গনবাদ-ই কাবুছ (পাৰ্চী: گنبد قابوس) ইৰাণৰ গোলেষ্টান প্ৰদেশৰ গনবাদ-ই কাভুছ কাউন্টিৰ মধ্য জিলাৰ এখন চহৰ, যিয়ে কাউন্টি আৰু জিলা উভয়ৰে ৰাজধানী হিচাপে কাম কৰে।
ইয়াৰ আধুনিক নামটোৱে এটা উচ্চ প্ৰাচীন মিনাৰক বুজায়— ‘কাবুছ সমাধি’। ১৯৩০ চনত ইৰাণ চৰকাৰে এই স্মৃতিসৌধটো চুবুৰীয়া ঐতিহাসিক চহৰ ‘আষ্টাৰবাদ’ত অন্তৰ্ভুক্ত কৰে। এই চহৰখনক 'দষ্ট-ই গৰ্গান' অৰ্থাৎ "গৰ্গানৰ সমভূমি" বুলিও জনা গৈছিল।
ঐতিহাসিক সময়ত চহৰখনৰ জনসংখ্যা বিভিন্ন ইৰাণী জনগোষ্ঠীৰে গঠিত আছিল।যেনে চহৰখনৰ নামেৰে জনাজাত প্ৰাচীন হাইৰকানিয়ানসকল, পাৰ্থিয়ান আৰু শেষত খোৰাছানী পাৰ্চীসকল।
কিন্তু আজিৰ জনসংখ্যাৰ ভিতৰত তুৰ্কমেন, ইৰাণী আজাৰবাইজান,১ চিস্তানী, বেলুচ, চেমনানী আৰু খোৰাছানি জনগোষ্ঠীসমূহ অন্তৰ্ভুক্ত। ২ পাৰ্চী আৰু ইৰাণৰ আজেৰী জনগোষ্ঠীসমূহে মূলতঃ ছিয়া ইছলাম পন্থী, আনহাতে তুৰ্কমেনসকল বেছিভাগেই চুন্নী মুছলমান।

জনগাঁথনি
জনসংখ্যা
২০০৬ চনৰ ৰাষ্ট্ৰীয় লোকপিয়লৰ সময়ত চহৰখনৰ জনসংখ্যা আছিল ৩০,৭১০টা পৰিয়ালত ১২৭,১৬৭ জন। ২০১১ চনৰ তলৰ লোকপিয়লত ৩৯,১৮১টা পৰিয়ালৰ ১৪৪,৫৪৬ জন লোকৰ সংখ্যা পোৱা গৈছিল। ২০১৬ চনৰ লোকপিয়লত ৪৪,৭৩১টা পৰিয়ালৰ জনসংখ্যা ১৫১,৯১০ জন বুলি গণনা কৰিছিল।
ঐতিহাসিক আকৰ্ষণৰ স্থল
গনবাদ-ই কাবুছ এক উল্লেশযোগ্য ঐতিহ্যমূলক ঠাই।৩ "দিভাৰ-ই গৰ্গান" (পাৰ্চী ভাষাত: "গ্ৰেট ৱাল অৱ গৰ্গান")৪ হৈছে ইৰাণৰ ইতিহাসত ছাছানিয়ান যুগত নিৰ্মিত এখন বৃহৎ প্ৰতিৰক্ষামূলক দেৱাল। ইয়াৰ দৃশ্যমান অৱশিষ্ট প্ৰায় ১৫৫ কিলোমিটাৰ (৯৬ মাইল) দীঘল আৰু ৬–১০ মিটাৰ (২০–৩৩ ফুট) বহল। উত্তৰ-পূব ইৰাণৰ অন্যতম উন্নত আৰু বিস্তৃত স্থাপত্য কীৰ্তিচিহ্ন, আৰু বিশেষকৈ গোলেষ্টান প্ৰদেশত ই আকৰ্ষণীয়। এই দেৱালখন চীনৰ গ্ৰেট ৱালৰ পিছত বিশ্বৰ দ্বিতীয় দীঘলীয়া প্ৰতিৰক্ষামূলক দেৱাল। কাস্পিয়ান সাগৰৰ পাৰৰপৰা আৰম্ভ হৈ গনবাদ-ই কাভুছ চহৰৰ উত্তৰ দিশলৈ বক্ৰ হৈ তাৰ পিছত উত্তৰ-পূব দিশলৈ গৈ শেষত পিচকামাৰ পৰ্বতমালাৰ সৈতে একত্ৰিত হয়।
