জান (Zan; অৰ্থ: মহিলা) আছিল ইৰানৰ ফাৰ্চী-ভাষাৰ এখন সাপ্তাহিক বাতৰিকাকত। ই বিশেষভাৱে নাৰীৰ অধিকাৰৰ ওপৰত গুৰুত্ব দিছিল। এই কাকতখন ১৯৯৮ চনৰ পৰা ১৯৯৯ চনত নিষিদ্ধ হোৱালৈকে প্ৰকাশ পাইছিল।১
ইতিহাস
১৯৯৮ চনৰ জুলাই মাহত ফায়েজেহ হাশেমীয়ে জান প্ৰতিষ্ঠা কৰে। ই ইৰানৰ সৰ্বপ্ৰথম মহিলা বিষয়ক বাতৰি কাকত হিচাপে পৰিগণিত হয়।২ ই আধুনিকতাবাদী আৰু পৰম্পৰাবাদীসকলৰ মাজত চলি থকা ৰাজনৈতিক বিতৰ্কলৈ মহিলাসকলক আনিছিল।২ ইয়াৰ বাবে কাকতখনে সোনকালেই কঠোৰপন্থী ন্যায়পালিকাৰ নিৰ্যাতনৰ সন্মুখীন হ’বলগীয়া হয়। আনকি ইয়াৰ সাংবাদিক কামেলিয়া ইন্তেখাবিফাৰ্ডক গ্ৰেপ্তাৰ কৰি ৭৬ দিন ধৰি আৱদ্ধ কৰি ৰখা হৈছিল।৩ ১৯৯৯ চনৰ ৬ এপ্ৰিলত বৈপ্লৱিক আদালতৰ নিৰ্দেশত এই বাতৰি কাকতখন নিষিদ্ধ কৰা হয়।১৪ ইৰানৰ পৰম্পৰাবাদীসকলক সমালোচনা কৰি কাৰ্টুন প্ৰকাশ কৰা আৰু ইৰানৰ নিৰ্বাসিত সম্ৰাজ্ঞী ফাৰাহ দিবাৰ এটা নৱৰোজ (নতুন বছৰ) বাৰ্তা প্ৰকাশ কৰাটোৱেই আছিল এই নিষেধাজ্ঞা জাৰি কৰাৰ অন্যতম কাৰণ।১৪৫
সমল
ইয়াৰ চুটি কাৰ্যকালৰ ভিতৰতে জান কাকতখনে কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰি প্ৰকাশ কৰিছিল। ১৯৯৮ চনৰ শৰৎকালত কাকতখনে ইৰান চৰকাৰে হত্যাৰ বাবে লক্ষ্য কৰি লোৱা ১৭৯ গৰাকী বুদ্ধিজীৱী, লেখক আৰু ৰাজনৈতিক কৰ্মীৰ এটা ফাদিল হোৱা তালিকা প্ৰকাশ কৰিছিল। এই বাছনি তালিকাত নুশাবেহ আমিৰী, ইব্ৰাহিম নাবৱী, মেহৰাংগিজ কাৰ আৰু কামেলিয়া ইন্তেখাবিফাৰ্ডৰ নাম অন্তৰ্ভুক্ত আছিল। এই বাতৰিটোৱে ইৰানৰ ভিতৰত তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিছিল।৬
তথ্যসূত্ৰ
- ↑ (19 April 1999). Profile – Sayyed Mohammad Khatami. APS Review Gas Market Trends
- ↑ Ziba Mir-Hosseini. (2000). Islam and Gender: The Religious Debate in Contemporary Iran. I.B. Tauris. পৃ. 275. ISBN 1-85043-269-4
- ↑ Stephen C. Poulson. (2006). Social Movements in Twentieth-Century Iran. Lexington Books. পৃ. 284. ISBN 0-7391-1757-2
- ↑ A. W. Samii. (December 1999). The Contemporary Iranian News Media, 1998-1999+. Middle East Review of International Affairs
- ↑ (19 June 1999). Iranian journalists arrested. BBC
- ↑ Entekhabifard, Camelia. (2008). Camelia, Save Yourself by Telling the Truth: A Memoir of Iran. Seven Stories Press. পৃ. 197–198. ISBN 978-1-58322-833-3
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জান (বাতৰি কাকত)” প্ৰবন্ধৰ সংশোধন ৬১২৭০৭ (১৭ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।