বাৰামিন কাৰ্পেট আৰু দলিচা (Varamin carpet) হৈছে তেহৰাণৰ দক্ষিণ-পূবে অৱস্থিত ভাৰামিন চহৰ আৰু ইয়াৰ আশে-পাশে বোৱা কাৰ্পেট বা দলিচা। বহু কাৰ্পেট আৰু ৰাগ বিশেষজ্ঞই পৰম্পৰাগত শৈলী আৰু বৈশিষ্ট্যৰ ক্ষেত্ৰত ভাৰামিনক আটাইতকৈ প্ৰামাণিক পাৰ্চী কাৰ্পেটৰ ভিতৰত অন্যতম বুলি গণ্য কৰে।১২
কৌশল আৰু গাঁঠি
এই কাৰ্পেটৰ মূল উপাদান সাধাৰণতে কপাহৰপৰা আহৰণ কৰা হয়; এই কাৰ্পেটবোৰত অধিককৈ সাধাৰণ 'তুৰ্কী গাঁঠি'ৰ পৰিৱৰ্তে পাৰ্চী 'চেনেহ গাঁঠি' ব্যৱহাৰ কৰা হয়। ভাৰামিনক পাৰ্চী কাৰ্পেটৰ ভিতৰত আটাইতকৈ উন্নত বুলি গণ্য কৰা হয়। ৩ বাৰামিন কাৰ্পেট বৰামিনত বাস কৰা বা তাৰ মাজেৰে যাত্ৰা কৰা জনজাতিসকলে তৈয়াৰ কৰে। এই কাৰ্পেটবোৰ সাধাৰণতে উলম্ব তাঁতশালত বোৱা হয়। ৪ বাৰামিন কাৰ্পেটত ব্যৱহৃত প্ৰধান ৰং সাধাৰণতে খাকী বা গাঢ় নীলা পটভূমিত গাঢ় বাদামী আৰু গাঢ় ৰঙা। গাঁও আৰু কৰ্মশালাৰ বয়নকাৰীসকলে মূলতঃ অসমতাপূৰ্ণ (পাৰ্চী) গাঁঠি ব্যৱহাৰ কৰে, আনহাতে যাযাবৰী লোকসকলে তেওঁলোকৰ জাতিগত পৰিচয়ৰ ওপৰত নিৰ্ভৰ কৰি অসমতাপূৰ্ণ বা প্ৰতিসম (তুৰ্কী) গাঁঠি ব্যৱহাৰ কৰে। ৫
ডিজাইন
বাৰামিন কাৰ্পেটৰ বৈশিষ্ট্য হৈছে ইয়াৰ পটভূমি পাতল ৰঙৰ পৃষ্ঠভূমি, যেনে হাতীদাঁতৰ দৰে বগা ৰং, পাতল নীলা, পাতল সেউজীয়া বা সোণালী ৰং। এই ৰঙৰ বাছনিয়ে কাছানৰ দৰে চহৰত উৎপাদিত বয়নৰপৰা বাৰামিন বয়নক পৃথক কৰে। কাৰ্পেটৰ কেন্দ্ৰৰ বাবেও পৰম্পৰাগত ৰঙা আৰু নীলা ৰং ব্যৱহাৰ কৰা হৈছিল।৬ বাৰামিন কাৰ্পেটৰ আটাইতকৈ সাধাৰণ ডিজাইন হৈছে "মিনা খানি।" এই ডিজাইনটো হীৰা আকৃতিৰ চাৰিটা ঘূৰণীয়া ডেইজীৰ দৰে ফুলেৰে গঠিত, যিবোৰক সৰু ফুলেৰে সংযুক্ত কৰা হৈছে আৰু এই ডিজাইনটো গোটেই কাৰ্পেটখনত বাৰে বাৰে কৰা হয়। মিনা খানী শব্দৰ সঠিক উৎপত্তিৰ বিষয়ে জনা নাযায় যদিও 'মিনা' এটা নাৰীৰ নাম।৭মিনা খানী 'হেৰাটি' ডিজাইনৰ সৈতেও জড়িত যেন লাগে, এইধৰণৰ নক্মাৰ কাৰ্পেট পূব ইৰাণত অধিক সাধাৰণভাৱে দেখা যায়।৮ আন আন জনপ্ৰিয় ডিজাইনসমূহৰ ভিতৰত আছে ‘জিল-ই-চুলতান’, যিটো এটা ক্লাছিক ফুলৰ ডিজাইন আৰু সকলো পাৰ্চী কাৰ্পেটৰ অন্যতম সাধাৰণ ডিজাইন; ইয়াৰ উপৰি ফুল আৰু প্ৰাণীৰ ডিজাইন জনপ্ৰিয়, য'ত প্ৰাণীৰ ছবিৰ সৈতে জটিল ফুলৰ ডিজাইন মিহলি কৰা হয়। ৪
বাৰামিন ৰাগে ইতিহাস, শিল্প আৰু সংস্কৃতিৰ এক আকৰ্ষণীয় মিশ্ৰণক প্ৰতিনিধিত্ব কৰে, যিয়ে ইয়াক সৃষ্টি কৰা শিপিনীসকলৰ দক্ষতা আৰু নিষ্ঠাক প্ৰতিফলিত কৰে। তেওঁলোকৰ জটিল নক্মা, স্পন্দনশীল ৰং, আৰু ব্যতিক্ৰমী কাৰুকাৰ্য্যই এই ৰাগসমূহক যিকোনো অভ্যন্তৰীণ স্থানৰ বাবে এক কালজয়ী সংযোজন কৰি তোলে, যিয়ে অঞ্চলটোৰ চহকী ঐতিহ্যৰ আভাস প্ৰদান কৰে।৯
