অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

চাংহাই কোঅপাৰেছন অৰ্গেনাইজ্যেশ্যন

চাংহাই কোঅপাৰেছন অৰ্গেনাইজ্যেশ্যন (Shanghai Cooperation Organization) বা চমুকৈ এছ চিও(SCO) ইউৰোপ আৰু এছিয়াৰ দহখন সদস্য ৰাষ্ট্ৰৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তা সংস্থা। এই সংস্থাই ৰাজনৈতিক, অৰ্থনৈতিক, নিৰাপত্তা আৰু সন্ত্ৰাসবাদ বিৰোধী সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ১,২৪৯ শব্দ · ৭ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

চাংহাই কোঅপাৰেছন অৰ্গেনাইজ্যেশ্যন (Shanghai Cooperation Organization) বা চমুকৈ এছ চিও(SCO) ইউৰোপ আৰু এছিয়াৰ দহখন সদস্য ৰাষ্ট্ৰৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তা সংস্থা। এই সংস্থাই ৰাজনৈতিক, অৰ্থনৈতিক, নিৰাপত্তা আৰু সন্ত্ৰাসবাদ বিৰোধী সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

ভৌগোলিক পৰিসৰ আৰু জনসংখ্যাৰফালৰপৰা ই বিশ্বৰ সৰ্ববৃহৎ আঞ্চলিক সংস্থা, ই বিশ্বৰ মুঠ মাটি-কালিৰ কমেও ২৪% (ইউৰেছিয়াৰ ৬৫%) ১ আৰু বিশ্বৰ জনসংখাৰ ৪২% সামৰি লৈছে।

১৯৯৬ চনত চীন, কাজাখাস্তান, কিৰগিজস্তান, ৰাছিয়া আৰু তাজিকিস্তানৰ মাজত গঠন হোৱা "ছাংহাই ফাইভ"ৰ উত্তৰাধিকাৰী হিচাপে এই এছচিঅ'গঠিত হয়। ২০০১ চনৰ জুন মাহত এই দেশ আৰু উজবেকিস্তানৰ নেতাসকলে চাংহাইত বৈঠকত মিলিত হয় আৰু চাংহাই কোঅপাৰেছন অৰ্গেনাইজ্যেশ্যন(এছচিঅ’) সংস্থাৰ বিষয়ে ঘোষণা কৰে। এই সংস্থাটো সদস্য ৰাষ্ট্ৰসমূহৰ মাজত ৰাজনৈতিক আৰু অৰ্থনৈতিক সহযোগিতা গভীৰ কৰাৰ লক্ষ্যৰে গঠিত এটা নতুন সংস্থা হিচাপে পৰিগণিত হয়। ২০১৭ চনৰ জুন মাহত ভাৰত আৰু পাকিস্তানৰ সংযোজনেৰে ইয়াৰ সম্প্ৰসাৰণ আঠখন সদস্য ৰাষ্ট্ৰলৈ হয়। ২০২৩ চনৰ জুলাই মাহত ইৰাণে এই গোটত যোগদান কৰে, আৰু ২০২৪ চনৰ জুলাই মাহত বেলাৰুছে এই গোটত যোগদান কৰে। আন কেইবাখনো দেশ পৰ্যবেক্ষক বা আলোচনাৰ অংশীদাৰ হিচাপে জড়িত। ইয়াৰ শেহতীয়া বৈঠক ২০২৫ চনৰ ছেপ্টেম্বৰ মাহত চীনৰ টিয়ানজিনত অনুষ্ঠিত হৈছিল।

এছ চি অ’ৰ সৰ্বোচ্চ সিদ্ধান্ত গ্ৰহণকাৰী সংস্থা হেডছ অৱ ষ্টেট কাউন্সিল (এইচ এছ চি)ৰদ্বাৰা পৰিচালিত হয় আৰু ইয়াৰ বৈঠক বছৰি হয়। সংগঠনটোত আঞ্চলিক সন্ত্ৰাসবাদ বিৰোধী গাঁথনিও RATS ত অন্তৰ্ভুক্ত কৰা হৈছে।

