অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

গণ্ডিছাপুৰ একাডেমী

গণ্ডিশাপুৰ একাডেমী বা জোণ্ডিশাপুৰ একাডেমী (Academy of Gondishapur or Academy of Jondishapur) ক গণ্ডিশাপুৰ বিশ্ববিদ্যালয় বুলিও জনা যায়, ইৰাণৰ খোজেস্তানত ছাছানিদ যুগৰ একাডেমিক শিক্ষণ কেন্দ্ৰটো বহু পুৰণি। ১৭০০ বছৰতকৈও অধিক পুৰণি এই ঐতিহাসিক বিশ্ববিদ্যালয়ত এখন চিকিৎসালয় আৰু এটা পুথিভঁৰালো আছিল।

হালনাগাদ: ১১ আগষ্ট ২০২৬ ৭৫৭ শব্দ · ৪ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

গণ্ডিশাপুৰ একাডেমী বা জোণ্ডিশাপুৰ একাডেমী (Academy of Gondishapur or Academy of Jondishapur) ক গণ্ডিশাপুৰ বিশ্ববিদ্যালয় বুলিও জনা যায়, ইৰাণৰ খোজেস্তানত ছাছানিদ যুগৰ একাডেমিক শিক্ষণ কেন্দ্ৰটো বহু পুৰণি। ১৭০০ বছৰতকৈও অধিক পুৰণি এই ঐতিহাসিক বিশ্ববিদ্যালয়ত এখন চিকিৎসালয় আৰু এটা পুথিভঁৰালো আছিল। ১২৩৪ ইতিহাসৰ বুকুত কেইবাবাৰো বাধা-বিঘিনি ঘটিলেও ঐতিহাসিক উৎসৰফালৰপৰা গণ্ডিশাপুৰৰ কাম-কাজবোৰক আটাইতকৈ পুৰণি জ্ঞাত বিশ্ববিদ্যালয় বুলি গণ্য কৰা হয়; কিন্তু মৰক্কোৰ আল-কাৰাৱিয়িন বিশ্বৰ আটাইতকৈ পুৰণি অবিৰতভাৱে চলি থকা বিশ্ববিদ্যালয় হৈয়েই আছে। ৫৬ প্ৰথম ছাছানী ৰজা শ্বাপুৰে প্ৰতিষ্ঠা কৰা গোন্দিশাপুৰে প্ৰথমে চিকিৎসা-বিজ্ঞান, দৰ্শন, ধৰ্মতত্ত্ব আৰু বিজ্ঞানৰ শিক্ষা আৰু প্ৰশিক্ষণ প্ৰদান কৰিছিল।

চিকিৎসালয়খনৰ আধুনিক চিকিৎসাৰ ধাৰণা আৰু চিকিৎসা প্ৰশিক্ষণ দুয়োটাৰে কেন্দ্ৰ ইয়াতে বিকশিত হৈছিল; ইয়াৰ ফলত গণ্ডিশাপুৰে চিকিৎসা বিজ্ঞানৰ ইতিহাসত গভীৰ প্ৰভাৱ পেলায়। খ্ৰীষ্টীয় ষষ্ঠ আৰু সপ্তম শতিকাত একাডেমীৰ চিকিৎসালয়খন প্ৰাচীন বিশ্বৰ আটাইতকৈ গুৰুত্বপূৰ্ণ চিকিৎসা প্ৰতিষ্ঠান আছিল। ৭ বিজ্ঞানৰ বিশিষ্ট ইতিহাসবিদ জৰ্জ চাৰ্টনে গণ্ডিশাপুৰক "সেই সময়ৰ সৰ্বশ্ৰেষ্ঠ বৌদ্ধিক কেন্দ্ৰ" বুলি অভিহিত কৰিছে। ৮

