পাহলৱীৰ শাসনকালত ইৰানত মানৱ অধিকাৰ ১৯২৫ চনৰপৰা ১৯৭৯ চনলৈকে পাহলৱী বংশৰ অধীনত ইৰাণত ৰাজতন্ত্ৰ চলিছিল। এই সময়ছোৱাত দুজন শাসক ৰেজা শ্বাহ পাহলৱী আৰু তেওঁৰ পুত্ৰ মহম্মদ ৰেজা পাহলৱীয়ে ৰাজনৈতিক বিৰোধিতা দমনৰ বাবে গোপন আৰক্ষী, নিৰ্যাতন আৰু মৃত্যুদণ্ডৰে দণ্ডিত কৰিছিল। পাহলৱী বংশক কেতিয়াবা "ৰজাৰ একনায়কত্ববাদ"১ বা "একনায়কত্ববাদ"২ চলিছিল বুলিও বৰ্ণনা কৰা হয়। ইৰাণত ৰাষ্ট্ৰৰ নিৰ্যাতনৰ ইতিহাসৰ এটা বিৱৰণী অনুসৰি পাহলৱী যুগত বন্দীসকলৰ ওপৰত হোৱা নিৰ্যাতনৰ ক্ষেত্ৰত সময়ে সময়ে ভিন্নতা আছিল। ৩
ৰেজা শ্বাহ
ৰেজা শ্বাহৰ শাসনকাল আছিল স্বৈৰাচাৰী আৰু একনায়কত্ববাদী শাসন। অৱশ্যে সেই সময়ত স্বৈৰাচাৰী চৰকাৰ আৰু একনায়কত্ববাদ বিশ্বজুৰি সাধাৰণ পৰিঘটনা আৰু অঞ্চলটোৰ বাবে এক সাধাৰণ ধাৰা আছিল।৪
ৰেজা শ্বাহৰ দিনত মুক্ত প্ৰেছ, শ্ৰমিকৰ অধিকাৰ, ৰাজনৈতিক মত প্ৰকাশৰ ওপৰত নিষেধাজ্ঞা আৰু বাধা আৰোপ কৰা হৈছিল। স্বতন্ত্ৰ বাতৰি কাকত সঘনাই বন্ধ কৰি দিয়া হৈছিল আৰু ৰাজনৈতিক দল নিষিদ্ধ কৰা হৈছিল; একেদৰে সকলো ট্ৰেড ইউনিয়ন নিষিদ্ধ কৰা হয় আৰু ১৯২৭ চনৰপৰা ১৯৩২ চনৰ ভিতৰত ১৫০ জন শ্ৰমিক সংগঠকক গ্ৰেপ্তাৰ কৰা হয়। কিন্তু এইটোও লক্ষ্য কৰা হৈছে যে এই প্ৰেছসমূহৰ কিছুমানে দেশৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিৰুদ্ধে কাম কৰিছিল, আৰু সেয়েহে তেওঁলোকৰ কাৰ্যকলাপ হয় সীমিত বা নিষিদ্ধ হ’বলগীয়া হৈছিল। ৫
ৰেজা শ্বাহৰ ৰাজত্বকালত প্ৰায়ে ধৰ্মীয় স্বাধীনতা খৰ্ব কৰা আৰু ভক্তিময় মুছলমানক দমন কৰাৰ অভিযোগ উত্থাপন হৈছিল। এটা উল্লেখযোগ্য কাণ্ডত তেওঁ ফাতিমা মাছুমেহ মন্দিৰৰ পৱিত্ৰতা উলংঘা কৰাৰ বাবে এজন ধৰ্মগুৰুক প্ৰহাৰ কৰাইছিল; ধৰ্মগুৰুজনে তেওঁৰ পত্নী সম্ৰাজ্ঞী তাজ আল-মুলুকক অশ্লীলতাৰ অভিযোগ দিছিল কাৰণ তেওঁ তীৰ্থযাত্ৰাৰ সময়ত মুখখন সম্পূৰ্ণৰূপে মুখ নঢকাকৈ ওৰণি পিন্ধিছিল। ৬ ৰেজা শ্বাহে বিশেষ অৰ্হতা পৰীক্ষাত উত্তীৰ্ণ হোৱা ছিয়া ধৰ্মতত্ত্ববিদৰ বাহিৰে আন সকলোকে পশ্চিমীয়া সাজ-পোছাক পৰিধান কৰিব লাগিব আৰু মহিলা শিক্ষকসকলক মূৰ ঢাকি বিদ্যালয়ত পঢ়োৱাত নিষেধাজ্ঞা আৰোপ কৰিছিল। ৭৮ ৰাজহুৱা শোক এদিনতে সীমাবদ্ধ আছিল আৰু শোক কৰা লোকসকলে মছজিদৰ মজিয়াত বহি থকা পৰম্পৰাগত প্ৰথাৰ পৰিৱৰ্তে চকী ব্যৱহাৰ কৰাৰ প্ৰথা বাধ্যতামূলক কৰিছিল। ৯