পটভূমি

দ্য চাংহাই ফাইভ

১৯৯৬ চনৰ ২৬ এপ্ৰিলত চীন, কাজাখাস্তান, কিৰ্গিস্তান, ৰাছিয়া আৰু তাজিকিস্তান এই পাঁচখন দেশৰ ৰাষ্ট্ৰপ্ৰধানসকলে চাংহাইত সীমান্ত অঞ্চলত সামৰিক আস্থা গভীৰ কৰাৰ চুক্তিত স্বাক্ষৰ কৰাৰ পাছত ছাংহাই ফাইভ গোটৰ সৃষ্টি হয়।২ ১৯৯৭ চনৰ ২৪ এপ্ৰিলত এই পাঁচখন দেশেই ৰাছিয়াৰ মস্কোত অনুষ্ঠিত হোৱা এখন বৈঠকত সীমান্ত অঞ্চলত সামৰিক বাহিনী হ্ৰাসৰ এখন সন্ধি স্বাক্ষৰ কৰে।৩ ১৯৯৭ চনৰ ২০ মে'ত ৰাছিয়াৰ ৰাষ্ট্ৰপতি বৰিছ য়েলচিন আৰু চীনৰ নেতা জিয়াং জেমিনে "বহুমেৰু বিশ্ব" সন্দৰ্ভত ঘোষণাপত্ৰত স্বাক্ষৰ কৰে। ৪

পৰৱৰ্তী সময়ত ১৯৯৮ চনত কাজাখস্তানৰ আলমাটি, ১৯৯৯ চনত কিৰ্গিস্তানৰ বিচকেক আৰু ২০০০ চনত তাজিকিস্তানৰ দুশানবেত অনুষ্ঠিত হয়। দুশানবে সন্মিলনত সদস্যসকলে "মানৱতাবাদ" আৰু "মানৱৰ সুৰক্ষা"ৰ নামত অন্য দেশৰ অভ্যন্তৰীণ বিষয়ত হস্তক্ষেপৰ বিৰোধিতা কৰিবলৈ সন্মত হয়; আৰু পাঁচখন দেশৰ জাতীয় অধিকাৰ,স্বাধীনতা, সাৰ্বভৌমত্ব, ভূ-খণ্ডৰ অখণ্ডতা আৰু সামাজিক স্থিতিশীলতা সুৰক্ষিত কৰাৰ প্ৰচেষ্টাত ইজনে সিজনক সমৰ্থন কৰা।৫ চাংহাই ফাইভৰ সৃষ্টিৰ ফলত সদস্যসকলক সীমান্ত বিবাদ সমাধান কৰাত সহায় কৰিছিল, সীমান্ত অঞ্চলত সৈন্য নিয়োগ কৰাৰ ক্ষেত্ৰত সহমতত উপনীত হৈছিল আৰু নিৰাপত্তাজনিত ভাবুকিৰ প্ৰতি সঁহাৰি ক্ষিপ্ৰ কৰাত সহায় কৰিছিল।৬

সাংগঠনিক গাঁথনি

২০২০ চনলৈকে ৰাষ্ট্ৰপ্ৰধান পৰিষদ এছচিঅ’ৰ সৰ্বোচ্চ সিদ্ধান্ত গ্ৰহণকাৰী সংস্থা আছিল, যিকোনো এখন সদস্য ৰাষ্ট্ৰৰ ৰাজধানীত অনুষ্ঠিত হোৱা এছচিঅ’ শীৰ্ষ সন্মিলনৰ সময়ত প্ৰতি বছৰে বৈঠকত সদস্য ৰাষ্ট্ৰসমূহ মিলিত হৈছিল। তেওঁলোকৰ শাসন-ব্যৱস্থাৰ বাবে ভাৰত আৰু পাকিস্তানৰ দৰে সংসদীয় গণতন্ত্ৰৰ প্ৰধানমন্ত্ৰীসকলে এছ চি অ’ কাউন্সিল অৱ ষ্টেট অৱ ষ্টেট শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰে, কিয়নো তেওঁলোকৰ দায়িত্ব অন্যান্য এছ চি অ’ দেশৰ সভাপতিৰ দৰেই। ৭

২০২৫ চনৰ ১ ছেপ্টেম্বৰৰ বৈঠকৰ হিচাপত ৰাষ্ট্ৰপ্ৰধান পৰিষদত আছে:

