106
- ↑ Khanna, Omarkhali. (2011). The status and role of the Yezidi legends and myths: to the question of comparative analysis of Yezidism, Yārisān (Ahl-e Haqq) and Zoroastrianism: a common substratum?
- ↑ Kreyenbroek, Philip G. (1995). Yezidism—its Background, Observances, and Textual Tradition. E. Mellen Press. ISBN 978-0-7734-9004-8
- ↑ Allison. (25 January 2017). The Yazidis. Oxford Research Encyclopedia of Religion. Oxford University Press. ISBN 9780199340378
- ↑ Birgül, Açıkyıldız. (2010). The Yezidis: the History of a Community, Culture and Religion.. I.B. Tauris. ISBN 978-0-85772-061-0
- ↑ Maisel, Sebastian. (24 December 2016). Yezidis in Syria: Identity Building among a Double Minority. Lexington Books. ISBN 9780739177754
- ↑ Rowe, Paul S. (20 September 2018). Routledge Handbook of Minorities in the Middle East. Routledge. ISBN 978-1-317-23378-7
- ↑ Bozarslan, Hamit; Gunes, Cengiz; Yadirgi, Veli. (22 April 2021). The Cambridge History of the Kurds. Cambridge University Press. ISBN 978-1-108-58301-5
- ↑ Omarkhali, Khanna. (January 2009). The status and role of the Yezidi legends and myths. To the question of comparative analysis of Yezidism, Yārisān (Ahl-e Haqq) and Zoroastrianism: a common substratum?. Folia Orientalia
- ↑ Turgut, Lokman. (2013). Ancient rites and old religions in Kurdistan
- ↑ About Yarsan, a religious minority in Iran and Yarsani asylum seekers – Yarsanmedia
- ↑ Henry Corbin. The Man of Light in Iranian Sufism. Omega Publications, New York. 1994
- ↑ Hinnel, J. (1997). The Penguin Dictionary of Religion. Penguin Books UK
- ↑ Sykes, M. (1908). The Kurdish Tribes of the Ottoman Empire. The Journal of the Royal Anthropological Institute of Great Britain and Ireland. পৃ. 451–486
- ↑ Hervas, L. Saggio. (1787). 'Pratico delle lingue: con prolegomeni, e una raccolta di orazioni dominicali in piu di trecento lingue e dialetti...'. Cesena: Per Gregorio Biasini, pp. 156–157
- ↑ A Muslim Leader Converted to Christianity in Iraqi Kurdistan
- ↑ The Kurds. Urbana
- ↑ (16 April 2019). Christianity grows in Syrian town once besieged by Islamic State. Reuters
- ↑ Alexei Lidov, 1991, The mural paintings of Akhtala, p. 14, Nauka Publishers, Central Dept. of Oriental Literature, University of Michigan,,, It is clear from the account of these Armenian historians that Ivane's great-grandfather broke away from the Kurdish tribe of Babir
- ↑ Vladimir Minorsky, 1953, Studies in Caucasian History, p. 102, CUP Archive,,, According to a tradition which has every reason to be true, their ancestors were Mesopotamian Kurds of the tribe (xel) Babirakan.
- ↑ Richard Barrie Dobson, 2000, Encyclopedia of the Middle Ages: A-J, p. 107, Editions du Cerf, University of Michigan,,, under the Christianized Kurdish dynasty of Zak'arids they tried to re-establish nazarar system...
- ↑ Mackey, Sandra. (2002). The Reckoning: Iraq and the Legacy of Saddam. W.W. Norton and Co. পৃ. 350. ISBN 9780393051414 This would raise the population estimate by about 5 million
- ↑ Bureau of Near Eastern Affairs. (9 March 2012). Background Note: Syria. State.gov. US State Department The CIA World Factbook reports all non-Arabs make up 9.7% of the Syrian population, but does not break out the Kurdish figure separately. However, this State Dept. source provides a figure of 9%., the current document at this state.gov URL no longer provides such ethnic group data
- ↑ Hassanpour, Amir. (7 November 1995). A Stateless Nation's Quest for Sovereignty in the Sky. Concordia University Paper presented at the Freie Universitat Berlin. For the figure, cites: McDowall, David. (1992). The Kurds: A Nation Denied. Minority Rights Group
- ↑ "The Kurds of Caucasia and Central Asia have been cut off for a considerable period of time and their development in Russia and then in the Soviet Union has been somewhat different. In this light the Soviet Kurds may be considered to be an ethnic group in their own right." The Red Book of the Peoples of the Russian Empire Kurds. Institute of Estonia (EKI)
- ↑ Ismet Chériff Vanly, "The Kurds in the Soviet Union", in: Philip G. Kreyenbroek & S. Sperl (eds.), The Kurds: A Contemporary Overview (London: Routledge, 1992), p. 164: Table based on 1990 estimates: Azerbaijan (180,000), Armenia (50,000), Georgia (40,000), Kazakhstan (30,000), Kyrgyzstan (20,000), Uzbekistan (10,000), Tajikistan (3,000), Turkmenistan (50,000), Siberia (35,000), Krasnodar (20,000), Other (12,000) (total 410,000)
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কুৰ্দিছ জনগোষ্ঠী” প্ৰবন্ধৰ সংশোধন ৬১২৬৪৮ (১৭ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।