১৯৩০ চনৰ মাজভাগলৈকে ৰেজা শ্বাহৰ আদেশ, ধৰ্মীয় প্ৰতিষ্ঠানৰ মাটি বাজেয়াপ্ত কৰা আৰু অন্যান্য বিষয়সমূহে সমগ্ৰ ইৰাণৰ ছিয়া ধৰ্মগুৰুসকলৰ মাজত ব্যাপক অসন্তুষ্টিৰ সৃষ্টি কৰিছিল। ১০ ১৯৩৫ চনৰ গোহৰছাদ মছজিদ বিদ্ৰোহত শ্বাহৰ নতুন সংস্কাৰ, দুৰ্নীতি, সাধাৰণ জনতাৰ ওপৰত আৰোপ কৰা গধুৰ কৰক তীব্ৰ সমালোচনা কৰা এজন মৌলবীৰ সমৰ্থনত মছহাদৰ ইমাম ৰেজাৰ মছজিদত ভিৰ গোট খাইছিল। সেনাবাহিনীক মাতি অনাৰ সময়ত কেইবা ডজন প্ৰতিবাদকাৰী নিহত হোৱাৰ লগতে শতাধিক লোক আহত হয়। ১১১২
১৯৩৬ চনত এই ঘটনাৰ পৰিপ্ৰেক্ষিতত শ্বাহে এখোজ আগুৱাই গৈ ‘কাছফ-ই-হিজাব’ জাৰি কৰে; ইয়াৰ অধীনত তেওঁ মহিলাৰ মূৰত চাদৰ লোৱাটো নিষিদ্ধ কৰিছিল আৰু ধনী বা দুখীয়া সকলো নাগৰিককে হিজাব অবিহনে ৰাজহুৱা স্থানত পত্নীক আনিবলৈ নিৰ্দেশ দিছিল। ১৩
মহম্মদ ৰেজা পাহলৱী
, পাহলৱী বংশৰ দ্বিতীয় শাসক শ্বাহ]]
১৯৪১ চনত ইৰাণত এংলো-ছোভিয়েট আক্ৰমণৰ সময়ত ৰেজা শ্বাহক উৎখাত কৰাৰ পাছত তেওঁৰ পুত্ৰ মহম্মদ ৰেজা শ্বাহ শাসক হয়। দখলদাৰী শক্তিসমূহে ৰাজনৈতিক বন্দীসকলক মুকলি কৰি দিয়ে আৰু এওঁলোকৰ অধিকাংশই কমিউনিষ্ট আছিল, আৰু শ্বাহৰ (যি তেতিয়া এজন ক্ৰাউন প্ৰিন্স আছিল) সংসদৰ ওপৰত আৰু কোনো নিয়ন্ত্ৰণ নাছিল।১৪ কিন্তু ১৯৪৯ চনত শ্বাহৰ ওপৰত ব্যৰ্থ হত্যাৰ চেষ্টাৰ পিছত তেওঁলোকে সামৰিক আইন জাপি দিয়া, কমিউনিষ্ট আৰু অন্যান্য বিৰোধীক কাৰাগাৰত বন্দী কৰা, সংবাদ মাধ্যমত ৰাজপৰিয়ালৰ সমালোচনাত বাধা আৰোপ কৰাত সফল হয়। ১৫
১৯৫৩ চনত প্ৰধানমন্ত্ৰী মহম্মদ মোছাদেগক উৎখাত কৰিবলৈ শ্বাহ সমৰ্থক অভ্যুত্থানৰ পিছত শ্বাহে পুনৰ বিৰোধীসকলক দমন কৰি ৰাজনৈতিক স্বাধীনতা হ্ৰাস কৰে। তেওঁ মোছাদেগৰ ৰাজনৈতিক দল নেচনেল ফ্ৰণ্টক নিষিদ্ধ কৰিছিল আৰু ইয়াৰ বেছিভাগ নেতাক গ্ৰেপ্তাৰ কৰিছিল।১৬ টুদেহ পাৰ্টিৰ ৪,০০০ তকৈ অধিক ৰাজনৈতিক কৰ্মীক গ্ৰেপ্তাৰ কৰা হয়,,১৭ সশস্ত্ৰ বাহিনীৰ ৪৭৭ জন সদস্যকে ধৰি; ৪০ জনক মৃত্যুদণ্ড দিয়া হয়, আৰু ১৪জনৰ নিৰ্যাতনত মৃত্যু হয় আৰু ২০০ৰো অধিক লোকক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হয়। এই গোটৰ সদস্যসকলৰ বিৰুদ্ধে আটাইতকৈ সাধাৰণ অভিযোগ আছিল জাতীয়তাবাদ বিৰোধী গোটৰ সৈতে জড়িত হোৱা আৰু কমিউনিষ্ট কাৰ্যকলাপত জড়িত হোৱা। ১৬১৮ ১৯