  • আলেকজেণ্ডাৰ লুকাচেংকো (বেলাৰুছ)
  • জি জিনপিং (চীন)
  • নৰেন্দ্ৰ মোদী (ভাৰত)
  • মাছুদ পেজেছকিয়ান (ইৰাণ)
  • কাছিম-জোমাৰ্ট টোকায়েভ (কাজাখস্তান)
  • ছাদিৰ জাপাৰভ (কিৰ্গিস্তান)
  • শ্বেহবাজ শ্বৰীফ(পাকিস্তান)
  • ভ্লাদিমিৰ পুটিন (ৰাছিয়া)
  • ইমোমালি ৰহমন (তাজিকিস্তান)
  • শৱকত মিৰ্জিঅ'য়েভ (উজবেকিস্তান)

চৰকাৰৰ মুৰব্বী পৰিষদ হৈছে সংগঠনটোৰ দ্বিতীয় সৰ্বোচ্চ সংস্থা। ইয়াৰ উপৰি ইয়াৰ বাৰ্ষিক শীৰ্ষ সন্মিলন অনুষ্ঠিত হয়, য'ত সদস্যসকলে বহুপক্ষীয় সহযোগিতাৰ বিষয়সমূহৰ ওপৰত আলোচনা কৰে আৰু সংস্থাটোৰ বাজেট অনুমোদন কৰে।৮ ২০২২ চনৰ ১ নৱেম্বৰত অনুষ্ঠিত হোৱা বৈঠকৰপৰা চৰকাৰৰ মুৰব্বী পৰিষদত প্ৰতিনিধিত্ব কৰাসকল হৈছে:৯

  • আলেকজেণ্ডাৰ টাৰ্চিন (বেলাৰুছ)
  • লি কিয়াং (চীন)
  • নৰেন্দ্ৰ মোদী (ভাৰত) (সাধাৰণতে এজন প্ৰতিনিধি বা ডেপুটিক পঠায়। ২০২১ চনৰ শীৰ্ষ সন্মিলনত ভাৰতৰ বিদেশ পৰিক্ৰমা মন্ত্ৰী সুব্ৰহ্মণ্যম জয়শংকৰক ডেপুটিক পঠায়ছিল১০
  • আলিহান স্মাইলভ (কাজাখস্তান)
  • আকিলবেক জাপাৰোভ (কিৰ্গিস্তান)
  • শ্বেহবাজ শ্বৰীফ (পাকিস্তান) সাধাৰণতে এজন ডেপুটিক পঠিয়াই, যেনে ২০২০ চনৰ শীৰ্ষ সন্মিলনত বৈদেশিক পৰিক্ৰমা বিভাগৰ সংসদীয় সচিব এণ্ডলীব আব্বাছে অংশগ্ৰহণ কৰিছিল।৭
  • মিখাইল মিছুষ্টিন (ৰাছিয়া)
  • কোহিৰ ৰাছুলজোডা (তাজিকিস্তান)
  • আব্দুলা আৰিপভ (উজবেকিস্তান)

সদস্য ৰাষ্ট্ৰ

দেশযোগদানৰ আৰম্ভ হৈছিলসদস্য হিচাপে
—১৫ জুন ২০০১
১০ জুন ২০১৫৯ জুন ২০১৭
১৭ ছেপ্টেম্বৰ ২০২১৪ জুলাই ২০২৩ ১১
১৬ ছেপ্টেম্বৰ ২০২২৪ জুলাই ২০২৪ ১২

কাৰ্য্যকলাপ

নিৰাপত্তাৰ ক্ষেত্ৰত সহযোগিতা

২০২৩ চনৰপৰা এছচিঅ’ই মূলতঃ নিৰাপত্তা সম্পৰ্কীয় উদ্বেগক কেন্দ্ৰ কৰি ইয়াৰ সন্মুখীন হোৱা মূল ভাবুকিসমূহ সন্ত্ৰাসবাদ, বিচ্ছিন্নতাবাদ আৰু উগ্ৰবাদ বুলি বৰ্ণনা কৰিছে। এই সংস্থাই আঞ্চলিক মানৱ সৰবৰাহ আৰু অস্ত্ৰ সৰবৰাহকে ধৰি সন্ত্ৰাসবাদীৰ মষিমূৰৰো ব্যৱস্থা কৰিছে।

