অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

কোফটা

কোফটা (kofta) মিটবল বা মিটলফ হৈছে দক্ষিণ এছিয়া, মধ্য এছিয়া, বাল্কন, মধ্যপ্ৰাচ্য, উত্তৰ আফ্ৰিকা, আৰু দক্ষিণ ককেচীয়ান অঞ্চলত সচৰাচৰ খাদ্যৰ একপ্ৰকাৰৰ ব্যঞ্জন। সৰলতম ৰূপত কোফটা হৈছে কুটি লোৱা মাংসৰ বল।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ২৯৫ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

কোফটা (kofta) মিটবল বা মিটলফ হৈছে দক্ষিণ এছিয়া, মধ্য এছিয়া, বাল্কন, মধ্যপ্ৰাচ্য, উত্তৰ আফ্ৰিকা, আৰু দক্ষিণ ককেচীয়ান অঞ্চলত সচৰাচৰ খাদ্যৰ একপ্ৰকাৰৰ ব্যঞ্জন। সৰলতম ৰূপত কোফটা হৈছে কুটি লোৱা মাংসৰ বল। এই মাংসৰ বল সাধাৰণতে গৰুৰ মাংস, কুকুৰা, ভেড়া পোৱালি, ছাগলী, উটৰ মাংস, আনহাতে খুব কমেইহে গাহৰিৰ মাংস খোৱা হয়। এইবোৰৰ মাংসৰ বলবোৰ মচলা আৰু কেতিয়াবা অন্যান্য উপাদানৰে জুতি লোৱা হয়।১ প্ৰাচীন জ্ঞাত ৰেচিপিসমূহ আৰবৰ প্ৰাচীন ৰন্ধন গ্ৰন্থসমূহত,২৩ লগতে বাইজেণ্টাইন সাম্ৰাজ্যৰ কিতাপসমূহতো পোৱা যায়,৪ আৰু কিমা ভেড়া পোৱালিৰ ব্যৱহাৰৰ কথা উল্লেখ কৰা হৈছে।

ৰাষ্ট্ৰীয় আৰু আঞ্চলিক ভিন্নতাৰ লগতে শাক-পাচলি ভিত্তিক আৰু কেঁচা সংস্কৰণো আছে। গোলক, পেটিজ, নলাকাৰ আকৃতিকে ধৰি বিভিন্ন আকৃতিৰ। গলফ বলৰ দৰে সৰুৰপৰা কমলা টেঙা এটাৰ দৰে ইহঁতৰ আকাৰ হ’ব পাৰে।

ব্যুৎপত্তি

ইংৰাজীত কোফটা শব্দটো হিন্দী-উৰ্দু কুফটা আৰু পাৰ্চী কুফটা ৰপৰা উদ্ভৱ হৈছে, যাৰ অৰ্থ হৈছে গুড়ি কৰা মাংস।১৫৬৭ উৰ্দু ভাষাত এই শব্দটোৰ আটাইতকৈ প্ৰাচীন ব্যৱহাৰ মুল্লা নুছৰতীৰ আলী নামা (১৬৬৫)ত পোৱা যায়। ৮৯ ইয়াক প্ৰথমবাৰৰ বাবে ইংৰাজীত কানুন-ই-ইছলামত (১৮৩২) ব্যৱহাৰ কৰা হৈছিল, আৰু পুনৰ ১৮৮৩ চনত জেমছ ৱাইজে ব্যৱহাৰ কৰিছিল।১০ কফটাৰ উৎপত্তি হোৱা অঞ্চলৰ ভাষাসমূহে ধ্বনিগত সামান্য পৰিৱৰ্তনৰ সৈতে শব্দটো গ্ৰহণ কৰিছে।২ আন ভাষাত একেধৰণৰ খাদ্যক ক্ৰকেট, ডাম্পলিং, মিটবল, ৰেছল, টাৰ্ণঅভাৰ বুলি কোৱা হয়। ২১১

ইতিহাস

প্ৰাচীন ৰোমান ৰন্ধন গ্ৰন্থ 'এপিচিয়াছ'ত মিটবলৰ বহুতো ৰেচিপি অন্তৰ্ভুক্ত কৰা হৈছিল।১২

কফটাৰ ৰেচিপি প্ৰথমে আৰবৰ আৰম্ভণিৰ ৰন্ধন গ্ৰন্থসমূহত পোৱা যায়; ২৩ কফটা বাইজেণ্টাইন সাম্ৰাজ্যতো পোৱা গৈছিল। আদিম ৰেচিপিবোৰ আছিল ডাঙৰ ডাঙৰ মিটবল কুটি লোৱা ভেড়া পোৱালিৰ, তাৰ ওপৰত কেশৰ আৰু কণীৰ কুহুমৰ মিশ্ৰণৰ তিনিটা তৰপ। মোগল ৰাজদৰবাৰতো কোফটা জনপ্ৰিয় আছিল।