এই দমনৰ পিছত ৰাজনৈতিক বন্দী আৰু স্বৈৰাচাৰী শাসন-ব্যৱস্থাৰ বিৰোধীসকলৰ পৰিস্থিতি কেইবাবছৰ ধৰি তুলনামূলকভাৱে সুস্থিৰ হৈ থাকিল। টুদেহ পাৰ্টিৰ বেছিভাগ বন্দীকে মুকলি কৰি দিয়া হয় আৰু ক্ষমাৰ দফাত স্বাক্ষৰ কৰিবলৈ অস্বীকাৰ কৰা বাকী বন্দীসকলক পিং-পং খেলিবলৈ, জিম ব্যৱহাৰ কৰিবলৈ আৰু টেলিভিছন চাবলৈ অনুমতি দিয়া হয়। ২০ ১৯৬০ চনত শ্বাহে এনে নিৰ্বাচনী সংস্কাৰো ৰূপায়ণ কৰিছিল যিয়ে মহিলাসকলক ভোটাধিকাৰ প্ৰদান কৰিছিল আৰু অমুছলমানসকলক ৰাজহুৱা পদবীত অধিষ্ঠিত কৰিবলৈ অনুমতি দিছিল; এইবোৰ আছিল "শ্বেত বিপ্লৱ" নামেৰে জনাজাত বৃহত্তৰ সংস্কাৰ কাৰ্যসূচীৰ অংশ।২১
এই আপেক্ষিক শান্তিৰ এটা ব্যতিক্ৰম আছিল ১৯৬৩ চনৰ ৫ জুনত আৰম্ভ হোৱা তিনিদিনীয়া বিক্ষোভ হয়। এই বিক্ষোভ আৰম্ভ হৈছিল যেতিয়া আয়াতুল্লাহ ৰুহল্লাহ খোমেইনীক ধৰ্মীয় ভিত্তিত শ্বেত বিপ্লৱৰ বিশিষ্ট বিৰোধী হিচাপে গ্ৰেপ্তাৰ কৰা হৈছিল। জালেহ চৌহদত প্ৰতিবাদকাৰীৰ ওপৰত জোৱানৰ গুলীচালনাত ৬৪ৰপৰা ৯৪জন লোকৰ মৃত্যু হয়। বহুসংখ্যকে ‘গ্ৰেপ্তাৰৰ ভয়ত’ চিকিৎসালয়লৈ যোৱা নাছিল, বা পোনে পোনে মৰ্গলৈ লৈ যোৱা বা নিৰাপত্তাৰক্ষীয়ে সমাধিস্থ কৰা লোকসকলক অন্তৰ্ভুক্ত কৰা হোৱা নাই।
১৯৭৬–১৯৭৭
১৯৭৬ চনৰ ভিতৰত "অসংখ্য আন্তঃৰাষ্ট্ৰীয় সংস্থা আৰু বিদেশী বাতৰি কাকত"ৰ প্ৰচাৰ আৰু তদন্তৰ বাবে দমন যথেষ্ট হ্ৰাস পাইছিল। ১৯৭৬ চনত জিমি কাৰ্টাৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হয় আৰু "ইৰাণৰ লগতে ছোভিয়েট ইউনিয়নতো মানৱ অধিকাৰৰ বিষয়টো উত্থাপন কৰে। কাৰাগাৰৰ পৰিস্থিতি নিশাটোৰ ভিতৰতে সলনি হয়।" ২২ আৰু শ্বাহে নিৰ্যাতন বন্ধ কৰাৰ নিৰ্দেশ দিয়ে। ২৩
ইছলামিক বিপ্লৱ