বাৰামিন অঞ্চলৰ দলিচা বোৱা ঐতিহ্য কেইবা শতিকাৰ আগৰপৰাই বিস্তৃত, ১৯ শতিকাৰ শেষৰফালে আৰু ২০ শতিকাৰ আৰম্ভণিতে যেতিয়া আন্তঃৰাষ্ট্ৰীয় বজাৰসমূহে গাঁৱত উৎপাদিত প্ৰামাণিক পাৰ্চী কাৰ্পেটৰ প্ৰতি এক ভাল ধাৰণা গঢ়ি তুলিছিল তেতিয়াৰেপৰা এই দলিচাই প্ৰাধান্য লাভ কৰিছিল। ইউৰোপীয় ৰুচিৰদ্বাৰা প্ৰভাবিত বহুতো চহৰৰ কাৰ্পেটৰ দৰে নহয়, ভাৰামিন শিপিনীসকলে পৰম্পৰাগত পাৰ্চী ডিজাইন সংৰক্ষণ কৰিছিল, যাৰ ফলত প্ৰামাণ্যতাৰ বাবে তেওঁলোকৰ সুনাম বৃদ্ধি পাইছিল। ফলস্বৰূপে এই যুগৰ প্ৰাচীন বাৰামিন ৰাগসমূহৰ প্ৰকৃত জনজাতীয় কাৰুকাৰ্য্য আৰু শতিকা পুৰণি আৰ্হি সংৰক্ষণৰ বাবে সংগ্ৰাহকসকলৰ বাবে অত্যন্ত বিচৰা হয়। আজিও বাৰামিনে এটা সন্মানীয় বয়ন অঞ্চল হিচাপে নিজৰ উত্তৰাধিকাৰ অব্যাহত ৰাখিছে, ইয়াৰ প্ৰামাণ্যতা আৰু সাংস্কৃতিক তাৎপৰ্য্যৰ বাবে বিশ্বজুৰি প্ৰশংসিত ৰাগ উৎপাদন কৰিছে।১০
তথ্যসূত্ৰ
- ↑ Varamin carpets in Little Persia. www.little-persia.com
- ↑ Mirjalili, Seyed Abbas; Sharzehee, Maryam. (2003). The Influence of Static and Dynamic Loading on the Properties of Handmade Persian Carpet. Journal of Textile Engineering. পৃ. 60
- ↑ Varamin carpets and rugs. www.oriental-carpets.com
- ↑ Formenton, Fabio. (1972). Oriental rugs and carpets;. Hamlyn. পৃ. 211–212. ISBN 978-0600028888
- ↑ Varamin rugs. www.oldcarpet.com
- ↑ Moheban, Abraham Levi. (2015). The Encyclopedia of Antique Carpets: Twenty-Five Centuries of Weaving. Princeton Architectural Press. পৃ. 605–606. ISBN 978-1616893873
- ↑ Milanesi, Enza. (1999). The Carpet: Origins, Art and History. Firefly Books. পৃ. 35. ISBN 9781552094389
- ↑ Ford, P. R. J. (1989). The oriental carpet: a history and guide to traditional motifs, patterns, and symbols. Portland House. পৃ. 103. ISBN 9780517672242
- ↑ little-persia.com www.little-persia.com Varamin Rug History & Origin Guide - Little-Persia
- ↑ Iranopedia www.iranopedia.com Varamin Rug: Motifs, History, and Patterns
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাৰামিন কাৰ্পেট” প্ৰবন্ধৰ সংশোধন ৬৩১৬৬৩ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।