অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

ঘোৰমেহ চবজি

ঘোৰমেহ চবজি (Ghormeh sabzi), যাক খোৰেষ্ট চবজি বুলিও জনা যায়, হৈছে ইৰানৰ এবিধ পৰম্পৰাগত বনৌষধি ভিত্তিক ষ্ট্যু। ইয়াক ইৰানৰ ৰাষ্ট্ৰীয় খাদ্য হিচাপে গণ্য কৰা হয় আৰু ই সমগ্ৰ ইৰানতে অতি জনপ্ৰিয়। ব্যৱহৃত মাহ আৰু মাংসৰ ওপৰত ভিত্তি কৰি ইয়াৰ বিভিন্ন আঞ্চলিক সংস্কৰণ পোৱা যায়।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ২৪৪ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

ঘোৰমেহ চবজি (Ghormeh sabzi), যাক খোৰেষ্ট চবজি বুলিও জনা যায়, হৈছে ইৰানৰ এবিধ পৰম্পৰাগত বনৌষধি ভিত্তিক ষ্ট্যু। ইয়াক ইৰানৰ ৰাষ্ট্ৰীয় খাদ্য হিচাপে গণ্য কৰা হয় আৰু ই সমগ্ৰ ইৰানতে অতি জনপ্ৰিয়।১ ব্যৱহৃত মাহ আৰু মাংসৰ ওপৰত ভিত্তি কৰি ইয়াৰ বিভিন্ন আঞ্চলিক সংস্কৰণ পোৱা যায়।

প্ৰস্তুত প্ৰণালী

ঘৰত প্ৰস্তুত কৰা ''ঘোৰমেহ চবজি'', চেলো (এবিধ ভাত) আৰু ছিৰাজী চালাডৰ সৈতে।
ঘৰত প্ৰস্তুত কৰা ঘোৰমেহ চবজি, চেলো (এবিধ ভাত) আৰু ছিৰাজী চালাডৰ সৈতে।ছবি: AilinParsa · CC0

ইয়াৰ মুখ্য উপাদানসমূহ হ'ল বিভিন্ন ধৰণৰ ভজা বনৌষধি, য'ত ঘাইকৈ ধনিয়া, পিঁয়াজপাত বা লীক আৰু পাৰ্চলী ব্যৱহাৰ কৰা হয়। শুকান মেথি পাত ইয়াৰ সোৱাদ বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰা এটা গুৰুত্বপূৰ্ণ মছলা। এই বনৌষধিৰ মিশ্ৰণটোত বহুতো ভিন্নতা দেখা যায়।২ যদিও মূল ৰেচিপিত নাই, তথাপিও কেতিয়াবা কেল বা সৰিয়হ শাকৰ দৰে তিতা সোৱাদযুক্ত সেউজীয়া শাকো ইয়াত ব্যৱহাৰ কৰা হয়।৩

এই মিশ্ৰণটো ৰাজমাহ, পিঁয়াজ, ক'লা নেমু (শুকান পাৰ্চী নেমু) আৰু হালধিৰে সোৱাদযুক্ত কৰা ভেড়া বা গৰুৰ মাংসৰ সৈতে ৰন্ধা হয়। এই ব্যঞ্জনবিধ পাৰ্চী চাউলৰ পৰা তৈয়াৰী 'পোলো' বা 'তহদিগ'ৰ সৈতে পৰিবেশন কৰা হয়।৪ অৱশ্যে ব্যৱহৃত উপাদানসমূহক লৈ ইৰানীয়সকলৰ মাজত বিভিন্ন মতভেদ দেখিবলৈ পোৱা যায়।৫

পৰিবেশন

ঘোৰমেহ চবজি পৰম্পৰাগতভাৱে বাচমতী চাউলৰ ভাতৰ সৈতে পৰিবেশন কৰা হয়। ইয়াৰ উপৰিও ইয়াক ফ্লেটব্ৰেড (ৰুটি), ছিৰাজী চালাড (তিয়ঁহ, বিলাহী আৰু [[পিঁয়াজ][ৰ মিশ্ৰণ) আৰু দৈত তিয়ঁহ দি তৈয়াৰী বিশেষ চাটনি 'মাষ্ট-অ-খিয়াৰ'ৰ সৈতেও খোৱা হয়।৬৭

সাংস্কৃতিক গুৰুত্ব

চেল্ফ আলোচনীয়ে পৰিয়ালৰ মাজত প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি চলি অহা বাৰবিধ আটাইতকৈ অৰ্থপূৰ্ণ বিশ্বজনীন খাদ্যৰ তালিকাত ঘোৰমেহ চবজিক অন্তৰ্ভুক্ত কৰিছে।৮ তেহৰাণ টাইমছৰ মতে, এই ব্যঞ্জনবিধ পাৰ্চী ৰন্ধন ঐতিহ্যৰ আটাইতকৈ বিশিষ্ট খাদ্যসমূহৰ ভিতৰত অন্যতম।৯

বিদেশত থকা ইৰানীয়সকলে পৰম্পৰাগতভাৱে 'থ্যাংকছগিভিঙ'ৰ দুদিন পিছত "আন্তৰ্জাতিক ঘোৰমেহ চবজি শলাগ দিন" পালন কৰে।১০ ইৰানী-আমেৰিকা যুক্তৰাষ্ট্ৰন মহাকাশচাৰী জেচমিন মগবেলীয়ে মহাকাশত ঘোৰমেহ চবজি গ্ৰহণ কৰিছিল, যিটো মহাকাশত পৰিবেশন কৰা প্ৰথমটো ইৰানী খাদ্য হিচাপে পৰিগণিত হয়।১১

তথ্যসূত্ৰ

  1. ↑ Dana-Haeri, Jila; Ghorashian, Shahrzad; Lowe, Jason. (2011). New Persian Cooking: A Fresh Approach to the Classic Cuisine of Iran. I. B. Tauris. পৃ. 79. ISBN 978-1848855861
  2. ↑ (14 September 2020). Persian Stew Recipe Iranian Ghormeh Sabzi International Cuisines. YouTube
  3. ↑ HasanzadeNemati, Shadi. (January 3, 2018). Ghormeh Sabzi - Persian Herb Stew (Video). Unicorns in the Kitchen
  4. ↑ Benayoun, Mike. (December 11, 2022). Ghormeh Sabzi
  5. ↑ Patalay, Ajesh. (2020-09-03). Where to eat Persian food – just as mother makes it. Financial Times
  6. ↑ Explore Persian Ghormeh Sabzi: A Flavorful Herb Stew from Iran's Rich Culinary Heritage. Cooking County
  7. ↑ Marzia. (2023-02-16). Ghormeh Sabzi Recipe (Persian Herb Stew). Little Spice Jar
  8. ↑ Shiffer, Emily. (20 January 2021). 12 People on the Meaningful Food Traditions Passed Down in Their Families. SELF
  9. ↑ (2020-08-14). Persian cuisine: Khoresh-e Ghormeh Sabzi (Persian herb, bean and lamb stew). Tehran Times
  10. ↑ KUMS. Ghorme Sabzi. KUMS
  11. ↑ (2024-02-12). قرمه‌سبزی ایرانی به فضا رفت. euronews

সম্পৰ্কিত শ্ৰেণী

ইৰানৰাষ্ট্ৰীয় ব্যঞ্জন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঘোৰমেহ চবজি” প্ৰবন্ধৰ সংশোধন ৬৩১৫৯৩ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।