১৯৭৮–৭৯ চনত পাহলৱী শাসনৰ পতনৰ সময়ত শাসকপক্ষৰ সৈন্যই প্ৰতিবাদকাৰীৰ ওপৰত গুলীচালনা কৰিছিল। প্ৰকৃত আৰু অনুভূত মানৱ অধিকাৰ উলংঘাই শ্বাহৰ পতনত প্ৰত্যক্ষভাৱে অৰিহণা যোগাইছিল,২৪ (যদিও কিছুমানে যুক্তি দিছে যে তেওঁৰ মানৱ অধিকাৰ উলংঘা কৰিবলৈ অনিচ্ছাও অৰিহণা যোগাইছিল,২৫ যিটো তেওঁৰ সেনাপতিসকলে উৎসাহিত কৰিছিল। ২৬)
১৯৭৭ চনত জনপ্ৰিয় আৰু প্ৰভাৱশালী আধুনিকতাবাদী ইছলামিক নেতা আলী শ্বৰীয়তী আৰু আয়াতুল্লাহ ৰুহোল্লাহ খোমেইনীৰ পুত্ৰ মুস্তাফাৰ মৃত্যুক বহু ইৰাণী সাভাকে হত্যাকাণ্ড কৰা বুলি সন্দেহ কৰিছিল। পিছলৈ স্পষ্ট হৈ পৰিল যে তেওঁলোকৰ হাৰ্ট এটেকত মৃত্যু হৈছিল। ২৭২৮ ১৯৭৮ চনৰ ৮ ছেপ্টেম্বৰত (ব্লেক ফ্ৰাইডে) জুলেহ (বা জালেহ) চৌহদত ধৰ্মীয় প্ৰতিবাদকাৰীৰ ওপৰত সৈন্যই গুলীচালনা কৰে। ধৰ্মীয় নেতৃত্বই ঘোষণা কৰিছিল যে "জায়নিষ্ট সৈন্যই হাজাৰ হাজাৰ লোকক হত্যা কৰিছিল" অৰ্থাৎ ইজৰাইলী সৈন্যই শ্বাহক সহায় কৰা বুলি উৰাবাতৰি ওলাইছিল,২৯ মিচেল ফ'ক'ই ৪,০০০ লোক নিহত হোৱাৰ বাতৰি দিছিল, ৩০ আৰু আন এজন ইউৰোপীয় সাংবাদিকে সেনাই "গণহত্যা" সংঘটিত কৰা বুলি বাতৰি পৰিৱেশন কৰিছিল।৩১ চৰকাৰী শ্বহীদ আৰু ভেটেৰান্স এফেয়াৰ্ছ ফাউণ্ডেশ্যনৰ ইমাদুদ্দিন বাঘীয়ে বিপ্লৱৰ পিছৰ এক বিৱৰণী অনুসৰি ব্লেক ফ্ৰাইডেত ৯৪ জন লোকৰ মৃত্যু হৈছিল: জালেহ চ’কত দুগৰাকী মহিলাকে ধৰি ৬৪ জন, আৰু ৰাজধানীৰ অন্যান্য অঞ্চলত এগৰাকী মহিলাকে ধৰি ৩০ জন। ৩২
পৰৱৰ্তী বিশ্লেষণ
শ্বাহৰ মানৱ অধিকাৰৰ অভিলেখৰ ওপৰত ইতিহাসবিদসকলে কৰা মূল্যায়ন প্ৰথমতে প্ৰকাশ পোৱাতকৈ অধিক উদাৰ। ১৯৬৩ চনৰ জুন মাহত ইৰাণত হোৱা প্ৰতিবাদত ১৫,০০০ জন নহয়, প্ৰায় ৩৮০ জন ৩৩ প্ৰতিবাদকাৰীৰ মৃত্যু হৈছিল; এই প্ৰতিবাদকাৰীসকলৰ কিছুমান অস্ত্ৰধাৰী আছিল।৩৪ শ্বহীদ ফাউণ্ডেশ্যনে কমিচন দিয়া (কিন্তু অপ্ৰকাশিত) প্ৰতিৱেদনত দেখা গৈছে যে ১৯৭৭ চনৰ অক্টোবৰৰপৰা ১৯৭৯ চনৰ ফেব্ৰুৱাৰীলৈকে ১৪ মাহত প্ৰতিবাদকাৰী আৰু শ্বাহৰ সেনা/নিৰাপত্তা বাহিনীৰ মাজত সংঘৰ্ষত মৃত্যু হোৱা লোকৰ সংখ্যা ৬০,০০০ নহয়, ২,৭৮১ জন। ৩৫৩২ "৬০,০০০" সংখ্যাৰ সন্দৰ্ভত সামৰিক ইতিহাসবিদ স্পেন্সৰ চি টাকাৰে মন্তব্য কৰিছে যে "খোমেইনী শাসনে অপপ্ৰচাৰৰ উদ্দেশ্যে বিপ্লৱত মৃত্যু হোৱা লোকৰ সংখ্যাক বহু পৰিমাণে অতিৰঞ্জিত কৰিছিল।" ৩৬ বুৰঞ্জীবিদ টাকাৰে লক্ষ্য কৰিছে যে ইৰাণী বিপ্লৱৰ সময়ত (১৯৭৮ চনৰ জানুৱাৰীৰপৰা ১৯৭৯ চনৰ ফেব্ৰুৱাৰীলৈকে) মৃত্যুৰ অনুমাণিক সংখ্যাৰ ওপৰত ইতিহাসবিদসকলৰ মাজত একমত আছে যে এই সংখ্যা ৫৩২ৰপৰা ২,৭৮১ৰ ভিতৰত আছিল।৩৬