১৯৫৫ চনত পাহলৱী বংশৰ সময়ত আহবাজ চহৰৰ সমীপত আহৱাজ জণ্ডিশাপুৰ চিকিৎসা বিজ্ঞান বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰি একাডেমীয়ে যুটীয়াকৈ দুখন প্ৰতিষ্ঠান লাভ কৰে। আশীৰ দশকত ইৰাণ–ইৰাক যুদ্ধৰ সময়ত মোস্তাফা চামৰানে বিশ্ববিদ্যালয়খনৰ এটা অংশ নিজৰ কমাণ্ড বেছ হিচাপে ব্যৱহাৰ কৰিছিল। তেওঁৰ মৃত্যুৰ পাছত তেওঁৰ বীৰত্ব আৰু ত্যাগৰ সন্মানত আহৱাজ জুনিশাপুৰ বিশ্ববিদ্যালয়ৰ নাম সলনি কৰি আহবাজৰ শ্বাহিদ চমৰাণ বিশ্ববিদ্যালয় ৰখা হয়, আনহাতে মূল বিশ্ববিদ্যালয়খনৰ প্ৰাচীন নাম গণ্ডিশাপুৰ অক্ষুণ্ণ থাকে। বিশ্ববিদ্যালয়খনৰ মূল চৌহদটো এতিয়া প্ৰত্নতাত্ত্বিক স্থান, আনহাতে ইয়াৰ আধুনিক ভৱনটোত একে নামেৰেই ইয়াৰ কাম অব্যাহত আছে। বৰ্তমান গণ্ডিছাপুৰ আৰু শ্বাহিদ চমৰাণ বিশ্ববিদ্যালয়ে তিনিটা কেম্পাছ, নখন বিদ্যালয়, ১৫খন মহাবিদ্যালয়, আৰু ৬৫খনতকৈও অধিক চিকিৎসালয় পৰিচালনা কৰে।

ইতিহাস

গোন্দিশাপুৰ বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ ইঞ্জিনিয়াৰিং আৰু আই টি অধ্যাপনা কেন্দ্ৰ
গোন্দিশাপুৰ বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ ইঞ্জিনিয়াৰিং আৰু আই টি অধ্যাপনা কেন্দ্ৰছবি: Mahsa7979 · CC BY-SA 4.0

৪৮৯ খ্ৰীষ্টাব্দত বাইজেণ্টাইন সম্ৰাট জিনোৰ আদেশত এডেছাত থকা পূব ছিৰিয়াৰ খ্ৰীষ্টান ধৰ্মতত্ত্ব আৰু বৈজ্ঞানিক কেন্দ্ৰটো বন্ধ কৰি দিয়া হয়। পিছলৈ এই কেন্দ্ৰটো তেতিয়াৰ পাৰ্চী শাসিত অঞ্চল এছিয়া মাইনৰৰ স্কুল অৱ নিচিবিছ লৈ স্থানান্তৰিত কৰি একত্ৰিত কৰা হয়।৯ ইয়াত নেষ্টোৰিয়ান পণ্ডিতসকলে ৫২৯ খ্ৰীষ্টাব্দত জাষ্টিনিয়ানে এথেন্সৰপৰা নিৰ্বাসিত কৰা হেলেনিষ্টিক দাৰ্শনিকসকলকে ধৰি এই কেন্দ্ৰটোত চিকিৎসা, জ্যোতিৰ্বিজ্ঞান আৰু গণিতৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অধ্যয়ন আৰু গৱেষণা কৰিছিল। ১০

কিন্তু প্ৰথম ছাছানিদ সম্ৰাট খোছৰাউ (৫৩১–৫৭৯)ৰ ৰাজত্বকালতেই (গ্ৰীক আৰু ৰোমানসকলৰ মাজত চ’ছৰ’ নামেৰে জনাজাত)গণ্ডেশাপুৰ চিকিৎসা আৰু শিক্ষাৰ কেন্দ্ৰ হিচাপে খ্যাতি লাভ কৰিছিল। প্ৰথম খোছৰাউৱে বাইজেণ্টাইন সাম্ৰাজ্যৰ ধৰ্মীয় নিৰ্যাতনৰপৰা পলায়ন কৰা বিভিন্ন গ্ৰীক দাৰ্শনিক আৰু চিৰিয়াক ভাষী নেষ্ট'ৰিয়ান খ্ৰীষ্টানসকলক আশ্ৰয় প্ৰদান কৰে।১১ আধুনিক ইৰাক আৰু ছিৰিয়া নিয়ন্ত্ৰণৰ বাবে ছাছানিডসকলে দীৰ্ঘদিন ধৰি ৰোমান আৰু বাইজেণ্টাইনৰ সৈতে যুদ্ধ কৰি আছিল; সেয়েহে শৰণাৰ্থীক আদৰি লোৱাটো তেওঁলোকৰ বাবে স্বাভাৱিক আছিল।

গণ্ডিশাপুৰ চিকিৎসা বিজ্ঞান বিশ্ববিদ্যালয়ৰ সৈতে জড়িত আহৱাজৰ এখন চিকিৎসালয়।
গণ্ডিশাপুৰ চিকিৎসা বিজ্ঞান বিশ্ববিদ্যালয়ৰ সৈতে জড়িত আহৱাজৰ এখন চিকিৎসালয়।ছবি: فلورانس at Persian Wikipedia · GFDL

