অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

কুকু

কুকু বা কুক (পাৰ্চী ভাষাত: کوکو ) কণীৰ লগত বিভিন্ন উপাদান মিহলাই তৈয়াৰ কৰা ইৰানৰ ব্যঞ্জন। এই ব্যঞ্জণ ইটালীৰ ফ্ৰিটাটা, ফৰাচী কুইচ বা মুকলি মুখৰ অমলেটৰ দৰেই, কিন্তু ইয়াত সাধাৰণতে ফ্ৰিটাটাতকৈ কম কণী থাকে আৰু কম জুইত কম সময়ৰ বাবে সিজোৱা হয়, তাৰ পিছত ওপৰৰ স্তৰটো লুটিয়াই লৈ সজাই পৰিৱেশণ কৰা হয় বা…

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৩৬৪ শব্দ · ২ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

কুকু বা কুক (পাৰ্চী ভাষাত: کوکو ) কণীৰ লগত বিভিন্ন উপাদান মিহলাই তৈয়াৰ কৰা ইৰানৰ ব্যঞ্জন। এই ব্যঞ্জণ ইটালীৰ ফ্ৰিটাটা, ফৰাচী ভাষা কুইচ বা মুকলি মুখৰ অমলেটৰ দৰেই, কিন্তু ইয়াত সাধাৰণতে ফ্ৰিটাটাতকৈ কম কণী থাকে আৰু কম জুইত কম সময়ৰ বাবে সিজোৱা হয়, তাৰ পিছত ওপৰৰ স্তৰটো লুটিয়াই লৈ সজাই পৰিৱেশণ কৰা হয় ১ বা কম সময়ৰ বাবে গ্ৰীল কৰা হয়।২ ইয়াক গৰম বা ঠাণ্ডা ষ্টাৰ্টাৰ, চাইড ডিচ বা মেইন কোৰ্চ হিচাপে পৰিৱেশন কৰা হয় আৰু ব্ৰেড আৰু দৈ বা চালাডৰ সৈতে পৰিৱেশন কৰা হয়। ৩

ইতিহাস

ব্ৰেকফাষ্ট: এ হিষ্ট্ৰী গ্ৰন্থত উল্লেশ থকা মতে অমলেটৰ আদিম ৰূপ উৎপত্তি প্ৰাচীন পাৰস্যত হৈছিল। আৰু এয়া কুকু সৈতে বহুত মিল আছিল।৪

পাৰস্য (ইৰাণ)ৰ ছাফাৱী আৰু কাজাৰ যুগৰ ৰন্ধন পুথিত কুকু বিষয়ে উল্লেখ আছে। ৫ কাজাৰ যুগৰ নথি-পত্ৰত ইয়াক অতিৰিক্ত ব্যঞ্জন হিচাপে বৰ্ণনা কৰা হৈছে।৬

বনৌষধি কুকু (কুকু ছাবজি) হৈছে আটাইতকৈ জনপ্ৰিয় প্ৰকাৰ ৭ পৰম্পৰাগতভাৱে নৌৰুজ বা ইৰাণৰ নৱবৰ্ষত পৰিৱেশন কৰা হয়।৬৮ ই নতুন আৰম্ভণিৰ প্ৰতীক ৯ আৰু ইষ্টাৰৰদিনাও ইয়াক পৰিৱেশন কৰা হয়,১০ যিটো ইৰাণী আৰ্মেনিয়ান আৰু ইৰাণী জৰ্জিয়ানসকলে উদ্‌যাপন কৰে।

ৰন্ধণ পদ্ধতি

কেৰাহীত কুকু ছবজি বা বনৌষধি কুকু ৰন্ধা দেখা গৈছে।
কেৰাহীত কুকু ছবজি বা বনৌষধি কুকু ৰন্ধা দেখা গৈছে।ছবি: Նապաստակ · CC BY-SA 3.0