তথ্যসূত্ৰ
- ↑ Google search, Pahlavi royal dictatorship
- ↑ Pahlavi Dynasty: An Entry from Encyclopedia of the World of Islam By (ed.) Gholamali Haddad Adel, Mohammad Jafar Elmi, Hassan Taromi-Rad, p.15
- ↑ Ervand Abrahamian, Tortured Confessions: Prisons and Public Recantations in Modern Iran, (University of California), 1999
- ↑ The Age of the Dictators: A Study of the European Dictatorships, 1918-53, D. G. Williamson
- ↑ Ervand Abrahamian, Iran Between Two Revolutions, (Princeton University Press), 1982, p.138
- ↑ Mackey, Sandra The Iranians: Persia, Islam and the Soul of a Nation, New York: Dutton, c1996. p.181
- ↑ Mackey, The Iranians, (1996) p.184
- ↑ Abrahamian, History of Modern Iran, (2008), p.93-4
- ↑ Abrahamian, History of Modern Iran, (2008), p.94
- ↑ Rajaee, Farhang, Islamic Values and World View: Farhang Khomeini on Man, the State and International Politics, Volume XIII (PDF), University Press of America
- ↑ Abrahamian, History of Modern Iran, (2008), p.94
- ↑ Bakhash, Shaul, Reign of the Ayatollahs: Iran and the Islamic Revolution by Shaul, Bakhash, Basic Books, c1984, p.22
- ↑ Abrahamian, History of Modern Iran, (2008), p.95
- ↑ Iran between two revolutions By Ervand Abrahamian, p.186
- ↑ The History of Iran By Elton L. Daniel, 2012
- ↑ Iran in Revolution: The Opposition Forces by E Abrahamian – MERIP Reports
- ↑ Abrahamian, Ervand, Tortured Confessions, (University of California), 1999, p.89-90
- ↑ Abrahamian, Ervand. (1999). Tortured Confessions. University of California Press. পৃ. 92. ISBN 978-0-520-21866-6