২০০৪ চনৰ ১৬–১৭ জুনত উজবেকিস্তানৰ তাছকেণ্ডত অনুষ্ঠিত এছচিঅ’ শীৰ্ষ সন্মিলনত আঞ্চলিক সন্ত্ৰাসবাদ বিৰোধী গাঁথনি (RATS) স্থাপন কৰা হয়। ২০০৬ চনৰ ২১ এপ্ৰিলত এছচিঅ’ই সন্ত্ৰাসবাদ বিৰোধী ৰুব্ৰীকৰ অধীনত সীমা অতিক্ৰম কৰি ড্ৰাগছ অপৰাধৰ বিৰুদ্ধে যুঁজ দিয়াৰ পৰিকল্পনা ঘোষণা কৰে।১৩

২০০৭ চনৰ অক্টোবৰ মাহত এছচিঅ’ই তাজিকস্তানৰ ৰাজধানী দুছানবেত থকা সামূহিক নিৰাপত্তা সন্ধি সংস্থা (চিএছটিঅ’)ৰ সৈতে নিৰাপত্তা, অপৰাধ, ড্ৰাগছ সৰবৰাহৰ দৰে বিষয়ত সহযোগিতা বহল কৰাৰ বাবে এক চুক্তিত স্বাক্ষৰ কৰে।১৪

সামৰিক কাৰ্যকলাপ

এচচিও শান্তি অভিযান ২০০৭ ৰ নেতাসকল। হু জিনতাও, ভ্লাদিমিৰ পুটিন, নুৰচুলতান নাজাৰবায়েভ আৰু ইছলাম কৰিমভ
এচচিও শান্তি অভিযান ২০০৭ ৰ নেতাসকল। হু জিনতাও, ভ্লাদিমিৰ পুটিন, নুৰচুলতান নাজাৰবায়েভ আৰু ইছলাম কৰিমভছবি: Presidential Press and Information Office · CC BY 4.0

২০০৯ চনৰপৰা সংস্থাটোৰ কাৰ্য্যকলাপ সম্প্ৰসাৰিত হৈ সামৰিক সহযোগিতা বৃদ্ধি, চোৰাংচোৱাৰ বিনিময় আৰু সন্ত্ৰাসবাদ বিৰোধিতা আদি অন্তৰ্ভুক্ত হয়।১৫ একে সময়তে এছ চি অ’ ৰাজ্যসমূহৰ নেতাসকলে বাৰে বাৰে উল্লেখ কৰিছিল যে এছ চি অ’ কোনো সামৰিক মিত্ৰতা নহয়। ১৬

২০২৩ চনলৈকে SCO-এ কোনো প্ৰকৃত সংঘাতত সামৰিক সহায় আগবঢ়োৱা নাছিল। কিন্তু 2017 লৈকে সন্ত্ৰাসবাদ আৰু অন্যান্য বাহ্যিক ভাবুকিৰ বিৰুদ্ধে সহযোগিতা আৰু সমন্বয়ক প্ৰসাৰিত কৰিবলৈ, আৰু আঞ্চলিক শান্তি আৰু স্থিতিশীলতা বজাই ৰাখিবলৈ সদস্যসকলৰ মাজত নিয়মিতভাৱে সামৰিক অনুশীলন অনুষ্ঠিত কৰা হৈছে। ১৭ এছচিঅ’ই কেইবাটাও যৌথ সামৰিক অনুশীলন অনুষ্ঠিত কৰিছে। ইয়াৰে প্ৰথমটো অনুশীলন ২০০৩ চনত হৈছিল, প্ৰথম পৰ্যায় কাজাখাস্তানত আৰু দ্বিতীয় পৰ্যায় চীনত। তেতিয়াৰপৰাই চীন আৰু ৰাছিয়াই চাংহাই সহযোগিতা সংস্থাৰ তত্ত্বাৱধানত একত্ৰিত হৈ বৃহৎ পৰিসৰৰ সামৰিক অনুশীলন চলাইছে, যেনে "শান্তি অভিযান ২০০৫", "শান্তি অভিযান ২০০৭", আৰু "শান্তি অভিযান ২০০৯।" "শান্তি অভিযান ২০০৭" যৌথ সামৰিক অনুশীলনত ৪,০০০ৰো অধিক সৈন্যই অংশগ্ৰহণ কৰে; ২০০৬ চনৰ এপ্ৰিল মাহত এছচিঅ'ৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ বৈঠকত সিদ্ধান্ত লোৱাৰ দৰে ৰাছিয়াৰ চেলিয়াবিন্সকৰ উৰাল পৰ্বতমালাৰ ওচৰত অনুষ্ঠিত হৈছিল। ১৮১৯ ২০১০ চনত ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী চাৰ্গেই ইভানভে কয় যে এই অনুশীলনসমূহ স্বচ্ছ আৰু সংবাদ মাধ্যম আৰু সাধাৰণ জনতাৰ বাবে মুকলি হ’ব। এই অনুশীলনসমূহ সফল সমাপ্ত হোৱাৰ পাছত ৰাছিয়াৰ বিষয়াসকলে ভৱিষ্যতে এনে অনুশীলনত ভাৰতে অংশগ্ৰহণ আৰু এছ চি অ’ই সামৰিক ভূমিকা গ্ৰহণ কৰাৰ কথা ক’বলৈ আৰম্ভ কৰে। কাজাখাস্তানৰ মেটিবুলাক প্ৰশিক্ষণ এলেকাত ৯ ছেপ্টেম্বৰৰপৰা ২৫ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হোৱা শান্তি অভিযান ২০১০ত চীন, ৰাছিয়া, কাজাখাস্তান, কিৰ্গিস্তান আৰু তাজিকিস্তানৰ ৫ হাজাৰৰো অধিক কৰ্মীক যৌথ পৰিকল্পনা আৰু কাৰ্য্যকৰী অনুশীলনত অংশগ্ৰহণ কৰা হৈছিল। ২০