প্ৰথম খোছৰৌৱে পূব দিশলৈ মনোযোগ দি চিকিৎসক বৰজয়ক ভাৰতীয় আৰু চীনা পণ্ডিতসকলক গুণ্ডেশাপুৰলৈ নিমন্ত্ৰণ কৰিবলৈ পঠিয়াইছিল। এই ভ্ৰমণকাৰীসকলে জ্যোতিৰ্বিজ্ঞান, জ্যোতিষ, গণিত আৰু চিকিৎসা বিজ্ঞানৰ ভাৰতীয় গ্ৰন্থৰ অনুবাদ কৰিছিল। চীনা বনৌষধি চিকিৎসা আৰু চীনা ধৰ্মৰ গ্ৰন্থ অনুবাদ কৰিছিল। কোৱা হয় যে বৰজয়ে নিজেই পঞ্চতন্ত্ৰ সংস্কৃত ভাষাৰপৰা পাৰ্চী ভাষালৈ ‘কলিল-উ-ডিমনা’ নামেৰে অনুবাদ কৰিছিল। সম্ৰাট প্ৰথম খোছৰাউৱে শৰণাৰ্থীসকলক গ্ৰীক আৰু ছিৰিয়াৰ গ্ৰন্থসমূহ মধ্য পাৰ্চীলৈ অনুবাদ কৰিবলৈ নিৰ্দেশ দিছিল। তেওঁলোকে চিকিৎসা-বিজ্ঞান, জ্যোতিৰ্বিজ্ঞান, দৰ্শন, উপযোগী শিল্পকলাৰ বিভিন্ন গ্ৰন্থ অনুবাদ কৰিছিল।

বিশ্বৰ প্ৰথমটো সামুদ্ৰিক ৰোগৰ কেন্দ্ৰ

ছাছানিদ যুগত গুণ্ডিশাপুৰ একাডেমীৰ নাৱিকৰ ৰোগ আৰু তেওঁলোকৰ চিকিৎসা পদ্ধতিৰ তথ্য সংগ্ৰহৰ বাবে এটা বিশেষ বিভাগ আছিল। আচেমেনীড যুগৰ অন্বেষণমূলক নৌসেনাৰ অভিযানৰ সময়ত চিকিৎসকসকলে নাৱিকসকলক চিকিৎসা সেৱা আগবঢ়াবলৈ নাওখনৰ লগত গৈছিল।

ইছলামৰ পিছত গণ্ডেছপুৰ

৮৩২ খ্ৰীষ্টাব্দত খলিফা আল-মামুনে বিখ্যাত হাউছ অৱ উইজদম(জ্ঞানৰ ঘৰ)ক আৰু অধিক শক্তিশালী কৰে। তাতেই গণ্ডেশপুৰৰ পদ্ধতি গ্ৰহণ কৰা হৈছিল; আচলতে হাউচ অৱ উইজডমে গণ্ডেশাপুৰৰ পুৰণি একাডেমীত শিক্ষিতসকলক নিযুক্তি দিছিল।

কিন্তু সেই সময়লৈকে আব্বাছিদ খিলাফতৰ বৌদ্ধিক কেন্দ্ৰ সম্পূৰ্ণৰূপে বাগদাদলৈ স্থানান্তৰিত হৈছিল, কিয়নো পৰৱৰ্তী সাহিত্যত গণ্ডেশাপুৰৰ বিশ্ববিদ্যালয় বা চিকিৎসালয়ৰ কথা খুব কমেইহে উল্লেখ কৰা হৈছে। কেন্দ্ৰটোৰ গুৰুত্ব ক্ৰমান্বয়ে কমি আহিল। আল-মুকাদ্দাছিৰ "বেষ্ট ডিভিজনছ ফৰ নোলেজ অৱ দ্য ৰিজিঅ'নছ" (প্ৰায় ১০০০ খ্ৰীষ্টাব্দ) নামৰ গ্ৰন্থখনত গণ্ডেছাপুৰক ধ্বংসাৱশেষত পৰি থকা বুলি বৰ্ণনা কৰা হৈছে। গণ্ডেশপুৰৰ চিকিৎসালয়ৰ শেষৰজন পৰিচিত মুৰব্বীৰ মৃত্যু হয় ৮৬৯ খ্ৰীষ্টাব্দত। ১২

গণ্ডেশপুৰৰ বিখ্যাত চিকিৎসক

  • বৰ্জুয়া।
  • বুখতিছু।
  • মাছাৱাইহ।
  • সৰাখসী।
  • ছাবুৰ ইবনে চাহল।
  • নাফী ইবনে আল-হাৰিছ।