- ↑ Abrahamian, Ervand. (1999). Tortured Confessions. University of California Press. পৃ. 84. ISBN 978-0-520-21866-6
- ↑ Abrahamian, Tortured Confessions, p.99-101
- ↑ I Knew the Shah-Part 2 Al Jazeera English. January 17, 2009
- ↑ Abrahamian, Tortured Confessions, p. 119
- ↑ Iranian Politics and Religious Modernism: The Liberation Movements of Iran ... By Houchang E Chehabi, p.225
- ↑ A Persian-speaking British diplomat noted that the gulf between shah and public was now unbridgeable - both because of Black Friday and because of the Abadan fire. (source: D. Harney, The Priest and the King: An Eyewitness Account of the Iranian Revolution, (London: Turis, 1999), p.25)
- ↑ see Casualties of the Iranian Revolution
- ↑ see Casualties of the Iranian Revolution
- ↑ Moin, Khomeini, (2000), pp. 184–5
- ↑ Taheri, The Spirit of Allah, (1985), pp. 182–3
- ↑ Taheri, The Spirit of Allah, (1985), p. 223
- ↑ E. Baqi, `Figures for the Dead in the Revolution`, Emruz, 30 July 2003 (quoted in A History of Modern Iran, p.160-1)
- ↑ J. Gueyras, `Liberalization is the Main Casualty,` The Guardian, 17 September 1978
- ↑ A Question of Numbers, IranianVoice.org, August 08, 2003
- ↑ E. Baqi, `Figures for the Dead in the Revolution`, Emruz, 30 July 2003
- ↑ Taheri, The Spirit of Allah, p.223
- ↑ 18 [Emad al-Din Baghi, `Figures for the Dead in the Revolution`, Emruz, 30 July 2003, quoted in Abrahamian, Ervand, History of Modern Iran, 2008, p.161
- ↑ Tucker, Spencer C. (2017). The Roots and Consequences of Civil Wars and Revolutions: Conflicts that Changed World History. ABC-CLIO. পৃ. 439
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাহলৱীৰ শাসনকালত ইৰানত মানৱ অধিকাৰ” প্ৰবন্ধৰ সংশোধন ৬০৮৪৩২ (২৪ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।