কুকু বনোৱাৰ পৰম্পৰাগত পদ্ধতি হ'ল কম জুইত তেলত ভাজি লোৱা আৰু তাৰ পিছত বন্ধ ৰন্ধন পাত্ৰত ভাপত দিয়া।১১ বেকিংও এটা জনপ্ৰিয় প্ৰস্তুতি পদ্ধতি। ইয়াক অতিৰিক্ত ডাঠ কৰিবলৈ চেনি যোগ কৰা হয়।৭ চূড়ান্ত ৰূপটো হৈছে কেকৰ দৰে অমলেট যিটো সাধাৰণতে ৰুটিৰ সৈতে পৰিৱেশন কৰা হয়, কিন্তু ভাতৰ সৈতেও পৰিৱেশন কৰিব পাৰি – বিশেষকৈ উত্তৰ ইৰাণৰ গিলান প্ৰদেশত, য'ত পৰম্পৰাগতভাৱে ৰুটিতকৈ ভাত পছন্দ কৰা হয়।৭

ভিন্নতা

বনৌষধি কুকু (কুকু ছাবজি), আলু কুকু (কুকু ছিবজামিনি), বেঙেনা কুকু (কুকু-ই বাডেঞ্জন, ভাৰেক), ৰাই কুকু (আছবল কুকু), আৰু কণীৰ কুহুমৰ কুকু (কুকু-ই মাষ্ট) আদি। ১২১৩

বনৌষধি কুকু

বনৌষধি কুকু (পাৰ্চী ভাষাত কুকু, আক্ষৰিক অৰ্থত 'কোকিল শাক'; আজাৰবাইজানী ভাষাত আক্ষৰিক অৰ্থত 'সেউজীয়া কুকু')১৪ হৈছে আটাইতকৈ সাধাৰণ ধৰণৰ কুকু।৭ ইয়াক কণী আৰু বনৌষধি যেনে লিক আৰু পাৰ্চলিৰে তৈয়াৰ কৰা হয়। উত্তৰ ইৰাণত অতি জনপ্ৰিয় নহৰুকো ইয়াৰ উপাদান হিচাপে ব্যৱহাৰ কৰা হয়।১৫

আন এটা ভিন্নতা হ'ল আখৰোট আৰু বনৌষধি কুকু (পাৰ্চী:গেৰ্দু কুকু; আজাৰবাইজানী:ক'জলু কুকু ); বাদাম যোগ কৰিলে খাদ্যৰ সোৱাদ সলনি হয়।১৬

বন্ধাকবি কুকু

ফুলকবি কুকু (কুকু-য়ে গোল-ই-কালাম) বিদামীকৈ ভজা পিঁয়াজ আৰু ফুলকবিৰে তৈয়াৰ কৰা হয়।১৭ এই খাদ্যৰ এটা সংস্কৰণ নাজমেহ বাটমাংগলিজৰ প্ৰথম ইংৰাজী ভাষাৰ পাৰ্চী ৰন্ধন গ্ৰন্থ *ফুড অৱ লাইফ* (১৯৮৬)ত অন্তৰ্ভুক্ত কৰা হৈছিল।১৭

আলু কুকু

আলুৰ কুকু বা পাৰ্চী ভাষাত 'কুকু চিবজামিনি'১৮৬ ১৯ কণী, আলু, কেশৰ আৰু হালধি আদি মচলা আৰু অন্যান্য উপাদানৰে তৈয়াৰ কৰা হয়। আলুৰ কুকু ক স্পেনিছ অমলেট (এবিধ আলুৰ টৰ্টিলা) আৰু লেটকেৰ সৈতে তুলনা কৰা হয়।

বেঙেনা কুকু

বেঙেনা কুকু,২০ পাৰ্চী ভাষাত কুকু-য়ে বাডেঞ্জান নামেৰে জনাজাত বেঙেনা আৰু কণী পিটিকা আৰু অন্যান্য উপাদান যেনে পাৰ্চলি, আখৰোট, পিঁয়াজ,টেঙা ৰঙা বাৰবেৰী ফলৰ সৈতে তৈয়াৰ কৰা হয়।২১২২