২০১৪ চনৰ জুন মাহত তাজিকিস্তানৰ ৰাজধানী দুছানবেত এছচিঅ’ক সামূহিক নিৰাপত্তা সন্ধি সংস্থাৰ সৈতে একত্ৰিত কৰাৰ ধাৰণাটো উত্থাপন কৰা হয়। কিন্তু ২০২২ চনৰ শেষৰফালে ২০২২ চনত ইউক্ৰেইনত ৰাছিয়াই আক্ৰমণ কৰাৰ পাছত বহু এছ চি অ’ আনকি চি এছ টি অ’ৰ সদস্যই ৰাছিয়াৰ সৈতে সামৰিক সহযোগিতাৰপৰা নিজকে আঁতৰাই ৰাখিছিল। ২১

অৰ্থনৈতিক সহযোগিতা

২০০৩ চনৰ ছেপ্টেম্বৰ মাহত এছ চি অ’ৰ সদস্য ৰাষ্ট্ৰসমূহে অৰ্থনৈতিক সহযোগিতা বৃদ্ধিৰ বাবে এখন চুক্তি স্বাক্ষৰ কৰে। একেখন বৈঠকতে চীনৰ প্ৰধানমন্ত্ৰী ৱেন জিয়াবাওৱে এছচিঅ'ত মুক্ত বাণিজ্যিক অঞ্চল স্থাপনৰ দীৰ্ঘম্যাদী লক্ষ্যৰ প্ৰস্তাৱ আগবঢ়ায়, আনহাতে অঞ্চলটোত সামগ্ৰীৰ প্ৰৱাহ উন্নত কৰাৰ বাবে অন্যান্য অধিক তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও মত পোষণ কৰে। .২২২৩ ১০০টা নিৰ্দিষ্ট কাৰ্য্যৰ সৈতে এটা অনুসৰণ পৰিকল্পনাত এবছৰৰ পাছত, ২০০৪ চনৰ ২৩ ছেপ্টেম্বৰত স্বাক্ষৰ কৰা হয়।