আধুনিক গণ্ডেছপুৰ

তলাত বছাৰীক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্তি দিয়া হৈছিল। ইৰাণৰ যিকোনো বিশ্ববিদ্যালয়ত এই পদত উপনীত হোৱা প্ৰথমগৰাকী মহিলা আছিল তেওঁ।
তলাত বছাৰীক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্তি দিয়া হৈছিল। ইৰাণৰ যিকোনো বিশ্ববিদ্যালয়ত এই পদত উপনীত হোৱা প্ৰথমগৰাকী মহিলা আছিল তেওঁ।ছবি: Public domain

পাহলৱী বংশৰ দিনত ১৯৫৫ চনত আহবাজ চহৰৰ সমীপত জোণ্ডিশাপুৰ বিশ্ববিদ্যালয় আৰু ইয়াৰ যমজ প্ৰতিষ্ঠান চিকিৎসা বিজ্ঞান বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰি গণ্ডিশাপুৰৰ উত্তৰাধিকাৰ অমৰ হৈ পৰে।

আধুনিক চিকিৎসা বিজ্ঞান বিশ্ববিদ্যালয় জোণ্ডিশাপুৰৰ প্ৰতিষ্ঠাপক তথা প্ৰথম চ্যান্সেলৰ আছিল ড° মহম্মদ কাৰ (চাইৰাছ কাৰৰ পিতৃ); ইয়াৰ নামকৰণ কৰা হৈছিল ইয়াৰ পূৰ্বৰ ছাছানিড যুগৰ নামেৰে।

ইৰাণৰ এখন বিশ্ববিদ্যালয়ত উপাচাৰ্য হিচাপে নিযুক্তি পোৱা প্ৰথমগৰাকী মহিলা—ড° তালআত বাছাৰী—১৯৬০ চনৰ মাজভাগত এই পদত নিযুক্তি দিয়া হৈছিল; তাৰ পিছত ১৯৬৮ চনৰপৰা বিশ্ববিদ্যালয়খনৰ আধুনিক চৌহদৰ ডিজাইন প্ৰখ্যাত স্থপতি কামৰাণ দিবাই কৰে। ১৩

গ্ৰন্থপঞ্জী

  • The Cambridge History of Iran, Vol 4,
  • Baum, Wilhelm; Winkler, Dietmar W. (2010). The Church of the East: A Concise History. Routledge-Curzon. ISBN 9781134430192
  • Dols, Michael W. (1987). The Origins of the Islamic Hospital: Myth and Reality. Bulletin of the History of Medicine. পৃ. 367–390
  • Frye, Richard Nelson. The Golden Age of Persia, Weidenfeld & Nicolson, 1993.
  • Hau, Friedrun R. "Gondeschapur: eine Medizinschule aus dem 6. Jahrhundert n. Chr.," Gesnerus, XXXVI (1979), 98-115.
  • Piyrnia, Mansoureh. Salar Zanana Iran. 1995. Maryland: Mehran Iran Publishing.
  • Hill, Donald. Islamic Science and Engineering. 1993. Edinburgh Univ. Press.

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Daneshfard, Babak; Naseri, Mohsen; Ghaffari, Farzaneh. (2022-08-16). Medical education in the first university of the world, the Jundishapur Academy. Journal of Family Medicine and Primary Care. পৃ. 4267–4272
  2. ↑ (2022-01-15). Academy of Gondi-Shapur
  3. ↑ Oldest Universities in the World: Education through History. CancanIT
  4. ↑ (2025-05-02). Academy of Gondi-Shapur
  5. ↑ Presstv. (2025-05-30). Discover Iran: Gondishapur, the site of world's first university and cradle of medical science. PressTV
  6. ↑ Medical education in the first university of the world, the Jundishapur Academy. ResearchGate
  7. ↑ Vol 4, p396
  8. ↑ Brickman, William W. (1961). The Meeting of East and West in Educational History. Comparative Education Review. পৃ. 85
  9. ↑ University of Tehran Overview/Historical Events
  10. ↑ Hill, Donald. Islamic Science and Engineering. 1993. Edinburgh Univ. Press., p.4
  11. ↑ (2006). History of Civilizations of Central Asia. UNESCO. পৃ. 96. ISBN 978-9231032110
  12. ↑ Alireza Shapour Shahbazi; Lutz Richter-Bernburg. GONDĒŠĀPUR. Encyclopaedia Iranica
  13. ↑ artnet AG Products - Investor Relations. www.artnet.com

সম্পৰ্কিত শ্ৰেণী

ইৰানশিক্ষাঅনুষ্ঠান প্ৰতিষ্ঠান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গণ্ডিছাপুৰ একাডেমী” প্ৰবন্ধৰ সংশোধন ৬২৬২৫৬ (১১ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।