ৰৌ কুকু

ৰৌ কুকু, যাক গিলাকী ভাষাত এছবাল কুকি বা এছবাল কুকি বুলি জনা যায়,৭ গিলান কুকু হৈছে এটা স্থানীয় প্ৰজাতিৰ মাছ (কেভিয়াৰ)ৰ কণী থাকে।২৩

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Brown, Sarah. (1984). Vegetarian Cookbook. HarperCollins. পৃ. 127. ISBN 0-7225-2694-6
  2. ↑ Riley, Gillian. (1 November 2007). The Oxford Companion to Italian Food. Oxford University Press. পৃ. 168
  3. ↑ Batmanglij, Najmieh. (24 October 2007). A Taste of Persia: An Introduction to Persian Cooking. I.B. Tauris. পৃ. 49
  4. ↑ Anderson, Heather Arndt. (July 11, 2013). Breakfast: A History. AltaMira Press. পৃ. 65. ISBN 9780759121652
  5. ↑ Aʿlam, Hūšang. Coriander. Encyclopædia Iranica. পৃ. 273
  6. ↑ Mahdavi, Shireen. (2015). Qajar dynasty xiv. Qajar Cuisine. Encyclopædia Iranica
  7. ↑ Bromberger, Christian. Gilān xxi. Cooking. Encyclopædia Iranica
  8. ↑ Bazin, Marcel; Bromberger, Christian; Balland, Daniel. Berenj "rice". Encyclopædia Iranica. পৃ. 147–163
  9. ↑ (2020-10-23). Kuku Sabzi - No Dairy Frittata with Fresh Herbs. Kitchen Starts
  10. ↑ Scattergood, Amy. Say 'kuku' three times fast, then make the terrific Persian herb and egg dish for Easter brunch. Los Angeles Times
  11. ↑ Dupree, Nancy Hatch. Cooking. Encyclopædia Iranica. পৃ. 246–252
  12. ↑ Ewan, Julia. Yogurt Kuku. The Washington Post
  13. ↑ Aʿlam, Hūšang. Carrot. Encyclopædia Iranica. পৃ. 13–17
  14. ↑ Buyuran, Feride. (2011-07-09). Fresh Herb Kuku (Kükü) · AZ Cookbok. AZ Cookbook
  15. ↑ Elahi, Etrat. Garlic. Encyclopædia Iranica. পৃ. 315
  16. ↑ Learn how to make walnut kükü
  17. ↑ Batmanglij, Najmieh. (2011). Food of Life: Ancient Persian and Modern Iranian Cooking and Ceremonies. Mage Publishers. পৃ. 144. ISBN 978-1-933823-47-8
  18. ↑ Khan, Yasmin. (2016). The Saffron Tales: Recipes from the Persian Kitchen. Bloomsbury Publishing. পৃ. 76. ISBN 978-1408868744
  19. ↑ (2021-11-10). Kuku Sibzamini With Lemon Yogurt. Bon Appétit. Condé Nast
  20. ↑ Ottolenghi, Yotam. Yotam Ottolenghi's aubergine kuku recipe. The Guardian
  21. ↑ Ghanoonparvar, M.R. (1982). Persian Cuisine I: Traditional Foods. Mazda Publishers
  22. ↑ Aubaile-Sallenave, F.; Elāhī, ʿE. Bādenjān. Encyclopædia Iranica. পৃ. 366–368
  23. ↑ Aʿlam, Hūšang. Caviar. Encyclopædia Iranica. পৃ. 99–101

সম্পৰ্কিত শ্ৰেণী

খাদ্যইৰান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কুকু” প্ৰবন্ধৰ সংশোধন ৬৩২২২৮ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।