সন্মিলন

এছ চি অ’ৰ চনদ অনুসৰি বছৰি বিকল্প স্থানত ৰাষ্ট্ৰপ্ৰধান পৰিষদৰ শীৰ্ষ সন্মিলন অনুষ্ঠিত হ’ব। এই সন্মিলনসমূহৰ স্থানসমূহ ৰাছিয়ান ভাষাত সদস্য ৰাষ্ট্ৰখনৰ নামৰ বৰ্ণানুক্ৰমিক ক্ৰমত অনুসৰণ কৰে।২৪ চনদখনত এইটোও নিৰ্দেশ দিয়া হৈছে যে চৰকাৰৰ মুৰব্বী পৰিষদ (অৰ্থাৎ প্ৰধানমন্ত্ৰী) পৰিষদৰ সদস্যসকলে সিদ্ধান্ত লোৱা ঠাইত বছৰি বৈঠক কৰিব লাগিব। ৰাষ্ট্ৰপতিৰ বাৰ্ষিক সন্মিলনৰ এমাহ পূৰ্বে বৈদেশিক মন্ত্ৰী পৰিষদৰ এখন শীৰ্ষ সন্মিলন অনুষ্ঠিত কৰাৰ কথা। বৈদেশিক মন্ত্ৰী পৰিষদৰ অতিৰিক্ত বৈঠক যিকোনো দুখন সদস্য ৰাষ্ট্ৰই আহ্বান কৰিব পাৰে। ২৪

সন্মিলনৰ তালিকা

+ ৰাষ্ট্ৰপ্ৰধানৰ শীৰ্ষ সন্মিলন
তাৰিখদেশঠাই
১৪–১৫ জুন ২০০১চাংহাই
৭ জুন ২০০২চেণ্ট পিটাৰ্ছবাৰ্গ
২৯ মে’ ২০০৩মস্কো
১৭ জুন ২০০৪তাছকেণ্ড
৫ জুলাই ২০০৫আস্তানা
১৫ জুন ২০০৬চাংহাই
১৬ আগষ্ট ২০০৭বিচকেক
২৮ আগষ্ট ২০০৮দুশানবে
১৬ জুন ২০০৯য়েকাটেৰিনবাৰ্গ
১০–১১ জুন ২০১০তাছকেণ্ড ২৫
১৪–১৫ জুন ২০১১আস্তানা২৬
৬–৭ জুন ২০১২বেইজিং
১৩ ছেপ্টেম্বৰ ২০১৩বিচকেক
১১–১২ ছেপ্টেম্বৰ ২০১৪দুশানবে
৯–১০ জুলাই ২০১৫উফা
২৩–২৪ জুন ২০১৬তাছকেণ্ড ২৭
৮–৯ জুন ২০১৭আস্তানা
৯–১০ জুন ২০১৮কিংডাও
১৪–১৫ জুন ২০১৯বিচকেক ২৮
১০ নৱেম্বৰ ২০২০ ভিডিঅ' কনফাৰেন্স ২৯
২৩–২৪ জুন ২০১৬তাচকেণ্ড৩০
৮–৯ জুন ২০১৭আস্তানা
৯–১০ জুন ২০১৮কিংডাও
১৪–১৫ জুন ২০১৯বিচকেক৩১
১০ নৱেম্বৰ ২০২০ভিডিঅ' কনফাৰেন্স ৩২
১৬–১৭ ছেপ্টেম্বৰ ২০২১দুশানবে ৩৩
১৫–১৬ ছেপ্টেম্বৰ ২০২২সমৰখন্দ
৪ জুলাই ২০২৩ভিডিঅ' কনফাৰেন্স ৩৪৩৫
৩–৪ জুলাই ২০২৪আস্তানা
আগষ্ট – ১ ছেপ্টেম্বৰ ২০২৫টিয়ানজিন ৩৬
২০২৬বিচকেক
২০২৭ইছলামবাদ ৩৭