ভাৰত উপমহাদেশৰপৰা মধ্য এছিয়া, মধ্যপ্ৰাচ্য, বল্কান আৰু উত্তৰ আফ্ৰিকালৈকে কফটা পোৱা যায়। আৰ্মেনিয়া, আফগানিস্তান১৩, আলবেনিয়া, বছনিয়া আৰু হাৰ্জেগোভিনা, বুলগেৰিয়া,জৰ্জিয়া, লেবানন, পেলেষ্টাইন, ছিৰিয়া, ইজিপ্ত, গ্ৰীচ, ভাৰত, ইৰান, ইয়াক মৰক্কোৰ পৰম্পৰাগত খাদ্যত পোৱা যায়, পাকিস্তান,ৰোমানিয়া,ছাৰ্বিয়া, উত্তৰ মেচিডোনিয়া আৰু তুৰস্ক। কুৰ্দ আৰু অচূৰীয়াসকলৰ মাজতো কফটা জনপ্ৰিয় খাদ্য। ইঞ্জিন আকিনৰ মতে তুৰস্কত ই "সকলো ধৰণৰ সামাজিক সভাত পৰিৱেশন কৰা প্ৰিয় খাদ্য।"

ৰন্ধা পদ্ধতি

মচলা আৰু প্ৰায়ে অন্যান্য উপাদান যেনে চাউল, বুলগুৰ, শাক-পাচলি বা কণীৰ সৈতে মাংস পিহি পেষ্ট কৰা হয়।১৪ কোফটাৰ মিশ্ৰণত প্ৰায়ে বাদাম, পনিৰ বা কণী যোগ কৰা হয়। কোফটা সেকি, ভাজি, ভাপত দি, পোচ, বেক বা মেৰিনেট কৰি টেঙা চচ বা চূপ বা ষ্টুত পৰিৱেশন কৰিব পাৰি। কোফটা কেতিয়াবা ৰঙা মাংসৰ সলনি মাছ বা শাক-পাচলি, আনকি পনিৰেৰেও তৈয়াৰ কৰা হয়। ১৫

তথ্যসূত্ৰ

  1. ↑ Ayto, John. (1994). A Gourmet's Guide: Food and Drink from A to Z. Oxford University Press. পৃ. 184. ISBN 978-0-19-280025-1
  2. ↑ Davidson, Alan. (2014). ((The Oxford Companion to Food)). Oxford University Press. পৃ. 448. ISBN 978-0-19-967733-7
  3. ↑ Brown, Ellen. (2020). Meatballs: the ultimate cookbook. Cider Mill Press. পৃ. 11. ISBN 978-1-64643-014-7
  4. ↑ Koukoules, Phaidon I. (1952). Βυζαντινών βίος και πολιτισμός. Papazisis Publishers. পৃ. 114-115. ISBN 9789600201413
  5. ↑ (2023). kofta. Oxford English Dictionary
  6. ↑ Stevenson. (18 August 2011). kofta. Oxford University Press. পৃ. 790. ISBN 978-0-19-960111-0
  7. ↑ Origin of Kofte, Turkish köfte Arabic kufta and Hindi and Urdu koftā all from Persian kōfta (Persian kūfte) from passive participle of kōftan to pound, bray
  8. ↑ Nuṣratī, Mullā. (1665). ʿAlī Nāma. পৃ. 234
  9. ↑ Fatehpuri. (June 1993). kofta. Urdu Dictionary Board
  10. ↑ Wise, James. (1883). Notes on the Races, Castes and Trades of Eastern Bengal. Harrison and Sons. পৃ. 97
  11. ↑ Herbst, Ron. (2015). The deluxe food lover's companion. Barron's. পৃ. 261–262. ISBN 978-1-4380-7621-8
  12. ↑ Sally Grainger, Cooking Apicius: Roman Recipes for Today, Prospect Books, 2006,, p. 17-18
  13. ↑ Dea, Cynthia. (2015-03-09). Where to Find the Best Meatballs in Los Angeles. KCET
  14. ↑ Petrosian, Irina, and David Underwood. Armenian Food: Fact, Fiction & Folklore. University of California Press, 2006
  15. ↑ Abdel Fattah, Iman Adel. (5 December 2013). Bites Fil Beit: Koftet el Gambari – Shrimp kofta. Daily News Egypt

সম্পৰ্কিত শ্ৰেণী

খাদ্যএছিয়াইৰান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কোফটা” প্ৰবন্ধৰ সংশোধন ৬৩২৭০০ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।