কোনো কোনো ঠাইত বেৰখন ৬ মিটাৰ (২০ ফুট) বহল, আন কোনো ঠাইত ই ১০ মিটাৰ (৩৩ ফুট) পৰ্যন্ত হ’ব পাৰে; এই প্ৰস্থ ভূ-খণ্ড আৰু মাটিৰ ধৰণৰ ওপৰত নিৰ্ভৰ কৰে। দেৱালৰ কাষে কাষে বিভিন্ন দূৰত্বত প্ৰহৰী টাৱাৰ আৰু দুৰ্গও নিৰ্মাণ কৰা হৈছিল। দুৰ্গসমূহৰ মাজৰ আটাইতকৈ দীঘল দূৰত্ব ৫০ কিলোমিটাৰ (৩১ মাইল), আৰু আটাইতকৈ চুটি দূৰত্ব ১০ কিলোমিটাৰ (৬.২ মাইল)। যদিও এতিয়ালৈকে চিনাক্ত কৰা ৪০টা দুৰ্গৰ আকাৰ আৰু ডিজাইনৰ ভিন্নতা আছে, বেছিভাগেই বৰ্গক্ষেত্ৰৰ। উন্নয়ন আৰু কৃষি প্ৰকল্পৰ বিভিন্ন বাধাৰ বাবে পুৰাতত্ত্ববিদসকলক এই ঐতিহাসিক আৱিষ্কাৰৰ সীমা চিহ্নিত কৰাৰ দায়িত্ব দিয়া হৈছে, যাৰ বাবে তেওঁলোকে চিমেণ্টৰ ব্লক স্থাপন কৰিছে।
এই সুৰক্ষামূলক দেৱালখন বিভিন্ন ঐতিহাসিক গ্ৰন্থতো বিভিন্ন নামেৰে জনা যায়, যেনে "আলেকজেণ্ডাৰ বান্ধ", "অনুশিৰভান বান্ধ", "ফিৰোজ বান্ধ", আৰু "গোলেস্তানৰ সুৰক্ষামূলক দেৱাল।"
১৯৭১ চনত প্ৰত্নতত্ত্ববিদৰ দলটোৰ নেতৃত্ব দিয়া ড° কিয়ানীয়ে বিশ্বাস কৰে যে এই দেৱালখন পাৰ্থিয়ান বংশৰ সময়ত নিৰ্মাণ কৰা হৈছিল। চীনৰ প্ৰাচীৰৰ সমসাময়িক আৰু পিছলৈ ছাছানিড যুগত (খ্ৰীষ্টীয় তৃতীয়ৰপৰা ৭ম শতিকালৈকে) মেৰামতি আৰু পুনৰুদ্ধাৰ কৰা হৈছিল।
প্ৰাকৃতিকভাৱে আকষৰ্ণীয় স্থান
- আজি গল হ্ৰদ
- আলা গল হ্ৰদ।
- আলমা গল হ্ৰদ
- চেহেলচাই অৰণ্য।
- গোলেষ্টান অৰণ্য
- গনবাদ ঘোঁৰা দৌৰ কেন্দ্ৰ
External links
তথ্যসূত্ৰ
- ↑ Golestannma
- ↑ شهرداری گنبد کاووس. gonbadcity.ir
- ↑ Tehran Times www.tehrantimes.com Gonbad-e Kavus: a traveler's delight of culture and scenic beauty
- ↑ alongthesilkroad.com alongthesilkroad.com The Great Wall of Gorgan: The Red Snake That Shielded
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গনবাদ ই কাবুছ” প্ৰবন্ধৰ সংশোধন ৬৩৪৩১২ (৫ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।