তথ্যসূত্ৰ

  1. ↑ (2018). The evolution of the Shanghai Cooperation Organisation. Strategic Comments. পৃ. vii-ix
  2. ↑ Albert, Eleanor. (14 October 2015). The Shanghai Cooperation Organization. Council on Foreign Relations
  3. ↑ Al-Qahtani, Mutlaq. (2006). The Shanghai Cooperation Organization and the Law of International Organizations. Chinese Journal of International Law. Oxford University Press. পৃ. 130
  4. ↑ Russian-Chinese Joint Declaration on a Multipolar World and the Establishment of a New International Order. United Nations General Assembly
  5. ↑ Gill, Bates. (30 November 2001). Shanghai Five: An Attempt to Counter U.S. Influence in Asia?. Brookings
  6. ↑ Proń, Elżbieta. (2023). China and Eurasian Powers in a Multipolar World Order 2.0: Security, Diplomacy, Economy and Cyberspace. Routledge. ISBN 978-1-003-35258-7
  7. ↑ Haidar, Suhasani. (28 November 2020). India to host SCO Heads of Government meet; Modi, Imran to skip. The Hindu. THG PUBLISHING PVT LTD
  8. ↑ The Council of Heads of Government (Prime Ministers). Shanghai Cooperation Organization Secretariat
  9. ↑ 21st SCO Heads of Government Council meeting. Shanghai Cooperation Organization Secretariat
  10. ↑ (25 November 2021). EAM S Jaishankar to represent India at SCO heads of govt meeting
  11. ↑ (4 July 2023). Iran Joins SCO, the China-Founded Regional Security Grouping. Bloomberg
  12. ↑ Lee, Larry. (3 July 2024). China and Russia Lead Efforts to Expand Influence with Belarus' Addition to SCO. Business Times
  13. ↑ Luan. (22 April 2006). SCO to intensify fight against cross-border drug crimes. Xinhua News Agency
  14. ↑ (6 October 2007). Security alliances led by Russia, China link up. Business Recorder
  15. ↑ Scheineson, Andrew. (24 March 2009). The Shanghai Cooperation Organization. Council on Foreign Relations
  16. ↑ Tugsbilguun, Tumurkhuleg. (2008–2009). Does the Shanghai Cooperation Represent an Example of a Military Alliance?. The Mongolian Journal of International Affairs. পৃ. 59–107
  17. ↑ About SCO. Shanghai Cooperation Organisation
  18. ↑ Hutzler, Charles. (26 April 2006). China, Russia, Others to Hold Joint Drills. Associated Press
  19. ↑ Yu, Bin. (17 October 2007). Common exercise, different goals. The New York Times
  20. ↑ Boland, Julie. (29 October 2010). Learning From The Shanghai Cooperation Organization's 'Peace Mission-2010' Exercise". The Brookings Institution
  21. ↑ Hess, Maximilian. (9 October 2022). Putin is fighting alone
  22. ↑ Kyodo News. (23 September 2003). LEAD: Central Asian powers agree to pursue free-trade zone.. Kyodo News International, Inc
  23. ↑ China Intensifies Regional Trade Talks International Centre for Trade and Sustainable Development (ICTSD)}}
  24. ↑ Charter of the Shanghai Cooperation Organisation. Shanghai Cooperation Organisation
  25. ↑ Joint Communiqué of Meeting of the Council of the Heads of the Member States of the Shanghai Cooperation Organisation. Shanghai Cooperation Organisation
  26. ↑ Tang. (11 June 2010). SCO vows to strengthen cooperation with its observers, dialogue partners. Xinhua News Agency
  27. ↑ Song Miou. (10 July 2015). Uzbekistan to host 16th SCO summit in 2016. Xinhua News Agency
  28. ↑ (11 January 2019). Kyrgyzstan to host SCO summit in June 2019. AKIpress News Agency
  29. ↑ (10 November 2020). Заседание Совета глав государств – членов ШОС. kremlin.ru
  30. ↑ Song Miou. (10 July 2015). Uzbekistan to host 16th SCO summit in 2016. Xinhua News Agency
  31. ↑ (11 January 2019). Kyrgyzstan to host SCO summit in June 2019. AKIpress News Agency
  32. ↑ (10 November 2020). Заседание Совета глав государств – членов ШОС. kremlin.ru
  33. ↑ (26 August 2021). PM to attend SCO head of states meeting in Dushanbe. Business Recorder
  34. ↑ (30 May 2023). SCO Summit under India's Chairmanship. Indian Ministry of External Affairs
  35. ↑ Pierson, David; Kurmanaev, Anatoly; Yasir, Sameer. (4 July 2023). Putin, Xi and Modi Meet on Camera, but With No Signs of Greater Unity. The New York Times
  36. ↑ (7 March 2025). Wang: China to help SCO embark on a new journey. Tianjin Municipal People's Government
  37. ↑ SCO Summit Highlights: PM Modi Returns To Delhi After Concluding Summit In China. News18

সম্পৰ্কিত শ্ৰেণী

আন্তঃৰাষ্ট্ৰীয় সংস্থাইৰান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চাংহাই কোঅপাৰেছন অৰ্গেনাইজ্যেশ্যন” প্ৰবন্ধৰ সংশোধন ৬৩৭০৩৬ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।